অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্যত জয়ন্তী ৰৌৰ ব্যৱসায়িক পোনা উৎপাদন আৰম্ভ

ৰাজ্যত জয়ন্তী ৰৌৰ ব্যৱসায়িক পোনা উৎপাদন আৰম্ভ

ভূবনেশ্বৰত থকা চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফ্ৰেছ ৱাটাৰ একুৱা কালচাৰ নামৰ ভাৰতীয় কৃষি গৱেষনা পৰিষদৰ অধীনস্থ প্ৰ্তিষ্ঠানটোৰ অধীনত এই বছৰপৰা উত্তৰ-পূৰ্বাঞ্চলত প্ৰ্থমবাৰৰ বাবে জয়ন্তী ৰৌ নামৰ এক উন্নত জাতৰ ৰৌ মাছৰ ব্যৱসায়িক ভিত্তিত পোনা উৎপাদন আৰম্ভ হৈছে।প্ৰ্তিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ দুটা প্ৰ্তিষ্ঠানক জয়ন্তী ৰৌৰ পোনা উৎপাদনৰ অনুমতি প্ৰ্দান কৰিছে।ইয়াৰ ভিতৰৰ নলবাৰী জিলাৰ নানকাৰ ভয়ৰাৰ যুৱক দেৱজিৎ বৰ্মনৰ মাছ পোনা উৎপাদন কেন্দ্ৰ্টো অন্যতম।বৰ্মনে মাৰ্চ মাহৰ শেষৰ সপ্তাহৰপৰা এইবিধ উন্নত জাতৰ ৰৌ মাছৰ পোনাৰ উৎপাদন আৰম্ভ কৰি এতিয়ালৈ ৬০ কোটি পোনা উৎপাদন কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ মাছপালকসকলক যোগান ধৰিছে।তদুপৰি বৰ্মনে প্ৰায় দুই কোটি তিনি-চাৰি ইঞ্চি দৈৰ্ঘ্যৰ পোনা বিক্ৰি কৰিবলৈ সক্ষম হৈছে।প্ৰ্গতিশীল মাছপালক তথা মাছ পোনা উৎপাদক দেৱজিৎ বৰ্মনে “দৈনিক অসমক” জানিবলৈ দিয়া মতে স্থানীয় মাছপালক তথা ব্যৱসায়িয়ে তেওঁৰ কেন্দ্ৰৰপৰা মাছৰ পোনা ক্ৰয় কৰি নিয়াৰ উপৰি ঢুবুৱাখানাৰ আগশাৰীৰ মাছপালক অনিৰাম দত্তই ১৬ লাখ,মঙলদৈৰ মৃদুল চহৰীয়াই আঠ লাখ,গোৱালপাৰাৰ আনোৱাৰ হুচেইন আৰু আব্দুল চামাদ মণ্ডলে এক কোটি ২০ লাখ কলাইগাঁৱৰ নবী হুচেইনে ৪০ লাখ।মৰিগাৱৰঁ মিল্টন গগৈয়ে ডাঙৰ পোনা চাৰি কুইণ্টল,তামুলপুৰৰ দীপেন কলিতা,ডিমেশ্বৰ ৰাভা আৰু কমলেশ্বৰৰ নাৰ্জাৰীয়ে প্ৰায় এক কোটি পোনা ক্ৰয় কৰি পালনৰ ব্যৱস্থা কৰিছে।সাধাৰন ৰৌ মাছতকৈ ৩০ ৰ পৰা ৪০ শতাংশ অধিক বাঢ়ন ক্ষমতা থকা এই জয়ন্তী ৰৌ মাছৰ পোনাসমূহ অহা এবছৰ বা দুবছৰৰ ভিতৰত ডাঙৰ হৈ উঠিলে ৰাজ্যৰ বজাৰত স্থানীয় মাছৰ স্ংখ্যা যথেষ্ঠ বৃদ্ধি পাব।দেৱজিৎ বৰ্মনৰ মাছৰ পোনা উৎপাদন কেন্দ্ৰৰপৰা মাচৰ পোনাৰ ব্যৱসায় চলাই থকা কনিহাৰ তবিবুৰ ৰহমান,পুঠিমাৰিৰ হৰেশ নাথ,বুল্লটৰ ফাইজুৰ ৰহমান, বালিপাৰাৰ ইছলাম আলীয়ে প্ৰকাশ কৰা মতে,বৰ্তমান মাছপালকাসকলে অধিক দামত এইবিধ মাছৰ পোনা ক্ৰয় কৰিবলৈ আগ্ৰ্হী যদিও জয়ন্তী ৰৌৰ পোনাৰ নামত একাংশ মাছৰ পোনাৰ হকাৰে ঘৰে ঘৰে গৈ সাধাৰন ৰৌ মাছৰ পোনা জয়ন্তী ৰৌ বুলি বিক্ৰি কৰি থকাত মাছপালকসকলে ঠগ খোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।হাউলীৰপৰা অনা এনে পোনাসমূহ গ্ৰাহকক অতি কম দামতে দিয়াত একাংশ মাছপালক আকৃষ্ট হোৱা দেখা গৈছে।যিহেতু বৰ্মনকহে “চিফাই” জয়ন্তী ৰৌ মাছৰ পোনা উৎপাদনৰ অনুমতি প্ৰ্দান কৰিছে সেয়ে মাছপালকসকলে পোনা ক্ৰয়ৰ সময়ত যথেষ্ঠ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

ৰমেন কলিতা, বৰভাগ

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate