অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰিয়েৰিং পুখুৰীত মাছৰ পোনা প্ৰতিপালন

ৰিয়েৰিং পুখুৰীত মাছৰ পোনা প্ৰতিপালন

আমাৰ ৰাজ্য অসম মাছ পোনা উৎপাদনত আজিকোপতি স্বনিৰ্ভৰশীল হ’ব পৰা নাই। যদিও ৰাজ্যখনে মাছৰ ফ্ৰাই পোনা উৎপাদনত স্বনিৰ্ভৰশীল তথাপি ফিংগাৰলিং উৎপাদনৰ ক্ষেত্ৰত পাছপৰি আছে। গুণগত ফিংগাৰলিং উৎপাদনৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনে গুৰুত্ব দিবৰ সময় আহিল। আমি এই নিবন্ধত মাছৰ ফিংগাৰলিং উৎপাদনৰ বাবে দৰকাৰী ৰিয়েৰিং পুখুৰীৰ প্ৰস্তুতকৰণ তথা আৰ্থিক দিশত আলোকপাত কৰিম।

মাছৰ ফ্ৰাই পোনাৰ পৰা ফিংগাৰলিং পোনা উৎপাদন কৰিবৰ বাবে যি পুখুৰী ব্যৱহাৰ কৰা হয় তাক ৰিয়েৰিং পুখুৰী বোলে। এই পুখুৰীত মাছৰ ২৫ মিলিমিটাৰৰ ফ্ৰাইসমূহ ৬-১২ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ ফিংগাৰলিঙলৈ প্ৰতিপালন কৰা হয়। এই পুখুৰী আয়তাকাৰ হোৱাৰ উপৰি ২ কঠাৰ পৰা ২ বিঘা পৰ্য্যন্ত হ’ব পাৰে। ইয়াৰ গভীৰতা ৫-৬ ফুট পৰ্য্যন্ত হ’ব পাৰে। ইয়াৰ গভীৰতা ৫-৬ ফুট পৰ্য্যন্ত হয়। নাৰ্চাৰী পুখুৰীৰ দৰে এই পুখুৰী পৰিচালনাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগে। এই পুখুৰীত যিহেতু ফ্ৰাই পালন কৰা হয়, সেয়েহে অলাগতিয়াল পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে তেলৰ চামনি ব্যৱহাৰ নকৰিলেও হয়, কিয়নো ফ্ৰাইসমূহক সহজতে পতংগই আক্ৰমণ কৰিব নোৱাৰে। কিন্তু অলাগতিয়াল মাছ, অলাগতিয়াল উদ্ভিদ আদি নিৰ্মূলকৰণৰ বাবে আগৰ নিবন্ধত উল্লেখ কৰা ধৰণেৰেই কাম কৰিব লাগিব। এই পুখুৰীত চূণ খৰালি পানী শুকোৱাৰ পিছত মাটিত সাৰ প্ৰয়োগ কৰা হয়।

ৰিয়েৰিং পুখুৰীত সাৰ প্ৰয়োগ

জৈৱিক আৰু অজৈৱিক দুই ধৰণৰ সাৰ এই পুখুৰীত প্ৰয়োগ কৰা হয়। পোনা মেলাৰ দুসপ্তাহ আগত পুখুৰীত জৈৱ সাৰ (কেঁচা গোবৰ) প্ৰয়োগ কৰিব লাগে। পিছত মাহত দুবাৰকৈ প্ৰয়োগ কৰিব লাগে। কেঁচা গোবৰ দিয়াৰ এসপ্তাহ পিছত অজৈৱিক সাৰ (ইউৰিয়া আৰু চিংগুল ছুপাৰ ফছফেট পুখুৰীত প্ৰয়োগ কৰিব লাগে)। এই সাৰ মাহত দুবাৰকৈ প্ৰয়োগ কৰা হয়। তালিকা-১ ত ১ বিঘাৰ এটা ৰিয়েৰিং পুখুৰীত সাৰ প্ৰয়োগৰ নিৰিখ দিয়া হ’ল।

তালিকা-১

সাৰ

পৰিমাণ

মন্তব্য

কেঁচা গোবৰ

৫০০ কি:গ্ৰা:

 

৭০ কি:গ্ৰা:

পোনা মেলাৰ আগৰ প্ৰাথমিক নিৰিখ

পোনা মেলাৰ পিছৰ মাহত দুবাৰকৈ

ইউৰিয়া

১.৫ কি:গ্ৰা:

মাহত দুবাৰকৈ পোনা থকা অৱস্থাত

চিংগল ছুপাৰ ফছফেট

২ কি:গ্ৰা:

মাহত দুবাৰকৈ

 

খ) মাছৰ ফ্ৰাইৰ সংখ্যা: ২৫-৩০ মিলিলিটাৰ দৈৰ্ঘ্যৰ ফ্ৰাই পোনা ৰিয়েৰিং পুখুৰীত মেলা হয়। ১ বিঘা জলকেলিত ৪০,০০০-৭০,০০০ টা ফ্ৰাই মেলিব লাগে। ২-৩ মাহ পিছত মাছৰ দৈৰ্ঘ্য ৬-১২ ছেন্টিমিটাৰ হ’লে (ফিংগাৰলিং) ইয়াক ষ্টকিং পুখুৰীত মেলিব লাগে।

গ) মাছৰ খাদ্যৰ পৰিমাণ: মাছৰ পোনাসমূহৰ বৃদ্ধি খৰতকীয়া কৰাৰ বাবে প্ৰাকৃতিক খাদ্যৰ উপৰি কৃত্ৰিম খাদ্যৰ আৱশ্যক। কৃত্ৰিম খাদ্য হিচাপে চাউলৰ মল, সৰিয়হৰ খলিহৈ ১:১ অনুপাতত মিহলি কৰি তাৰ লগত ফিচ মিল, চয়াবিন, মিনাৰেল মিক্সাৰ কিম্বা এগ্ৰিমিন দিব লাগে। মাছৰ ফ্ৰাইৰ ওজনৰ ৮-১০ শতাংশ হাৰত প্ৰথম মাহত, ৬-৮ শতাংশ হাৰত তৃতীয় মাহত কৃত্ৰিম খাদ্য প্ৰয়োগ কৰিব লাগে। গ্ৰাছকাৰ্প মাছৰ বাবে ঘাঁহ, কলপাত, লেমনা, এজোলা, ডাক উইড আদি দিয়াৰ প্ৰয়োজন। এবিঘাৰ এটা পুখুৰীত দিয়াৰ নিৰিখ তালিকা-২ ত দিয়া হ’ল।

তালিকা-২

সময়

খাদ্য প্ৰয়োগ

প্ৰথম মাহ

প্ৰতিদিনে ২ কি:গ্ৰা:কৈ

দ্বিতীয় মাহ

প্ৰতিদিনে ৩ কি:গ্ৰা:কৈ

তৃতীয় মাহ

প্ৰতিদিনে ৪ কি:গ্ৰা:কৈ

 

যদি বতৰ ডাৱৰীয়া হয়, কিম্বা পুখুৰীৰ উপৰিভাগত শেলাইৰ অতিচাৰ বৃদ্ধি হয়, তেতিয়া হ’লে সাময়িকভাৱে খাদ্য প্ৰয়োগ বন্ধ ৰাখিব লাগে।

ঘ) ৰিয়েৰিং পুখুৰীৰ আৰ্থিক দিশ: নাৰ্চাৰী পুখুৰীৰ দৰে ৰিয়েৰিং পুখুৰীত পোনা প্ৰতিপালন কৰি লাভ পাব পাৰি। এই পুখুৰীত বছৰেকত অতি কমেও দুবাৰকৈ পোনা প্ৰতিপালন কৰিব পাৰি। তালিকা-৩ ত এখিলাৰ এটা পুখুৰীত মাছ পোনা ফিংগাৰলিঙৰ উৎপাদনৰ জৰিয়তে হোৱা আয়-ব্যয়ৰ বিষয়ে দিয়া হ’ল।

তালিকা-৩

ব্যয়

টকা

পানী সিঁচা আৰু পুখুৰী প্ৰস্তুতকৰণ

৪০০০.০০

চূণ

৬০০.০০

কেঁচা গোবৰ

৪০০.০০

ইউৰিয়া

৮০.০০

চিংগল ছুপাৰ ফচফেট

১০০.০০

মাছৰ পোনা

৬০০০.০০

মাছৰ খাদ্য

১০০০০.০০

পাৰিশ্ৰমিক

৬০০০.০০

অন্যান্য খৰচ

২০০০.০০

মুঠ

২৯.১৯০.০০

 

ঙ) উপাৰ্জন: ৰিয়েৰিং পুখুৰীত মাছ পোনাৰ মৃত্যুৰ হাৰ যথেষ্ট কম। ইয়াত শতকৰা ৮০ ভাগ মাছেই জীৱিত থাকে। গতিকে এবিঘাৰ এটা পুখুৰীত যদি ৭০,০০০ মাছৰ পোনা মেলি দিওঁ তেনেহ’লে ৫৬,০০০ টা মাছৰ পোনা জীয়াই থাকে। মাছৰ এটা ফিংগাৰলিঙৰ মূল্য এটকা ধৰিলে আমাৰ উপাৰ্জন হ’ব ৫৬,০০০X১=৫৬,০০০ টকা। খৰচৰ পৰিমাণ ২৯,১৮০ টকা। মুঠ আয়: ৫৬,০০০-২৯,১৮০=২৬,৮২০ টকা। বছৰত যদি আমি অতিকমেও দুবাৰ মাছৰ ফিংগাৰলিং উৎপাদন কৰোঁ, তেনেহ’লে আয়ৰ পৰিমাণ হ’ব (২৬,৮২০X২)=৫৩,৬৪০ টকা। গতিকে আমি আমাৰ ঘৰত থকা পুখুৰীটো যদি পৰিষ্কাৰ কৰি পুখুৰীৰ পাৰত থকা গছৰ ডাল আদি কাটি ৰ’দ পৰাৰ ব্যৱস্থা কৰি তাক মাছ পোনা প্ৰতিপালনৰ বাবে উপযুক্তভাৱে প্ৰস্তুত কৰি লওঁ, তেনেহ’লে আমি আমাৰ উৎপাদন বঢ়াবলৈ সক্ষম হ’ম, যিয়ে আমাক আৰ্থিকভাৱেও টনকিয়াল কৰিব।

লিখক: প্ৰতুল ডেকা, মীন বিষয়া, পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ, ৰাণী।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate