ইয়াৰ জৰিয়তে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে, ২০১৭-১৮ বৰ্ষত ৰূপায়ণ কৰা ‘পূব ভাৰতত সেউজ বিপ্লৱৰ সূচনা’ শীৰ্ষক আঁচনিৰ অধীনত নিম্নোক্ত কৃষি সামগ্ৰীসমূহ ৰাজসাহায্যৰ জৰিয়তে কৃষক ৰাইজলৈ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। হিতাধিকাৰী কৃষকসকলে আঁচনিখনৰ অধীনত আগবঢ়োৱা ৰাজসাহায্যৰ ধন প্ৰত্যক্ষ লাভ হস্তান্তৰ বা DBT ব্যৱস্থাৰ জৰিয়তে নিজৰ একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব।
ক্ৰমিক নং |
কৃষি সামগ্ৰী |
অনুমোদিত মাত্ৰা |
সাহায্যৰ অনুমোদিত পৰিমাণ |
১ |
অনুসাৰ আৰু মাটি শোধক |
|
নিৰ্দিষ্ট শস্য আৰু সৰ্বোচ্চ ২ হেক্টৰ কৃষিভূমিৰ বাবে এগৰাকী হিতাধিকাৰীলৈ নিম্নোক্ত পৰিমাণৰ সাহায্য অথবা মুঠ মূল্যৰ ৫০ শতাংশ (যিটোৱেই সৰ্বনিম্ন) |
(ক) জিংক চালফেট মনোহাইড্ৰেট |
১০ কিলোগ্ৰাম/হেক্টৰ |
প্ৰতি হেক্টৰৰ বাবে ৫০০.০০ টকা |
|
(খ)জীৱাণুসাৰ (এযোস্পিৰিলাম/পি এচ বি) |
৪ কিলোগ্ৰাম/হেক্টৰ |
প্ৰতি হেক্টৰৰ বাবে ৩০০.০০ টকা |
|
২ |
সুসংহত শস্য সুৰক্ষা |
অসম কৃষি বিশ্ববিদ্যালয়ে জনোৱা অনুমোদন অনুসৰি |
প্ৰতি হেক্টৰৰ বাবে ৫০০.০০ টকা |
ব্যৱস্থাপনা শস্য ৰক্ষাৰ বাবে ব্যৱহৃত ৰাসায়নিক পদাৰ্থ/জৈৱিক কীটনাশক/অপতৃণনাশক |
|||
৩ |
স্থানভিত্তিক প্ৰয়োগ |
|
মুঠ মূল্যৰ ৫০ শতাংশ। (প্ৰতি মিটাৰত ২০.০০ টকা হিচাপত প্ৰতিজন কৃষকৰ বাবে সৰ্বোচ্চ ১৫০০০.০০ টকা) |
জল পৰিবাহী পাইপ (এইচ ডি পি ই) (Limited Woven lay flat tube) |
|
|
|
৪ |
চপোৱাৰ পাচৰ ব্যৱস্থাপনা আৰু বিপণন সহায়তা |
|
প্ৰতিটো চুপাৰি গানি বেগ ৯০.০০ টকাত সীমাবদ্ধ হোৱাকৈ মুঠ মূল্যৰ ৬০ শতাংশ |
আই আৰ আৰ আই চুপাৰ গানি বেগ |
সবিশেষ জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক।
(উৎসঃ আমাৰ অসম, কৃষি বিভাগ, অসম)।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020