কৃষি বিভাগৰ অগভীৰ নলীনাদ যোগান আঁচনি
অসম কৃষিপ্ৰধান ৰাজ্য। অসমৰ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিজীৱী। কৃষি অৰ্থনীতিৰ ওপৰত অসমৰ অৰ্থনীতিৰ বিকাশ বহু পৰিমাণে নিৰ্ভৰশীল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৃষিখণ্ডৰ বিকাশৰ বাবে বিশেষ দৃষ্টি প্ৰদান কৰিছে। উন্নত কৃষি ব্যৱস্থাত জলসিঞ্চনৰো এক বিশেষ ভূমিকা আছে। ৰাজ্যৰ কৃষিখণ্ডৰ বিকাশৰ লগতে জলসিঞ্চনৰ প্ৰয়োগ বিকশিত কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি হাতত লৈছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কৃষিক্ষেত্ৰত ক্ষুদ্ৰ জলসিঞ্চনৰ বিকাশৰ ক্ষেত্ৰত নতুন দিগন্তৰ সৃষ্টি কৰি এক বিশেষ আঁচনি গ্ৰহণ কৰিছে। নিশ্চিত জলসিঞ্চনৰ সুবিধাৰ্থে কৃষকলৈ ৰাজসাহায্যৰ জৰিয়তে ১ লাখ অগভীৰ নলীনাদ যোগানৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে।
এই আঁচনিখনে কৃষকলৈ তলৰ সুবিধাসমূহ আগবঢ়াব-
- কৃষকলৈ ৪-৫ অশ্বশক্তিবিশিষ্ট ডিজেল চালিত অগভীৰ নলীনাদ প্ৰদান।
- ২ অশ্বশক্তিবিশিষ্ট বিদ্যুৎ চালিত কেন্দ্ৰীভূত পাম্পছেট আৰু ১.৫-২.০ অশ্বশক্তিবিশিষ্ট বিদ্যুৎ চালিত জলমগ্ন পাম্পছেটৰ সৈতে সৰ্বাধিক ৪৫ মিটাৰ আৰু ৬০ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ প্ৰদান।
- ১০ জনীয়া গোটৰ বাবে ২০ হেক্টৰ কৃষিভূমি সামৰি ২৫ কে ভি এ উপকেন্দ্ৰ আৰু বিদ্যুৎ চালিত জলমগ্ন পাম্পছেটৰ সৈতে ক্ৰমে সৰ্বাধিক ৪৫ৰ পৰা ৬০ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ।
- ৩০ জনীয়া গোটৰ বাবে ৬০ হেক্টৰ কৃষিভূমি সামৰি ৬৩ কে ভি এ উপকেন্দ্ৰ আৰু বিদ্যুৎ চালিত পাম্পটোৰ সৈতে ৪৫ৰ পৰা ৬০ মিটাৰ গভীৰতাৰ জলমগ্ন পাম্পছেট।
- ১/২ অশ্বশক্তিবিশিষ্ট সৌৰশক্তিচালিত পৃষ্টীয় পাম্পছেটৰ সৈতে ৫/১০ হাজাৰ লিটাৰ ক্ষমতাৰ পানী সংৰক্ষণ চৌবাচ্ছা আৰু ৪৫ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ।
- ২ অশ্বশক্তিবিশিষ্ট সৌৰশক্তিচালিত জলমগ্ন পাম্পছেটৰ সৈতে ১০ হাজাৰ লিটাৰ ক্ষমতাৰ পানী সংৰক্ষণ চৌবাচ্ছা আৰু সৰ্বাধিক ৬০ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ। কৃষকসকলে এই আঁচনিখনৰ সুবিধা সুবিধা গ্ৰহণ কৰি বছৰটোত দুটা বা তিনিটা খেতিৰ জৰিয়তে নিজৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পাৰিব।
আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ জিলা কৃষি বিষয়া/মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক।
উৎস: ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.