অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেন্দ্ৰীয় চৰকাৰৰ আঁচনি

 

ছইল হেলথ কাৰ্ড স্কীম

 

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনে ২০১৫ চনৰ ফেব্ৰুৱাৰীত মুকলি কৰা এই আঁচনিৰ মুল উদ্দেশ্য হৈছে শস্যৰ উৎপাদন বৃদ্ধিৰে কৃষকৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰা।এই আঁচনিৰ অধীনত কৃষকসকলৰ খেতিপথাৰৰ মাটি পৰীক্ষা কৰি সেই মাটিৰ যাৱতীয় সকলো গুণাগুণ নিৰ্ণয় কৰা হয়।এটুকুৰা কৃষি ভুমিত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য।কিমান পৰিমাণত আছে,সেই মাটিৰ পানী ধাৰণ ক্ষমতা কিমান,জৈৱিকভাৱে সেই মাটিডোখৰ কিমান সমৃদ্ধ সেই সকলো কথা পুংখানুপুংখ পৰীক্ষাৰে নিৰ্ণয় কৰা হয়।আনহাতে,এই পৰীক্ষাৰ পৰা লাভ কৰা বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি সেই কৃষিভুমিত জৈৱিক সাৰ আদি কিমান পৰিমাণত প্ৰয়োগ কৰিব লাগিব,ৰাসায়নিক সাৰ প্ৰয়োগৰ বিভিন্ন দিশ,বিভিন্ন শস্যৰ কৃষিৰ ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা কেনেধৰণৰ হ’ব লাগিব ইত্যাদি বিষয়ত পৰামৰ্শ সম্বলিত এখন কাৰ্ড সংশ্লিষ্ট কৃষকগৰাকীক প্ৰদান কৰা হ’ব।এয়াই হৈছে ছইল হেলথ কাৰ্ড।ইয়াৰ বাবে কৃষকে নিজৰ কৃষিভুমিৰ নমুনা প্ৰেৰণ কৰিব লাগিব নিৰ্ধাৰিত মাটি গৱেষণা কেন্দ্ৰলৈ ।ইয়াৰ বাবে কৃষকে স্থানীয় কৃষি বিষয়া,কৃষি সম্প্ৰসাৰণ কৰ্মীৰ সৈতে যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব।তদুপৰি ,ইণ্টাৰনেটযোগে http://www.soilhealth.dac.gov.in ৱেৱছাইট লগ অন কৰিও আঁচনিখনৰ বিষয়ে বিশদভাৱে জানিব পাৰিব।

ৰাষ্ট্ৰীয় গোকুল মিছন

 

দেশৰ বিভিন্ন অংশত থকা থলুৱা প্ৰজাতিৰ গো-ধনৰ সংৰক্ষণ আৰু উন্নতি সাধনৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ৰুপায়ণ কৰিছে এই আঁচনি।এই আঁচনিৰ অধীনত দেশজুৰি থলুৱা গো-ধন প্ৰজাতিসমুহৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।থলুৱা প্ৰজাতিৰ গাইবোৰক অধিক দুগ্ধ উৎপাদনক্ষম কৰি তোলাৰ বাবে বৈজ্ঞানিক ভিত্তিত ব্যৱস্থা লোৱা হৈছে।ৰাষ্ট্ৰীয় গো প্ৰজনন আৰু দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত ৰুপায়িত এই প্ৰকল্পৰ বাবে দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাত পাঁচশ কোটি টকা আবণ্টন দিয়া হৈছে।এই আঁচনিৰ জৰিয়তে দেশৰ কেইবাখনো ৰাজ্যৰ ভালেসংখ্যক গো-পালকে অধিক দুগ্ধক্ষম গাই-গৰুৰ গৰাকী হৈ আৰ্থিক সমৃদ্ধিৰ মুখ দেখিবলৈ সক্ষম হৈছে।আমাৰ ৰাজ্যখনৰ কৃষক তথা গো-পালকসকলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনে।এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থলুৱা প্ৰজাতিৰ গো-ধনৰ উন্নয়ন সম্পৰ্কীয় ব্যৱস্থা প্ৰশাসনৰ বাবে ক’ত কেনেকৈ যোগাযোগ কৰি আগবাঢ়িব লাগে সেই বিষয়ে জানিবলৈ আগ্ৰহী ব্যক্তিসকলে http://dadh.nic.in ত লগ অন কৰিব পাৰে।স্থানীয় পশু চিকিৎসকৰ পৰাও আঁচনিখনৰ বিষয়ে জানিব পাৰিব।

নেচনেল স্প’ৰ্টছ টেলেণ্ট ছাৰ্চ স্কীম

 

এই আঁচনিৰ উদ্দেশ্য হৈছে দেশৰ বিভিন্ন প্ৰান্তত থকা খেলা-ধুলাত দক্ষতাসম্পন্ন ৮-১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰা।কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত স্প’ৰ্টছ অথিৰটী অৱ ইণ্ডিয়াই (ছাই)ৰুপায়ণ কৰা এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ বিদ্যালয়সমুহৰ পৰা ক্ৰীড়া ক্ষেত্ৰত দক্ষতাৰ সম্ভাৱনাৰে  পৰিপুষ্ট শিশু ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰা হয়।এনেদৰে বাছনি কৰা কণমানিসকলক বিজ্ঞান ভিত্তিক প্ৰশিক্ষণেৰে নিজ নিজ পচন্দৰ ক্ৰীড়া ক্ষেত্ৰত দক্ষ কৰি তোলাৰ বাবে প্ৰয়াস চলোৱা হয়।এই আঁচনিৰ বিষয়ে সবিশেষ তথ্য পোৱা যাব-

http:/www.sportsauthorityofindia.nic.in ত।

ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান

 

গ্ৰামাঞ্চলৰ বিকাশৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানসমুহক সহায় কৰাটোৱে হৈছে এই আঁচনিৰ উদ্দেশ্য।২০১৬-১৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় সাধাৰণ বাজেটত প্ৰস্তাৱিত এই আঁচনিৰ বাবে উক্ত বাজেটত ৬৫৫ কোটি টকাৰ আবণ্টনৰ ব্যৱস্থা কৰা হৈছিল।পঞ্চায়তীৰাজ অনুষ্ঠানসমুহক শক্তিশালী কৰাৰ বাবে এই আঁচনিৰ অধীনত ল’ব পৰা পদক্ষেপসমুহৰ বিষয়ে জানিবলৈ http://rgsa.nic.in ৱেৱছাইটত লগ অন কৰিব পাৰে।

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate