দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰি এখন নতুন আঁচনি প্ৰচলন কৰাৰ কথা ঘোষণা কৰে। বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে গঞা ৰাইজৰ উন্নয়নৰ বাবে চৰকাৰে গোবৰ ধন নামেৰে এখন আঁচনি প্ৰৱৰ্তন কৰিব খুজিছে। ইংৰাজীত গেলভেনাইজিং অৰ্গেনিক বায়’- এগ্ৰ’ ৰিছ’ৰ্চ বুলি কোৱা এই গোবৰ ধন আঁচনিৰ অধীনত গোবৰ আৰু খেতি পথাৰৰ গোটা বৰ্জ্য পদাৰ্থবোৰ পচাই জৈৱ গেছ আৰু জৈৱ ৰন্ধন গেছ প্ৰস্তুত কৰা হ’ব। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই আঁচনিৰ বাবে ইতিমধ্যে দেশৰ ১১৫ জিলাক চিনাক্ত কৰি উলিয়াইছে। আঁচনিখনৰ জৰিয়তে এই জিলাকেইখনৰ স্বাস্থ্য, শিক্ষা, পুষ্টি, জলসিঞ্চন, গ্ৰাম্য বৈদ্যুতিকৰণ, পেয়জল, শৌচালয় আদিত চৰকাৰে পুঁজি বিনিয়োগ কৰি এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উন্নয়নৰ গতি দ্ৰুত কৰি তুলিব। এই ১১৫ খন জিলা উন্নয়নৰ ক্ষেত্ৰত আদৰ্শৰুপে পৰিগণিত হ’ব বুলি বিত্তমন্ত্ৰী জেটলীয়ে মন্তব্য কৰে।
উৎস: ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 1/3/2022