অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

 

দেশৰ কৃষকসকলৰ আৰ্থিক অৱস্থা উন্নয়নকে ধৰি সামগ্ৰিক কল্যাণৰ বাবে বিভিন্ন আঁচনি ৰুপায়ণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে।২০১৬ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰী মোদীয়ে এই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা শীৰ্ষক আঁচনিখন শুভাৰম্ভ কৰিছিল।এই আঁচনিখনৰ যোগেদি কৃষি ঋণ গ্ৰহণ কৰা কৃষকসকলৰ ওপৰত প্ৰিমিয়ামৰ বোজা হ্ৰাস কৰাত গুৰুত্ব প্ৰদান কৰা হয় আৰু লগতে খেতিত বতৰৰ বিধি-পথালিৰ ফলত হোৱা লোকচানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে।কৃষি বীমা সহজভাৱে আৰু ক্ষিপ্ৰগতিত বীমা দাবীৰ কামসমুহ নিষ্পত্তি কৰে।এই আঁচনিখন দেশৰ প্ৰতিখন ৰাজ্যতে ৰাজ্য চৰকাৰৰ সহযোগত ৰুপায়ণ কৰা হয়।এই বীমা আঁচনি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ৰুপায়িত কৰে।

এই প্ৰধান মন্ত্ৰী ফচল বীমা আঁচনিখনৰ উদ্দেশ্য হ’ল-

*প্ৰাকৃতিক দুৰ্যোগ,পত্ংগ আক্ৰমণ অথবা বিভিন্ন ৰোগজনিত কাৰণত কৃষিখণ্ডৰ ক্ষতিসাধন হ’লে কৃষিক বীমাৰ অধীনলৈ অনা আৰু কৃষকক বিত্তীয় সাহায্য প্ৰদান কৰা।

*নিয়মীয়া কৃষিকৰ্ম চলাই নিবলৈ কৃষকৰ আয় স্থায়ীকৰণত গুৰুত্ব প্ৰদান কৰা।

*কৃষকসকলক আধুনিক আৰু ন ন উপায়ে কৃষিকৰ্মত নিজকে নিয়োগ কৰাত উৎসাহ যোগোৱা।

*কৃষিখণ্ডত বিত্তীয় দেনাৰ পৰিমাণ বৃদ্ধি কৰা।

আঁচনিসমুহৰ উল্লেখযোগ্য দিশসমুহ-

 

*খাৰিফ শস্যৰ বাবে কৃষকে মাহে ২ শতাংশ আৰু ৰবি শস্যৰ বাবে ১.৫ শতাংশ প্ৰিমিয়াম ভৰিব লাগিব।বছৰেকীয়া বাণিজ্যিক আৰু উদ্যান শস্যৰ বাবে এই পৰিমাণ ৫ শতাংশ।

*কৃষকে ভৰিবলগীয়া প্ৰিমিয়ামৰ হাৰ  অতি কম আৰু কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষি নষ্ট হ’লে এই অনাদায় প্ৰিমিয়াম চৰকাৰে ভৰি সম্পুৰ্ণ বীমা কৃষকে লাভ কৰাৰ সুবিধা প্ৰদান কৰে।

*চৰকাৰী ৰাজসাহায্যৰ কোনো উচ্চ হাৰ নাই।যদি অনাদায় প্ৰিমিয়াম ৯০ শতাংশ হয় তেন্তে এই পৰিমাণ চৰকাৰে নিজেদ বহন কৰিব।

*পুৰ্বতে কৃষকে লাভ কৰা প্ৰিমিয়াম হাৰত কেপিঙৰ বিধান আছিল,কিন্তু এই নীতি বৰ্তমান আঁতৰ কৰা হৈছে আৰু কৃষকে সম্পুৰ্ণ ধন লাভ কৰিব পাৰিব।

*প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহ যোগোৱা হ’ব।বীমাৰ দাবী ধন পোৱাত পলম নহ’বৰ বাবে শস্য চপোৱাৰ তথ্য ধৰি ৰখাৰ ক্ষেত্ৰত স্মাৰ্ট ফোন,ৰিমোট চালিত ড্ৰোন আৰু জি পি এছ প্ৰযুক্তিৰ সহায় লোৱা হ’ব।

*২০১৬-১৭ বাজেটত এই আঁচনিৰ বাবে আবণ্টিত ধনৰ পৰিমাণ হৈছে ৫,৫০০ কোটি টকা।

*বীমা পৰিকল্পনাৰ সকলো কাম-কাজ একমাত্ৰ এগ্ৰিকালচাৰ ইঞ্চুৰেন্স কোম্পানী অব ইণ্ডিয়াৰ অধীনত পৰিচালিত হ’ব।

*এই আঁচনি হৈছে ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি আৰু ম’ডিফাইড ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ বিকল্প আঁচনি আৰু সেৱাকৰ মুক্ত।

এই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্ভুক্ত হ’বলৈ হ’লে কৃষকৰ যোগ্যতাসমুহ হৈছে-

*কোনো এটা নিৰ্দিষ্ট বতৰত ফচল বীমাই সামৰি লোৱা শস্যৰ খেতি কৰা সকলো কৃষকেই এই যোজনাত অন্তৰ্ভুক্ত হ’ব পাৰে।

*এই আঁচনিত অন্তৰ্ভুক্ত হ’ব বিচৰা কৃষকৰ ক্ষেত্ৰত বেংকত কৃষি ঋণ একাউণ্ট থকাটো বাধ্যতামুলক।

এই প্ৰধান মন্ত্ৰী ফচল বীমা আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগগ্ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰক।

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate