অসম এখন কৃষিপ্ৰধান দেশ। ৰাজ্যৰ ৭০ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। খেতি কৰোতে কৃষকক লাগিব এডোখৰ সাৰুৱা মাটি, জলসিঞ্চনৰ ব্যৱস্থা, কৃষি যন্ত্ৰ-পাতি, ভাল বীজ, সাৰ, ঔষধ আদি। ইয়াৰ উপৰি কৃষি বিভাগে জলসিঞ্চনৰ বাবে অগভীৰ নলীনাদ, সৌৰশক্তি চালিত পাম আদি ৰেহাই মূল্যত কৃষকক যোগান ধৰিছে। লগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ ধান কটা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ আদি বিভিন্ন আঁচনিত কৃষি বিভাগে যোগান ধৰি আছে। ইৰিধান বা গ্ৰীষ্মকালীন ধান চপাই মৰণা মৰা সময়ত অসমত প্ৰায় বৰষুণ হয়, সেয়ে এই ইৰিধান কৰা কৃষকৰ বাবেই এবিধ বিশেষ মৰণা মৰা যন্ত্ৰ আছে- যাৰ দ্বাৰা ধানখেৰ আৰু ধান পৃথককৈ ওলায়।
আকৌ ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ ধান মিল, তেল মিল আৰু দাইল মিল বিভাগে যোগান ধৰি আছে। সময়মতে বীজ, সাৰ আদি যোগান নোপোৱাৰ বাবে মাজে মাজে কৃষিবিভাগৰ বদনামো ওলায়। কিন্তু কৃষকে জানি থোৱা ভাল যে, কৃষি আঁচনি যেনে- ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিযোগে ভাল ধানৰ বীজ এইচ ৱাই ভি, বৰ্ণসংকৰ বিভিন্ন ধৰণৰ মাহ জাতীয় শস্য, সাৰ, কীটনাশক দ্ৰব্য, বনমৰা ঔষধ আদি কৃষকে নিজে বীজ বিতৰক/এ এছ চি/এন এছ চিৰ পৰা প্ৰকৃত কিনা ৰচিদ লৈ কৃষি সামগ্ৰী কিনিব। এই ৰচিদবোৰ কৃষি বিভাগত জমা দিলে ৰাজ সাহায্যৰ ধন কিনোতাজনৰ নিজ বেংক একাউন্টত কৃষি বিষয়াই সুমুৱাই দিব। এই ডি বি টি ব্যৱস্থা, পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ বা অন্য কৃষিজাত যন্ত্ৰ সঁজুলিৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য।
কৃষি উদ্যান আঁচনি যোগে আপুনি জৈৱিক সাৰৰ বাবে ধইনচাৰ বীজ, কেঁচুসাৰ গোট বনাই তাৰ নথ-পত্ৰ জমা দিলে প্ৰতিটো কেঁচুসাৰ গোটৰ চৰকাৰী সাহায্য ডি বি টি যোগে কৃষকৰ বেংক একাউন্টত জমা হ’ব।
কৃষকে ধানৰ পৰা চিৰা, কোমল চাউল, বাও চাউল, জহা চাউল, বৰা চাউল, মুৰি আদি বনালে তাৰ বাবদ মূল্য সংযোজিত নিয়ম অনুসৰি অনুদান পাব চৰকাৰৰ আঁচনিৰ যোগে।
আকৌ খেতি-বাতিৰ উপৰি আনুসংগিক কৃষি কৰ্ম যেনে- মৌপালন, মৎস্য পালন, দুগ্ধ পালন, এৰী মুগা পোহা আদি গাঁৱৰ ৰাইজে কৰিব বিচাৰিলে সঞ্চালক, ছেমেটি, কৃষি ভৱন, খানাপাৰা, গুৱাহাটী-২২ত নিজে আহি জানি লওক। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা বি জি আৰ ই ৱাই, জৈৱিক কৃষি আদি বিভিন্ন আঁচনি কৃষি বিভাগত আছে। কৃষক, শিক্ষিত-অৰ্ধ শিক্ষিত নিবনুৱা যুৱক-যুৱতী আগবাঢ়ি আহিলে নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য দুই-এজনৰ জীৱিকাৰ উপায় ওলাব।
এতিয়া কৃষক উৎপাদক কোম্পানী, সমবায় সমিতি, পঞ্জীয়ন কৰক Company Act মতে পঞ্জীয়ন কৰাৰ আগতে কি কি নথি-পত্ৰ লাগিব, কেনেকৈ গাঁৱৰ কৃষক উপকৃত হ’ব তাৰ বাবে জিলা কৃষি বিষয়াৰ যোগেদি আৱেদন কৰক কৃষি সঞ্চালক আৰু সঞ্চালক, উদ্যান শস্য আৰু খাদ্য সংসাধন, অসম। জানি সুখী হ’ব যে বৰ্তমান চৰকাৰে কৃষক উৎপাদক সংগঠন আৰু কৃষক উৎপাদক কোম্পানীক যিকোনো প্ৰদৰ্শনমূলক খেতি আলু, সৰিয়হ, ধান, আদা-নহৰু, ফলমূলৰ খেতি, ফুলৰ খেতি এফ পি অ’ আৰু এফ পি চিক দিবলৈ কৃষি বিষয়াসকলক নিৰ্দেশ দিছে।
আমি জানো যে ধান, মাহ, সৰিয়হ, আলু খেতি কৰোতে ৩/৪ মাহ পিছতহে চপাব পাৰি। সেইবোৰ মৰণা মাৰি চাউল কৰা, তেল পেৰা কাম কৰোতে সময় লাগে। কিন্তু কৃষিভিত্তিক অন্য কাৰ্য যেনে দুগ্ধ পালন, মৎস্য পালন কৰিব বিচাৰিলে গাঁৱৰ কম-বেছি কৃষকৰ গাই, মাছৰ পুখুৰী, ক’ৰবাত এৰী-মুগা পলু পোহা কৃষক বা শিপিনী আছে। তেওঁক এফ পি চি পঞ্জীয়ন কৰিবলৈ হ’লে নিজা জিলাসমূহৰ মীন, পশু পালন, ৰেচম বিভাগৰ সৈতে যোগাযোগ কৰক। এইবোৰ Department ৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আঁচনিযোগে কৃষি আঁচনিত সমন্বয়ক হিচাপে কাম কৰি থকা হৈছে ।
আলু, বিলাহীৰ বৰ্তমান দাম ঠিকে আছে। কিন্তু ২০১৫-১৬ বৰ্ষত মনদিয়াত প্ৰতি কিলো আলু চাৰি টকা, হাউলী, খাৰুপেটীয়া বজাৰত বিলাহী, কবি জাতীয় শস্য পানীৰ দৰত বিক্ৰী হৈছিল, কৃষকৰ খেতি কৰা খৰচো নোলাল। তাতে বান, হাতী-বান্দৰৰ সংঘাত আছেই।
জলবায়ুৰ তাৰতম্য, হাতী-বান্দৰৰ সন্ত্ৰাস ৰোধ, সাৰুৱা মাটি গৰাখহনীয়াৰ পৰা বচোৱা, বান ৰোধ আদি চৰকাৰৰ কাম, সাৰুৱা মাটিখিনি আমাক লাগিবই।
অসমৰ বৰ্তমান চৰকাৰে কৃষিভিত্তিক উদ্যোগ গঢ়াৰ বাবে আগ্ৰহী। অন্য ৰাজ্যৰ পৰা আমদানি হোৱা Tomato Sauce বিভিন্ন আচাৰ, Patato Chips আদি অসমলৈ আহি আছে। কোটি টকাৰ ফুল ৰাজ্যলৈ আহি আছে। চাউল উৎপাদনত যদিও ৰাজ্যখন স্বাৱলম্বী, অন্য বহু সামগ্ৰীত এতিয়াও অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল।
সেয়ে শিক্ষিত যুৱকে নাইবা অন্য Interpreneur আগবাঢ়ি আহি অসমত কৃষিভিত্তিক বৃহৎ উদ্যোগ গঢ়িব লাগিব। চৰকাৰেও সহযোগ কৰিব। আমাৰ কৃষকে তেতিয়া দুগুণ উৎসাহৰে উৎপাদন বৃদ্ধি কৰিব আৰু অন্য ৰাজ্যৰ পৰা লাহে লাহে আমদানি কৰা কমি যাব। চৰকাৰৰ লক্ষ্য- এনেকৈ কৃষকক কৃষি সামগ্ৰী, যন্ত্ৰ, কে চি চি ঋণ, (কিছান ক্ৰেডিট কাৰ্ড) দি ২০২২ চনত কৃষকৰ আয় দুগুণ কৰিবলৈ লাগিব।
উৎস: ৰাইজৰ বাতৰি(মনজিৎ তালুকদাৰ)
শেহতীয়া উন্নীতকৰণ: : 11/25/2021