অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (উদ্যানশস্য)

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (উদ্যানশস্য)

ৰাষ্ট্ৰীয় কৃষি বিকাশ আঁচনি এখন বিশেষ অতিৰিক্ত কেন্দ্ৰীয় সহায়ক প্ৰকল্প আৰু ই ভাৰত চৰকাৰৰ একাদশ বাৰ্ষিক পৰিকল্পনাৰ অংশ বিশেষ-

 

অসমত এই আঁচনি ২০০৭ চনৰ আগষ্ট মাহত কৃষকৰ কল্যানৰ বাবে আৰম্ভ কৰা হয়।ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় পৰিকল্পনাৰ অতিৰিক্ত সম্পদ সৰবৰাহত উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি আৰম্ভ কৰিছিল।এই আঁচনি অন্ন্যান্ন বিভাগ সমুহৰ লগত উদ্যান শস্য বিকাশৰ বাবেও পুজিৰ যোগান ধৰে।ডি.এ.পি (District Action Plan)আৰু এস. এ.পি.(State Action Plan)ৰ জৰিয়তে ৰুপায়ন কৰিব লগা প্ৰকল্প সমুহৰ চুড়ান্ত ৰুপ দিয়া হয়।এই আঁচনিৰ বাবে ধাৰ্য্য কৰা সমুদায় ধনৰ ৯০% কেন্দ্ৰীয় চৰকাৰৰ আৰু ১০% ৰাজ্য চৰকাৰে বহন কৰে।খেতিয়কৰ বাবে এই আঁচনিৰ সুবিধা সমুহ ২৫% ৰ পৰা ৫০% ৰেহাই মুল্যত যোগান ধৰাৰ ব্যৱস্থা আছে।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত উদ্যানশস্য ক্ষেত্ৰৰ উল্লেখনীয় সফলতা সমুহ এনে ধৰণৰ-

আলু আৰু পিঁয়াজৰ উৎপাদন বঢ়াবলৈ উন্নত জাতৰ বীজ বিতৰণ।আলুৰ ভ্ৰউন্নত জাত যেনে,কুফ্ৰীউ পোথৰাজ,কুফ্ৰীউ হিমালিনী আদি জাতৰ বীজ বিতৰণ।পিঁয়াজৰ উন্নত জাত যেনে,এগ্নি ফাউণ্ড লাইট ৰেড (ALR)নাচিক ৰেড (N-63),গ্লোব আদি জাতৰ ব্যৱহাৰ।

*শাক-পাচলিৰ উৎপাদন বৃদ্ধিৰ বাবে উন্নত বৰ্ণসংকৰ জাতৰ বীজ বিতৰণ।

*অৱতৰত শাক-পাচলি উৎপাদনৰ বাবে গ্ৰীণ হাউচৰ ব্যৱহাৰত গুৰুত্ব আৰু সাহাৰ্য্য প্ৰদান

*পিঁয়াজ সংৰক্ষণৰ বাবে কম খৰচি ভড়াল নিৰ্মাণ।

*কম সময়ত উন্নত মানৰ শাক-পাচলিৰ পুলি উৎপাদনৰ বাবে স্বয়ংক্ৰিয়া “V” আঁৰ্হিৰ নাৰ্ছাৰী স্থাপন।

*সম্পুৰ্ণ বৈজ্ঞানিক ভিত্তিত পুলি উৎপাদনৰ বাবে কলা কৰ্ষণ বিজ্ঞানাগাৰ (Tissue Culture Laboratory)স্থাপন।

*মাছ,মাংসৰ বিকল্প হিচাপে কাঠফুলাক উন্নীত কৰিবলৈ কাঠফুলা বীজ উৎপাদন গোট (Mushroom Spawn Production)স্থাপন।

*কৃষক প্ৰশিক্ষণৰ বাবে কৃষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন।

*বিভিন্ন জিলাত থকা বিভাগীয় সমুহীয়া ফলমুল সংৰক্ষণ কেন্দ্ৰ সমুহৰ উন্নীতকৰণ।

*ফলমুল সংৰক্ষণৰ বাবে মহিলা গোটৰ মাজত সাহায্য প্ৰদান।

*কৃষকৰ সৱলীকৰণৰ বাবে কৃষক উৎপাদন গোট (Farmers’Producers Organization)গঠণ আৰু গোট সমুহক কোম্পানী আইনৰ অধীনত পঞ্জীয়ণ।

*৩০০০ কৈ অধিক কৃষকক প্ৰশিক্ষণ দিয়া হৈছে।

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate