অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰূপে কিচান ক্ৰেডিট কাৰ্ড(ৰূপে কে চি চি)

 


ৰূপে কিষান ক্ৰেডিট কাৰ্ডৰ মুল বৈশিষ্ট-

 

  • এই কাৰ্ডৰ সহায়ত কৃষকে ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।
  • কৃষকে যাতে প্ৰয়োজনীয় কৃষি সামগ্ৰী,যেনে-ৰাসায়নিক সাৰ,কীটনাশক দ্ৰব্য আদি সময়মতে কিনিব পাৰে,সেইবাবে এই ঋণৰ টকা কৃষকৰ একাউন্টত পোনপটীয়াকৈ জমা কৰা হয়।
  • ৰূপে কে চি চিৰ জৰিয়তে ব্যৱসায়িক বিনিময় 1,00,000 এ টি এম,মেচিনৰ জৰিয়তে কৰিব পাৰি।
  • ৰূপে কে চি চিত কৃষকৰ বাবে ভৰ্তি মাচুল নালাগে।কিন্তু ভিছা অথবা বাকী কাৰ্ডত এন্ট্ৰি ফি লাগে।
  • ৰূপে কে চি চিৰ জৰিয়তে কৰা আদান-প্ৰদান নিৰাপদ হয় কাৰণ প্ৰতিটো আদান-প্ৰদানত পিন নাম্বাৰ দিব লাগে।
  • বাৰ্ষিক খৰচ বাকী কাৰ্ডৰ তুলনাত কম।
  • বেংকত নোযোৱাকৈ ৰূপে চি চিৰ জৰিয়তে কৃষকে বেংকৰ কাম-কাজ কৰিব পাৰে।
  • ৰূপে কে চি চিৰ জৰিয়তে লোৱা ঋণৰ ওপৰত সুদৰ পৰিমাণ কম।
  • ৰূপে কে চি চিৰ জৰিয়তে লোৱা ঋণ পৰিশোধৰ সময় সীমা বহুত বেছি ।

 

‘ৰূপে কিষান ক্ৰেডিট কাৰ্ড’(Rupay KCC) মূল সুবিধাসমূহ হল:

 

1. প্ৰতিগৰাকী যোগ্য কে চি চি ধাৰকক ৰূপে কিষান কাৰ্ড( Rupay KCC) দিয়া হ’ব।

2.  একাউন্ট পৰিচালনা কৰিবৰ বাবে কোনো ধৰণৰ কাগজী মুদ্ৰা অনা নাইবা বেংক শাখা/পি এ চি এছৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই।

3.  যি কোনো এ টি এম আৰু ‘পইন্ট অৱ ছেল’(POS)টাৰ্মিনেলত ব্যৱহাৰ কৰিব পৰা যাব।

4.  নিৰাপদ লেনদেন।

5.  মোবাইল ফোনৰ জৰিয়তে এছ এম এছ এলাৰ্টৰ সুবিধা।

6.  প্ৰত্যক্ষ লাভ স্থানান্তৰকৰণ ব্যৱস্থাৰ অধীনত কাৰ্ড ধাৰকক,একাউন্টত সাৰৰ সুদ সাহায্য ৰাশি/ৰাজসাহায্য আদি জমা কৰাৰ ব্যৱস্থা।

 

 

উৎস: নাবাৰ্ড



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate