অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেচম বিভাগে ৰুপায়ণ কৰি থকা হিতাধিকাৰীমুখী আঁচনি/প্ৰকল্প :

ৰেচম বিভাগে ৰুপায়ণ কৰি থকা হিতাধিকাৰীমুখী আঁচনি/প্ৰকল্প :

 

অসমৰ থলুৱা যুৱক-যুৱতী উৎসাহিত কৰি অসমৰ বস্ত্ৰ উদ্যোগক লাভাম্বিত কৰিবলৈ অসম চৰকাৰৰ ৰেচম বিভাগে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিসমুহৰ দ্বাৰা বস্ত্ৰ উদ্যোগত নিয়োজিত হ’ব খোজাসকলে প্ৰাথমিক স্তৰত খানাপাৰাস্থিত ৰেচম সঞ্চালকালয়ৰ লগত যোগাযোগ কৰিব পাৰে।

১) মুগা উৎপাদনত সহয়ক বৃক্ষৰোপণৰ বাবে ব্যক্তিগত মুগা খেতিয়কলৈ সহায়:

আছাম চিল্ক আউটৰিছ মিছন (মুগা) নমৰ প্ৰকল্পটোৰ অধীনত ৰেচম বিভাগে এই আঁচনিখন হাতত লৈছে। এই আঁচনিখনৰ মুল উদ্দেশ্য হ’ল মুগা উত্‌পাদনত সহয়ক বৃক্ষ ৰোপণৰ ব্যাপক সম্প্ৰসাৰণ আৰু মুগা কেঁচাপাতৰ উৎপাদন বৃদ্ধি। তিনি বছৰৰ ভিতৰত এই আঁচনিৰ অধীনত ব্যক্তিগত মুগা খেতিয়কৰ ১১,৮২৫ হেক্টৰ ভুমিক সামৰি লোৱা হ’ব। এই আঁচনিখন ৰুপায়ণ কৰিব আছাম চিল্ক আউটৰিছ মিছন চ’ছাইটীয়ে। কমেও ১.৫ বিঘা উপযুক্ত খালী ভুমি থকা খেতিয়কসকলে চোম আৰু সোৱালো গছ ৰোপণৰ জিলা তথা মহকুমা ৰেচম বিষয়াৰ জৰিয়তে মিছন সঞ্চালক, আছাম চিল্ক আউটৰিছ মিছন চ’ছাইটী, ৰেচম সঞ্চালকালয়ৰ অতিথিশালা আছাম, খানাপাৰা, গুৱাহাটী-২২ লৈ আৱেদন কৰিব পাৰে। বৃক্ষৰোপণৰ বাবে হিতাধিকাৰীসকলে লাভ কৰিব বিত্তীয় সাহায্য। যথাসময়ত নিৰ্বাচিত হিতাধিকাৰীসকলক বৃক্ষৰোপণৰ নিয়ম-কানুনবোৰ জনোৱা হ’ব।

২) মুগা উৎপাদন বৃদ্ধিৰ বাবে ব্যক্তিগত মুগা খেতিয়কসকললৈ সা-সৰঞ্জামেৰে সহায়:

শ্ৰীবৃদ্ধিকাৰী সা-সৰঞ্জাম যোগানেৰে ব্যক্তিগত মুগা খেতিয়কসকললৈ সহায় আগবঢ়োৱাৰ বাবে ৰেচম বিভাগে এখন আঁচনি হাতত লৈছে। ই হ’ল আছাম চিল্ক আউটৰিছ মিছন (মুগা)প্ৰকল্পৰ এটা উপাদান আৰু ইয়াৰ মুল উদ্দেশ্য পৰৱৰ্তী ১০ বছৰৰ ভিতৰত মুগা কেঁচাপাত উৎপাদন দহগুণলৈ বৃদ্ধি কৰা। এই প্ৰকল্প কাল ২০১৭-১৮ ৰ পৰা ২০২৬-২৭ চনৰ ভিতৰত ৮৭,৬০১ মুগা খেতিয়কলৈ সাহায্য আগবঢ়োৱা হ’ব। ২০১৮-১৯ বৰ্ষৰ ভিতৰত ৯,৬৭০ গৰাকী খেতিয়কক সামৰি লোৱা হ’ব। মুগা খেতিৰ সৈতে জড়িত থকা খেতিয়কসকলে জিলা আৰু মহকুমা ৰেচম বিষয়াৰ জৰিয়তে মিছন সঞ্চালকৰ কাৰ্যালয়, আছাম চিল্ক আউটৰিচ মিছন চ’ছাইটী, ৰেচম সঞ্চালকালয়ৰ অতিথিশালা, অসম, খানাপাৰা, গুৱাহাটী ২২ লৈ আৱেদন কৰিব লাগে। এই আঁচনিৰ অধীনত অধীনত হিতাধিকাৰীসকলে মুগাৰ শ্ৰীবৃদ্ধিকাৰী সা-সৰঞ্জাম লাভ কৰিব।

৩) শুৱালকুছিত পাট সুতা বেংক স্থাপন:

এছ অ’ পি ডি-জিৰ অধীনত ২০১৭-১৮ বৰ্ষৰ সময়ছোৱাত ৰেচম বিভাগে হাতত লোৱা ই এখন হিতাধিকাৰীমুখী আঁচনি। শুৱালকুছিৰ শিপিনী/ উদ্যমীলৈ ২০ শতাংশ ৰাজসাহায্যৰ এই বেংকৰ জৰিয়তে পাট সুতাৰ যোগান ধৰা হ’ব। তদুপৰি শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকন’লজী (এছ আই এফ টি)/ এন আই এফ টি/ এন আই ডি ইত্যাদিকৰ জৰিয়তে ডিজাইন উন্নয়ন প্ৰশিক্ষণ কাৰ্যসুচীৰ ব্যৱস্থা কৰা হ’ব। এই আঁচনিখন ৰুপায়ণ কৰিব আৰ্টেফেডে। উৎপাদনস্থলীৰ মুল্যতে এন এইচ ডি চিৰ পৰা পাট সুতা আহৰণৰ বাবে আৰু ২০ শতাংশ ৰাজ সাহায্যত (চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া) সেইবোৰ বিক্ৰী কৰিবলৈ আৱৰ্ত পুঁজি হিচাপে ১৮.৮৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই উদ্দেশ্যে ২০১৮-১৯ বৰ্ষৰ বাবে  অতিৰিক্ত ২০ কোটি টকাৰ প্ৰস্তাৱ কৰা হৈছে।

৪) মহিলা ৰেচম খেতিয়কলৈ এৰী সুতা কটা যন্ত্ৰ যোগান:

ৰাজ্যখনৰ বুজন সংখ্যক মহিলাই ৰেচম সম্পৰ্কীয় কাম- কাজৰ সৈতে জড়িত থকা বাবে তেওঁলোকলৈ ২৬৬ টা উন্নত মানৰ এৰী সুতা কটা যন্ত্ৰ যোগানেৰে সহায় আগবঢ়াবলৈ ষ্টেট ওন প্ৰায়োৰিটী ডেভেলপমেণ্ট (এছ অ’ পি ডি-জি) ৰ অধীনত বিভাগে এই আঁচনিখন হাতত লৈছে। মহিলাসকলৰ বাবে স্বনিয়োজনৰ সুযোগ সৃষ্টি কৰিবলৈ আৰু আয় সৃষ্টিকাৰী কাম-কাজৰ সৈতে তেওঁলোকক জড়িত কৰাত সহায় কৰিবলৈ সঞ্চালকালয়ৰ এই আঁচনিখন হাতত লোৱা হৈছে। এই যন্ত্ৰবোৰ ব্যৱহাৰ কৰি তেওঁলোকে মানসম্পন্ন এৰী সুতা উৎপাদন কৰিব পাৰে আৰু সহজতে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰিব পাৰে। ২০১৭-১৮ বৰ্ষৰ সময়ছোৱাত ১০ গৰাকীকৈ মহিলা ৰেচম খেতিয়কক একোটা গোটত লৈ ২৬৬ টা গোটক সামৰি লোৱা হ’ব আৰু ২০১৮-১৯ বৰ্ষত এনে ৫৩২ টা গোটক সামৰি লোৱা হ’ব।

৫) দিব্যাংগ ব্যক্তিলৈ শ্ৰীবৃদ্ধিকাৰী সা-সৰঞ্জাম যোগান:

ৰেচম খণ্ডত জড়িত হৈ থকা দিব্যাংগ ব্যক্তিসকলক সহায় কৰাৰ বাবে ৰেচম বিভাগে এই বিশেষ আঁচনিখন হাতত লৈছে। অৰ্থনৈতিক কাম-কাজত জড়িত কৰাই দিব্যাংগ ব্যক্তিসকলক শক্তিশালী কৰাটোৱেই ইয়াৰ মুল উদ্দেশ্য আৰু সেইবাবে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত ৫.০০ লাখ টকা ধাৰ্য কৰা হৈছে। এইক্ষেত্ৰত লক্ষ্য কৰি লোৱা হিতাধিকাৰীৰ সংখ্যা হ’ল ৮০ গৰাকী।

৬) বয়োজ্যেষ্ঠ ব্যক্তিলৈ শ্ৰীবৃদ্ধিকাৰী সা-সৰঞ্জাম যোগান:

ৰেচম খণ্ডত জড়িত হৈ থকা বয়োজ্যেষ্ঠ ব্যক্তিসকলক সহায় কৰাৰ বাবে ৰেচম বিভাগে এই আঁচনিখন হাতত লৈছে। অৰ্থনৈতিক কাম-কাজক জড়িত কৰাই বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সবলীকৰণেই ইয়াৰ মুল উদ্দেশ্য আৰু সেইবাবে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত ১০ লাখ টকা ধাৰ্য কৰা হৈছে। লক্ষ্য নিৰ্ধাৰণ কৰা হিতাধিকাৰীৰ সংখ্যা হ’ল ১৬০ গৰাকী।

৭) ৰেচম খেতিয়কলৈ প্ৰশিক্ষণৰ ব্যৱস্থা:

এৰী মুগা আৰু পাট পলুৰ শ্ৰীবৃদ্ধি, মানসম্পন্ন সুতা প্ৰস্তুত সন্দৰ্ভত দক্ষতা বৃদ্ধি কৰিবলৈ বিভাগে ৰেচম খেতিয়কসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসুচীৰ ব্যৱস্থা কৰিছে। এই বিভাগে এছ অ’ পি ডি-জিৰ অধীনত এই আঁচনিখন হাতত লৈছে। এই প্ৰশিক্ষণ কাৰ্যসুচীয়ে ৰেচম খেতিয়কসকলৰ দক্ষতা বৃদ্ধি কৰিব আৰু তেওঁলোকক আয় বৃদ্ধিকাৰী কাম-কাজত জড়িত কৰাত সহায় কৰিব।

৮) এৰী পাটৰ উৎপাদন বৃদ্ধি আৰু মাজুলীত সমুহীয়া সুতা কটা আৰু মহুৰা প্ৰস্তুত কেন্দ্ৰ স্থাপন:

মাজুলী জিলাখন হ’ল অসমৰ অন্যতম গুৰুত্বপুৰ্ণ এৰী উৎপাদনকাৰী এলেকা। সেইবাবে এই বিভাগে এৰী খেতিয়কৰ ৪৯ টা গোটলৈ ৪৯ টা এৰী সুতা কটা যন্ত্ৰ যোগান ধৰি এৰী পাট উৎপাদন বৃদ্ধিৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এই আঁচনিখন হাতত লৈছে। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এই বিভাগে আঁচনিখনৰ অধীনত মাজুলী জিলাৰ ৫০০ হিতাধিকাৰীলৈ অধিক উৎপাদনক্ষম প্ৰজাতিৰ এৰা গছৰ বীজ যোগান ধৰিব।

লেখক: প্ৰাঞ্জল মজুমদাৰ (ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate