অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১৭. পশুৰ বাবে ঘৰ নিৰ্মাণ

১৭. পশুৰ বাবে ঘৰ নিৰ্মাণ

পশুৰ পৰা যথাযথ উৎপাদন পাবলৈ হ’লে সিহঁতৰ বাবে উপযুক্ত থকা ঘৰ নিৰ্মাণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কষ্টত থকা পশুৰ উৎপাদন ক্ষমতা যথেষ্ট কমি যায় আৰু সেয়েহে পশুক বেয়া বতৰৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।

অনুপযুক্ত ঘৰত ৰাখিলে পশুৰ খুৰাত নানান উপসৰ্গই দেখা দিব পাৰে।

এই খণ্ডত তলৰ অধ্যায়বোৰ সামৰি লোৱা হৈছে: ক)পশুৰ বাবে থকা ঘৰ খ)অধিক উষ্ণতাৰ পৰা হোৱা কষ্ট গ)লক্ষণৰ পৰা তাপৰ কুপ্ৰভাৱ নিৰ্ণয় ঘ)তাপৰ কুপ্ৰভাৱৰ মাত্ৰা নিৰূপণ ঙ)তাপৰ পৰা হোৱা কষ্টৰ প্ৰশমন

শীতলীকৰণ ব্যৱস্থাই তাপৰ কুপ্ৰভাৱ কমায় আৰু উৎপাদন অটুট ৰাখে

)পশুৰ বাবে থকা ঘৰ

উপযুক্ত বৃদ্ধি আৰু উৎপাদনৰ বাবে গৰু-ম’হক পৰিষ্কাৰ আৰু আৰামদায়ক ঘৰ বা গোহালিত ৰখা আৱশ্যক। খীৰতী গাইবোৰক জহকালি, জাৰকালি, সূৰ্য্যৰ পোনপটীয়া ৰ’দৰ উত্তাপ আৰু বতাহ আদি বতৰৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত আশ্ৰয়স্থল প্ৰদান কৰা উচিত।

জহকালি, পশুবোৰৰ ওপৰত তাপৰ কুপ্ৰভাৱ পৰে আৰু সিহঁত অস্থিৰ হৈ পৰে। ঘাম আৰু ফোঁপনিয়ে কিছু পৰিমাণে সিহঁতৰ শৰীৰ ঠাণ্ডা কৰি সকাহ দিয়ে। খাদ্য গ্ৰহণৰ পৰিমাণ কমি যোৱাৰ ফলত উৎপাদনো কমি যায়। সেইবাবে, পশুবোৰৰ বাবে যথোপযুক্ত গোহালি নিৰ্মাণ কৰা দৰকাৰ।

  • গোহালিত প্ৰতিজনী গৰু/ম’হৰ বাবে ন্যূনতম ৫.৫ ফুট x ১০ ফুট ঠাই নিশ্চিতভাৱে উপলব্ধ হ’ব লাগে। মজিয়াখন পানীৰ নলাৰ দিশে ১.৫% হেলনীয়া কৰি পিচল নোহোৱাকৈ পকা কৰিব লাগে। নলাবোৰ খোলা, ৮ ইঞ্চি বহল, ৩ ইঞ্চি দ আৰু ১.০% হেলনীয়াকৈ তৈয়াৰ কৰিব লাগে যাতে গোহালিটো সকলো সময়তে পৰিষ্কাৰ হৈ থাকে।
  • ঘৰটোৰ উচ্চতা ১০ ফুটতকৈ কম হ’ব নালাগে আৰু চালিখন খেৰ, ইটা, এছবেছটচৰ পাতেৰে অথবা পকাকৈ সাজিব পৰা যায়।
  • গোহালিটো তিনিফালে খোলা হ’ব লাগে। মাত্ৰ পশ্চিমফালে বেৰ দিব লাগে। প্ৰতিজনী গাইৰ বাবে ঘৰটোৰ চিলিঙৰ উচ্চতাত ৩ ফুট * ১ ফুট আকাৰৰ ভেন্টিলেটৰৰ আৱশ্যক। জাৰকালি বাকী থকা তিনিফালে বস্তা-কাপোৰেৰে ঢাকি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
  • পশ্চিম দিশৰ বেৰত ২ ফুট বহল আৰু ১.৫ ফুট গভীৰ মেঞ্জাৰ অৰ্থাৎ খাদ্য যোগান ধৰা দীঘলীয়া নলাসদৃশ ব্যৱস্থা থাকিব লাগে। মেঞ্জাৰৰ ভূমি মজিয়াৰ পৰা প্ৰায় ১ ফুট উচ্চতাত থাকিব লাগে। মেঞ্জাৰৰ কাষতে খোৱা পানী যোগান ধৰিব পৰা নলাৰো ব্যৱস্থা থাকিব লাগে।
  • গোহালিৰ পূৱ দিশত কিছু মুকলি ঠাই থাকিব লাগে, য’ত পশুবোৰে জিৰাব পাৰে। পশুবোৰে গছৰ ছাঁত জিৰণি লৈ ভাল পায়। সেয়েহে জিৰণিৰ বাবে ৰখা মুকলি ঠাইত দুই-এজোপা নিম জাতীয় গছ ৰুই দিব লাগে।
  • জহকালি ১৫-২০ মিনিটৰ মূৰে-মূৰে পশুবোৰৰ গাত চটিয়াই দিলে গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰে, যিহেতু পানীৰ বাষ্পীভৱনৰ ফলত শৰীৰটো কিছু ঠাণ্ডা হয়।

বিশেষকৈ উচ্চ উৎপাদনক্ষম বৰ্ণসংকৰ আৰু বিদেশী জাতৰ পশুৰ বাবে শীতলীকৰণৰ ব্যৱস্থা লোৱাটো অতি দৰকাৰী।

শীতলীকৰণৰ ব্যৱস্থাই তাপৰ কুপ্ৰভাৱ কমায় আৰু উৎপাদন শক্তি কমি যায় :

)অত্যধিক তাপৰ কু-প্ৰভাৱ

অত্যধিক তাপৰ তলত উল্লেখ কৰা কু-প্ৰভাৱৰ ফলত পশুৰ উৎপাদিকা শক্তি কমি যায়:

  • শৰীৰৰ উষ্ণতা বৃদ্ধি, কম খাদ্য গ্ৰহণ, ঘাম ওলোৱা, ফোঁপনি উঠা, নাড়ীবেগ বৃদ্ধি, ৰক্ত সঞ্চালন বৃদ্ধি, বৃদ্ধিৰ সৈতে জড়িত হৰম’ন কমি যোৱা, মৃত্যুৰ উচ্চ হাৰ, বৰ্দ্ধিত পানীৰ পিয়াহ, গাখীৰৰ উৎপাদন হ্ৰাস, আৰু প্ৰজনন শক্তি হ্ৰাস।
  • অত্যধিক তাপৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ, NDDB-য়ে পানী চটিয়াই পশুক শীতলীকৰণ কৰিব পৰা ১১,০০০ টকা ব্যয়-সাপেক্ষে এক সঁজুলি উদ্ভাৱন কৰিছে।
  • প্ৰতি গ্ৰাম পানীৰ বাষ্পীভৱনৰ ফলত পশুৱে খাদ্যৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰা তাপৰ ৫৪০ কেল’ৰি কমি যায়।
  • আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি পশুৰ শৰীৰৰ পৰা এইদৰে বাষ্পীভৱনৰ ফলত হ’ব পৰা উষ্ণতা হ্ৰাসৰ মাত্ৰা ১৩° ছেলচিয়াছতকৈও বেছি হ’ব পাৰে, যাৰ ফলত জহকালিও পশুবোৰক আৰামত ৰখাটো সম্ভৱ।

)লক্ষণৰ পৰা তাপৰ কু-প্ৰভাৱ নিৰ্ণয়

  • অত্যধিক তাপৰ কু-প্ৰভাৱৰ ফলত উৎপাদন হ্ৰাস হোৱাটো ৰোধ কৰা বা কমোৱাৰ বাবে অথবা তাৰ ফলত হ’ব পৰা মৃত্যুৰ হাৰ কমোৱাৰ বাবে এনে প্ৰভাৱৰ মাত্ৰা নিৰূপণ কৰাটো অতি গুৰুত্বপূৰ্ণ।
  • পশুৱে দেখুওৱা লক্ষণৰ দ্বাৰা তাপৰ কু-প্ৰভাৱৰ মাত্ৰা(ফোঁপনিৰ মাত্ৰা বা Panting Score) নিৰ্ণয় কৰি পশুৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে অনুমান কৰিব পাৰি।

শ্বাস-প্ৰশ্বাসৰ অৱস্থা

ফোঁপনিৰ মাত্ৰা

উশাহ-নিশাহ/মিনিট

ফোঁপনি নাই- স্বাভাৱিক; বুকুৰ উঠা-নমা দেখা পোৱাত অসুবিধা

<৪০

সামান্য ফোঁপনি, মুখ বন্ধ, লালটি বা ফেন নাই। বুকুৰ উঠা-নমা সহজে দেখা পোৱা যায়।

৪০-৭০

ক্ষীপ্ৰ ফোঁপনি, মুখ বন্ধ, লালটি বা ফেন আছে। মুখ খুলি ফোঁপোৱা নাই।

৭০-১২০

২-ৰ দৰে কিন্তু মাজে-মাজে মুখ খুলি ফোঁপায়, জিভা মেলি নিদিয়ে

২.৫

৭০-১২০

মুখ খোলা+কিছু লালটি। ডিঙি মেলা আৰু মূৰটো সাধাৰণতে ওপৰলৈ কৰা

১২০-১৬০

৩-ৰ দৰে কিন্তু জিভাখন সামান্য মেলা, কেতিয়াবা কিছু সময়ৰ বাবে পূৰাকৈ মেলি দিয়ে+অত্যধিক লালটি ওলায়।

৩.৫

>১৬০

মুখ খোলা আৰু দীঘলীয়া সময় ধৰি জিভাখন পূৰাকৈ মেলা+ অত্যধিক লালটি। ডিঙি মেলা আৰু মূৰটো ওপৰলৈ কৰা।

>১৬০

৪-ৰ দৰে কিন্তু মূৰটো তললৈ। পেটত হেঁচা পৰা কষ্টকৰ উশাহ, লালটি বন্ধ হ’ব পাৰে।

৪.৫

কমিব পাৰে

উৎপাদন হ্ৰাস হোৱাটো ৰোধ কৰিবলৈ তাপৰ কু-প্ৰভাৱ সোনকালে চিনাক্ত কৰক

ঘ)সূচকৰ দ্বাৰা তাপৰ কু-প্ৰভাৱ নিৰ্ণয়

  • সূচকৰ দ্বাৰা তাপৰ কু-প্ৰভাৱৰ মাত্ৰা নিৰ্ণয় কৰি পশুৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে এক সম্যক ধাৰণা কৰিব পাৰি যাতে সময়মতে প্ৰতিৰোধী ব্যৱস্থা হাতত ল’ব পৰা যায়।
  • ইয়াৰ বাবে তাপজনিত আৰ্দ্ৰতা সূচক(THI) ব্যৱহাৰ কৰা হয়।
  • THI-ৰ মূল তত্ত্বটো হ’ল এই যে এক নিৰ্দ্দিষ্ট উষ্ণতাত আপেক্ষিক আৰ্দ্ৰতা বাঢ়িলে পশুৰ আৰাম কমে।
  • THI ৭৮-ৰ বেছি হ’লে গাখীৰৰ উৎপাদনৰ ওপৰত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে, যিটো ২৭°C উষ্ণতা আৰু ৮০% আৰ্দ্ৰতা অথবা ৩১°C আৰু ৪০% আপেক্ষিক আৰ্দ্ৰতাত হয়। THI ৮৯ হ’লে, পশুটোৱে তাপৰ প্ৰভাৱত অতিশয় কষ্ট অনুভৱ কৰে।
  • তলৰ তালিকাখনে THI সূচক আৰু তাপৰ কু-প্ৰভাৱৰ মাত্ৰা সম্পৰ্কে সূচাইছে।

আপেক্ষিক আৰ্দ্ৰতা কেনেকৈ পোৱা যায়?

১)এটা শুল্ক আৰু আৰ্দ্ৰ বালব থাৰ্ম’মিটাৰৰ আৱশ্যক।

২)ইয়াক গোহালিত ৰাখক।

৩)শুল্ক বালবটোত উষ্ণতা পৰীক্ষা কৰক।

৪)আৰ্দ্ৰ বালবটোত উষ্ণতা পাৰীক্ষা কৰক।

৪)দুয়োটা উষ্ণতাৰ পাৰ্থক্য নিৰূপন কৰক।

৬)উল্লেখিত প্ৰক্ৰিয়া অনুসৰি তালিকাৰ পৰা আপেক্ষিক আৰ্দ্ৰতা নিৰূপন কৰক(পৰৱৰ্ত্তী পৃষ্ঠাত দিয়া আপেক্ষিক আৰ্দ্ৰতা তালিকাখন চাওক)।

৭)তাপজনিত চাপ নিৰ্ণয় কৰিবলৈ আপেক্ষিক আৰ্দ্ৰতা আৰু শুল্ক বালবৰ উষ্ণতা ব্যৱহাৰ কৰক।

তাপজনিত চাপৰ সূচকসমূহৰ বিষয়ে জানিলে শীঘ্ৰে ইয়াক চিনাক্ত কৰিব পাৰি

)তাপৰ পৰা হোৱা কষ্টৰ প্ৰশমন

  • পশুক উপযুক্ত পৰিমাণৰ পানী যোগান ধৰক। তাপৰ পৰা ৰক্ষা পাবলৈ এজনী সুস্থ গাইক দৈনিক প্ৰায় ১০০ লিটাৰ পানীৰ আৱশ্যক।
  • বাষ্পীভৱনৰ দ্বাৰা শীতল হোৱাটো নিশ্চিত কৰিবলৈ গৰুবোৰক ছাঁতহে পানী খুওৱা উচিত।
  • পশুক ছাঁত পৰা ঠাইত ৰাখক। যদিহে গছ-গছনি নাই, তেন্তে কমপক্ষেও ৯ ফুট উচ্চতাৰ খেৰৰ চালি নিৰ্মাণ কৰা উচিত। ২০ শতাংশ ফুটা থকা কৃষি-কাৰ্য্যত ব্যৱহৃত জালিকাও ব্যৱহাৰ কৰিব পাৰি। মৰুভূমি সদৃশ অৱস্থাত, ৰাজহুৱা চালিৰ ব্যৱস্থা কৰিব পাৰি।
  • প্ৰতি ঘন্টাত অন্ততঃ তিনিবাৰকৈ পানী ছটিয়ালেও সুফল পোৱা যায়। সৰু পাম্পৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে পানী ছটিওৱাৰ ব্যৱস্থা কৰিব পাৰিলে ৱেছি ভাল।
  • চালিৰ তলত বেছিকৈ বায়ু চলাচল কৰিব পৰা ব্যৱস্থা কৰা উচিত। প্ৰতিজনী গাইৰ বাবে ৩x১ ফুট জোখৰ ভেন্টিলেচনৰ ব্যৱস্থা কৰা উচিত। বিজুলী শক্তি যোগানৰ ব্যৱস্থা থাকিলে চিলিং ফেন অথবা ব্ল’ৱাৰ ব্যৱহাৰ কৰিব পাৰি।
  • গৰম বতাহ সোমাব নোৱৰাকৈ বেৰ দিয়ক। খেৰী বেৰ বেছি উপযোগী। ভিজা বস্তা কাপোৰ আঁৰি দিও এই ব্যৱস্থা কৰিব পাৰি।
  • পুৱা, সন্ধিয়া আৰু ৰাতি পশুবোৰক নিয়মীয়াকৈ খুৱাওক।
  • কাহিলী পুৱা আৰু সন্ধিয়া সময়ত ঘাঁহনিত চৰিবলৈ দিয়া ভাল।
  • ছালৰ নোম খুৰাই দিয়ক।
  • কম দানা খুৱাই একে পৰিপুষ্টি প্ৰদান কৰিবলৈ দানা সলনি কৰক।
  • অধিক পটাছিয়াম যুক্ত মিশ্ৰিত লৱণ খুওৱাটোত অগ্ৰাধিকাৰ দিয়ক।

জহকালি তাপৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ উপযুক্ত ব্যৱস্থা লওক আৰু আপোনাৰ গাইকেইজনীক বচাওক

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate