মূল পৃষ্ঠা / কৃষি / পশু পালন / উত্তম গো-পালনৰ হাতপুথি / ৪. টিকাৰ দ্বাৰা প্ৰতিষেধন কৰিব পৰা ৰোগসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

৪. টিকাৰ দ্বাৰা প্ৰতিষেধন কৰিব পৰা ৰোগসমূহ

সঘনাই হৈ থাকে ৰোগ আৰু গৰু-ম’হক টিকা দিয়াৰ সময় তালিকা

আমাৰ দেশত এনে বহুতো ৰোগ সঘনাই হৈ থাকে যাৰ প্ৰভাৱত গৰু-ম’হৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱাৰ ফলত ভীষণ অৰ্থনৈতিক ক্ষতি হয়। ইয়াৰে কিছুমান ৰোগ অতিশয় মাৰাত্মক। সৌভাগ্যক্ৰমে, এনে প্ৰায়বিলাক ৰোগৰ প্ৰতিষেধক টিকা আমাৰ দেশত উপলব্ধ আৰু সঠিক সময়ত অন্তত: ৮০ শতাংশ পশুক সামৰি বিস্তৃত পৰিসৰ টিকা প্ৰদান কৰি এনেবোৰ ৰোগ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। এই অধ্যায়ত সময়মতে আৰু নিয়মীয়াকৈ টিকা প্ৰয়োগ কৰি প্ৰতিষেধন কৰিব পৰা নিম্নোক্ত ৰোগসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে:

১)চবকা (FMD) ২)গল ফুলা (HS) ৩)জহৰ-বাত বা ব্লেক কোৱাৰ্টাৰ (BQ) ৪)ব্ৰুচেল’চিচ ৫)গৰুৰ নাক আৰু শ্বাসনলীত হোৱা ভাইৰাছজনিত ৰোগ (IBR) ৬)জলাতংক বা ৰেবিছ ৭)টেঁটুৱা ৮)ৰ্থে’ইলেৰিঅ’চিচ ৯)গৰু-ম’হক টিকা দিয়াৰ সময় তালিকা ১০)টিকা দিয়াৰ সময়ত মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়সমূহ ১১)টিকাকৰণ বিফল হোৱাৰ মূল কাৰণসমূহ

ক) চবকা (FMD)

  • এক অতি সোঁচৰা ভাইৰাচজনিত ৰোগ।
  • সংস্পৰ্শ, দূষিত পানী, খাদ্য আৰু বায়ুৰ দ্বাৰা বিয়পে।
  • পূৰ্ণবয়স্ক পশু কাচিৎহে মৃত্যু মুখত পৰে, কিন্তু ৰোগ নিৰাময় হোৱাৰ পাছত দুগ্ধ উৎপাদন, মাইকী জন্তুৰ প্ৰজনন ক্ষমতা আৰু মতাৰ কৰ্মশক্তি সমগ্ৰ জীৱনৰ বাবে বেয়াকৈ প্ৰভাৱিত হয়।
  • আক্ৰান্ত পোৱালিবোৰ সাধাৰণতে মৃত্যু মুখত পৰে।
  • ভেৰা, ছাগলী (সাধাৰণতে লক্ষণ নেদেখুৱাকৈ) আৰু গাহৰিও আক্ৰান্ত হয় আৰু ইহঁতৰ শৰীৰত ভাইৰাছটোৰ ৩০০০ গুণ পৰ্য্যন্ত বংশ বৃদ্ধি হয়।
  • গাখীৰৰ পৰিমাণ আৰু কৰ্মশক্তি (কৰ্মত নিয়োজিত পশুৰ ক্ষেত্ৰত) বহুলাংশ কমি যায়।
  • জ্বৰ হয়, আৰু নাকৰ পানী আৰু অত্যধিক লালটি ওলায়।
  • জিভা, দাঁতৰ গুৰি আৰু আলু, ওঁঠ আদিত জোলা বান্ধে।
  • খুৰাৰ মাজৰ অংশত হোৱা ঘাৰ বাবে খোজ কাঢ়োঁতে খোৰায়।
  • ওহাৰত হোৱা ঘাৰ বাবে ওহাৰ ফুলা ৰোগ হ’ব পাৰে।
  • ৰোগ নিৰাময় হোৱাৰ পাছত পশুটো বহু দিনলৈ দুৰ্বল হৈ থাকিব পাৰে।

প্ৰতিষেধন

  • প্ৰতি ছমাহৰ অন্তৰে অন্তৰে ৪ মাহ বা ততোধিক বয়সৰ পশুবোৰক চবকা ৰোগৰ প্ৰতিষেধক টিকা দিয়াৰ ব্যৱস্থা কৰক।
  • ৰোগাক্ৰান্ত পশুবোৰক জাকৰ পৰা আঁতৰাই ৰাখক, কিয়নো সিহঁতৰ শৌচ-প্ৰসাব আৰু আন বৰ্জিত বস্তুৰ জৰিয়তে আন জন্তুলৈ ভাইৰাছ বিয়পিব পাৰে।
  • ৰোগাক্ৰান্ত পশুৰ সংস্পৰ্শলৈ অহা খাদ্য, ঘাঁহ আদি সম্পূৰ্ণৰুপে নষ্ট কৰি পেলোৱা উচিত।
  • ব্যৱহাৰ কৰা সকলো আচবাব, বাচন-বৰ্তন আদি ভালদৰে পৰিষ্কাৰ কৰি ৪% ছডিয়াম কাৰ্বনেট মিহলি পানীৰে বীজাণুমুক্ত কৰি পেলোৱা উচিত অথবা পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱস্থা লোৱা উচিত।
  • ৰোগাক্ৰান্ত পশুৰ সংস্পৰ্শলৈ অহা লোকে স্বাস্থ্যবান পশুৰ পৰিচৰ্য্যা কৰা অনুচিত।
  • আক্ৰান্ত গোহালি ঘৰটো ৪% ছডিয়াম কাৰ্বনেট মিহলি পানী অথবা পশু চিকিৎসকে দিহা দিয়া আন দ্ৰৱেৰে বীজাণুমুক্ত কৰি পেলোৱা উচিত।
  • ভেড়া, ছাগলী আৰু গাহৰিক প্ৰতিষেধক টিকা প্ৰদান কৰি ৰোগটো অধিক সফলতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি।
  • সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে খবৰ দিলে তেওঁলোকৰ তৰফৰ পৰা অতি সোনকালে ৰোগ নিয়ন্ত্ৰণৰ বাবে যাৱতীয় কাৰ্য্য-ব্যৱস্থা হাতত লোৱাটো সম্ভৱ হয়, যাৰ দ্বাৰা ৰোগ বিয়পাত বাধা দিব পৰা যায়।

চবকা ৰোগৰ দ্বাৰা আক্ৰান্ত জন্তুৰ যতন

  • কেৱল লক্ষণ-ভিত্তিক চিকিৎসাহে সম্ভৱ, ৰোগটো নিৰ্দ্দিষ্ট সময়লৈকে বৰ্তি থাকিবই ।
  • উপযুক্ত মলম লগাই ঘাৰ পৰা হোৱা বিষ কম কৰিব পাৰি ।
  • সঠিক দিহা-পৰামৰ্শৰ বাবে পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।

আৰ্থিক লোকচানৰ পৰা হাত সাৰিবলৈ আপোনাৰ পশুবোৰক সময়মতে প্ৰতিষেধক টিকা দিয়াৰ ব্যৱস্থা কৰক|

খ) গল ফুলা ৰোগ (HS)

  • বিশেষকৈ বাৰিষাকালত হোৱা ই গৰু-ম’হৰ এক মাৰাত্মক বেক্টেৰিয়াজনিত ৰোগ ।
  • মৃত্যুৰ হাৰ ৮০% পৰ্য্যন্ত হ’ব পাৰে ।
  • আৰ্দ্ৰ আৰু পানী জমা হৈ থকা অঞ্চলত এই ৰোগৰ বীজাণু বহুদিনলৈ বাচি থাকিব পাৰে।

লক্ষণসমূহ:

  • উচ্চ উঞ্চতা আৰু হঠাতে গাখীৰ কমি যোৱা।
  • লালটি আৰু নাকৰ পানী ওলোৱা।
  • উশাহ-নিশাহত কষ্ট হোৱা, পশুটোৰ উশাহত ঘৰ-ঘৰনি শব্দ হয়।
  • লক্ষণ দেখা দিয়াৰ ১-২ দিনৰ ভিতৰতে সাধাৰণতে ৰোগাক্ৰান্ত পশুটোৰ মৃত্যু হয়।
  • সাধাৰণতে গৰুতকৈ ম’হ এই ৰোগৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়।
  • লক্ষণ দেখা দিয়াৰ পাছত কাচিৎহে ৰোগাক্ৰান্ত পশুৱে, বিশেষকৈ ম’হে ৰোগৰ পৰা পৰিত্ৰাণ পায়।
  • ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত, সৰহ সংখ্যক মৃত্যু ডাঙৰ পোৱালি আৰু নৱ-প্ৰাপ্তবয়স্ক পশুৰ ক্ষেত্ৰত দেখা যায়।

প্ৰতিষেধন

  • ৰুগীয়া পশুক স্বাস্থ্যবান পশুবিলাকৰ পৰা আঁতৰাই ৰাখক আৰু পশু খাদ্য, পানী আৰু ঘাঁহ আদি বীজাণুৰ দ্বাৰা দুষিত নোহোৱাকৈ ৰাখক।
  • বাৰিষা কালত পশুবোৰক কম ঠাইত ঠাহ খুৱাই নাৰাখিব।
  • ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বাৰিষাৰ আগে আগে ছমাহ বয়সৰ অধিক সকলো পশুকে প্ৰতিষেধক টিকা দিয়াৰ ব্যৱস্থা কৰক।

চিকিৎসা

  • প্ৰথম অৱস্থাতে, অৰ্থাৎ জ্বৰ আৰম্ভ হোৱাৰ সময়তে চিকিৎসা নকৰিলে সাধাৰণতে ভাল ফল পোৱা নাযায়।
  • ৰোগৰ লক্ষণ দেখা দিয়াৰ পাছত মাত্ৰ কিছু সংখ্যক পশুহে বাচি থাকে।
  • ৰোগৰ প্ৰথম অৱস্থাতে চিকিৎসা নকৰিলে মৃত্যুৰ হাৰ ১০০ শতাংশ পৰ্য্যন্ত হ’ব পাৰে।

গ) জহৰ-বাত-ৰোগ (BQ)

  • গধুৰ মাংসপেশীত গেছ জমা হৈ ফুলি উঠাৰ লক্ষণ দেখুওৱা গৰুৰ এক মাৰাত্মক ৰোগ। 
  • ম’হৰ ক্ষেত্ৰত লক্ষণসমূহ সাধাৰণতে কম প্ৰাবল্যৰ হয়।
  • বীজাণুৰ দ্বাৰা দূষিত ঘাঁহনিয়েই হ’ল এই ৰোগৰ প্ৰধান উৎস।
  • ছমাহৰ পৰা ২ বছৰ বয়সীয়া স্বাস্থ্যবান পশুৱেই সাধাৰণতে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়।

লক্ষণসমূহ

  • হঠাতে অতিপাত জ্বৰ (১০৭ ডিগ্ৰী-১০৮ ডিগ্ৰী) উঠে আৰু পশুটোৱে খোৱা আৰু পাগুলা বন্ধ কৰে ।
  • কঁকাল আৰু পাছঠেঙত বিষ হোৱাৰ বাবে খোৰাই খোজ কাঢ়ে । কেতিয়াবা কান্ধ, বুকু আৰু ডিঙি অংশও ফুলি উঠে । ফুলা ঠাইবোৰত টিপি দিলে কেৰকেৰীয়া শব্দ হয়, কাৰণ ভিতৰত গেছ জমা হৈ থাকে ।
  • লক্ষণ দেখা দিয়াৰ ২৪-২৮ ঘণ্টাৰ ভিতৰত আক্ৰান্ত পশুৰ মৃত্যু ঘটে । মৃত্যুৰ আগে-আগে ফুলা ঠাইবোৰ চেঁচা হৈ পৰে আৰু বিষ নোহোৱা হয় ।

প্ৰতিষেধন

  • ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত প্ৰতি বছৰে বাৰিষাৰ আগেয়ে ছমাহ বা ততোধিক বয়সীয়া সকলো পশুকে প্ৰতিষেধক টিকা দিয়ক।
  • মাটিৰ ওপৰৰ তৰপটো ধানখেৰ জ্বলাই দি পুৰি পেলালে বীজাণুৰ স্প’ৰ বা বীজবিলাক মৰি যায় ।
  • মাটিত পুতি সৎকাৰ কৰাৰ সময়ত মৰা-শৰ ওপৰত চূণ পানী চতিয়াই দিয়ক ।

চিকিৎসা

  • ৰোগৰ প্ৰথম পৰ্য্যায়ত চিকিৎসা কৰিলে সফল হোৱাৰ সম্ভাৱনা থাকে । কিন্তু বেছিভাগ সময়তে চিকিৎসাৰ পৰা সুফল পোৱা নাযায়।

ঘ)ব্ৰুচেল’চিচ (সোঁচৰা গৰ্ভপাত)

  • গৰু-ম’হৰ এক গুৰুত্বপূৰ্ণ বেক্টেৰিয়াজনিত ৰোগ।
  • ইয়াৰ ফলত গাখীৰ কমি যায়, পোৱালি মৃত্যু হয় অথবা দুৰ্বল নাইবা ৰুগীয়া পোৱালি জন্ম হয়, গাইজনী বাৰে-বাৰে গৰম হয় আৰু আনকি ওহাৰ ফুলা ৰোগো হ’ব পাৰে।
  • ৰুগীয়া গাইৰ গাখীৰ খোৱাৰ ফলত অথবা জৰায়ুৰ পৰা নি:সৰিত পূঁজ-পানীৰ সংস্পৰ্শলৈ অহাৰ ফলত মানুহৰো এই ৰোগ হ’ব পাৰে।
  • মানুহ আৰু পশু উভয়ৰে ক্ষেত্ৰত ভাৰতবৰ্ষত এই ৰোগৰ অতিমাত্ৰা প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হয়।
  • বিশেষভাৱে, গৰ্ভধাৰণৰ ৫ মাহৰ পাছত গৰ্ভপাত হয়।
  • এজনী আক্ৰান্ত গাইয়ে জন্ম দিয়া পোৱালিৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে গৰ্ভপাত হোৱাৰ সম্ভাৱনা কমি গৈ থাকে।
  • ৪ ৰ্থ বাৰ পোৱালি জন্ম হোৱাৰ পাছত গৰ্ভপাত নহ’ব পাৰে, কিন্তু মাক আৰু পোৱালি উভয়ে আক্ৰান্ত হৈয়ে থাকে।
  • সময়মতে জল নসৰাৰ ফলত গাইজনী ৰোগাক্ৰান্ত হৈ মৃত্যু মুখতো পৰিব পাৰে।

প্ৰতিষেধন

  • মাইকী পোৱালিবোৰক (মতা পোৱালিক নহয়) ৪-৮ মাহৰ ভিতৰত প্ৰতিষেধক টিকা দিয়ক।
  • ব্ৰুচেল’চিচৰ পৰা ৰক্ষা কৰিবলৈ পশুটিক জীৱনত কেৱল এবাৰ টিকা দিলেই যথেষ্ট।
  • গৰ্ভধাৰণৰ ৫ ম মাহৰ পাছত গৰ্ভপাত হ’লেই ব্ৰুচেল’চিচ হোৱাৰ সন্দেহ কৰা উচিত।
  • প্ৰকৃততে তেনে পশুক নিৰ্মূল কৰা বা জাকৰ পৰা স্থায়ীভাৱে আঁতৰাই পঠোৱাই উত্তম। কিন্তু সেইটো কৰা সম্ভৱ নহ’লে, পোৱালি প্ৰসৱ কৰা অথবা গৰ্ভপাত হোৱাৰ পাছত অন্তত: ২০ দিনলৈকে আক্ৰান্ত পশুক জাকৰ পৰা আঁতৰাই ৰখা উচিত।
  • গৰ্ভপাতিত পোৱালি, জল, পশুক শুবলৈ দিয়া দূষিত ধানখেৰ, খাদ্য আদি যথেষ্ট পৰিমাণে চূণ পানী চটিয়াই (অন্তত:৪ ফুট দকৈ) গাঁত খান্দি পুতি পেলোৱা উচিত। এইবোৰত বহুত বেছি সংখ্যক ৰোগৰ বীজাণু থাকে আৰু ভালদৰে ব্যৱস্থা নল’লে তাৰ পৰা খাদ্যবস্তু (ঘাঁহ, দানা আৰু পানী) লৈ বীজাণু বিয়পাৰ সম্ভাৱনা থাকে।
  • গৰ্ভপাত হোৱা পশুক আঁতৰ কৰাৰ পাছত বীজাণুনাশক দ্ৰব্য প্ৰয়োগ কৰি গোহালিটো ভালকৈ বীজাণুমুক্ত কৰা উচিত।
  • বেলেগাই ৰখা অৱস্থাত গাইজনীৰ জৰায়ুৰ পৰা নি:সৰিত পূঁজ-পানীবোৰ ১-২% ছদিয়াম হাইদ্ৰক্সাইদ বা ৫% ছদিয়াম হাইপ’ক্ল’ৰাইট মিহলি পানী প্ৰয়োগ কৰি বীজাণুমুক্ত কৰক, যেতিয়ালৈকে (সাধাৰণতে ১০-১৫ দিন পৰ্য্যন্ত) পূঁজ-পানী ওলাই থাকে।
  • খালী হাতেৰে বীজাণুযুক্ত বস্তুবোৰ নুচুব, কিয়নো এই ৰোগ জন্তুৰ পৰা মানুহলৈ সোঁচৰিব পাৰে।

চিকিৎসা

  • ৰোগাক্ৰান্ত পশুৰ চিকিৎসা সাধাৰণতে সফল নহয় কাৰণ চিকিৎসা কৰাৰ পাছতো ৰোগৰ বীজাণু আক্ৰান্ত পশুৰ শৰীৰত থাকি যায় । কোনো সন্দেহ হ’লেই পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।
  • মানুহৰ ক্ষেত্ৰত এই ৰোগ সফলতাৰে চিকিৎসা কৰিব পাৰি, যদিহে চিকিৎসকৰ পৰামৰ্শ ঠিকমতে মানি চলা হয়।

৪-৮ মহীয়া মাইকী পোৱালিবোৰক মাথোন এবাৰ টিকা দিয়ক আৰু গোটেই জীৱনৰ বাবে ৰোগমুক্ত কৰি ৰাখক।

ঙ)গৰুৰ নাক আৰু শ্বাসনলীত হোৱা ভাইৰাছজনিত ৰোগ (IBR)

  • ঘৰচীয়া আৰু বনৰীয়া গৰু-ম’হৰ এক গুৰুত্বপুৰ্ণ ভাইৰাছজনিত ৰোগ ।
  • বেমাৰটোৰ ৰুপ তিনিটা শ্বাসনলীত যৌনাংগত আৰু মস্তিষ্কত হোৱা ৰোগ, প্ৰথম দুই প্ৰকাৰ বেছিকৈ হয় । ভাৰতত এই ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি ।
  • এই ৰোগৰ ফলত গৰ্ভপাত, জল নসৰা, গাখীৰৰ উৎপাদন কমি যোৱা আৰু আনকি পোৱালিৰ মৃত্যুও হ’ব পাৰে । শুক্ৰৰ জৰিয়তে এই ৰোগ বিয়পিব পাৰে।

প্ৰতিষেধন আৰু নিয়ন্ত্ৰণ

  • নতুন পশু কিনাৰ আগতে ভালকৈ পৰীক্ষা কৰক ।
  • ৰোগমুক্ত পশুহে আপোনাৰ পামলৈ আনক ।
  • যদিও টিকাৰ দ্বাৰা এই ৰোগ প্ৰতিষেধন কৰা সম্ভৱ, ভাৰতত এতিয়ালৈকে এনে টিকা উপলব্ধ হোৱা নাই ।
  • ৰোগ বিয়পাত বাধা দিবলৈ, লক্ষণ দেখাৰ লগে লগে পশু চিকিৎসকৰ পৰামৰ্শ লওক ।

IBR আমাৰ দেশত নতুনকৈ হোৱা এবিধ ৰোগ যাক নিয়ন্ত্ৰণ কৰা আৱশ্যক ।

চ) জলাতংক

  • প্ৰধানকৈ বলিয়া কুকুৰে কামোৰাৰ ফলত হোৱা এবিধ অতি মাৰাত্মক ভাইৰাছজনিত ৰোগ। 
  • বলিয়া কুকুৰে কামোৰাৰ ফলত মানুহৰো এই ৰোগ হ’ব পাৰে।
  • বনৰীয়া মাংসাহাৰী জন্তু আৰু বাদুলিৰ পৰাও এই ৰোগ বিয়পিব পাৰে, বিশেষকৈ এই ৰোগৰ বেছিকৈ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ভাৰতত যথেষ্ট বেছি।

মূল লক্ষণসমূহ

  • অতিপাত উত্তেজনা
  • মুখৰ পৰা লালটি পৰি থকা
  • মুখেৰে অস্বাভাৱিক কঠুৱা শব্দ কৰা (গেৰোৱা)
  • আক্ৰমণ কৰা বা পক্ষাঘাতগ্ৰস্ত হোৱা
  • প্ৰথম লক্ষণ দেখুওৱাৰ ২৪-৪৮ ঘণ্টাৰ ভিতৰত পশুৰ মৃত্যু হ’ব পাৰে । সাধাৰণতে কুকুৰে কামোৰাৰ ৩ সপ্তাহৰ ভিতৰত নাইবা সৰ্বাধিক ৫-৬ মাহৰ ভিতৰত ৰোগাক্ৰান্ত পশুৰ মৃত্যু ঘটে । লক্ষণ দেখা দিয়াৰ পাছত মৃত্যু অনিবাৰ্য্য।

প্ৰতিষেধন

  • কুকুৰে কামুৰিলে শীঘ্ৰে ঘাডোখৰ ৫-১০ মিনিট ধৰি চাবোন পানীৰে ধোৱক ।
  • চাবোনেৰে ঠাইডোখৰ ভালকৈ ধুই চাফা কৰক ।
  • শীঘ্ৰে পশু চিকিৎসকৰ পৰামৰ্শ লওক ।
  • সন্দেহজনক অৱস্থাত কুকুৰে কামোৰাৰ পিছত ল’বলগীয়া টিকা দিয়াৰ ব্যৱস্থা কৰক (টিকা সংক্ৰান্তীয় অধ্যায় চাওক)
  • বছৰি টিকা দি আপোনাৰ পোহনীয়া কুকুৰ আৰু মেকুৰীক এই ৰোগৰ পৰা ৰক্ষা কৰক ।

ছ) টেঁটুৱা

  • সকলো পশুধনৰে শৰীৰত হোৱা এবিধ অতি মাৰাত্মক বেক্টেৰিয়াজনিত ৰোগ ।
  • এই ৰোগ হ’লে অতিপাত জ্বৰ হয়, শ্বাস-প্ৰশ্বাসত কষ্ট হয়, শৰীৰৰ বিভিন্ন ছিদ্ৰ, যেনে মুখ, নাক আদিৰ পৰা তেজ ওলায় আৰু মৃত্যু মুখত পৰে।
  • ৰোগৰ কাৰক বেক্টেৰিয়াবোৰৰ স্প’ৰ বা বীজ দূষিত খাদ্য বা দানাৰ জৰিয়তে খোৱাৰ ফলত এই ৰোগ হয়। এইবিধ বেক্টেৰিয়াৰ এনে বীজবিলাক মাটিত ৩০ বছৰলৈকে বাচি থাকিব পাৰে।
  • অতি প্ৰাথমিক পৰ্য্যায়তে চিকিৎসা নকৰিলে এই ৰোগ চিকিৎসাৰ দ্বাৰা নিৰাময় কৰাটো কঠিন।
  • বীজাণুযুক্ত মাংস খোৱাৰ ফলত, ৰোগাক্ৰান্ত জন্তুৰ সংস্পৰ্শলৈ অহাৰ ফলত অথবা বেক্টেৰিয়াবিধৰ বীজ উশাহৰ জৰিয়তে শ্বাসনলীত সোমোৱাৰ ফলত মানুহৰ এই ৰোগ হ’ব পাৰে।

জ) থে’ইলেৰিঅ’চিচ (এককোষী আদ্যপ্ৰাণীৰ পৰা হোৱা ৰোগ)

  • বিদেশী আৰু বৰ্ণসংকৰ জাতৰ গৰু বেছিকৈ আক্ৰান্ত হয়। ভাৰতীয় জাতৰ গৰুৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে।
  • ম’হও আক্ৰান্ত হয় যদিও লক্ষণৰ প্ৰৱলতা কম হয়।
  • জ্বৰ, দেহৰ উপৰিপৃষ্ঠত থকা লিম্ফ গ্ৰন্থিসমূহ ফুলি উঠা, অংগ প্ৰত্যংগৰ পাতল আৱৰণসমূহৰ তেজস্বতা কম হোৱা, এনিমিয়া বা ৰক্তহীনতা, নাকৰ পানী ওলোৱা, পাণ্ডুৰোগ, লালটি ওলোৱা, ক্ষীপ্ৰে আৰু চুটি উশাহ-নিশাহ, চকুৰ পানী আদিয়েই হ’ল্ প্ৰধান লক্ষণ।
  • অতি সোনকালে পশুটি বৰ নিশকতীয়া হৈ পৰে।
  • কিছুমান পশুৱে থৰক-বৰক খোজ, বেৰত মূৰ হেঁচা মাৰি থোৱা, মাটিত লেটি লৈ থকা, অচেতন হোৱা আদি স্নায়বিক লক্ষণ দেখুৱায় আৰু শেষত মৃত্যু মুখত পৰে।

প্ৰতিষেধন আৰু চিকিৎসা

  • এই ৰোগ নিয়ন্ত্ৰণৰ উত্তম উপায় হ’ল চিকৰাৰ নিয়ন্ত্ৰণ
  • ওপৰত উল্লেখিত লক্ষণসমূহ দেখা পালে শীঘ্ৰে পশু চিকিৎসকৰ পৰামৰ্শ লওক, কিয়নো প্ৰাথমিক অৱস্থাতে চিকিৎসা কৰিলে অধিক সুফল পোৱা যায় । পলম কৰিলে পশুৰ মৃত্যূও হ’ব পাৰে ।
  • এই ৰোগ নিয়ন্ত্ৰণৰ বাবে সকলো বিদেশী আৰু বৰ্ণসংকৰ জাতৰ পশুক ৩ মাহ বা ততোধিক বয়সত জীৱনকালত মাথোন এবাৰ টিকাকৰণ কৰক ।

গৰু-ম’হৰ টিকাকৰণ সময়-সূচী

ক্ৰ::

ৰোগৰ নাম

১ ম পালি দিয়াৰ বয়স

পুনৰাবৃত্তি

পৰৱৰ্তী পালিসমূহ

1

চবকা (FMD)

৪ মাহ বা ততোধিক

১ ম পালিৰ ১ মাহ পাছত

প্ৰতি ছয় মাহে

2

গল ফুলা(HS)

৬ মাহ বা ততোধিক

-

ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি

3

জহৰ-বাত (BQ)

৬ মাহ বা ততোধিক

-

ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি

4

ব্ৰুচেল’চিচ

৪-৮ মাহ বয়স (কেৱল মাইকী পোৱালি)

-

জীৱনকালত মাত্ৰ এবাৰ

5

থেইলে’ৰিঅ’চিচ ই

৩ মাহ বা ততোধিক

-

জীৱনকালত মাত্ৰ এবাৰ । কেৱল বিদেশী আৰু বৰ্ণসংকৰ জাতৰ গৰুৰ ক্ষেত্ৰতহে ।

6

টেঁটুৱা

৪ মাহ বা ততোধিক

-

ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি

7

গৰুৰ নাক আৰু শ্বাসনলীত হোৱা ৰোগ (IBR)

৩ মাহ বা ততোধিক

১ ম পালিৰ ১ মাহ পাছত

প্ৰতি ছয় মাহে

8

জলাতংক (কুকুৰে কামোৰাৰ পাছত)

কামোৰাৰ পাছত শীঘ্ৰে

৪ ৰ্থ দিনা

১ ম পালিৰ পাছত ৭,১৪,২৮ আৰু ৯০ (ঐছিক) দিনৰ দিনা

ঝ) টিকাকৰণৰ সময়ত মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা

  • টিকাকৰণৰ সময়ত পশুবোৰ স্বাস্থ্যবান হৈ থকা প্ৰয়োজন।
  • পশুক টিকা প্ৰদান নকৰালৈকে প্ৰতিষেধক টিকাবোৰ প্ৰয়োজন অনুসৰি শীতলীকৃত কৰি ৰখা উচিত।
  • টিকা উৎপাদনকাৰীৰ নিৰ্দ্দেশনা অনুসৰি টিকা দিয়াৰ নিয়মসমূহ যথাযথভাৱে পালন কৰা উচিত।
  • যিকোনো ৰোগ সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ হ’লে নূন্যতম ৮০ শতাংশ পশুক টিকাকৰণ কৰা প্ৰয়োজন।
  • উপযুক্তভাৱে ৰোগ প্ৰতিৰোধী ক্ষমতা আহৰণ কৰাটো সুনিশ্চিত কৰাৰ বাবে টিকা দিয়াৰ ২-৩ সপ্তাহ আগেয়ে পশুবোৰক পেলুৰ ঔষধ খুওৱাটো ভাল।
  • প্ৰতি বছৰে বেমাৰ হোৱাৰ সম্ভাৱনা থকা সময়ৰ অন্তত: এমাহ আগেয়ে টিকাকৰণ কৰা উচিত।
  • যদিও সাধাৰণতে কোনো অঘটন ঘটাৰ সম্ভাৱনা নাথাকে, তথাপি অগ্ৰিম গৰ্ভৱতী অৱস্থাত থকা পশুক টিকা প্ৰদান নকৰাই শ্ৰেয়।

ঞ) টিকাকৰণ বিফল হোৱাৰ ঘাই কাৰণসমূহ

  • উৎপাদন কৰাৰ পৰা ব্যৱহাৰ কৰালৈকে টিকাবোৰ শীতলীকৃত কৰি নৰখাৰ কাৰণে ।
  • দুৰ্বল আৰু পৰিপুষ্টিৰ অভাৱত ভোগা পশুৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম হোৱাৰ কাৰণে ।
  • কেৱল কিছু সংখ্যক পশুক টিকা দিয়াৰ ফলত জাকটোৰ সামূহিকভাৱে ৰোগ প্ৰতিৰোধী ক্ষমতা কম হোৱাৰ কাৰণে ।
  • প্ৰতিষেধক টিকাৰ গুণাগুণ নষ্ট হোৱাৰ কাৰণে- বাৰে-বাৰে গৰম আৰু শীতলীকৰণ কৰি থাকিলে গুণাগুণ নষ্ট হ’ব পাৰে ।
  • প্ৰতিষেধক টিকা সঠিক প্ৰতিৰোধী গুণসম্পন্ন নোহোৱাৰ কাৰণে- সংশ্লিষ্ট বীজাণুৰ গুণাগুণ সলনি হোৱাৰ বাবেও এনে  হ’ব পাৰ্তে, যেনে- চবকা ৰোগৰ ভাইৰাছৰ ক্ষেত্ৰত।

পশুবোৰক ৰোগমুক্ত কৰি ৰাখিবলৈ আটাইতকৈ সহজ আৰু সস্তীয়া উপায় হ’ল টিকাকৰণ

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top