অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত প্ৰথাৰে পশু-পক্ষী পালনৰ আগ কথা

উন্নত প্ৰথাৰে পশু-পক্ষী পালনৰ আগ কথা

কৃষি প্ৰধান দেশ ভাৰতৰ গাবৰ প্ৰায় ৭০ শতাংশ লোক কৃষিৰ লগত ওত:প্ৰোত ভাৱে জড়িত।আনহাতে কৃষক সকলৰ ৬০-৬৫ শতাংশই ক্ষুদ্ৰ আৰু উপান্ত কৃষক যিবিলাকৰ কৃষি ভূমি ২ হেক্তৰ বা তাতোকৈ কম।তাৰোপৰি এই শ্ৰেনীৰ কৃষকৰ মাজতেই সম্পদ ৰঞ্জিত সীমিত।নিবনুৱা সমস্যা অধিক।গতিকে বৰ্তমানে ক্ষুদ্ৰ উপান্ত কৃষক বা ভূমীহীন লোক বহুতো সমস্যাৰে জৰ্জৰীত।তথাপিও কৃষি বিজ্ঞানী সকলে এনেকুৱা সিমিত সম্পদৰ কৃষকৰ বাবেই বিজ্ঞান সন্মত ভাৱে অধিক শস্য উৎপাদনৰ পদ্ধতি উদ্ভাৱন কৰি বহুতৰপীয়া কৃষি পদ্ধতি আদি অৱলম্বন কৰি কৃষকৰ হাতৰ মাটি ডৰা অধিক উৎপাদনমুখী কৰাৰ কথা দোহাৰিছে।

কৃষক পৰিয়ালত অধিক কৃষি উৎপাদনৰ কথা বিবেচনা কৰিলে আমি আন কেতবোৰ উৎপাদনৰ উৎপাদন কাৰ্যৰ কথাও বিবেচনা কৰিব ;লাগিব।সেয়েহে বহল ভিত্তিত কৃষি উৎপাদনৰ কথা ভাবিলে আমি আজি উন্নত পাম পৰিচালনা আৰু মিশ্ৰিত বা সমন্বিত পাম পৰিচালনাৰ কথাও ভাবিব লাগিব।এনে পাম পদ্ধতিৰে কৃষি কাৰ্য্যৰ দ্বাৰা অধিক শস্য উৎপাদনৰ লগত উন্নত প্ৰ্থাৰে হাঁহ-কুকুৰা পালন,গৰু-ছাগলী পালন,মৌ পালন,মীন-পালন বা ৰেচম পালন আদি অধিক উৎপাদনমুখী আচঁনি গ্ৰহন কৰিলেহে কৃষকৰ কৃষি ভূমিডৰা অধিক উৎপাদনমুখী হব।অৱশ্যে এনে পাম পদ্ধতি আমৰ গাৱঁৰ কৃষক সমাজৰ মাজত অতিজেৰে পৰা প্ৰ্চাৰিত হৈ আহিছে।কিন্ত ই বিজ্ঞান সন্মত ভাৱে পৰিচালিত হোৱা নাই।সেয়েহে অতীজৰে পৰা পালন কৰি অহা এনে কৃষি পদ্ধতি বা পশু-পক্ষী পালন ব্যৱস্থাৰ দ্বাৰা কৃষক সমাজ বিশেষ ভাৱে লাভৱান হৈছে বুলি কব নোৱাৰী।উদাহৰন স্বৰুপে গাবৰঁ কৃষকৰ গোহালীত থকা গাইজনীৰ গাখীৰ উৎপাদন বা হাঁহ কুকুৰা কেইজনীৰ কণী উৎপাদনৰ কথাকে কব পাৰি।থলুৱা জাতৰ খীৰতি গাইৰ পৰা এপিয়নত বৰ বেছি ২০০-৩০০ লিটাৰ হৈ গাখীৰ উৎপাদন কৰিব পৰা যায়।কিন্ত ইয়াৰ বিপৰীতে উন্নত প্ৰথাৰে প্ৰজনন ঘটাই থলুৱা গাইৰ পৰা উৎপন্ন কৰা একোজনী খীৰতী গাইৰ গাখীৰ উৎপাদনৰ ক্ষমতা ১৫০০-২৫০০ লিটাৰ।গটিকে বৰ্তমান কৃষক সমাজ উন্নত কৃষি পদ্ধতিৰ উপৰিও উন্নত প্ৰথাৰে পশু-পক্ষী পালনৰ বিভিন্ন দিশৰ প্ৰ্তি সজাগ হবৰ হল।

লিখক: ড:দীপক কুমাৰ বৰা, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate