অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃত্ৰিম গো-প্ৰজনন আৰু ইয়াৰ প্ৰয়োজনীয়তা

কৃত্ৰিম গো-প্ৰজনন আৰু ইয়াৰ প্ৰয়োজনীয়তা

প্ৰবজনেই উৎপাদনৰ আধাৰ।এজনী গৰুৱে গাভিনী হৈ পোৱালী দিয়াৰ ওপৰতে উৎপাদন বৃদ্ধি অৰু গো পালনক অৰ্থনৈতিক উন্নতি নিৰ্ভৰ কৰে।সেয়েহে কৃত্ৰিম প্ৰ্জনন জড়িয়তে সময়মতে গৰুজনী গৰ্ভধাৰন কৰোৱাতো গো-পালনক সকলৰ প্ৰ্ধান কৰ্ত্তব্য।

Help


কৃত্ৰিম গো-প্ৰজননৰ তথ্যচিত্ৰ

পালক সকলে থোৰতে তলত উল্লেখিত কথাখিনি মনত কৃত্ৰিম গো-প্ৰজননত আশানুৰুপ ফল পাব পাৰে।

১)পামত থকা গাইকেইজনী পূৱা-গধুলী হৈছে নে নাই ভালদৰে লক্ষ্য কৰিব পাৰে।

২)পোৱালী জন্ম হোৱাৰ পাছত জলখন নসৰিলে অভিজ্ঞ লোকৰ দ্বাৰাহে সৰোৱাব পাৰে।

৩)গাই বা চেউৰীজনী গৰম হলে ততালিকে চিকিৎসক বা বিভাগীয় অভিজ্ঞ কৰ্মীক অৱগত কৰাই সঠিক সময়ত প্ৰজননৰ ৱ্যবস্থা কৰাব লাগে।

৪)গাইজনী পোৱালী জন্ম হোৱাৰ ৬০-৯০ দিনৰ ভিতৰত পুনৰ প্ৰ্জননৰ ফউপযোগী হয় তাক লক্ষ্য কৰা উচিত।অন্যাথা চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

৫)ঘনাই ঘনাই গৰম হোৱা গাইক প্ৰ্জনন নকৰা চিকিৎসাৰহে ৱ্যবস্থা কৰিব লাগে।

৬)উপযুক্ত বয়সত গৰম নোহোৱা গাই বা চেউৰীক বিলম্ব নকৰি পশুচিকিৎসাৰ ৱ্যবস্থা কৰা উচিত।

৭)খাদ্যত আৱশ্যকীয় পৰিমানৰ খাদ্যপ্ৰান, প্ৰ্টিন, মিনাৰেল মিক্সাৰ আদি ব্যৱহাৰ কৰিব লাগে।

৮)চেউৰী গৰু প্ৰ্থম গৰমত প্ৰ্জননৰ ব্যৱস্থা নকৰি দ্বিতীয় বাৰ হোৱা গৰমত প্ৰ্জননৰ ব্যৱস্থা কৰাব লাগে।

৯)প্ৰ্জনন কৰোৱাৰ ২০ বা ২১ দিনৰ পাচত পুনৰ গৰম নহলে গৰ্ভধাৰন হোৱা বুলি ধাৰন কৰিব পাৰি।কিন্ত বহূতো কাৰনত গাইজনী গৰ্ভধাৰন নহলেও পুনৰ গৰম নহব পাৰে।সেয়েহে ৬০ দিন মানৰ পাছত গৰ্ভধাৰন নহলেও সময়ত চিকিৎসা কৰিব পৰা যায়।

১০)যি বোৰ গাইগৰু কেবাদিনলৈ গৰম হৈ থাকে তেনে গৰুক দেৰিকৈ প্ৰ্জনন কৰাব লাগে।

১১)কিছুমান গো-পালকে গৰুজনী গৰম হলে পুৱা ভাগত চৰিবলৈ মেলি দিহে পশুচিকিৎসকক খবৰ দিয়ে আৰু গৰ্ভধাৰনৰ বেজী দিয়ে।এনে কৰিব নালগে।গৰম হলে গৰুজনী বাৰীতে এৰাল দি থব লাগে যাতে দমৰা গৰুৱে দিগদাৰ কৰিব নোৱাৰে।

১২)গৰম হোবা গৰুজনীক ১২ ঘন্টাৰ মূৰত গৰ্ভধাৰন বেজী দিব লাগে।

বহতো গো-পালকৰ ধাৰনা যে কৃত্ৰিম প্ৰ্জননৰ বেজী দিলে গৰুজনীৰ বাবে বেয়া। ই কিন্ত তেনে নহয়।কৃত্ৰিম কৰিলে গৰুজনীয়ে গাখীৰ বেছি নিদিয়ে।পিছলৈ জন্ম দিয়া সুন্দৰ পোৱালীটোৱেহে গাখীৰ বেছিকৈ দিব।গতিকে সকলো গো-পালকেই কৃত্ৰিম প্ৰ্জননৰ দ্বাৰা নিজৰ গৰু কেইজনীক প্ৰজনন কৰাব লাগে।

লিখক: ড:এচ নাথ, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate