অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খীৰতী গাইৰ বাসস্থান গোহালী ঘৰ

গাখীৰ উৎপাদনৰ বাবে আমাৰ দেশৰ বহুতো উৎপাদনমুখী আচঁনি গ্ৰহন কৰিছে যদিও চাহিদা অনুসৰি দেশৰ লাগতিয়াল পৰিমানৰ গাখীৰ উৎপাদিত হোবা নাই।থলুৱা গাইগৰু আৰ্থিক আৰু মিতব্যয়িত দিশৰ পৰা বোজা স্বৰুপ কিয়নো এই বিলাকৰ গাখীৰ উৎপাদনৰ ক্ষমতা তেনেই কম।আনহাতে দেশৰ উচ্ছহাৰত গাখীৰ উৎপাদন কৰা খীৰতি গাই কিনি আমি প্ৰ্তি পালনৰ ব্যৱস্থা কৰাত সম্ভৱ নহয়। সেয়েহে থলুৱা গাইৰ পৰাই অধিক গাখীৰ উৎপাদন কৰা বৰ্ণসংকৰ খীৰিতি গাই উদ্ভাৱন কৰাৰ আচঁনি গ্ৰহন কৰি সমগ্ৰ দেশৰ উন্নত জাতৰ ষাড় গৰুৰ দ্বাৰা কৃত্ৰিম প্ৰজনন ব্যৱস্থা কৰা হৈছে।এনে ৱ্যৱস্থাৰে গো-পালন কৰিবলৈ আমাৰ কৃষক সমাজৰ উন্নত প্ৰজনন ঘটোবা।উপযুক্ত দানা পানী যোগান ধৰা আৰু সময়তে বিভিন্ন ৰোগৰ প্ৰ্তিৰোধ আৰু প্ৰতিকাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজনীয় কথা।গো-পালনৰ বিভিন্ন দিশৰ কথা আলোচনা কৰিবলৈ হলে গোহালী ঘৰৰ স্থান নিৰ্নয় অৰু গোহালী ঘৰ নিৰ্মানৰ কথাও আমি গুৰত্ব সহকাৰে লব লাগিব।

একোজনী খীৰতি গাই গাখীৰ উৎপাদন কৰা যন্ত্ৰৰ লগত তুলনা কৰিব পাৰি।উপযুক্ত পৰিমানৰ ঘাঁহ-দানা-পানীৰ লগত দৈনন্দিন কৰা প্ৰ্তিপালন ব্যৱস্থাই আৰু সময়মতে গ্ৰহন কৰা ৰোগ প্ৰ্তিৰোধ আৰু প্ৰ্তিকাৰ ব্যৱস্থাই গাই জনীৰ গাখীৰ উৎপাদন নিয়মীয়াকৈ চলোবাত সহায় কৰে।

গোহালী ঘৰ

গোহালী ঘৰ সদায় ওখ,ৰদঘাই,পানী জমা নোহোৱা ঠাইত স্থাপন কৰিব লাগে।পাম হিচাপে লবলৈ হলে উপযুক্ত ঘাঁহ খেতিৰ বাবে ওখ সাৰুৱা ঠাই,বজাৰ,যাতায়াত সুবিধা,পানী আৰু কাম কৰা লোকৰ সুবিধা আৰু বিজুলী আদিৰ যোগান হলে ভাল হয়।আজিকালি উন্নত প্ৰ্থাৰে গো-পালন কৰিবলৈ হলে গাই-গৰুবোৰ অনবৰতে গোহালী ঘৰতে আৱদ্ধ ৰাখি ভালদৰে তদাৰক কৰা হয়।এই ব্যৱস্থাৰ দ্বাৰা গোহালী দ্বাৰা গোহালী ঘৰ এটাৰ তিনিটা বিশেষ কথালৈ লক্ষ্য কৰা হয়।

১)গৰু-গাইবোৰ সকলো সময়তে সকলো বতৰতে গোহালী ঘৰতে আৰেমৰে থাকে।

২)গোহালী ঘৰৰ ভিতৰত কাম কৰা বনুবা সকলৰ বিভিন্ন কামকাজ নিয়াৰিকৈ কৰিব পৰা সুবিধা থকা আৰু

৩)উন্নত মানদণ্ডৰ গাখীৰ উৎপাদন কৰা।সেয়েহে অজিকালি উন্নত প্ৰ্থাৰে সজা গোহালী ঘৰ সাজোতে উপযুক্ত স্থান,,দানা-পানী,ঘাঁহ দিয়াৰ বতাহ চলাচল ভাল ব্যৱস্থা থকা,ভিতৰৰ গোৱৰ-জাবৰ আদি উলিয়াই ধুইমেলি পৰিস্কাৰ পৰিচন্নকৈ ৰখাৰ বিশেষ ব্যৱস্থা কৰা হয়।উন্নত প্ৰ্থাৰে সজা গোহালীৰ ঘৰ দুই ধৰনেৰে সজা হয়।

১)আৱদ্ধ প্ৰ্থা

২)মুকলি-আবদ্ধ প্ৰ্থা

আৱদ্ধ প্ৰথাৰে গোহালী ঘৰ নিৰ্মান

আবদ্ধ প্ৰথাৰে সজা গোহালী ঘৰত গাইবোৰ এশাৰী বা দুশাৰীত নিদিষ্ট ৰখা হয়।এশাৰীকৈ ৰাখিলে বৰ বেছি ২০ জনী খীৰতি গাই অৰু দুশাৰীকৈ সজা ঘৰত বৰ বেছি ৬০ জনী খীৰতি গাই ৰখাৰ নিৰ্দেশনা আছে।গোহালী ঘৰৰ বিভিন্ন কাম-কাজ চাফ-চিকুন কৰা দানা পানী দিয়া,গাখীৰ খীৰোৱা অদি কাম সুচাৰুৰুপে কৰালৈ চাই আৰু গোহালীৰ প্ৰ্তিজনী গৰুৱে যাতে উপযুক্ত তদাৰক পাই তালৈ চকু ৰাখি ঘৰত গাইবোৰ এটা মাজ বাটৰ দুয়োকাষে মুখা মুখী বা বিপৰীত ফালে মুখ কৰি ৰখাৰ ব্যৱস্থা কৰা হয়।অৱশ্যে দুয়োটা ব্যৱস্থাৰে সুবিধা-অসুবিধালৈ চাই মাজবাটৰ দুয়ো কাষে বিপৰীত মুখীকৈ ৰখা ব্যৱস্থা অধিক উপযোগী বুলি গন্য কৰা হয়।আনহাতে মুকলিকৈ ৰখা ব্যৱস্থাত গৰুগাইবোৰ লাগতিয়াল পৰিমানৰ ঠাইত আৱদ্ধ কৰি মুকলিকৈ ৰখাৰ ব্যৱস্থা কৰা হয়।অৱশ্যে এই ব্যৱস্থাতো গাইবোৰ আৰামেৰে থাকি ঘাঁহ-দানা,পানী বা চলাফুৰা কৰি থাকিবলৈ সুবিধা কৰা হয়।

অৱদ্ধ প্ৰথাৰ জোখ-মাখ

আৱদ্ধ প্ৰথাত একোজনী গাইৰ নিদিষ্ট থকা ঠাই ঘাঁহ-দানা-পানীৰ যোগান ব্যৱস্থা আৰু মজিয়াৰ মল-মূত্ৰ ধোৱা মোলা কৰা পানী আদি উলিয়াই নিয়াৰ বিশেষ ব্যৱস্থা কৰা হয়।সাধাৰনতে থকা ঠাইৰ দীঘ-প্ৰ্স্থ প্ৰায় ১৫০ মি:-১০০ মি: বা ১,৩০ মিটাৰ।সন্মুখত ৬০-৭০ ছে:মি বহল আৰু ২-৪ ছে:মি এটা গভীৰ নল গোহালীৰ ঘৰৰ দীঘে দীঘে কৰা হয়।গাইজনী থকা ঠাই কিছু হেলনীয়া আৰু খহতাকৈ সজা হয়।নলাটোৰ মজিয়া ধোৱা মেলা বা গৰু গাই ধোৱা মেলা কৰা পানীভাগ যাতে বাহিৰলৈ ওলায় যায় তাৰ বাবে নলাটোৰ এটা মূৰলৈ ঢ়াল দিয়াৰ ব্যৱস্থা কৰা হয়।

মুকলি প্ৰথা

এই প্ৰথাত একে বয়সৰ বা এক শ্ৰেনীৰ গৰু গাইবোৰ মুকলি ভাৱে কিছু নিদিষ্ট এক ঠাইত আৱদ্ধ কৰি ৰখা হয়।ইয়াত গৰু গাইবোৰ ৰদ বতাহ বৰষুনৰ পৰা ৰক্ষা পোৱা আৰু দানা পানী খোৱাৰ ব্যৱস্থা আছে।এই আৰ্হিৰ ঘৰৰ দুটা অংশৰ আৱশ্যক,এটা অংশত এক চালৰ ব্যৱস্থা আৰু আন অংশ মুকলিকৈ ৰখা হয়।এই প্ৰ্থাত গৰু গাইবোৰ গাই গুটীয়া,তদাৰকৰ পৰা বঞ্চিত হয়।অৱশ্যে এই প্ৰথাত গৰু গাইবোৰ থকি আৰাম পায়।এটা বিশেষ সাৱধনতা যে গৰু গাইবোৰ সৰুতে শিংবোৰ নাইকীয়া কৰা হয়।এনে কৰিলে এই প্ৰথাত যুঁজ-বগাৰ কৰিলেও কোনো গৰুবে অনিষ্ট কৰিব নোবাৰে।আৱদ্ধ প্ৰথা বা মুকলি প্ৰথাৰ গোহালীবোৰৰ মজিয়াখন ইটা-বালি চিমেন্টেৰে বেছি মজবুতলৈ আৰু মজিয়াখন খহাটাকৈ সজা হয়।গৰম দিনত গৰু গাইবোৰ আৰামত থাকিব পৰাকৈ এই প্ৰথাৰ মিশ্ৰনতে গৰু গাইৰ গোহালীৰ ঘৰ সজাৰ নিৰ্দেশনা আছে।তাৰোপৰি এই আৰ্হিৰ গোহালী ঘৰত বিজ্ঞান সন্মত ভাবে দানা পানী যোগান ধৰাৰ ব্যৱস্থা আছে।ভিতৰৰ গোবৰ-জাবৰবোৰ সময়মতে উলিয়াই নিতৌ ওলোবা সোমোবা বাট-পথৰো ব্যৱস্থা আছে।এই প্ৰথাত একোজনী গাইৰ বাবে নিদিষ্ট জোখত ভিতৰ আৰু বাহিৰৰ মুকলি অংশৰ মজিয়া জোখ,দানা পাত্ৰৰ দৈৰ্ঘ্য আদি হিচাবেহে নিৰ্নয় কৰা হয়। উদাহৰন স্বৰুপে ভিতৰৰ অংশ মজিয়া আৰু মুকলি অংশৰ মজিয়াৰ জোখ যথাক্ৰমে ৩০-৩৫ ব:ফু আৰু ৮০-১০০ ব:ফু।দানা পাত্ৰৰ জোখ প্ৰায় ২-২৫ ফু:দৈৰ্ঘ্যৰ হয়।অৱশ্যে বেলেগ বেলেগ শ্ৰেনীৰ গৰু গাইৰ খোজ মাখও বেলেগ নিৰ্দ্ধাৰন কৰা আছে।এই বিলাকৰ কথা চিন্তা কৰিয়ে পশু বিজ্ঞানীৰ ওচৰ চাপিলে ভাল হয়।

গোহালী তদাৰক

গোহালী ঘৰৰ গৰু গাইয়ে যাতে সকলো সময়তে আৰামতে থাকিবলৈ পায় তাৰ প্ৰতিদিনে পুৱাতেই গোহালীঘৰৰ গোৱৰ-জাবৰ গোটেই,পাচন সাৰৰ গাতলৈ দিয়া দৰকাৰ।মজিয়াখন ভালদৰে পানীৰে ধুই মেলি পৰিস্কাৰ কৰিব লাগে।ইতিমধ্যে গৰু গাই কেইজনীও বতৰ চাই প্ৰ্তিদিনে বা ঠাণ্ডা দিনত ১ সপ্তাহত ২ বাৰ মান গা-ধুৱাব পাৰিব।গোহালী ঘৰলৈ যাতে যথেষ্ঠ পৰিমানৰ বতাহ চলাচল হয় তালৈ লক্ষ্য কৰিব লাগে।ঠাণ্ডা দিনত গৰু-গাইৰ আৰামৰ বাবে শুকন ধান খেৰ/পেলেনীয়ে শুকান ঘাঁহ/ফলীয়া তুহঁ আদি মজিয়াত চতিয়াই দিব পাৰিলে ভাল হয়।

পাম একন গোহালীঘৰৰ উপৰিও বিভিন্ন কাৰনত অন্যান্য ঘৰৰ ব্যৱস্থা কৰা হয়।কাৰ্য্যলয় দানা খোবা ঘৰ,ৰুগীয়া গৰুৰ বাবে আছুতীয়া ঘৰ,পোবালীৰ বাবে বেলেগ বেলেগ ঘৰ ইত্যাদি কাৰনত ঘৰ-দুৱাৰ ব্যবস্থা কৰা হয়। মুঠতে মাপ এখন গৰু গাই সংখ্যা আৰু বিভিন্ন কাৰনত গো-পামৰ সকলো ব্যৱস্থা কৰা হয়।

লিখক: ড: টি, চি ব্ৰহ্ম, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate