অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰ দিয়া গাইৰ নিৰ্বাচন

গাখীৰ দিয়া গাইৰ নিৰ্বাচন

গাই পালন যে এটা লাভজনক ব্যৱসায় তাক দোহাৰিবৰ প্ৰয়োজন।বেংকৰ ঋন আদিলৈ বহতো লোকে আজি কালি গাই পুহিবলৈ লৈছে।পানী থাকিলেই যেনেকৈ মাছ থাকিবও পাৰে ঠিক তেনেকৈ গাই হলেও তাই পৰা আমি অধিক গাখীৰ নেপাব পাৰো।ফলত এনে গাই পুহি আশানুৰুপ লাভৱান হোৱাৰ আশা কম।গতিকে কিনাৰ আগতে গাই সম্পৰ্কে কিছু কথা জনাৰ দৰকাৰ।

১)সৰহ গাখীৰ পাবলৈ স্বাভাৱিকতে ওহাৰখন ডাঙৰ আৰু পিছ ভৰি দুটাৰ মাজেৰে কিছু ওপৰলৈকে থকা হব লাগে।মঙহাল আৰু মত্ৰাধিক ডাঙৰ হব নালাগে।গাখীৰ খীৰবোৰ পিছত ওহাৰখন টোটোৰা পৰি কোমল কোমল লগা হব লাগে।ওহাৰৰ অসমান আগলৈ বা পিছলৈ যোৱা আৰু গাখীৰ নোহোৱা হব নালাগে।

২)পেটৰ তলফালে দুয়োকাষে শৰীৰৰ মাজ ভাগৰ পৰা ওহাৰলৈকে থকা শিৰা দুডাল ডাঙৰ আৰু বেকাবেকি হৈ ওহাৰখনত সৰু-সৰু শিৰা-উপশিৰা বিভক্ত হবগৈ লাগে।কাৰন ওহাৰ তথা শিৰা দুডালৰ মাজেৰে সৰহকৈ তেজ চলাচল কৰিলেহে তেনে ওহাৰৰ পৰআ অধিক গাখীৰ আশা কৰিব পাৰি।এক লিটাৰ গাখীৰ পাবলৈ প্ৰায় ৫০০ লিটাৰ তেজ ওহাৰৰ মাজেৰে চলাচল কৰিব লাগিব।

৩)পিছ্ভাৰী গৰুৱে সৰহ গাখীৰ দিয়ে।পিছৰ পৰা ওপৰৰ পৰা আৰু কাষৰ পৰা চালে আৰু সেই অনুক্ৰমে কাল্পনিক ৰেখা টানিলে গৰুজনীৰ আকাৰ তিনিকোনীয়া ত্ৰিভূজ এটাৰ দৰে হব লাগে।

৪)গাইৰ বয়স আৰু পিয়নৰ স্ংখ্যা জানি লৈহে গৰু কিনা উচিত।দুদাঁত বা চাৰিদাতঁ হোবা আৰু কিনাৰ সময়ত লগত এজনী মাইকী পোবালীৰ সৈতে দ্বিতীয় পিয়নৰ গাই কিনিলে পিছলৈন প্ৰ্সৱ আৰু প্ৰজননৰ লেথাত পৰাৰ ভয় নাথাকে।

৫)গাইজনী বৰ্নসংকৰ অৰ্থাৎ দোভচীয়া হলে ভাল।চেউঁৰী কিনিব খুজিলে চেফৰীজনীৰ মাকে দিয়া গাখীৰৰ পৰিমান আৰু বাপেকটো জাৰ্চি বা অন্য উন্নত জাতৰ ষাড় হব লাগে।

৬)গৰুজনী স্বাস্থ্যৱতী দেখাত মাইকীমুবা আৰু নিৰ্জু প্ৰ্কৃতিৰ হব লাগে।আনক খেদি যোৱা যুজাৰুঁ প্ৰকৃতিৰ আৰু পোৱালীয়ে পিওনে বা গাখীৰ খীৰাওতে আমনি কৰা হব নালাগে।

৭)চকু দুটা উজ্জল আৰু শিং দুটা সৰু সৰু আৰু কিছু ঘোৰ খোৱা গৰুৱে সাধাৰনতে সৰহ গাখীৰ দিয়ে।

৮)ৰাজহাড় অৰ্থাৎ গাইজনীৰ গাৰ ওপৰভাগ পোন আৰু নেজডালত মূৰত একোচা চুলি থাকিব লাগে।নেজৰ গুৰিৰ পৰা তললৈ লনি আৰু নিয়মীয়া জোখৰ হব লাগে।

৯)মুখখন বহল,তলৰ দাতঁ ওপৰৰ টান আলুৰ লগত মিলি যোৱা কিন্ত ভাটৌৰ ঠোটৰ দৰে হব লাগে।

১০)ঠেং কেইটা পোন আৰু মজবুত হব লাগে।পিছ ভৰিৰ উৰিৰ জোৰাৰ পৰা বেঙেটিলৈকে লম্বভাবে পোন আৰু ঠেং দুটাৰ মাজৰ ব্যৱধান বেছি হব লাগে।পিছ ঠেঙৰ উৰুৰ জোৰ ভিতৰলৈ সোমওৱা বা বাহিৰলৈ ওলোবাই গাই গৰু নিৰ্বাচন নকৰাই ভাল।

১১)গাই গৰু বেছি শকত আবত হোৱাতকৈ কিছু খীন হলেহে ভাল।গাৰ চালখন মিহি আৰু পাতল হব লাগে।

১২)পোবালী দিয়াৰ সময়ত একো অসুবিধা নোহোবা আৰু পোবালী দিয়াৰ দুমাহৰ ভিতৰত পাল খাবলৈ সাজু হোবা হব লাগে।ইয়াৰ বাবে গাইজনী স্বস্থ্যৱতী হোৱা বাঞ্চনীয়।

১৩)গাইজনীয়ে পালখোৱা বা প্ৰয়োজন কৰাৰ তাৰিখ পোবালী দিয়াৰ তাৰিখ আৰু বেমাৰ প্ৰ্তিৰোধক বাবে চিটা বা ঔষধ খুৱাব তাৰিখ নিৰ্বাচন কৰোতে জনা আতি আৱশ্যক।

লিখক: ড: শ্ৰীলেখা নাথ, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate