পামখন সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে।এনে কৰিলে বহতো বেমাৰ-আজাৰৰ পৰা হাত সাৰিব পৰা যায়।গৰু-ছাগলীৰ স্বাস্থ্য ভালে থাকে। সেইবাবে পামখনৰ পৰা অধিক উৰ্পাজন আশা কৰিব পৰা যায়।
অপৰিস্কাৰ পৰিবেশে পামত নানা ধৰনৰ বীজানু বিয়পায়।গৰু পামত গাখীৰৰ গুনাগুন কমি যায়। এখন পামৰ পৰা লাভ আশা কৰিবলৈ হলে পাম চোৱা-চিতা কৰা জনে পামত লব-লগীয়া স্বাস্থ্য প্ৰ্নালীৰ বিষয়ে যঠেষ্ট চকু দিব লাগিব। তলত দিয়া কথা কেইটা ইয়াৰ লগত জড়িত হৈ আছে।
ক) পামৰ অৱস্থান ওখ আৰু ৰদ পোবা ঠাইত হোৱা আৱশ্যক।
খ) পামঘৰ এই বিলাক বনোবা সামগ্ৰী সমূহৰ ওপৰত বহুকথাই নিৰ্ভৰ কৰে।
গ) বিজুলীবাতি, পানী যোগান,বায়ু ওলোবা সোমোবা ৱ্যবস্থা এই বিলাক সুবিধা থকা দৰকাৰ।
ঘ) পামৰ আৱৰ্জ্জনা নিতৌ পামত গোট খোবা আৱৰ্জ্জনা যেনে-গোবৰ,ঘাঁহৰ পেলেনীয়া অংশ,প্ৰ্স্ৰাৱ আদি সুকীয়াকৈ এঠাইত গোটাব লাগে।গা-ধুওবা পানীৰ লগত গোৱৰ মিহলি প্ৰ্স্ৰাৱখিনি পোনে পোনে ঘাঁহনি বা শাকনিলৈ পঠাই দিব লাগে।গোৱৰখিনি পামৰ পৰা অলপ আতঁৰত দমাই থব লাগে।ঘাঁহৰ পেলনীয়া অংশ পচন কৰিলে অধিক লাভৱান হব পাৰি।
ঙ) জীৱ-জন্ত ও পামত থকা মানুহৰ স্বাস্থ্য পামত কোনো বেমাৰ দেখা দিলে ততালিকে সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন।বেমাৰী জীৱ-জন্তক পৰা আতঁৰাই ৰাখিব লাগে।সময়ে সময়ে পামত থকা জীৱ-জন্তাৰো হোৱাৰ আশ্ংকা থাকে।কাৰন পেলুৰ কনীবোৰ গোৱৰত ওলাই আৰু এই গোৱৰ ঘাঁহৰ লগত মিহলী হৈ আন গৰু-ছাগলীলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰে।
পামত নিতৌ কৰিব লগা কাম-সমূহ
১) ওপৰৰ উল্লেখ কৰাৰ দৰে গোৱৰ বা আৱৰ্জ্জনা সমূহ ৰাখিব লাগে।
২) জীৱ-জন্তবোৰ পূৱা নিতৌ ধুই পৰিস্কাৰ কৰিব লাগে।
৩) পামঘৰৰ মজিয়াখন পৰিস্কাৰ কৰি ধুৱ লাগে।বীজানুবোৰক যেনে:পটাছ,ব্লিচিং পাউদাৰ আদিৰে মাজে মাজে ধুব লাগে।
৪) পানী দিয়া বা দানা দিয়া পাত্ৰবোৰ পৰিস্কাৰ কৈ ধুব লাগে।২/৩ দিনৰ মূৰে মূৰে চূন পানী দি ধূৱ লাগে।
ওপৰৰ উল্লেখ কৰা ল’ব সাৱধনতা সমূহ আখৰে অখৰে মানি চলিলে পামখনৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
গৰুৰ বাবে প্ৰয়োজনীয় আহাৰ যোগান
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন
গৰুৰ পামত কথা লিপিবদ্ধ কৰাৰ বাবে কিছু কথা