কুকুৰাৰ মলত যথেষ্ট পৰিমাণে নাইট্ৰ’জেন, ফছফৰাছ আৰু অন্যান্য জৈৱিক উপাদান থাকে । সেইকাৰণে কৃষিকাৰ্যৰ বাবে ইয়াক এবিধ উত্তম সাৰ হিচাপে বিবেচনা কৰা হয় । কেৱল সেয়ে নহয় এই মলসমূহক শেহতীয়াভাৱে গৰুৰ দৰে চৰ্তুজঠৰীয়া প্ৰাণীৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পৰা হৈছে । পুখুৰীত মাছ পুহিলে কুকুৰাৰ মলে মাছৰ প্ৰয়োজনীয় খাদ্যৰ অধিকাংশ যোগান ধৰে । ফলত কুকুৰাৰ দানাক দুবাৰ ব্যৱহাৰ কৰিব পাৰি- এবাৰ কুকুৰাৰ খাদ্য দিচাপে আৰু দ্বিতীয়বাৰ মাছৰ খাদ্য আৰু গোখাদ্য হিচাপে । সেই দিশৰ পৰা কুকুৰাই খোৱা খাস্যসমূহৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ হয় । আনহাতে জৈৱিক গেছ উৎপাদনৰ বাবেও কুকুৰাৰ মল ব্যৱহাৰ কৰিব পাৰি ।
উৎস :- অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/13/2020