প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনবোৰত দৰ্ং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত মোৰ শৈশৱৰ মৰমৰ গাওঁ কটৰা(কটাহি)ত ব’হাগ বিহুৰ আৰম্ভণী পৰ্ব ‘গৰু বিহু’ৰ দিনা দোকমোকালিতে উঠি ককাইদেউহঁতৰ লগত আমাৰ এগোহালি গৰুৰ আটাইবোৰকে দগা দি (এপাব বিজুলী বাহৰ একোটা চুঙা সাজি তাৰ দুয়োমূৰে বিশেষধৰণে প্ৰস্তুত কৰা ক’লা বৰণৰ মিশ্ৰণ বা লেপন এটা লগাই গৰুবোৰৰ সৰ্বাংগত মৰা ঘূৰণীয়া ছাপ বা মোহৰ), মোনাভৰ্তি লাউ-বেঙেনাৰ টুকুৰাবোৰ লগত লৈ দীঘলতি, মাখিলতি গছৰ ডাল-পাতেৰে কোবাই মেলি গাঁৱৰ আটাইবোৰ গৰুক একগোট কৰি সকলোৰে লগত ‘মাহাৰা’ নামৰ সেই বৃহত দেওলগা পুখুৰীলৈ গৰুবোৰক খুৱাই নাইবা সিহতৰ গালৈ দলিয়াই ‘লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা; মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু ‘ আদি মন্ত্ৰগীত গাই কৰা সেই নিৰ্ভেজাল স্ফুৰ্তি আৰু আনন্দৰ সোঁৱৰণীয়ে আজিও মনত দোলা দি থাকে।
গাঁও এৰি চহৰবাসী হোৱাৰ পিছত আৰু মা-দেউতাৰ দেহাৱসান হোৱাৰেপৰা বিহুৰ নামত সাধাৰণতে মাঘ বিহুতহে আমাৰ সেই গাঁওখনলৈ যোৱাৰ অভ্যাসটো ৰৈ গ’ল, ব’হাগ বিহুত তালৈ প্ৰায় যোৱাই নহয়। তথাপি কেইবছৰমান আগতে আমাৰ ল’ৰাক আমাৰ শৈশৱৰ গৰু বিহুৰ পুৱাৰ সেই মিঠা উন্মাদনাৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে গৰুবিহুৰ আগদিনা গধুলি গাঁৱৰ ঘৰ ওলালোগৈ। অধীৰ আগ্ৰহ আৰু প্ৰৱল হেঁপাহেৰে পাছদিনা ধলপুৱাতে শোৱাপাটী এৰিলোঁ-কিন্তু এয়া কি? গৰু-গাই ধুওৱাৰ দেখোন কোনো ধৰণৰ প্ৰস্তুতিয়েই নাই। আক-তাক সুধি জানিব পাৰিলোঁ যে কিছু বছৰ আগৰেপৰা হেনো গাঁৱত গৰু প্ৰায় পাবলৈকে নোহোৱা হৈছে, কোনোবা দুই এঘৰতহে এজনী বা দুজনী বৰ্ণস্ংকৰ গাই গৰু আছে তাকো ‘কাৰাৰুদ্ধ’ অৱস্থাত। মনটো জয় পৰি গ’ল, ল’ৰাৰ আগত লজ্জিত হ’লো যদিও তাক অন্যধৰণে বুজনি দি নিজেও সেয়া যুগৰ পৰিৱৰ্তন বুলি মানি লৈ মনক সান্তনা দিলোঁ। কিন্তু দিনৰ ভাগত গাঁৱৰ ইঘৰ-সিঘৰলৈ মাত দিবলৈ যাওঁতে, মানুহবোৰে গাঁৱত গৰু নাইকীয়া হোৱাৰ প্ৰধান কাৰণ হিচাপে মোক যেতিয়া ‘ডেকা চামৰ গাঁও ত্যাগ’ বুলি ক’লে, তেতিয়া মনটো মোৰ সেমেকি গ’ল-এক অনামী বিষাদে যেন মোক আৱৰি ধৰিলে। ডেকাবোৰ হেনো আজিকালি আন ৰাজ্যৰ সৰু-বৰ চহৰলৈ প্ৰব্ৰজিত হৈছে- য’ত তেওঁলোকে শ্ৰমিকৰ কামকে ধৰি দক্ষতাহীন(unskilled) কামবোৰহে কৰে। ইতিমধ্যে এই আত্মঘাতী সমস্যাটোৱে আমাৰ ৰাজ্যৰ অন্যান্য ঠাইবোৰতো গা কৰি উঠা বুলি শুনিবলৈ পাইছিলোঁৱেই। সেই তেতিয়াৰে পৰা মোৰ অশান্ত মনটিক প্ৰবোধ দিব পৰা নাই। কেৱল ভাৱিছোঁ-সেই ডেকাচামক ওভতাই অনাৰ বাবে কিবা আকৰ্ষণীয় নিশ্চিতিৰ পথ আছে নেকি, তেওঁলোকৰ অবিহনে হেৰাই যোৱা গাঁৱৰ সেই উদুলি-মুদুলি পৰিৱেশ আংশিকভাৱে হ’লেও ঘুৰাই আনিব পৰাৰ কোনো উপাই নাইনে? এনেবোৰ কথা ভাবি থাকোতেই মোৰ পশুপালন খণ্ডটিৰ কথা মনলৈ আহিল।
আমাৰ ৰাজ্যখনত পশুপালন খণ্ডৰ অধীনত সন্মানজনক আত্নস্ংস্থাপনৰ বাট কাটি লোৱাৰ বহুতো সম্ভাৱনা এতিয়াও উন্মুক্ত হৈ আছে। এই সম্ভাৱনাৰ সাধাৰণতে চকুত পৰা ক্ষেত্ৰবোৰ হ’ল- গো-পালনৰ দ্বাৰা দুগ্ধ উৎপাদন, ছাগলী পালন, হাঁহ পালন, কুকুৰা পালন, দুগ্ধজাত সামগ্ৰী প্ৰস্তুতকৰণ ইত্যাদি। এই ক্ষেত্ৰসমূহৰ যিকোনো এটাকে(বা অধিক) পেছা হিচাপে গ্ৰহণ কৰি স্বচ্ছন্দে জীৱিকা নিৰ্বাহৰ বাট মোকোলাব পৰা যায়। এই দিশত একোখন সৰু-সুৰা বাণিজ্যিক পাম গঢ়ি তুলিবলৈ আমাৰ গাঁওবোৰত প্ৰায় প্ৰতিঘৰ মানুহৰেই সামান্য পৰিমাণে হ’লেও নিজাকৈ মাটি এটুকুৰা আছে।
এইধৰণৰ একোখন ঔদ্যোগিক পাম গঢ়ি তুলিবলৈ আমাৰ উদ্যোগী ডেকাচামৰ প্ৰথম প্ৰয়োজনটোৱেই হ’ল পাম গঢ়া প্ৰক্ৰিয়াৰ প্ৰতিটো দিশত সম্যক জ্ঞান আহৰণ কৰি লোৱা। সেই কাৰণে এই কামত আগবঢ়াৰ আগতে প্ৰত্যেকে নিজ পছন্দৰ ক্ষেত্ৰখন সন্দৰ্ভত এটা আনুষ্ঠানিক বা ব্যৱহাৰিক প্ৰশিক্ষণ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰি লোৱা উচিত। প্ৰণিধানযোগ্য যে তাহানি বিদেশী বিতাৰণৰ বাবে হোৱা দীঘলীয়া আন্দোলনৰ শেহৰ পিনে অসমীয়া ডেকাবোৰৰ মাজত স্বাৱলম্বী হোৱাৰ এক ইতিবাচক মানসিকতা গা কৰি উঠিছিল। তেতিয়া তেওঁলোকৰ কিছু অংশই স্বালম্বিতাৰ অৱলম্বনৰুপে পশুপালন ক্ষেত্ৰখনকে আকোঁৱালি লৈ সৰু সৰু পশুধন উদ্যোগ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। কিন্তু আৱেগ আৰু উচ্ছাসক বেছি প্ৰাধান্য দি গঢ়ি তোলা সেই সৰু সৰু প্ৰচেষ্টাবোৰ কাৰ্যত: প্ৰয়োজনীয় প্ৰশিক্ষণৰ অভাৱৰ বাবেই সফলকাম নহ’ল।
সাধাৰণতে আনুষ্ঠানিক প্ৰশিক্ষণবোৰত তলত দিয়া দিশবোৰ সম্পৰ্কত আলোকপাত কৰা হয়:
এনেধৰণৰ প্ৰশিক্ষণে লাগতীয়াল জ্ঞান যোগোৱাৰ উপৰি প্ৰশিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস আৰু মনোবল সাংঘাটিকধৰণে বৃদ্ধি কৰে।
আমাৰ ৰাজ্যখনৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে সময়ে সময়ে এইধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যদিও সেয়া এপাচি শাকত এটা জালুকৰ দৰেহে হয়। অৱশ্যে বিভাগে সদ্যহতে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগী যুৱক-যুৱতীসকলক লক্ষ্য কৰিয়েই গুৱাহাটীৰ উপকন্ঠ অঞ্চল ৰাণীত RILEM (Regional Institute of Livestock Entrepreneurship and Management) আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিস্থান শীৰ্ষক এটি অতি অভিলাসী প্ৰতিষ্ঠান গঢ়ি তুলিছে। পশুপালনৰ বিভিন্ন ক্ষেত্ৰত বছৰজোৰা কাৰ্যসূচীৰে চলিবলগীয়া উদ্যোগমুখী প্ৰশিক্ষণ ব্যৱস্থাৰ এই প্ৰতিষ্ঠানটোৰ শুভাৰম্ভ হ’লেই এটি ডাঙৰ অভাৱ পূৰণ হ’ব বুলি আশা কৰিব পাৰি।
এইখিনিতেই এটা কথা ক’ব খুজিছো যে সামপ্ৰতিক সময়ত গাঁৱে গাঁৱে যিখিনি কৰ্মস্ংস্থানহীন যুৱশক্তি এতিয়াও নিজৰ মাতৃৰাজ্য এৰি যোৱা নাই, কিন্তু উগুল-থুগুল অৱস্থাত আছে আৰু তাৰে কিছু অংশই হয়তো পশুপালন ক্ষেত্ৰখনতে আত্মনিয়োগ কৰিব বুলি মনে মনে ভাবিও আছে, তেওঁলোকে আৰু দূৰৈৰ পাহাৰ কিম্বা মৰীচিকাৰ পিছত নদৌৰি নাইবা ওপৰত উল্লেখ কৰা RILEM নামৰ প্ৰতিষ্ঠানটি কৰ্যক্ষম হোৱালৈ অপেক্ষা নকৰি নিজৰ ফালৰ পৰাই উদ্যোগ লৈ তলত দিয়া প্ৰতিষ্ঠান বা অঞ্চলবোৰলৈ গৈ নিজা নিজা পছন্দৰ ক্ষেত্ৰখনৰ বিষয়ে প্ৰত্যক্ষভাৱে আৰু পুংখানুপুংখভাৱে অধ্যয়ণ বা নিৰীক্ষণ কৰি প্ৰয়োজনীয় ব্যৱহাৰিক জ্ঞানখিনি আহৰণ কৰি নিজৰ ঈস্পিত পথত আগবাঢ়িব পাৰে-
গো-পালনৰ দ্বাৰা দুগ্ধ উৎপাদনৰ বাবে-
(ক) পাঠশালা, বৰপেটা,
(খ) স্ংমিশ্ৰিত গো-ধন কেন্দ্ৰ,নলবাৰী,
(গ) সুন্দৰপুখুৰী, নাজিৰা, শিৱসাগৰ।
গাহৰি পালনৰ বাবে-
(ক) পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী-২২,
(খ) ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰ, ৰাণী, কামৰুপ;
ছাগলী পালনৰ বাবে-
(ক) কমলপুৰ ব্লক, কামৰুপ,
(খ) চিলনীজান, কাৰ্বিআংলং; হাঁহ পালনৰ বাবে -
(ক) হাজো, কামৰুপ,
(খ) কলীয়াবৰ, নগাঁও;
দুগ্ধজাত সামগ্ৰী প্ৰস্তুতৰ বাবে-
(ক) পূৰৱী ডেইৰী, ছয়মাইল, গুৱাহাটী-২২;
(খ) পাঠশালা, বৰপেটা।
পশুপালন খণ্ডৰ অধীনত থকা যিকোনো ক্ষেত্ৰতে বিজ্ঞানসন্মতভাৱে স্ংগঠিত ৰুপত মনোনিৱেশ কৰি স্বাধীনভাৱে আত্মস্ংস্থাপন গঢ়াৰ লক্ষ্য সফল নোহোৱাৰ কোনো কাৰণেই নাই। লাগে মাথোন সফল হোৱাৰ মানসিক পণ, এটি সৰ্বদিশেৰে সুন্দৰ বাণিজ্যিক মন আৰু অৱশ্যেই ব্যৱহাৰিক প্ৰশিক্ষণ।
লিখক: ডা0 দিলীপ কুমাৰ বৰুৱা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/6/2020
অ-সম অসম
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসম নামৰ ব্যুৎপত্তি
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ