অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গো-পালন কিছু গুৰুত্বপূৰ্ণ কথা

গো-পালন কিছু গুৰুত্বপূৰ্ণ কথা

গো-পালকসকলৰ জ্ঞাতার্থে আৰু কিছু গুৰুত্বপূর্ণ কথা এই লেখনিটোত আগবঢ়োৱা হ'ল।

  • এজনী গাই জগিবলৈ ২৮০ দিনৰ আৱশ্যক হয়, অৱশ্যে কিছু ক্ষেত্ৰত গৰ্ভধাৰণ কাল ২৭০-২৯০ দিন পর্যন্ত হ'ব পাৰে। গতিকে পালকসকলে গাইৰ প্রজনন চৰাৰ তাৰিখ এখন টোকা বহীত লিপিবদ্ধ কৰি ৰাখিব লাগে।
  • গৰ্ভধাৰণৰ ৬ মাহৰ পাছৰ পৰাই অতিৰিক্ত আৰু ২ কিল’গ্রাম সংমিশ্রিত দানা আৰু প্ৰচুৰ পৰিমাণে কেঁচা ঘাঁহৰ যোগান ধৰিব লাগে।
  • গৰ্ভধাৰণৰ কালছোৱাত গাইজনী বিভিন্ন ধৰণৰ পেলুৰ দ্বাৰা আক্রান্ত হ'ব পাৰে। গৰ্ভস্থ পোৱালিটোলৈও মাকৰ পৰা কিছুমান পেলু সংক্রমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। গতিকে গাভিনী অৱস্থাত গাইজনীক চিকিৎসকৰ পৰামর্শ অনুযায়ী পেলুৰ ঔষধ প্রয়োগ কৰা অতি প্রয়োজন।
  • গাভিনী গাইজনীক সুষম দানা, ঘাঁহ আদি দিয়াৰ উপৰি চিকিৎসকৰ পৰামর্শ অনুযায়ী কেলচিয়াম, খনিজ লৱণ, ভিটামিন আদি দিয়া অতি প্রয়োজন।
  • গর্ভস্থ অৱস্থাত বা পোৱালি জন্ম হোৱাৰ পাছত অধিক উৎপাদনশীল গাই গৰুৰ তেজত খনিজ লৱণৰ মাত্রা কমি বিশেষকৈ কেলচিয়াম মাত্রা কমি মিল্ক ফিভাৰ নামৰ এবিধ ৰোগৰ সৃষ্টি হয়। এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰামর্শ অনুযায়ী গৰ্ভধাৰণৰ শেষ ৩ মাহ প্রতিমাহে ১ টাকৈ কেলচিয়ামৰ চেলাইন দিয়াৰ প্রয়োজন।
  • সাধাৰণতে ১-২ ঘণ্টাৰ পাছত পোৱালিটো ভূমিস্থ হ’ব লাগে। তাতোকৈ বিলম্ব হলে চিকিৎসকৰ কাষ চপা প্রয়োজন।
  • পোৱালি ভূমিস্থ হোৱাৰ পাছত গাইজনীৰ পিছ অংশ, তপিনা, ওহাৰ আদি কুহুমীয়া পানীয়ে পটাছ বা তেনে ধৰণৰ বীজাণু নাশক ঔষধ মিহলি কৰি ভালদৰে ধুই পেলাব লাগে।
  • ভূমিস্থ হোৱাৰ লগে লগে পোৱালিটোৱে উশাহ-নিশাহ লৈছেনে নাই লক্ষ্য কৰা উচিত। সুস্থভাৱে উশাহ নিশাহ ল'বলৈ পোৱালিটোৰ মুখ আৰু নাকৰ বিজলুৱা পদার্থখিনি এখনি পৰিষ্কাৰ কাপোৰেৰে বা কপাহেৰে পৰিষ্কাৰ কৰি দিব লাগে।
  • সদ্যোজাত পোৱালিটোৱে উশাহ-নিশাহ লোৱাত কষ্ট পোৱা দেখিলে হাতৰ তলুৱাৰে বুকুৰ ওপৰত এৰা-ধৰাকৈ হেঁচা মাৰি কৃত্রিমভাৱে উশাহ-নিশাহ লোৱাৰ ব্যৱস্থা কৰিব পাৰি। নতুৱা এখন পৰিষ্কাৰ কাপোৰ পোৱালিটোৰ নাকত দি মুখেৰে ফুৱাই উশাহ-নিশাহ লোৱাৰ ব্যৱস্থা কৰিব পৰা যায়।
  • জন্মৰ পাছতে পোৱালিটোৰ নাড়ীড়াল শৰীৰৰ পৰা ২-৩ চেণ্টিমিটাৰ ব্যৱধানত পৰিষ্কাৰ সূতাৰে গাঁথি দিব লাগে। গাঁথিৰ পৰা প্রায় ১/২ ইঞ্চি তলত এখন পৰিষ্কাৰ কেচি বা ব্লেডেৰে কাটি, কটা অংশত ডেটল নতুবা আয়ডিনৰ দ্ৰৱণ লগাই দিব লাগে। এনে কৰিলে পোৱালিটোৰ JOINT ILL, NAVAL ILL আদি ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি।
  • পোৱালিটোৰ গাটো পৰিষ্কাৰ হ'বৰ বাবে মাকক চেলেকিবলৈ দিব লাগে। নতুবা এখন পৰিষ্কাৰ কাপোৰেৰে ভালদৰে মচিব লাগে। অতিপাত ঠাণ্ডাত জুইৰ উত্তাপৰ ব্যৱস্থা কৰিলে ভাল।
  • জন্ম হোৱাৰ ১৫-২০ মিনিট পাছতে পোৱালিটোক মাকৰ ফেঁহু খাবলৈ দিব লাগে। পোৱালিটোৱে শৰীৰৰ ওজনৰ ১০ ভাগৰ ১ ভাগ ফেঁহু খাবলৈ পাব লাগে। ফেঁহুত থকা চর্বী, প্ৰটিন, খনিজ লৱণে পোৱালিটোৰ সুষম আহাৰৰ কাম কৰে। তদুপৰি, ফেঁহুৱে পোৱালিটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঠন কৰাতো সহায় কৰে।
  • কেতিয়াবা দেখা যায়, দুর্ঘটনা ক্রমে পোৱালি জন্ম হোৱাৰ পাছত মাকজনী মৰি যায় । তেনে ক্ষেত্ৰত পোৱালিটোক বচাবলৈ অন্য গাইৰ গাখীৰ খুৱাব পাৰি। পোৱালিটোৱে শৰীৰৰ ওজনৰ ১০ ভাগৰ ১ ভাগ গাখীৰ দিনটোত খাবলৈ পাব লাগে। অৱশ্যে গাখীৰৰ লগত ভিটামিন, কেলচিয়াম আদি মিহলাই দিব লাগে।
  • পোৱালিটোক জন্মৰ ১০ দিনৰ পাছতে পেলুৰ ঔষধ খুৱাব পাৰি। তাৰ পিছত প্ৰতি ১ মাহ বা ২ মাহৰ অন্তৰে অন্তৰে চিকিৎসক পৰামর্শ অনুযায়ী পেলুৰ ঔষধ প্রয়োগ কৰিব লাগে।
  • অতিৰিক্ত ঠাণ্ডৰ পৰা বচাবলৈ পোৱালিবোৰক গঁড়ালৰ ব্যৱস্থা কৰিব লাগে।
  • প্রায় ৩ মাহলৈ পোৱালিটোক মাকৰ গাখীৰ পেট ভৰাই খাবলৈ দিব লাগে। ৩ মাহৰ পাছত সুষম দানা আৰু ঘাঁহৰ যোগান দিয়া প্রয়োজন।
  • যথোপযুক্ত পোষক দ্রব্যৰ অভাৱত পোৱালিবোৰ শ্ৰীবৃদ্ধিত বাধাপ্রাপ্ত হয়। গতিকে শ্রীবৃদ্ধিৰ বাবে উপযুক্ত প্রতিপালন, পেলুৰ ঔষধ নিয়মীয়াকৈ প্রদান আৰু প্রয়োজনীয় পোষক দ্রব্যৰ যোগান ধৰা প্রয়োজন।
  • জন্মৰ পৰা প্ৰায় ৬ মাহলৈ পোৱালিবিলাক বিভিন্ন ৰোগৰ দ্বাৰা যেনে— কাফস্কৰ, কাফ ডিপথেৰীয়া, নেভেল ইল, কক্সিডিয়ছি আদি ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। সময়মতে চিকিৎসা প্রদান কৰি এনে ৰোগসমূহৰ পৰা পোৱালি সময়মতে চিকিৎসা প্রদান কৰি ৰক্ষা কৰিব পাৰি।

লিখকসকল: ডাঃ চন্দ্রকুমাৰ সিংহ আৰু ডাঃ প্রবীণ কুমাৰ নেওগ।

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate