অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য অঞ্চলত স্ব নিয়োজনৰ পথ :

গ্ৰাম্য অঞ্চলত স্ব নিয়োজনৰ পথ :

 

মৌ পালন -

অসমত ১,১৭,৯১৩ হেক্টৰ মাটিত মাহ শস্য, ৩,১৬,১৯৮ হেক্টৰ মাটিত তৈল শস্য, ১,৬৮,৬৩৮ হেক্টৰ মাটিত উদ্যান শস্যৰ খেতি কৰা হয়। আনহাতে, ৰাজ্যখনৰ এক বৃহৎ অঞ্চল বনৰীয়া গছ-লতাৰে পৰিপূৰ্ণ। গতিকে ৰাজ্যখনত মৌ-পালনক এক উদ্যোগ হিচাপে গঢ় দিয়াৰ যথেষ্ট স্থল আছে।

কৃষি আৰু মৌ পালন:

কৃষি উৎপাদন বৃদ্ধিত মৌ পালনে এক উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। পৰপৰযোগী উদ্ভিদবোৰৰ পৰাগ সংযোগৰ বাবে কীট-পতংগৰ ওপৰতে বহুগুণে নিৰ্ভৰশীল। এইক্ষেত্ৰত মৌ-মাখিয়ে এক উৎকৃষ্ট পৰাগ সংযোগী হিচাপে স্বীকৃত। আধুনিক কৃষি বিজ্ঞানত শস্য উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী যেনে- সাৰ, উন্নত বীজ আদিৰ লগতে মৌ-মাখিকো এক আহিলা হিচাপে গণ্য কৰা হৈছে। বহুতো পৰীক্ষা-নিৰীক্ষাৰ পৰা এইটো দেখা গৈছে যে কৃষি ক্ষেত্ৰত মৌ-মাখিৰ সংযোগে তৈলজাতীয় শস্যৰ উৎপাদন প্ৰায় দুগুণ আৰু ফল-মূল উৎপাদন ১৫০-২০০ শতাংশ বৃদ্ধি কৰে।

ছাগলী পালন -

অসমৰ জলবায়ু উষ্ণ, সিক্ত আৰু বহু পৰিমাণে বৰষুণ হয় বাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে, যাৰ ফলত তৃণভোজী প্ৰাণী পোহা অতি সহজ হৈ পৰিছে। অসমত ক্ষুদ্ৰ, উপান্ত বা ভুমিহীন কৃষকৰ সংখ্যাই বেছি । এই শ্ৰেণী কৃষকৰ অৰ্থনীতিত গৃহপালিত জীৱ-জন্তুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যকেইখনত ছাগলীৰ কোনো লেখত ল’বলগীয়া অনুমোদিত জাত নাই যদিও মাংসজাতীয় প্ৰ’টিন উৎপাদন কৰাত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।

গাখীৰ উৎপাদনৰ বাবে স্থাপন কৰা গৰু বা ম’হৰ পামখন পৰিচালনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লগে। গৰু- ম’হজাকৰ দানাত খনিজ পদাৰ্থ্ উপযুক্ত মাত্ৰাত মিহলাই দিব লাগে। খীৰতী গাই বা ম’হজনীৰ পৰা অধিক গাখীৰ পাবলৈ হ’লে প্ৰতিদিনে দানাৰ সৈতে তাইক ৩০ গ্ৰাম খনিজ পদাৰ্থ অৰ্থাৎ মিনাৰেল মিক্সাৰ মিহলাই খাবলৈ দিব।

মিনাৰেল মিক্সাৰ নিয়মীয়াকৈ খুৱালে কি হয় -

১) চেউৰীজনীৰ দেহৰ গঠন ভাল হয় আৰু কম বয়সতে ওজন বাঢ়ে।

২) চেউৰীজনীয়ে কম বয়সতে পোৱালি জন্ম দিয়ে।

৩) প্ৰাপ্তবয়স্ক গাইৰ প্ৰজনন প্ৰক্ৰিয়া নিয়মীয়া হোৱাৰ উপৰি দুটা পোৱালি জন্মৰ ব্যৱধান হ্ৰাস পায়।

৪) পোৱালিবোৰ সুস্থ আৰু সবল হয়।

৫) গৰু-ম’হজাকক কোনো ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে।

৬) গৰ্ভৱতী গাইৰ বিনাশ পেলোৱা বন্ধ হয়।

৭) গাইবোৰে অধিক পোৱালি জন্ম দিয়াৰ উপৰি অধিক পৰিমাণত গাখীৰো দিয়ে।

দানাত মিনাৰেল মিক্সাৰ নিদিলে কি হয়?

১) গৰু-ম’হৰ শাৰীৰিক বৃদ্ধি বাধাপ্ৰাপ্ত হয়।

২) গাখীৰ উৎপাদন কমি যায়।

৩) গৰু-ম’হবোৰ নিশকতীয়া হৈ পৰে।

৪) গোবৰ একেবাৰে পনীয়া বা পাতলীয়া হয়।

৫) গাৰ নোম সৰি যায়, ছালত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিয়ে।

৬) চেউৰী আৰু গাইবোৰে সময়মতে পাল নাখায়। কৃত্ৰিম প্ৰজনন কৰোৱা সত্ত্বেও গৰ্ভধাৰণ নকৰিব পাৰে। এনেবোৰ অসুবিধাৰ পৰা হাত সাৰি থকাৰ উদ্দেশ্যে পামৰ গৰু- ম’হজাকক দানাৰ লগত মিনাৰেল মিক্সাৰ নিয়মীয়াকৈ খুৱাই থাকিব। অৱশ্যে এইক্ষেত্ৰত স্থানীয় পশু চিকিৎসক বা ক্ষেত্ৰকৰ্মীৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।

উৎস: অসমীয়া খবৰ

 

শেহতীয়া উন্নীতকৰণ: : 11/25/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate