অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰচীয়া জন্তুৰ পালন আৰু যত্ন

ঘৰচীয়া জন্তুৰ পালন আৰু যত্ন

গৰু-ম’হৰ প্ৰতিপালন আৰু যত্ন

আমাৰ বাবে গৌৰৱৰ বিষয় যে বৰ্তমান ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত সৰ্বাধিক দুগ্ধ উত্পাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। এইটো সম্ভৱ হৈছে ভাৰতৰ কেইখনমান আগশাৰীৰ ৰাজ্যৰ কৃষকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বলত। কিন্তু দুখৰ কথা যে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ অৰিহণা তেনেই নগণ্য। সেয়েহে অন্য ৰাজ্যৰ দৰে অসমতো দুগ্ধ উত্পাদন বঢ়াবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। সদ্যহতে বিশ্ববেংকৰ অৰ্থ-সাহাৰ্যত দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসমৰ দ্বাৰা কেতবোৰ আঁচনি লোৱা হৈছে। ইয়াৰ ভিতৰত অসমৰ আঠখন জিলাত ২৫০ খন প্ৰাথমিক দুগ্ধ সমবায় সমিতি আৰু আন ২৫০ খন দুগ্ধ আত্মসহায়ক গোট গঠনৰ লক্ষ্য স্থিৰ কৰা হৈছে। উক্ত দুগ্ধ সমবায় আৰু আত্মসহায়ক গোটসমূহে দুগ্ধ পালকসকলক ব্যক্তিগত ভাৱে লাভবান কৰাৰ লগতে ৰাজ্যৰ দুগ্ধ উত্পাদন আশাতীতভাৱে বঢ়াব বুলি ভবা হৈছে।

কেনেকৈ আমি দুগ্ধ উত্পাদন বঢ়াব পাৰো?

অসমৰ থলুৱা জাতৰ গাই গৰুৰ দুগ্ধ উত্পাদন দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত খুবেই কম। প্ৰতিজনীৰ গাইৰ উত্পাদন একৰ পৰা ডেৰ লিটাৰৰ অধিক নহয়। তদুপৰি এনে গাইয়ে গাখীৰ নিদিয়াকৈ বহু দিন পাৰ কৰে। সেয়েহে থলুৱা গাই গৰু পুহি আমাৰ ৰাজ্যত দুগ্ধ প্লাবন ঘটাব নোৱাৰি। ইয়াৰ বাবে আমাক লাগিব উন্নত জাতৰ বৰ্ণস্ংকৰ জাতৰ গাই।

বৰ্ণস্ংকৰ মানেনো কি?

বৰ্ণস্ংকৰ হৈছে অধিক উত্পাদনক্ষম বিদেশী জাত। যেনে- জাৰ্চি হলষ্টেইন ফ্ৰিজিয়ান, জেবু ইত্যাদি জাতৰ লগত থলুৱা জাতৰ মিলনৰ ফলত উত্পন্ন হোৱা এটা নতুন জাত। ইয়াৰ বৈশিষ্ট্য হ’ল- ই অধিক উত্পাদনক্ষম হোৱাৰ লগতে স্থানীয় পৰিৱেশৰ লগত খাপ খাব পাৰে। এজনী বৰ্ণস্ংকৰ গাইৰ পৰা আমি চাৰি-পাঁচ লিটাৰ গাখীৰ সহজে পাব পাৰোঁ। কিন্তু তেনে গাইৰ পৰা অধিক উত্পাদন পাবলৈ প্ৰতিপালনো উন্নত মানৰ হ’ব লাগিব।

উন্নত মানৰ প্ৰতিপালন বুলিলে কি বুজায়

অধিকতম উৎপাদনৰ কাৰণে আমি পোৱালি অৱস্থাৰ পৰাই গাইজনীৰ যত্ন ল’ব লাগিব। পোৱালি অৱস্থাত যথেষ্ট পৰিমাণৰ মাকৰ গাখীৰ খাবলৈ পাব লাগিব। তিনি মাহৰ পাছত পোৱালিৰ বাবে বিশেষভাবে প্ৰস্তুত কৰা দানা (কাফ্‌ৰেচন) নিয়মিতভাৱে খুৱাব লাগিব। লগতে সময়মতে পেলুৰ দৰৱ আৰু প্ৰতিষেধক ছিটা স্থানীয় পশু-চিকৎসকৰ পৰামৰ্শমতে দিব লাগিব। সাধাৰণতে বৰ্ণস্ংকৰ চেঁউৰী এজনীয়ে ২৪ মাহৰ ভিতৰত পাল খায়। অন্যথা চেঁউৰীজনীৰ বিশেষ পৰ্যবেক্ষণৰ আৱশ্যক হয়। চেঁউৰী বা গাই গৰুক কৃত্ৰিম উপায়েৰেও গৰ্ভ ধাৰণ কৰাব লাগে।

কৃত্ৰিম প্ৰজনন কি?

আজিকালি আমাৰ বহুত খেতিয়কে উন্নত জাতৰ গৰু পোহাত আগ্ৰহী হৈছে। এইটো এটা ভাল লক্ষণ। কিন্তু আৰ্থিক দূৰৱস্থাৰ বাবে বহুতৰ কাৰণে এজনী উন্নত জাতৰ গাই কিনাটো কঠিন। গতিকে আমাৰ কৃষকসকলে টকা নাই বুলি বহি থাকিলে নহ’ব। তাৰ উপায় আছে। উপায়টো হ’ল থলুৱা গৰুজনীকে কৃত্ৰিম প্ৰজনন(এ আই)কৰাই তাৰ জৰিয়তে এটি বৰ্ণস্ংকৰ অধিক উত্পাদনক্ষম পোৱালি লাভ কৰা। অৱশ্যে আমাৰ বহুতৰে কৃত্ৰিম প্ৰজননৰ ওপৰত সম্যক জ্ঞান নাই। কৃত্ৰিম প্ৰজনন হ’ল- আন কোনো অধিক উত্পাদনক্ষম জাতৰ ষাঁড় গৰুৰ শুক্ৰ এজনী গৰম হোৱা থলুৱা গাইৰ জৰায়ুত কৃত্ৰিমভাৱে স্থাপ্ন কৰোৱা। এইদৰে কৃত্ৰিমভাবে প্ৰজনন ঘটাই থলুৱা গাইৰপৰা উন্নত জাতৰ পোৱালি আৰু অধিক গাখীৰ পাব পাৰি। এতিয়া প্ৰশ্ন হ’ল ইয়াৰ উপকাৰিতাসমূহ কি কি?

উপকাৰিতাসমূহ

ক) এজনী থলুৱা গাইৰ পৰা অধিক উত্পাদনক্ষম বৰ্ণস্ংকৰ জাতৰ গৰু পাব পাৰি।

খ) কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম হোৱা চেঁউৰীৰ বাঢ়ন ক্ষমতা বেছি।

গ) এনে চেঁউৰীয়ে সোনকালে পোৱালি দিয়া ক্ষমতা লাভ কৰে। পোৱালীবোৰ সু-স্বাস্থ্যৰ হয় আৰু ৰোগ প্ৰতিৰোধী ক্ষমতাও বেছি থাকে।

ঘ) এনে বৰ্ণস্ংকৰ জাতৰ দমৰাবোৰৰ কৃষি কাৰ্য কৰাৰ ক্ষমতা থ্লুৱা গৰুতকৈ বেছি।

ঙ) এনে বৰ্ণস্ংকৰ গাই গৰুৱে কমেও দিনে পাঁচ-ছয় লিটাৰ গাখীৰ দিয়ে।

চ) কৃত্ৰিম প্ৰজননৰ জৰিয়তে বহুধৰণৰ যৌন ৰোগৰ পৰা গাইজনী ৰক্ষা পৰে।

কৃত্ৰিম প্ৰজননৰ সময়ত গো-পালকে মন কৰিবলগীয়া দিশসমূহ

কৃত্ৰিম প্ৰজনন এনে এক পদ্ধতি য’ত গাইজনী পাল খুওৱাৰ এক নিৰ্দিষ্ট সময়ত প্ৰজনন ঘটালেহে ইয়াৰ পৰা আশানুৰুপ ফল পাব পাৰি।

গো-পালকে তলত উল্লেখ কৰা কথা কেইটা মন কৰাটো অতি প্ৰয়োজনীয়-

ক) গাইজনীয়ে যেতিয়া হেম্বেলিয়াই থাকে আৰু বাহিৰলৈ ওলাই যাবলৈ উত্ৰাৱল হয়।

খ) গাইজনীয়ে যেতিয়া গোহালীৰ অন্য গৰুৰ ওপৰত জঁপিয়াই উঠিব বিচাৰে।

গ) গাইজনীৰ যোনীদ্বাৰেদি যেতিয় তৰল বগা জুলীয়া পদাৰ্থ নি:সৰিত হয়।

ঘ) ঘনে ঘনে কম পৰিমাণে প্ৰস্ৰাৱ কৰে।

ওপৰত উল্লেখ কৰা লক্ষণসমূহ গাইজনীৰ গাত দেখা দিলে ওচৰৰ পশু-চিকিত্সালয়ত বা ব্যক্তিগত প্ৰতিষ্ঠানত জনাব লাগে আৰু কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা কৰিব লাগে।

উক্ত লক্ষণসমূহ দেখা দিয়াৰ ৮ ৰ পৰা ১২ ঘণ্টাৰ ভিতৰত গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱাৰ বাবে নিলেহে ভাল ফল পাব পাৰি।

সামৰণিত ইয়াকে ক’ব পাৰি যে কৃত্ৰিম প্ৰজননৰ জৰিয়তে অধিক উত্পাদনক্ষম পোৱালি লাভ কৰি, নিজে লাভৱান হোৱাৰ লগতে দেশকো চহকী কৰিব পাৰি।

শুক্ৰ গুণাগুণ আৰু যোগানৰ উৎস সম্পৰ্কীয় তথ্য

শক্ক্ৰৰ গুণাগুণ সমূহ যেনে শুক্ৰাণুৰ গতিশীলতা আৰু শুক্ৰাণুৰ স্ংখ্যা আদি পৰীক্ষাগাৰত নিৰুপণ কৰা হয়। শুক্ৰাণুসমূহ সক্ৰিয় কৰি ৰাখিবৰ বাবে কিছুমান মিশ্ৰণক লগ লগাই এবিধ বিশসষ ধৰণৰ এমূৰ বন্ধ নলীত সুমুৱাই আনটো মূৰ প্ৰয়োগশালাত বন্ধ কৰি দিয়া হয়। নলীবোৰ ইংৰাজীত ষ্ট্ৰ’ বোলা হয়। এই ষ্ট্ৰ’বোৰ জুলীয়া নাইট্ৰে’জেন গেছ থকা ক্ৰায়োকেনত কেনিষ্টাৰত ডুব খাই থাকে। ইএ ক্ৰায়োকেনৰ উষ্ণতা ১৯৬ চে:ত ৰখা হয়। কেতিয়াবা এই জুলীয়া নাইট্ৰ’জেন গেছৰ পৰিমাণ কমি গলে বা নোহোৱা হলে শুক্ৰাণুৰ সক্ৰিয়তা নোহোৱা হৈ যায়। গতিকে ক্ৰায়োকেনত জুলীয়া নাইট্ৰ’জেন গেছ এক নিৰ্দিষ্ট পৰিমাণত ৰখাতো অতি অৱশ্যকীয়। মাজে মাজে ক্ৰায়োকেনৰ পৰা ষ্ট্ৰ উলিয়াই শুক্ৰাণুসমূহৰ গতিশীলতাৰ পৰীক্ষা কৰা অতি প্ৰয়োজনীয়।

যোগানৰ উৎস

গো পালক ৰাইজৰ সুবিধাৰ বাবে অসম পশুপালন আৰু পশুচিকিৎসা বিভাগে গুৱাহাটীক মূল কেন্দ্ৰ কৰি অসমৰ বিভিন্ন ঠাইত আঞ্চলিক গো-প্ৰজনন কেন্দ্ৰ আৰু উপকেন্দ্ৰ কিছুমান মুকলি কৰিছে। উক্ত কেন্দ্ৰ আৰু উপকেন্দ্ৰবোৰত গাই গৰুৰ প্ৰজননৰ সময় হ’লে উন্নত ষাঁড়ৰ বীজেৰে কৃত্ৰিম প্ৰজনন কৰাব পাৰি। সময়মতে খবৰ কৰি ওচৰৰ কেন্দ্ৰ বা উপকেন্দ্ৰবোৰৰ জৰিয়তে নিজৰ ঘৰৰ চোতালতে গাই গৰুক প্ৰজনন কৰাব পাৰি।

প্ৰাৰম্ভিক চিকিৎসা প্ৰণালী

পশুক নিয়মীয়া নিৰীক্ষণৰ প্ৰয়োজন। অস্বাভাৱিক ব্যৱহাৰ চকুত পৰাৰ লগে লগে পশুচিকিৎসকৰ পৰামৰ্শমতে পশুক চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে।

বিজ্ঞানসন্মত প্ৰতিপালন আৰু পৰিস্কাৰ পৰিচ্ছন্নতাই পশুৰ বেমাৰ বহু পৰিমাণে প্ৰশমিত কৰে। গোহালিৰ মজিয়াখন প্ৰতিদিনে তিনিবাৰকৈ পানী মাৰি পৰিস্কৰ কৰিব লাগে আৰু নলাৰে লেতেৰাবোৰ দূৰলৈ পঠিয়াব লাগে। এনে কৰিলে পেলুজনিত ৰোগ, খীৰতী গাইৰ ওহাৰফুলা ৰোগ, পোৱালীৰ ঘূৰণীয়া পেলু আৰু হাগনী আদি ৰোগৰ পৰা হাত সাৰিব পাৰি।

গোহালীত অচিনাকী বা বেমাৰী মানুহ সোমাব দিব নালাগে। তেওঁলোকে কিছুমান মাৰাত্মক বেমাৰৰ বীজাণু পশুলৈ কঢ়িয়াব পাৰে।

গাভিনী চেঁউৰী আৰু গাইৰ যত্ন

গাভিনী গৰুজনীক ভাল পুষ্টিকৰ খাদ্য খুৱাব লাগে। উন্নত জাতৰ ঘাঁহ যেনে-হাইব্ৰিদ নেপিয়াৰ, গিনি, পাৰা কাউপি, বাৰ্চিম ইত্যাদিৰ খেতি কৰি উন্নত মানৰ কেঁচা ঘাঁহৰ যোগান ধৰিব পৰা যায়। চাউলৰ মল, খলিহৈ, গুৰ, খনিজ লৱণ, ভিটামিন ইত্যাদিৰে আমি গাই গৰুৰ বাবে সুষম খাদ্য তৈয়াৰ কৰি ল’ব পাৰোঁ।

গাইজনীক পৰিস্কাৰ পৰিচ্ছন্নভাৱে ৰখিব লাগে। গোহালীটোৰ মজিয়া পাৰিলে পকা কৰি ল’ব লাগে আৰু চৌহদটো নিতৌ পৰিস্কাৰ কৰি ৰাখিব লাগে। গাইজনীক বাহিৰত চৰিব নিদিয়াকৈ ৰাখিব লাগে।

গোহালি ঘৰটো বতাহ চলাচল কৰিব পৰা আৰু ৰ’দ পৰা ঠাইত সাজিব লাগে। ঘৰটোৰ ভেটি টান আৰু ওখ হোৱাটো বাঞ্চনীয়। গাভিনী অৱস্থাৰ শেষৰ তিনিমাহ বৰ গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত যাতে গৰুজনীয়ে কোনো ধৰণৰ আঘাত বা কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

দুগ্ধ পামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বেমাৰ-ওহাৰ ফুলাৰ প্ৰতিৰোধৰ বাবে মজিয়াখন ডেটল পানী নতুবা ফেনাইল পানীৰে দৈনিক দুবাৰকৈ ধুব লাগে।

গাইজনী জগাৰ সময়ত কিবা অসুবিধাৰ সৃষ্টি হ’লে পশু-চিকিৎসকৰ সহায় ল’ব লাগে।

জগাৰ ঠিক পাছতে পোৱালিটোক যথেষ্ট পৰিমাণে ফেঁহু খাব দিব লাগে। পোৱালিয়ে খোৱাৰ পাছত ৰৈ যোৱা অতিৰিক্ত ফেঁহুখিনি খীৰাই উলিয়াই দিব লাগে। সাধাৰণতে গাইজনী জগাৰ পাঁচদিনৰ পাছৰ পৰাহে মানুহে গাখীৰ খোৱাৰ উপযোগী বুলি ধৰা হয়।

গৰু-ম’হৰ কেইটামান উল্লেখযোগ্য ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ

দুগ্ধ জ্বৰ (মিল্ক ফিভাৰ)

অধিক গাখীৰ দিয়া গাইয়ে পোৱালি দিয়াৰ ২-৩ দিনৰ পাছত দুগ্ধ জ্বৰত আক্ৰান্ত হোৱা দেখ যায়।

সাধাৰণতে গাইগৰুৰ তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যোৱাৰ ফলত এই বেমাৰটো হয়।

ৰোগৰ লক্ষণসমূহ

১) এই ৰোগত সাধাৰাণতে গাইগৰুৰ শৰীৰৰ তাপমাত্ৰা কমি যায়।

২) উশাহ-নিশাহ লোৱাত কষ্ট পায়।

৩) গাইজনীয়ে দানা, ঘাঁহ আদি খাবলৈ আগ্ৰহ নকৰে আৰু গাখীৰ উত্পাদন একেবাৰে কমি যায়।

৪) গাইজনী শুই থাকিলে উঠিব নোৱাৰা হয় আৰু মূৰটো ভাঁজখুৱাই পিছফালে লৈ যায় বা কেতিয়াব মূৰটো চিধাকৈ মাটিত থৈ দিয়ে।

৫) নাক-মুখ শুকান হয় আৰু অস্থিৰতা দেখা যায়। মূৰটো কপি থাকে, শৰীৰত শক্তি হ্ৰাস পায়।

প্ৰতিকাৰ

১) পোৱালি জগাৰ এমাহৰ আগৰপৰা কেলছিয়াম আৰু ফছফৰাছযুক্ত দানা খুৱাই এই ৰোগৰ পৰা সকাহ পাব পাৰি।

২) অধিক পৰিমাণৰ ঘাঁহ খুৱাইও এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

চিকিৎসা

উপৰোক্ত লক্ষণসমূহ দেখা দিলে পশু-চিকিৎসকৰ পৰামৰ্শমতে ভিটামিন ডি আৰু কেলছিয়ামযুক্ত ইন্‌যেকচ্‌ন (কেলবৰ’ল, কেল’মেস্ক, ইন্‌টাকেল) দিয়াব লাগে।

স্ংক্ৰামক গৰ্ভপাত (ব্ৰুচেল’ছিছ)

গৰ্ভপাত হৈছে এটা ভয়াবহ স্ংক্ৰামক ৰোগ। এইটো সাধাৰণতে আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয় আৰু গৰ্ভধাৰণৰ ক্ষমতাও বহু গুণে কমি যায়।

ৰোগৰ লক্ষণসমূহ

১) আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয়।

২) মৃত পোৱালীটোৰ গাত ৰঙা ৰঙা দাগ দেখা যায় আৰু মাজে মাজে পানী জোলা বন্ধা দেখা যায়।

৩) গৰ্ভপাত হোৱাৰ পাছতো জলখন সময়মতে নপৰে।

প্ৰতিকাৰ

১) আক্ৰান্ত জন্তুক অনতিপলমে অন্য জন্তুৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগে।

২) চাৰি-পাঁচ মাহ বয়সৰ চেঁউৰী পোৱালিক ছিটা দিয়াব লাগে।

৩) গৰ্ভপাত হোৱা বস্তুখিনি জ্বলই দিব লাগে বা গাঁতত ভালদৰে পুতি তাৰ ওপৰত চূণ ছতিয়াই দিব লাগে।

৪) গৰ্ভপাত হোৱা ঠাইখিনিত কীটনাশক দ্ৰৱ্য-ফেনাইল আদি দি চাফা কৰিব লাগে।

চিকিৎসা

এনে ৰোগৰ লক্ষণ দেখা মাত্ৰকে ওচৰৰ পশু-চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate