মূল পৃষ্ঠা / কৃষি / পশু পালন / ঘৰচীয়া জীৱ-জন্তু / ছাগলী আৰু ভেড়াৰ পি পি আৰ(PPR) বেমাৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাগলী আৰু ভেড়াৰ পি পি আৰ(PPR) বেমাৰ:

পি পি আৰ(PPR) অৰ্থাৎ পেষ্টিচ দেচ পেটীটচ ৰুমিনেন্টচ(PESTESDES PETITS RUMINANTS)ছাগলী আৰু ভেড়াত আমাৰ অসমত নতুনকৈ চিনাক্ত কৰা এবিধ সংক্ৰামক বেমাৰ।এই বেমাৰক ছাগলী বসন্ত(Goat Plague)বুলিও কোৱা হয়।

 

পি পি আৰ(PPR) অৰ্থাৎ পেষ্টিচ দেচ পেটীটচ ৰুমিনেন্টচ(PESTESDES PETITS RUMINANTS)ছাগলী আৰু ভেড়াত আমাৰ অসমত নতুনকৈ চিনাক্ত কৰা এবিধ সংক্ৰামক বেমাৰ।এই বেমাৰক ছাগলী বসন্ত(Goat Plague)বুলিও কোৱা হয়।

1940 চনত আফ্ৰিকাৰ আইভ’ৰী ক’ষ্ট নামৰ ঠাইৰ আক্ৰান্ত ছাগলী আৰু ভেড়াৰ পৰা এই ৰোগৰ ভাইৰাছ(Virus) অৰ্থাৎ আফ্ৰিকাৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ এই ৰোগ বিয়পি পৰে।ভাৰতবৰ্ষত এই ৰোগৰ প্ৰথম প্ৰাদূৰ্ভাৱ তামিলনাডু ৰাজ্যৰ ভেল্লিপূৰম জিলাৰ আৰাছৰ নামৰ গাওঁ এখনত হৈছিল।বৰ্ত্তমান ভাৰতবৰ্ষৰ লগতে নেপাল,বাংলাদেশ,পাকিস্তান আৰু আফগানিস্থানৰ পৰাও এই ৰোগৰ বিষাণু আৰু ৰোগবিধ চিনাক্ত কৰা হৈছে।অসমতো 2010 চন মানৰ পৰা এই ৰোগবিধ ছাগলীত বিয়পিছে বুলি ঠাৱৰ কৰিছে।

পি পি আৰ বিষাণুবিধ-

 

পি পি আৰ বিষাণুবিধৰ গৰুত হোৱা গো বসন্ত(Rinderpest),কুকুৰৰ ডিছটেমপাৰ বেমাৰ(Canine Distemper) আৰু সৰু আই(Measles)বিষাণুসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ(Antigenic Relationship)সৈতে ভালেখিনি সাদৃশ্য(Similarity)আছে।এই বিষাণুবিধ নিজৰ পোষকৰ(Host Body)বাহিৰত বেছি সময় বাচি থাকিব নোৱাৰে।ঘৰচীয়া জন্তুৰ ভিতৰত ছাগলী আৰু ভেড়া খুব সহজেই এই বিষাণুৰ দ্বাৰা আক্ৰান্ত হয়।গৰু,ম’হ আৰু গাহৰিও এই বিষাণুবিধৰ পৰা সংক্ৰমণ হ’ব পাৰে,কিন্তু এই জন্তুসমূহ এই ৰোগত আক্ৰান্ত হোৱা কোনো প্ৰমাণ পোৱা হোৱা নাই।পাঁচ মাহ বা তাতোকৈ কম বয়সৰ জন্তু এই ৰোগত গভীৰ(Severely)ভাবে আক্ৰান্ত হয়।

বিষাণু কি ধৰণে বিয়পে-

 

সাধাৰণতে আক্ৰান্ত জন্তুসমূহ বিষাণু বিয়পায় মূল কাৰণ বুলি ক’ব পাৰি।আক্ৰান্ত ছাগলী বা ভেড়াৰ সংস্পৰ্শলৈ আহিলে সুস্থ ছাগলী বা ভেড়াৰ শৰীৰলৈ এই ৰোগ সংক্ৰমণ হ’ব পাৰে।

বেমাৰী ছাগলী বা ভেড়াৰ মল-মূত্ৰ/প্ৰস্ৰাৱ,নাকৰ শ্লেষ্মা(Nasal Discharge) আদিৰ পৰাও এই বিষাণু সুস্থ জন্তুলৈ বিয়পিব পাৰে।ইয়াৰ উপৰিও উশাহত এৰা বায়ু আৰু চকুৰ ফেচকুৰিৰ দ্বাৰাও এই ৰোগ সংক্ৰমণ হ’ব পাৰে।বেমাৰী জন্তৰ দুষিত সা-সঁজুলি,দানা,পানী,ঘাঁহ আদিৰ দ্বাৰাও এই ৰোগ বিয়পিব পাৰে।

পি পি আৰ বিষাণু শ্বাসনলী আৰু মুখ/খাদ্যনলীৰে জন্তুৰ দেহত সোমায় আৰু তাতেই থিতাপি লৈ বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।প্ৰায় 20-90% বেমাৰী ছাগলীৰেই মৃত্যু হোৱা দেখা যায়।

ৰোগৰ লক্ষণ:

 

বিষাণুবিধে আক্ৰান্ত কৰাৰ প্ৰায় 2-6 দিনৰ পিছত ৰোগৰ লক্ষণসমূহ দেখা দিয়ে।আক্ৰান্ত ছাগলী বা ভেড়াৰ প্ৰথমতে ভীষণ জ্বৰ উঠে(40-45° ছে.)আৰু জন্তুটো বিমৰ্ষ(depress)আৰু অলস(lethargy) হৈ পৰে।নোমবোৰ ভোবোৰা দিয়ে আৰু ই ঘাঁহ-দান খাবলৈ এৰি দিয়ে।নাকৰ অগ্ৰাংশ শুকোৱাৰ লগে লগে চকুৰ পতাৰ ভিতৰ ভাগ বেছি ৰঙা পৰে।প্ৰথমতে নাকৰ পৰা পানী ওলাব ধৰে(Serous discharge)আৰু পিচলৈ ই পকা  শেঙুণৰ(Purulent discharge) ৰূপ লয়।শেঙুণ পিছত গোট মাৰি শুকাই যোৱাত উশাহ-নিশাহ কষ্টকৰ হয়।চকুৰ পতাৰ চাৰিওফালে ফেঁচকুৰি ওলাব ধৰে আৰু পতা দুটা লাগি যায়।পিছত চকুৰ শ্বেতমণ্ডল(Cornea) গোমা হৈ (Corneal Opacity)ই অন্ধ হৈ পৰে।ক্ৰমে আক্ৰান্ত ছাগলী বা ভেড়াটোৰ ওঠ,মুখৰ ভিতৰ,দাঁতৰ আলু,জিভা আৰু খাদ্যনলীৰ উপৰিভাগ ৰঙা পৰি উঠে আৰু ঘাঁ হয়।সাধাৰণতে জ্বৰ হোৱা প্ৰায় 2-3 দিনৰ পিছত পনীয়া শৌচ আৰম্ভ হয় আৰু ক্ৰমে এই পনীয়া শৌচৰ লগতে শ্লেষ্মা(Mucous) আৰু তেজ ওলোৱা দেখা যায়।আক্ৰান্ত ছাগলী বা ভেড়াজনী খীনাই যায় আৰু দেহৰ প্ৰয়োজনীয় পানীৰ পৰিমাণ কমি যোৱাৰ লগে লগে(Dehydration) শৰীৰৰ উষ্ণতা নিম্নগামী হয়(Hypothermia)আৰু ক্লোমনলীৰ নিউন’নিয়াৰ(Bronchopheumonia) লক্ষণ দেখা দিয়াৰ পিছত ছাগলী বা ভেড়াজনীৰ মৃত্যু হয়।

ৰোগ নিৰূপণ:-

 

সাধাৰণতে ৰোগৰ লক্ষণসমূহ নিৰীক্ষণ কৰিয়ে ৰোগবিধ নিৰূপন কৰিব পৰা যায়।আজিকালি নতুন পদ্ধতি যেনে AGPT,CIE,Immunocapture ELISA,sELISA,cELISA,FAT,PCR আদি পৰীক্ষাবোৰ প্ৰয়োগ কৰি ৰোগ বা বিষাণুৰ উপস্থিতি সঠিকভাৱে ধৰা পেলাব পাৰি।

ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ:-

 

 

1.এই ৰোগৰ কোনো চিকিৎসা নাই।লক্ষণসমূহৰ সাপেক্ষে প্ৰয়োজনীয় ঔষধ যেনে চেলাইন,এন্টিবায়টিক,ভিটামিন আদি নিয়মানুযায়ী প্ৰয়োগ কৰা হয়।

 

2.  এই ৰোগৰ পৰা ছাগলী বা ভেড়াৰ জাকটোক বচাই ৰাখিবৰ কাৰণে বৰ্তমান এই বেমাৰৰ ছিটা পোৱা যায়।

স্থানীয় পশুচিকিৎসকৰ পৰামৰ্শ মতে নিজৰ ছাগলী বা ভেড়াক নিয়মিয়কৈ এটা ছিটা দি জন্তুসমূহক এই মাৰাত্মক বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি।এবাৰ ছিটা দিলে তিনি বছৰলৈকে সিঁহতৰ এই বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে।

ৰোগৰ নিয়ন্ত্ৰণ:-

 

1.গোহালি পৰিষ্কাৰকৈ ৰখা।

 

2.  ছাগলী বা ভেড়াক বীজাণুৰহিত ঘাঁহ,দানা,পানী আদি যোগান ধৰা।

3.  নতুনকৈ কিনি অনা ছাগলী বা ভেড়াক নিয়ম অনুযায়ী কিছুদিনলৈ আছুতীয়াকৈ ৰখা(Quarantine)।

4.  নিতৌ বেমাৰৰ লক্ষণসমূহ মন কৰা।

5.  বেমাৰী জন্তুক সুস্থ জন্তুৰ পৰা পৃথক কৰি আচুতীয়াকৈ(Isolate) ৰখা।

6.  বেমাৰত মৰা জন্তুৰ মৰাশ’ ভালদৰে সৎকাৰ কৰিব লাগে।দ গাঁত খান্দি পুতি বা জ্বলালে এই ৰোগ আন জন্তুলৈ বিয়পিব নোৱাৰে।

7.  প্ৰতি তিনিবছৰত এবাৰকৈ ছাগলী বা ভেড়াৰ জাকটোক ছিটাকৰণ কৰাই থাকিব লাগে।

উৎস:মুখ্য গৱেষক,সৰ্ব্ব্ভাৰতীয় সমন্বিত ছাগলী গৱেষনা কেন্দ্ৰ;অসম কৃষি বিশ্ববিদ্যালয়,বৰ্ণিহাট-৭৯৩১০১ ৰ দ্বাৰা প্ৰকাশিত ।

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top