অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাগলী পালনেৰেই ভূৰবন্ধাৰ এটা পৰিয়ালৰ

ছাগলী পালনেৰেই ভূৰবন্ধাৰ এটা পৰিয়ালৰ

এমুঠি অন্ন আৰু এখন কাপোৰৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হোৱা এটা পৰিয়ালে এতিয়া একমাত্ৰ ছাগলী পালনেৰে আৰ্থিক দৈন্য দূৰ কৰিবলৈ সক্ষম হৈছে। এই সংগ্ৰামী আৰু বাস্ত্বমুখী পৰিয়ালটো হৈছে মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিলপোতা গাঁৱৰ পুণিৰাম মেধিৰ পৰিয়ালটো। ছাগলী পালন কৰিয়েই বছৰৰ পিছত বছৰ ধৰি মেধিৰ তিনিজনীয়া পৰিয়ালটোৱে জীৱিকা নিৰ্বাহ কৰি আহিছে।

উল্লেখ্য যে পুণিৰাম মেধিৰ উপৰি পৰিয়ালটোত আছে মেধিৰ পত্নী আৰু অবিবাহিত বাইদেৱেক এগৰাকী। বৰ্তমান পৰিয়ালটোত আছে পোৱালিসহ ডাঙৰ- সৰু মুঠ ২৬ টা ছাগলী। প্ৰায় ২০ বছৰ ধৰি একেৰাহে ছাগলী পালন কৰি অহা পুণিৰাম মেধিয়ে ভূৰবন্ধা ব্লকত খালী হৈ থকা এটা পদত বিগত ১১ বছৰ ধৰি বিনাবেতনেৰে কাম কৰি আহিছে। পুণিৰাম মেধিয়ে জনোৱা মতে, তেওঁ বিগত কেইবাবছৰ ধৰি প্ৰতিদিনে পুৱাতে নিজা শিলপোতা গাঁওখনৰ উপৰি নিকৰ্টৱৰ্তী হাঁহ চৰা, ন-ময়মগুৰি, বুঢ়া ময়নগুৰি, ঔগুৰি আদিকে ধৰি অঞ্চলটোৰ বিভিন্ন গাঁৱৰপৰা দুই-তিনি ভাৰ গছৰ পাত কাটি ঘৰত জমা কৰি থয়। এই পাতখিনিকে পত্নী আৰু অবিবাহিত বাউদেৱেকে ছাগলীখিনিক দিনটোৰ বাবে আহাৰ হিচাপে যোগান ধৰে। ইফালে, মেধিয়ে ঘৰত গছৰ পাতবোৰ জমা দি নিজৰ কৰ্মস্থলী ভূৰবন্ধা ব্লক কাৰ্যালয়ত উপস্থিত হয়গৈ।

এনেদৰে ছাগলী পালন কৰি বছৰত ২০-২৫ হাজাৰ টকা উপাৰ্জন কৰি তিনিজনীয়া পৰিয়ালটো সুকলমে চলি আছে। এই সন্দৰ্ভত মেধিৰ বাইদেৱেকে সৰুমাই মেধিয়ে কয় যে প্ৰায় ২০ বছৰ পূৰ্বে গাঁৱৰে অন্য লোকৰপৰা আধি লৈ দুজনী ছাগলী পুহিছিল আৰু সেই দুজনী ছাগলীৰপৰাই বৰ্তমান ছাগলী ফাৰ্মখন গঢ়ি উঠিছে। পুণিৰাম মেধিয়ে জনোৱা মতে, তেওঁ ২০০৯ চনত মৰিগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত ছাগলী পালনৰ এটা প্ৰশিক্ষণ লৈছিল। পিছত বেংকৰপৰা ঋণ লৈ ছাগলী ফাৰ্মখন বঢ়োৱাৰ লক্ষ্যৰে ভূৰবন্ধাত থকা ইউ বি আইৰ শাখাত যোগাযোগ কৰে আৰু সেই অনুসৰি বেংকটোৰ শাখা পৰিচালকজনে গৈ তেওঁৰ ছাগলী ফাৰ্মখন পৰিদৰ্শন কৰে। কিন্তু কিবা কাৰণত বেংকটোৱে তেওঁক ঋণ প্ৰদান নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে পুণিৰাম মেধিয়ে। তেওঁ প্ৰকাশ কৰা মতে, কেতিয়াবা এই ছাগলী ফাৰ্মখন দেখুৱাবলৈ পশুপালন বিভাগে চিকিৎসা বিভাগত অধ্যয়নৰ তথা গৱেষণা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলকো লৈ আনে। উল্লেখ্য যে থলুৱা প্ৰজাতিৰ ছাগলীবোৰক এতিয়া এইজন পশুপালকে বিটেল জাতৰ লগত প্ৰজনন কৰাই বৰ্ণ শংকৰ জাতৰ ছাগলী পোৱালি উৎপাদন কৰিছে। বৰ্তমান এনে জাতৰ বৰ্ণ শংকৰ প্ৰতিটো ছাগলী ৩-৫ হাজাৰ টকাত বিক্ৰী কৰি তেওঁ লাভৱান হৈছে। ইফালে, পশু চিকিৎসক নিলোৎপল কাকতিয়ে ছাগলী ফাৰ্মখন প্ৰতি পালনৰ ক্ষেত্ৰত সদায়ে দিহা-পৰামৰ্শৰ লগতে চিকিৎসক নিলোৎপল কাকতিয়ে ছাগলী ফাৰ্মখন প্ৰতি পালনৰ ক্ষেত্ৰত সদায়ে দিহা-পৰামৰ্শৰ লগতে চিকিৎসাৰ দিশত সহায়-সহযোগিতা আগবঢ়াই অহা বুলিও তেওঁ প্ৰকাশ কৰে।

লিখকঃ বিষ্ণু ডেকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate