অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাগলীৰ বাবে চালিঘৰ নিৰ্মাণ

ছাগলীৰ বাবে চালিঘৰ নিৰ্মাণ

ছাগলী ৰখা চালিঘৰ ওখ ঠাইত নিৰ্মাণ কৰিব লাগে। বহল ভিত্তিত ছাগলী পালন কৰিলে চালিঘৰৰ মজিয়াখন মাটিৰ প্ৰায় এক মিটাৰ ওপৰত বনোৱাটো দৰকাৰ। মজিয়াৰ দুখন তক্তাৰ মাজৰ ফাঁক প্ৰায় আধা ইঞ্চি ৰাখিব লাগে যাতে মল-মূত্ৰবোৰ তলত সহজে পৰিব পাৰে। মজিয়াৰ তল খণ্ডত চিমেণ্টেৰে প্লাষ্টাৰ কৰি দিলে মল-মূত্ৰ সংগ্ৰহ কৰাত সুবিধা হয়। ঘৰটোৰ বেৰবোৰ ১.৮ মিটাৰ ওখ হ’ব লাগে। চালিখন খেৰেৰে বনোৱা ভাল (নাইবা খাপৰি ইটা অৰ্থাৎ টাইল্‌চেৰেও বনাব পাৰি)। ঘৰটো মাটিডৰাৰ পূবফালে বা পশ্চিমফালে বনোৱাটো জৰুৰী। বিভিন্ন বয়সৰ ছাগলী বেলেগে বেলেগে ৰখাৰ ব্যৱস্থা কৰিব লাগে। ছাগলী পোৱালি, গাভিনী ছাগলী, খীৰতী ছাগলী আদি বেলেগ বেলেগকৈ ৰখা ভাল। প্ৰত্যেক ছাগলীৰে খাদ্যৰ পাত্ৰ ৩০ ছেঃ মিঃ × ২০ ছেঃ মিঃ × ১৫ ছেঃ মিঃ জোখৰ হ’ব লাগে। চালিঘৰৰ বাহিৰৰ ফালে ছাগলী চৰিবলৈ মুকলি ঠাই থকাটো জৰুৰী আৰু গোটেইখিনি ঠাই বেৰ দি ঘেৰি ৰাখিব পাৰিলে ভাল। মুকলি ঠাইখিনি চালিঘৰৰ কমেও ২-৩ গুণ জোখৰ হ’ব লাগে। ডাঙৰ ছাগলী পামৰ কাৰণে বেমাৰী ছাগলীৰ গঁৰাল, ভঁৰাল ঘৰ, প্ৰয়োগশালা আদি থাকিব লাগিব। বেমাৰী ছাগলীৰ গৰালটো চালিঘৰৰ পৰা ১০০-২০০ মিটাৰ আঁতৰত হোৱা দৰকাৰ। এই গঁৰালটোত বেমাৰী ছাগলী ৰাখিব লাগে। এইটো ঘৰৰ আৰু এটা সুবিধা থাকে- বেমাৰী ছাগলী নথকা অৱস্থাত ইয়াক নতুনকৈ জন্মা পোৱালিবোৰ কেইসপ্তাহমান ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি।

লিখকঃ নজৰুল ইছলাম, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate