গাখীৰ হৈছে প্ৰাণী জগতৰ পুষ্টিকৰ খাদ্য| গাখীৰত থকা উপাদান সাপেক্ষে ইয়াক ‘প্ৰায় সম্পুৰ্ণ খাদ্য’ বুলি কোৱা হয়| যি খাদ্য খাই প্ৰাণীয়ে জীয়াই থাকিব পাৰে সেই খাদ্যকে সম্পুৰ্ণ খাদ্য বুলি কোৱা হয়| কেচুঁৱাৰ পৰা বৃদ্ধলৈ সকলোৱে সমানে গাখীৰ খায় বা খাব পাৰে| গৰুৰ গাখীৰ পুষ্টিকৰ হোৱা বাবে আৰু গাখীৰৰ চাহিদা যথেষ্ট হোৱা বাবে অনেকে গাখীৰত ভেজাল কৰে| তদুপৰি গাখীৰ উচ্চমান সম্পন্ন পুষ্টিকৰ অভাৱ হোৱা বাবে গাখীৰ খুব সোনকালে প্ৰদূষিত হ’ব পাৰে| সেইবাবে সুস্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি বিশুদ্ধ গাখীৰ উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিব লাগে| ‘বিশুদ্ধ গাখীৰ’ অথবা ‘পৰিস্কাৰ গাখীৰ উৎপাদন’ দুগ্ধ উৎপাদনকাৰী সকলৰ বাবে অৱশ্যে পালনীয় কৰ্তব্য| গাখীৰ বুলিলে সধাৰণতে স্বাস্থ্যবান খীৰতী গোধনৰ ওহাৰৰ পৰা নিৰ্গত সতেজ, পৰিস্কাৰ সম্পুৰ্ণকৈ নিৰ্দ্ধাৰিত পৰিমাণৰ চৰ্বী আৰু চৰ্বী ৰহিত গোটা পদাৰ্থ থাকে| অসমৰ ক্ষেত্ৰত গৰু গাখীৰৰ বাবে এই নিৰ্দ্ধাৰিত পৰিমানটো হৈছে নিম্নতম ৩.৫ শতাংশ চৰ্বী আৰু ৮.৫ শতাংশ চৰ্বী ৰহিত গোটা পদাৰ্থ| গাখীৰৰ মূল উপাদান সমূহ হৈছে পানী, চৰ্বী, প্ৰটিন, লেক্টজ আৰু ছাই বা খনিজ পদাৰ্থ| জন্তু ভেদে গাখীৰৰ এই উপাদান সমুহ বেলেগ বেলেগ হয়| মহৰ গাখীৰৰ ক্ষেত্ৰত পানীৰ পৰিমান ৮৪.২ শতাংশ, চৰ্বী ৬.৬ শতাংশ, প্ৰটিন ৩.৯ শতাংশ, লেক্টজ ৫.২ শতাংশ আৰু ছাই ০.৮ শতাংশৰ বিপৰীতে গৰুৰ গাখীৰ ক্ষেত্ৰত পানীৰ পৰিমান ৮৬.৬ শতাংশ, চৰ্বী ৪.৬ শতাংশ, প্ৰতিন ৩.৪ শতাংশ, লেক্টজ ৪.৯ শতাংশ আৰু ছাই ০.৯ শতাংশ| পৰিস্কাৰ গাখীৰ উৎপাদন কৰিবলৈ কেতবোৰ বিশেষ দিশৰ প্ৰতি যত্নবান হ’ব লাগে| সাধাৰণতে গাখীৰ বিশুদ্ধ অৱস্থাত থাকিলে অথবা গাখীৰৰ ভেজাল ন’হলে উল্লেখিত উপাদান সমুহ সঠিক পৰিমাণত থাকে| গাখীৰ যিহেতু ওহাৰৰ পৰা নিৰ্গত হয় গতিকে স্বাস্থ্যবান গো-ধনৰ পৰা উৎপন্ন হোৱা গাখীৰ সাধাৰণতে বিশুদ্ধই থাকে| কিন্তু ওহাৰৰ পৰা খীৰাই গাখীৰ উলিওৱাৰ পাছত গাখীৰত বিভিন্ন প্ৰকাৰে বাহিৰৰ প্ৰদূষণ মিহলি হৈ গাখীৰক নষ্ট কৰি পেলাব পাৰে| ভাল গাখীৰ উৎপাদন কৰা প্ৰথম চৰ্ত হৈছে গাখীৰ দিয়া গৰু অথবা মহজনী নিৰোগী হ’ব লাগিব| গাখীৰ খীৰোৱাৰ আগত ওহাৰখন কুহুমীয়া পানীৰে পৰিস্কাৰ পানীৰে ধুই ল’ব লাগে| নহ’লে ওহাৰৰ বাহিৰৰ অংশৰ পৰা বিভিন্ন প্ৰকাৰৰ লেতেৰা বস্তু গাখীৰৰ সৈতে মিহলি হ’ব পাৰে| গোহালীৰ যি ঠাইত গাখীৰ খীৰোৱা হয় সেই ঠাই খিনি পৰিস্কাৰ হ’ব লাগে| নহ’লে গোহালীৰ মজিয়াৰ পৰা বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু গাখীৰৰ সৈতে মিহলি হৈ গাখীৰ নষ্ট কৰিব পাৰে| গাখীৰ খীৰোৱা পাত্ৰ সমুহ বীজাণু নাশক দ্ৰব্যৰে ভাল দৰে ধুই পৰিস্কাৰ কৰি ৰ’দত শুকুৱাই ৰাখিব লাগে| অপৰিস্কাৰ পাত্ৰৰ পৰা গাখীৰত বীজাণুৱে থিতাপি ল’ব পাৰে| গাখীৰ খীৰোৱা ব্যক্তিজন নিৰোগী হোৱাৰ লগতে তেওঁৰ পোছাক-পৰিচ্ছদ পৰিস্কাৰ হ’ব লাগে| নহ’লে অপৰিস্কাৰ অৱস্থাই গাখীৰ দূষিত কৰিব পাৰে| গাখীৰ খীৰোৱা ব্যক্তি জনৰ কোনো ধৰণৰ ছালৰ ৰোগ থাকিব নালাগে| গাখীৰ খীৰোৱাৰ আগতে তেওঁ নিজৰ হাত দুখন চাবোনেৰে পৰিস্কাৰকৈ ধুই ল’ব লাগে| এনে কৰিলে হাতৰ পৰা কোনো ধৰণৰ বীজাণু গাখীৰত মিহলি হোৱাৰ সম্ভাৱনা নাথাকে| গাখীৰ যিহেতু এবিধ পুষ্টিকৰ খাদ্য আৰু ইয়াত থকা পুষ্টিকৰ উপাদান সমুহো উচ্চমানৰ গতিকে যিকোনো ধৰণৰ বীজাণুৱে গাখীৰত অতি দ্ৰুতভাৱে বৃদ্ধি হ’ব পাৰে| এই বিশেষ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গাখীৰ খীৰোৱাৰ পাছত গাখীৰখিনি এটা নিৰ্দ্দিষ্ট উষ্ণতাত শীতল কৰি ৰাখিব লাগে| সাধাৰণতে কেচা গাখীৰত কিছু পৰিমাণৰ অনুজীৱ থাকে| যিমানে গাখীৰ ইহাত-সিহাত কৰা হয় আৰু সময় খৰছ হয় সিমানেই অনুজীৱবোৰৰ বংশ বৃদ্ধি হয়| সাধাৰণতে গাখীৰত থকা অনুজীৱবোৰৰ ২০-৮০°c উষ্ণতাত দ্ৰুত বৃদ্ধি হয়| ১০°c উষ্ণতাটো Critical উষ্ণতা বুলি কোৱা হয়| কাৰণ এইটো উষ্ণতা পোৱাৰ পাছত অণুজীৱবোৰৰ বৃদ্ধিৰ মাত্ৰা অতিপাত হয়| সেইবাবে অণুজীৱৰ বৃদ্ধি ৰোধ কৰিবলৈ গাখীৰ ৫°c উষ্ণতাত শীতল কৰি ৰাখিব লাগে| গাখীৰত থকা সকলো অণুজীৱই শৰীৰৰ বাবে ক্ষতিকাৰক নহয়| কিন্তু টিউবাৰ কুলচিছ (যক্ষ্মা), ডিপথেৰিয়া(হুপিংকাহ), গ্ৰহণী, এন্দুৰিয়া(টাইফয়েড) ভয়াৱহ ৰোগৰ বীজাণুৱো গাখীৰৰ দ্বাৰা বিয়পিব পাৰে| সেইবাবে গাখীৰ সদায়ে এনেবোৰ ৰোগৰ বীজাণুৰ পৰা মুক্ত হৈ থাকিব লাগে| এই বাবেই গাখীৰ পেষ্টুৰাইজ কৰা হয়| সাধাৰণতে ৬৩°c উষ্ণতাত ৩০ মিনিট অথবা ৭২°c উষ্ণতাত ১৫ ছেকেণ্ড সময় ৰাখি গাখীৰ পেষ্টুৰাইজ কৰা হয়| পেষ্টুৰাইজ কৰি গাখীৰ খিনি ততালিকে ৫°c অত অথবা তাতকৈ কম উষ্ণতাত ঠাণ্ডা কৰি সংৰক্ষণ কৰা হয়| বীজাণুমুক্ত পৰিস্কাৰ গাখীৰ উৎপন্ন কৰা আন এটা চৰ্ত হৈছে গাখীৰ খীৰোৱা বা গাখীৰ ৰখা পাত্ৰটো উত্তম ধাতুৰ দ্বাৰা নিৰ্মিত হ’ব লাগে যাতে কোনো ধাতবীয় বস্তু গাখীৰৰ সৈতে ক্ৰিয়া কৰি গাখীৰত ধাতুৰ অৱশিষ্ট ৰৈ নাযায়| ষ্টেইনলেজ ষ্টীলৰ পাত্ৰ অথবা এলুমিনিয়ামৰ পাত্ৰ এইক্ষেত্ৰত উপযুক্ত বুলি কোৱা হয়| ইয়াৰোপৰি মাখি পৰিব নোৱাৰাকৈ গাখীৰ ঢাকি ৰাখিব লাগে| অন্যথা সকলো ব্যৱস্থা গ্ৰহণ কৰা পাছতো গাখীৰ ক্ষতিকাৰী ৰোগৰ বীজাণুৰ পৰা মুক্ত হ’ব নোৱাৰিব| ইতিমধ্যে উল্লেখ কৰা হৈছে যে, গাখীৰত বিভিন্ন প্ৰকাৰৰ অণুজীৱ থাকিব পাৰে| সকলো অণুজীৱই ৰোগৰ সৃষ্টি নকৰিলেও ৰোগ সৃষ্টি কৰিব পৰা অণুজীৱৰ সংখ্যাৰ ওপৰতো গাখীৰৰ দ্বাৰা সম্ভাব্য ৰোগ সৃষ্টিৰ বিষয়টো নিৰ্ভৰ কৰে| সেইবাবে গাখীৰত অণুজীৱৰ সংখ্যা নিয়ন্ত্ৰিত হাৰত ৰখা হয়| কেঁচা গাখীৰত অণুজীৱৰ সংখ্যা নিয়ন্ত্ৰিত হাৰত ৰখা হয়| কেঁচা গাখীৰত নিম্ন উল্লেখিত মাত্ৰাত অণুজীৱ থাকিলে গাখীৰৰ মান ভিন্ ভিন্ হয়| প্ৰতি মি.লি/গ্ৰাম গাখীৰত থকা মুঠ অণুজীৱৰ সংখ্যা গণনা গুণাংক-
১) সৰ্বাধিক ২০০.০০০ উত্তম
২)২০০.০০০ ৰ পৰা ১,০০০,০০০ ৰ ভিতৰত ভাল
৩)১,০০০,০০০ ৰ পৰা ৫,০০০,০০০ ৰ ভিতৰত মধ্যমীয়া
৪)৫,০০০,০০০ ৰ ওপৰত বেয়া|
পেষ্টুৰাইজ গাখীৰত প্ৰতি মিলি লিটাৰত সৰ্ব্বোচ্চ ৩০,০০০ অণুজীৱ থাকিব পাৰে| আনহাতে প্ৰতি মিলিলিটাৰত ১০ টাতকৈ অধিক Coliform বেক্টেৰীয়া থাকিব নালাগে| Coliform bacteria হৈছে মানুহ বা জন্তুৰ শৌচৰ দ্বাৰা সংক্ৰামিত হ’ব পৰা এবিধ অণুজীৱ| উল্লেখিত ধৰণে গাখীৰ উৎপাদনত মনোযোগ দি বীজাণুমুক্ত আৰু পৰিস্কাৰ গাখীৰ উৎপাদন কৰিব পাৰি|
ডা° ৰেজাউল কৰিম।
শেহতীয়া উন্নীতকৰণ: : 6/19/2020
অসমত সমবায়ভিত্তিত দুগ্ধ উৎপাদন: সম্ভাৱনা আৰু প্ৰত্...
গুণগত মানৰ মাগুৰ আৰু শিঙি মাছৰ পোনা উৎপাদন
আলুখেতিৰ অধিক উৎপাদনৰ বাবে উন্নত কৃষি পদ্ধতি
গাখীৰ উৎপাদনেৰে লক্ষাধিক টকা উপাৰ্জন কৰে গুৱালজান ...