অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰুছেল’ছিছ গৰু-ম’হৰ পৰা মানুহলৈও বিয়পে

ব্ৰুছেল’ছিছ গৰু-ম’হৰ পৰা মানুহলৈও বিয়পে

ব্ৰুছেল’ছিছ এবিধ জীৱ-জন্তৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগ।

  • এই ৰোগ ব্ৰুছেলা নামৰ বেক্টেৰিয়াৰ দ্বাৰা বিয়পে।

মানুহৰ ক্ষেত্ৰত ৰোগৰ লক্ষণ সমূহ কেনেকুৱা হয়?

  • পানী লাগে আৰু কপি কপি জ্বৰ উঠে।
  • মুৰ, চকু, ডিঙি, বুকু আৰু গাঠিঁৰ বিষ হয়।
  • শুক্ৰকোষ ফুলা, গৰ্ভপাত, জণ্ডিছ, স্নায়ু দুৰ্বল ইত্যাদি লক্ষণো দেখা দিয়ে।

জীৱ-জন্তৰ ব্ৰুছেল’ছিছ কেনে ধৰণে দেখা দিয়ে?

  • যোনিৰ পৰা ৰঙচুৱা, লেতেৰা, বীজলুৱা পদাৰ্থ বাহিৰ হয়।
  • গৰ্ভধাৰণৰ ৬ ৰপৰা ৮ মাহৰ ভিতৰত গৰ্ভপাত হয়।
  • প্ৰসৱৰ পিছত ফুলা বা জল সময় মতে ওলাই নাহে।
  • গৰ্ভতে মৃত বা দুৰ্বল পোৱালি জন্ম হয়।
  • ওহাৰ আৰু ভৰিৰ গাঁঠি ফুলে।
  • গাই জনী প্ৰজননৰ পিছতো বাৰে বাৰে গৰ্ভধাৰণত বিফল হয়।
  • গাখীৰ উৎপাদন লক্ষণীয় ভাৱে কমি যায়।

মানুহৰ দেহলৈ ব্ৰুছেল’ছিছ কেনেকৈ বিয়পে?

  • গোহালিত কাম কৰা ব্যক্তি সকলে হাত নুধুৱাকৈ ত৬আমোল-ধপাত আদি খালে।
  • বিনাশ দিয়া গাই জনীৰ ফুল, মৃত পোৱালি ইত্যাদি পেলাই পৰিষ্কাৰ-পৰিচন্ন নহ’লে।
  • দেহৰ কটা-ছিঙা অংশৰ লগত গাই জনীৰ গৰ্ভপাতৰ অৱশিষ্ট অংশ সংস্পৰ্শলৈ আহিলে।
  • কেচাঁ গাখীৰ বা কেচাঁ গাখীৰৰ উৎপাদিত খাদ্য-সামগ্ৰী খালে।

ব্ৰুছেল’ছিছ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কেনেকৈ কৰিব?

মানুহৰ ক্ষেত্ৰত :

  • যি কোনো বস্তু খোৱাৰ আগতে হাত দুখন পৰিষ্কাৰকৈ ধুব লাগে।
  • গাখীৰ ভালকৈ উতলাই খাব লাগে।
  • ব্ৰুছেল’ছিছৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

জীৱ-জন্তৰ ক্ষেত্ৰত :

  • গাখীৰ আৰু তেজৰ নমুনা সময়ে সময়ে পৰীক্ষা কৰা উচিত।
  • নতুন চেউৰী বা গাই আছুতীয়াকৈ ৰাখি ব্ৰুছেলা ৰোগৰ পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে।
  • সদায় কৃত্ৰিম প্ৰজননৰ বৱস্থা কৰিব লাগে।
  • ষাড় গৰু প্ৰজননৰ বাবে ব্যৱহাৰ কৰিলে ব্ৰুছেল’ছিছৰ পৰীক্ষা কৰিব লাগে।
  • প্ৰসৱ বা গৰ্ভপাতৰ পাছত বাহিৰ হোৱা ফুল, মৃত পোৱালি ইত্যাদি ভালকৈ দ’ গাত খান্দি চূণ দি পুতি থ’ব লাগে।
  • ব্ৰুছেল’ছিছৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লেখক: ড° ডি. প. বৰা, মূখ্য গৱেষক, ডি. বি. টি. প্ৰজেক্ট, অনুজীৱ বিজ্ঞান বিভাগ, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate