অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাগলী পালন :

ছাগলী পালন :

ছাগলীক ভাৰতবৰ্ষত ’দুখীয়া মানুহৰ গাই’ বুলি জনা যায় আৰু শুকান জলবায়ুৰ কৃষি পদ্ধতিৰ ই এটা গুৰুত্বপূৰ্ণ অংশ। আন পশুধন যেনে গৰু বা ম’হ আদি পোহাৰ বাবে অনুপযুক্ত উপান্ত আৰু খলা-বমা ঠাইত ছাগলি পালন কৰাটো হ’ল আটাইতকৈ উত্তম বিকল্প। অতিশয় কম বিনিয়োগেৰে ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে ছাগলি পালনটো লাভদায়ক উপায় ৰূপে গঢ়ি তুলিব পাৰি।

কোনে কৰিব পাৰে?

• ক্ষুদ্র আৰু উপান্ত কৃষকসকলে

• ভূমিহীন শ্রমিকসকলে

• যিসকলৰ চৰোৱা ঠাই আছে

কিয় কৰিব -

• অলপ মূলধন বিনিয়োগ আৰু দ্রুত লাভ।

• সহজ-সৰল আৰু সৰু চালিঘৰতেই পুহিব পাৰি।

• গোহালিত ৰাখি লালন-পালন কৰাটো লাভজনক।

• ছাগলীৰ অধিক পোৱলি দিয়াৰ ক্ষমতা।

• গোটেই বছৰ জুৰি কাম।

• মাংস চর্বিহীন আৰু কম মেদযুক্ত আৰু সকলোৰেই পছন্দনীয়।

• যিকোনো সময়ত বিক্ৰী কৰি টকা পোৱা যাব পাৰে।

আপোনাৰ বাবে কোনটো জাত সঠিক হ’ব?

যমুনাপাৰী।

• যথেষ্ট ওখ।

• যথেষ্ট পৰিমানে বক্ৰ ৰোমান নাক যুক্ত আৰু দীঘল কাণযুক্ত পূর্ণবয়স্ক  যমুনাপাৰীৰ ক্ষেত্রত কাণৰ দৈৰ্ঘ্য প্ৰায ১২ ইঞ্চি হয়।

• পঠাৰ ওজন প্রায় ৬৫-৮৫ কিলোগ্ৰাম আৰু ছাগলীৰ ওজন প্রায় ৪৫-৬০  কিলোগ্ৰাম।

• প্রত্যেক পিয়নত এটি পোৱালি দিয়ে।

• ছমাহ বয়সৰ পোৱালিৰ ওজন প্রায় ১৫ কিলোগ্ৰাম।

• গাখীৰ উৎপাদন দৈনিক প্রায় ২-২.৫ লি.

1goat.jpg

তেল্লিচেৰি

• ছাগলিবিলাক বগা, বাদামী বা ক’লা ৰঙৰ হয়।

• প্রতি পিয়নত ২-৩ টা পোৱালি হয়।

• পঠাৰ ওজন প্রায় ৪০-৫০ কিলোগ্ৰাম আৰু ছাগলীৰ ওজন প্রায় ৩০ কিলোগ্ৰাম

2goat.jpg

বোয়াৰ

• গোটেই পৃথিৱী জুৰি মাংসৰ বাবে পালন কৰা হয়।

• বৃদ্ধিৰ হাৰ খুব দ্রুত।

• পঠাৰ ওজন প্রায় ১১০-১৩৫ আৰু ছাগলীৰ ওজন প্রায় ৯০-১০০  কিলোগ্ৰাম।

• ৯০ দিন বয়সত পোৱালিৰ ওজন প্রায় ২০-৩০ কিলোগ্ৰাম হয়।

3goat.jpg

প্রজননৰ বাবে ছাগলী নির্বাচন -

মাইকী ছাগলী

• প্রতি পিয়নত ২-৩ টি পোৱালি পোৱা হ’ব লাগে।

• ৬-৯ মাহত পূর্ণতা প্রাপ্ত হ’ব লাগে।

পঠা ছাগলী

• ওখ, বহল বুকু আৰু লাহী শৰীৰ

• ৯-১২ মাহ বয়সত পূর্ণতা পায়

• ৬ মাহ বয়সত ভাল ওজন প্ৰাপ্ত হোৱা পোৱালি বাচনি কৰা উচিত

• ২-৩ টি পোৱালি হোৱা মাকৰ পোৱলি বাচনি কৰিব লাগে

খাদ্য পৰিচালন ব্যৱস্থাপন -

  • চৰিবলৈ নিয়া আৰু লগতে দানা খুৱালে বৃদ্ধি ভাল হয়।
  • প্র’টিন সমৃদ্ধ সেউজীয়া পশুখাদ্য যেনে একেছিয়া, লিউচার্ন আৰু শিমলু আলু আদি নাইট্র’জেনযুক্ত আহাৰ খুৱাব লাগে৷
  • কৃষকসকলে পামৰ কাষে-কাষে বকফুল, চুবাবুল আৰু গ্লেৰাইচিডিয়া গছ লগাব পাৰে যি সেউজীয়া পশু খাদ্য হিচাবে ব্যৱহাৰ হ’ব।
  • এক একৰ মাটিত কৰা পশুখাদ্য আৰু গছৰ দ্বাৰা ১৫-৩০ টা ছাগলীৰ খাদ্যৰ চাহিদা পুৰাবৰ বাবে পর্যাপ্ত। দানা নিম্নলিখিতভাৱে তৈয়াৰী কৰিব পৰা যায়৷
  •  

    উপাদান

    ছাগলী পোৱালিৰ
    খাদ্য

    বাড়ন্ত অৱস্থাৰ ছাগলীৰ খাদ্য

    গাখীৰ দিয়া ছাগলীৰ
    খাদ্য

    গর্ভৱতী ছাগলীৰ
    খাদ্য

     

    মাকৈ

    ৩৭

    ১৫

    ৫২

    ৩৫

    দালি জাতীয় শস্য

    ১৫

    ৩৭

    ---

    ---

    খলিহৈ

    ২৫

    ১০

    ২০

    চাপিছত

    ২০

    ৩৫

    ৩৭

    ৪২

    খনিজ মিশ্রণ

    ২.৫

    সাধাৰণ নিমখ

    ০.৫

    মুঠ

    ১০০

    ১০০

    ১০০

    ১০০

    • প্রথম ১০ সপ্তাহত পোৱালিবিলাকক ৫০-১০০ গ্রাম দানা দিব লাগে৷
    • বাড়ন্ত পোৱালিবিলাকক ৩-১০ মাহলৈকে দৈনিক ১০০-১৫০ গ্রাম দানা দিব লাগে৷
    • গর্ভৱতী ছাগলীবিলাকৰ বাবে দৈনিক প্রায় ২০০ গ্রাম পর্যন্ত দানা দিব পৰা যায়৷
    • ১ কিলোগ্ৰাম গাখীৰ দিয়া গাখীৰতী ছাগলীক দৈনিক ৩০০ গ্রাম দানা দিব লাগে
    ছাগলীৰ গোহালিত তাম সমৃদ্ধ(৯৫০-১২৫০ পি.পি.এম) খনিজৰ খণ্ড ৰাখিব লাগে৷

    4goat.jpg

    প্রজনন পৰিচালন ব্যৱস্থাপন

    লাভদায়কভাৱে ছাগলী পুহিবলৈ ২ বছৰত তিনিটা পিয়ন দিব লাগে।

    • প্রজননৰ বাবে দ্রুত বর্ধনশীল আৰু ডাঙৰ আঁকাৰৰ ছাগলী ব্যৱহাৰ কৰিব লাগে৷

    • প্রজননৰ বাবে এবছৰ বয়সৰ পঠা ছাগলী ব্যবহাৰ কৰিব লাগে৷

    • পিয়নৰ ৩ মাহ পিছত ছাগলীৰ পুনঃপ্রজনন কৰাব লাগে, তেতিয়াহলেহে ২ বছৰত ৩টা পোৱালি পোৱা যাব পাৰে৷

    • মোটামুটি প্রতি ১৮ পৰা ২১ দিনৰ মূৰে মূৰে ছাগলিৰ ঋতুকাল আহে আৰু এই ঋতুকাল ২৪-৭২ ঘণ্টা থাকে৷

    • কামোত্তেজনাৰ সময়ত ছাগলী সৰৱ হৈ উঠে আৰু কিছুমানে ভেবাই থাকে৷

    • চঞ্চলতা, নেজডাল ইফালে-সিফালে ঘূৰুৱাটোও কামোত্তেজনাৰ আৰু এটি লক্ষণ৷ ইয়াৰ উপৰিও যোনিদ্বাৰ সামান্য ফুলে আৰু ৰঙচুৱা দেখা যাব আৰু যোনিৰ পৰা স্রাৱ ওলোৱা বাবে নেজৰ চাৰিওকাষে ভিজা-ভিজা আৰু লেতেৰা দেখা যাব পাৰে৷ ভোক কমি যায় আৰু মূত্রত্যাগ বাঢ়ে আৰু ঘন ঘন হয়৷ কামোত্তেজনাৰ সময়ত ছাগলী পঠা ছাগলীৰ নিচিনা আন এটা ছাগলীৰ পিঠিত উঠিব পাৰে বা অন্য ছাগলীক নিজৰ পিঠিত উঠিব দিব পাৰে৷

    • ঋতুকালৰ লক্ষণ দেখা দিয়াৰ ১২-১৮ ঘণ্টাৰ পিছত ছাগলীৰ প্রজনন কৰোৱাটো উচিত।

    • কোনো কোনো ছাগলীৰ ঋতুকাল ২-৩ দিনলৈকে স্থায়ী হয়৷ সেয়ে সেইবিলাকক আকৌ পিছৰ দিনা প্রজনন কৰোৱাটো উচিত৷

    গর্ভধাৰণ কাল মোটামুটি ১৪৫-১৫০ দিন, তথাপিও এসপ্তাহলৈকে ইফাল-সিফাল হোৱাটো স্বাভাৱিক৷ আগৰে পৰাই প্ৰস্তুত থকাটো ভাল৷

     

    পেলু বিতাৰণ

    • প্রজনন কৰোৱাৰ আগতে ছাগলীৰ কৃমিনাশ কৰিব লাগে৷ কৃমি আক্রান্ত ছাগলীবিলাক বেমাৰী আৰু নিস্তেজ হয়।

    • পোৱালিবিলাকৰ এমাহ বয়সত কৃমিৰ ঔষধ দিব লাগে৷ কৃমিৰ জীৱনচক্র তিনি সপ্তাহ, সেয়ে দুমাহ বয়সত আকৌ এবাৰ কৃমি নাশ কৰাৰ পৰামর্শ দিয়া হয়৷

    • গর্ভৱতী ছাগলীৰ পিয়নৰ ২-৩ সপ্তাহ আগতে কৃমিনাশ কৰিব লাগে৷

    • গর্ভপাত নহ’বৰ বাবে গর্ভাৱস্থাৰ প্রথমৰ ফালে (২ মাহলৈকে) ছাগলীৰ কৃমিনাশ নকৰাই ভাল৷

     

    চিটা

    • পোৱালিবালাকৰ এণ্টাৰ’ট’ক্সেমিয়া আৰু টিটেনাচৰ প্রথম দ’জ ৮ সপ্তাহ বয়সত আৰু তাৰ পিছত আকৈ ১২ সপ্তাহ বয়সত দিব লাগে।

    • ছাগলীৰ প্রজননকালৰ ৪-৬ সপ্তাহ আগতে আৰু পিয়নৰ ৪-৬ সপ্তাহ আগতে এণ্টাৰ’ট’ক্সেমিয়া আৰু টিটেনাচৰ চিটা দিব লাগে৷

    • পঠাবিলাকক বছৰত এবাৰ এণ্টাৰ’ট’ক্সেমিয়া আৰু টিটেনাচৰ চিটা দিব লাগে৷

    ছাগলীৰ বাসস্থান

    ডীপ লিটাৰ পদ্ধতি

    • ভাল বতাহ চলাচল কৰিব পৰা সৰু চালিঘৰ এটি সৰু জাক পালনৰ বাবে পর্যাপ্ত৷

    • লিটাৰৰ উচ্চতা অন্ততঃ ৬ ছেন্টিমিটাৰ হ’ব লাগে।

    • লিটাৰ কাঠৰ গুঁড়ি, ধানৰ তুঁহ গুৰি বা বাদামৰ খোলা দি তৈয়ৰী কৰিব পৰা যায়৷

    • গোহালিৰ দূর্গন্ধ আঁতৰাবলৈ মাজে মাজে লিটাৰ উলট-পালট কৰি দিব লাগে৷

    • প্রতি ২ সপ্তাহত এবাৰকৈ লিটাৰ বদলাব লাগে৷

    • প্রতিটি ছাগলীৰ বাবে প্রায় ১৫ বর্গ ফুট ঠাইৰ প্ৰয়োজন হয়৷

    • বাহিৰৰ পৰা পৰজীৱিৰ উপদ্রব কমোৱাৰ যত্ন ল’ব লাগে৷

    • এটি পূর্ণবয়স্ক ছাগলীয়ে বছৰত প্রায় এক টন সাৰ উৎপন্ন কৰে৷

    5goat.jpg

    চাংঘৰ পদ্ধতি

    • মাটিৰ পৰা প্রায় ৩-৪ ফুট উচ্চতাত কাঠৰ তক্তা বা তাৰৰ জাল বহোৱা হয়। এই পদ্ধতিত বাহিৰৰ পৰজীৱিৰ উপদ্রৱ সাধাৰণতঃ কম হয়।

    7.jpg

    8goat.jpg

    পালন পদ্ধতি

    আংশিক আৱদ্ধ পদ্ধতি

    • যি বিলাক অঞ্চলত চৰাবলৈ ঠাই কম থাকে সেইবিলাক ঠাইত ছাগলী চৰি অহাৰ পিছত বিষেশভাবে সেউজীয়া পশুখাদ্য আৰু দানা খুৱাব লাগে।

    আৱদ্ধ পদ্ধতি

    • ছাগলীৰ গোহালিত সেউজীয়া পশুখাদ্য আৰু দানা খোৱাব লাগে৷

    • চৰিবলৈ নিয়া নহয়।

    • থকাৰ ঠাই ডিপ লিটাৰ পদ্ধতিৰো হ’ব পাৰে বা চাং পদ্ধতিৰো হ’ব পাৰে।

    ছাগলীৰ বীমা

    • ৪ মাহ বয়সৰ পৰা সাধাৰণ বীমা সংস্থাৰ জৰিয়তে ছাগলীৰ বীমা কৰাব পৰা যায়।

    • আকস্মিক দুর্ঘটনা বা বেমাৰত মৃত্যু হ’লে বীমা দাবি কৰিব পৰা যায়৷

    ভাৰতৰ ছাগলী পামসমূহ

    • নাডুৰ ছাগলী পাম

    • শিবাজী পার্ক ছাগলী পাম

    • ভাৰতীয় ছাগলী পাম

     

    উৎস: আইএনডিজি দল

    শেহতীয়া উন্নীতকৰণ: : 7/20/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate