অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশুখাদ্য ‘এজ’লা’ৰ প্ৰস্তুত প্ৰণালী :

পশুখাদ্য ‘এজ’লা’ৰ প্ৰস্তুত প্ৰণালী :

 

পশুপালনৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে অন্য এক প্ৰকৃতিৰ অৱদান: এজ’লা

এজ’লা এবিধ শেলুৱৈ যি অসমীয়া কৃষকৰ মাজত ‘পুনি’ নামেৰে জনাজাত। এই শেলুৱৈবিধৰ উপকাৰিতা গুণ ইমান বেছি যে কৃষক ৰাইজে পশুক দিয়াৰ পিছত নিজেই উপলব্ধি কৰে। এজ’লাত অধিক পৰিমাণে প্ৰ’টিন আৰু নাইট্ৰ’জেন পোৱা যায়।

এজ’লাত পোৱা উপকাৰী পদাৰ্থসমুহ -

এজ’লাত অধিক পৰিমাণে পোৱ যায় প্ৰ’টিন, ভিটামিন (ভিটামিন এ, ভিটামিন বি), বিভিন্ন মিনাৰেল অৰ্থাৎ খনিজ পদাৰ্থ যেনে কেলচিয়াম, ফছফৰাছ, পটাছ, আয়ৰন, মেগনেচিয়াম ইত্যাদি। এজ’লাই গাখীৰৰ পৰিমাণ ১৫% বৃদ্ধি কৰিব পাৰে। এজ’লা ভেৰা, ছাগলী, কুকুৰা, শহাপহুৰ খাদ্যৰ লগতো দিব পাৰি।

এজলাৰ খেতি কৰাৰ পদ্ধতি:

১) এডোখৰ ঠাণ্ডা ঠাইত য’ত প্ৰখৰ ৰ’দ নপৰে তাত ২ মিটাৰ দীঘল, ১ মিটাৰ বহল, ০.২ মিটাৰ দ এটা গাঁত খান্দিব লাগে।

২)গাঁতটো প্লাষ্টিকেৰে সম্পুৰ্ণপে ঢাকি দিব লাগে। গাঁতটো চিমেণ্টেৰে তৈয়াৰ কৰিব পাৰি। যদি চিমেণ্ট ব্যৱহাৰ কৰে, তেন্তে প্লাষ্টিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।

৩) ১০-১৫ কিল’গ্ৰাম মাটি গাঁতটো দিব লাগে।

৪) ২ কিল’গোবৰ , ৩০ গ্ৰাম ছুপাৰ ফছফেট, ১০ লিটাৰ পানী মিলাই গাঁতটোত ঢালিব লাগে।

৫) পানীৰ স্তৰটো ১০ চেণ্টিমিটাৰ ৰখা উচিত।

৬) ৫০০ গ্ৰামৰ পৰা ১ কিল’গ্ৰাম এজ’লাৰ পুলি গাঁতটোত দিব লাগে। এনেদৰে প্ৰস্তুত কৰাৰ এসপ্তাহৰ ভিতৰত এজ’লা দুগুণ পৰিমাণত গঢ় লৈ উঠে।

প্ৰতি পাঁচ দিনৰ অন্তৰত এবাৰ ২০ গ্ৰাম ছুপাৰ ফছফেট আৰু ১ কিল’ গোবৰ গাঁতত দিলে এজ’লাৰ বিকাশ ভাল হয়।

১.৫-২.০ কিল’ পুনি যদি গৰুক নিয়মিত আহাৰৰ লগত খুৱায়, তেন্তে সুফল পোৱা যায়।

এজ’লাক জীৱ-জন্তুৰ ক্ষেত্ৰত কেনেদৰে দিয়া উচিত -

এজ’লা খাবলৈ দিয়াৰ আগত প্ৰথমে ইয়াক ভালদৰে চেকি ল’ব লাগে যাতে পানীখিনি পুনিৰ পৰা আঁতৰি যায়। ইয়াৰ পিছত এজ’লাক আকৌ এবাৰ ধুব লাগে যাতে গোবৰৰ গোন্ধ গুচি যায়। শেষত প্ৰাপ্ত এজ’লাক দানাৰ লগত মিহলাই জন্তুক খুৱাব পাৰে।

কৃষকসকলৰ বাবে এজ’লাই সুফল আনিব পাৰে, কিয়নো ই কেৱল গাখীৰ উৎপাদনতে সহায় নকৰে , বৰঞ্চ ই জীৱ-জন্তুৰ শাৰীৰিক বিকাশতো যথেষ্ট সহায় কৰে।

এজ’লা উৎপাদনৰ কাৰণে কিছুমান প্ৰয়োজনীয় কথা -

১) এজ’লা উৎপাদনৰ কাৰণে সৰ্বাধিক উষ্ণতা হৈছে ৩০° চেণ্টিগ্ৰেড। ইয়াতকৈ বেছি উষ্ণতা পুনিয়ে সহ্য কৰিব নোৱাৰে।

২) প্ৰতি ৩০ দিনৰ অন্তৰত এবাৰ গাঁতৰ মাটি ৫ কিল’ মান সলাই দিব লাগে যাতে নাইট্ৰ’জেনৰ উচিত মাত্ৰা পুনিয়ে পায়।

৩) প্ৰতি ১০ দিনত অন্তৰালত এবাৰ ২৫-৩০% পানী নতুন পানীৰে সলনি কৰিব লাগে।

৪) প্ৰতি ৬ মাহৰ অন্তৰালত এবাৰ এজ’লা প্ৰস্তুত কৰা গাঁতটো খালী কৰি চাফা কৰিব লাগে।

এজ’লাক মাছৰ উৎপাদনতো ব্যৱহাৰ কৰিব পাৰি। ধানখেতি কৰাৰ সময়ত ইয়াক পচনসাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

এজ’লাৰ খেতি কৰি বহু কৃষক আৰু গৰুৰ ফাৰ্ম লাভৱান হৈছে। উদাহৰণস্বৰুপে যোৰহাটৰ চিনামৰাত থকা ‘নৱনিত ডেইৰি ফাৰ্ম’ এজ’লাৰ দ্বাৰা বহু পৰিমাণে লাভৱান হৈছে বুলি ফাৰ্মৰ সহায়কাৰী লোকসকলৰ পৰা জানিবলৈ পালোঁ। তেওঁলোকে চিমেণ্ট দি সুন্দৰকৈ বহুকেইটা দ গাঁত প্ৰস্তুত কৰি লৈছে। ইয়াৰে এটা গাঁতৰ পৰা এসপ্তাহত ১-১.৫ কেজি এজ’লা প্ৰস্তুত হয় বুলি জানিবলৈ পালোঁ।

অসমৰ কৃষকসকলেও যদি এই খেতি কৰে, তেন্তে অৰ্থ লাভৰ ক্ষেত্ৰত তেওঁলোক বহু পৰিমাণে লাভৱান হ’ব।

লেখক: ড° চন্দ্ৰ কুমাৰ সিংহ

লেখিকা: ড° উপাসনা বৰুৱা (দৈনিক জনমভুমি)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate