অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশুপালনঃ

পশুপালনঃ

পশুপালনঃ

 

কৃষিকাৰ্যৰ অন্যতম ক্ষেত্ৰ হ’ল পশুপালন। বিজ্ঞানসন্মত পদ্ধতিত পশুপালন কৰাটো এটা অত্যন্ত লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। অসমতো ব্যৱসায়িক ভিত্তিত পশুপালনৰ প্ৰচুৰ সম্ভাৱনা আছে। গৰু-ম’হ, ছাগলী, ভেড়া আৰু হাঁহ-কুকুৰা আমাৰ কৃষক ৰাইজৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ পশুধন।

  • সাধাৰণ ঘৰ এটাত এজাক পাৰ চৰাই পালন কৰিলেও মাহেকীয়া উপাৰ্জনৰ পথ এটা মুকলি হ’ব।
  • অসমৰ মাটি আৰু জলবায়ু ফুল খেতিৰ বাবে উপযোগী যদিও বৰ্তমানলৈকে ব্যৱসায়িক ভিত্তিত ফুল খেতিয়ে আশানুৰূপ সম্প্ৰসাৰণ লাভ কৰা নাই। ঘৰৰ সন্মুখত থকা খালী ঠাইত ফুল খেতি কৰি নিজৰ আৰ্থিক দিশ উন্নত কৰিব পাৰে।
  • অসমৰ পৰিৱেশত হাঁহ আৰু কুকুৰা পালন অন্যতম লাভজনক ব্যৱসায় হিচাপে কাহানিবাই পৰিগণিত হৈছে। খাকী কেম্পবেল, ছাৰা ছাম্বেলী আদি উন্নত জাতৰ হাঁহৰ পাম আৰম্ভ কৰিলে অতি সোনকালে লাভৰ মুখ দেখিবলৈ পোৱা যায়। ব্ৰয়লাৰ কুকুৰাৰ মাংসৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰয়লাৰ কুকুৰাৰ বিশাল বজাৰ এখন অসমত ইতিমধ্যে সৃষ্টি হৈছে। মাজে-সময়ে অলপ আহুকাল হয় যদিও ব্ৰয়লাৰ কুকুৰা পালন অসমৰ যুৱক-যুৱতীৰ বাবে নিশ্চিতভাৱে এক লাভজনক ব্যৱসায়। ব্ৰয়লাৰ কুকুৰাৰ দৰে কণী পৰা কুকুৰাৰ পাম খুলিলেও লাভ হ’ব। কাৰণ কুকুৰাৰ কণীৰ চাহিদাৰ কথা নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই।

(উৎসঃ অসমীয়া খবৰ)।

আদা খেতিৰে উপাৰ্জন বঢ়াওকঃ

 

মচলা হিচাপে আদাৰ গুৰুত্ব বৰ ব্যাপক। ঔষধি গুণেৰেও সমৃদ্ধ আদাৰ ব্যৱহাৰ সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বাঢ়িছে। মচলা, মুখৰোচক খাদ্য-সামগ্ৰী, ঔষধ উৎপাদন আদিৰ বাবে আদাৰ চাহিদা বৰ্তমান সময়ত অপৰিসীম বুলিয়েই ক’ব পৰা হৈছে। বিশ্বজুৰি চাহিদা বৃদ্ধি হোৱাৰ ফলত আদা খেতিৰ সম্প্ৰসাৰণো অত্যন্ত লাভজনক হিচাপে পৰিগণিত হৈছে। এই সুযোগ আমাৰ কৃষক ৰাইজেও অনায়াসে গ্ৰহণ কৰিব পাৰে। অসমৰ পৰিৱেশ আদা খেতিৰ বাবে উপযোগী হোৱাৰ পৰিপ্ৰেক্ষিতত এই খেতি ব্যৱসায়িক লক্ষ্যৰে বহল পৰিসৰত কৰিলে আমাৰ কৃষকসকল উপকৃত হোৱাটো নিশ্চিত। আমাৰ পাহাৰীয়া জিলাকেইখনৰ কৃষকে আদা খেতিৰে লাভান্বিত হোৱাৰ উদাহৰণ ইতিমধ্যে দাঙি ধৰিছে। আহকচোন আদা খেতিৰ বিষয়ে অলপ আলোচনা কৰো-

জাত বাছনিঃ অসমৰ বাবে উপযোগী আদাৰ জাত হ’ল ৰিঅ’ ডি জেনেৰিঅ’, নদীয়া, কাৰ্কাই, বৰদোৱা, মৰাণ, যোৰহাট আৰু চাইনা।

মাটি বাছনিঃ পানী জমা নোহোৱা, বালিচহীয়া তথা মধ্যমীয়া ধৰণৰ পলসুৱা মাটি আদা খেতিৰ বাবে উপযুক্ত। মাটিডৰা কিছু পৰিমাণে ছাঁ পৰা হ’লে ভাল।

ৰোপণ সামগ্ৰীৰ পৰিমাণঃ মাটিৰ তলত হোৱা ৰাইজোমেই হ’ল আদাৰ ৰোপণ সামগ্ৰী। ৰোগমুক্ত, গড়ে প্ৰায় ১৫ গ্ৰাম ওজনৰ তথা দুটাকৈ গাঁঠি থকা ৰাইজোম অৰ্থাৎ আদাৰ টুকুৰা ৰোপণ সামগ্ৰী হিচাপে বাছি ল’ব লাগে। এবিঘা মাটিত খেতি কৰিবলৈ ১.৫-২ কুইণ্টল এনে ৰোপণ সামগ্ৰীৰ প্ৰয়োজন হ’ব।

ৰোৱাৰ সময়ঃ অসমৰ পৰিৱেশত মাৰ্চ-এপ্ৰিল হৈছে আদা খেতিৰ বাবে আটাইতকৈ উপযুক্ত সময়।

ৰোৱাৰ ব্যৱধানঃ সাধাৰণতে ২৫ ছেঃমিঃ x ১৫-২০ ছেঃমিঃ ব্যৱধানত আদা ৰুব লাগে। অৰ্থাৎ দুই শাৰীৰ মাজৰ ব্যৱধান ২৫ ছেঃমিঃ আৰু একোটা শাৰীত ১৫-২০ ছেঃমিঃ ব্যৱধানত আদা ৰুব লাগে।

সাৰ প্ৰয়োগঃ আশানুৰূপ উৎপাদন পাবলৈ হ’লে উপযুক্ত মাত্ৰাত জৈৱিক আৰু ৰাসায়নিক সাৰ অপৰিহাৰ্য। এবিঘা মাটিত খেতি কৰিলে ১০ কুইণ্টল পচন সাৰ, ৬ কেজি ইউৰিয়া, ৩৫ কেজি একক ছুপাৰ ফছফেট আৰু ১১ কেজি মিউৰিয়েট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। মাটিডৰা পৰিষ্কাৰ কৰি শেষৰবাৰ হাল বোৱাৰ সময়ত আটাইখিনি পচন সাৰ, আধাভাগ ইউৰিয়া, গোটেইখিনি ছুপাৰ ফছফেট আৰু পটাছ সাৰ প্ৰয়োগ কৰি মৈয়াই দিব লাগে। বাকী আধা অংশ ইউৰিয়া আদা ৰোপণ কৰাৰ দুমাহ পাছত মাটি চপোৱাৰ সময়ত দুটা শাৰীৰ মাজত প্ৰয়োগ কৰি মাটিত মিহলাই দিব লাগে।

পৰিচৰ্যাঃ আদা ৰোৱাৰ পাছত শুকান গছপাত, মেটেকা, তুঁহ আদিৰে ঢাকি দিব লাগে। ইয়াক মালচিং কৰা বুলিও কোৱা হয়। ৰোপণ কৰাৰ ৪০-৪৫ দিন পাছত বন-বাত নিৰাই পুনৰ মালচিং কৰিব লাগে আৰু আদাৰ গুৰিত মাটি চপাই দিব লাগে।

শস্য ৰক্ষাঃ মজা খোৱা পোক আৰু পাত মেৰোৱা পোকৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ ৰগৰ নামৰ দৰববিধ চাহ চামুচেৰে এচামুচ ১০ লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব লাগে।

- ৰাইজোম ৰট ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰোগৰ লক্ষণ দেখিলেই ২০ গ্ৰাম ইণ্ডোফিল এম-৪৫ দৰব ১০ লিটাৰ পানীৰ হিচাপত মিহলাই সেই মিশ্ৰণ গছৰ গুৰি তিতি যোৱাকৈ মাটিত ঢালি দিব লাগে। এক শতাংশ শক্তিৰ বৰডো মিশ্ৰণ মাজে মাজে মাটিত ছটিয়াই থাকিলেও এই বেমাৰ প্ৰতিৰোধ কৰিব পাৰি।

- আদাখিনি ৰোৱাৰ আগতে ইণ্ডোফিল এম-৪৫ দৰবৰ ০.২ শতাংশ মিশ্ৰণত আধা ঘণ্টা তিয়াই ৰাখিব লাগে।

-  বেছিকৈ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা পথাৰত পুনৰ আদাৰ খেতি কৰিব নালাগে।

শস্য চপোৱা কাৰ্যঃ খেতি আৰম্ভ কৰাৰ ৮-৯ মাহ পাছত পাতবোৰ হালধীয়া পৰি আদাৰ গছবোৰ মৰিবলৈ আৰম্ভ কৰিলে বুজিব লাগিব যে খেতি চপোৱাৰ সময় হৈছে। মাটি খান্দি আদা চপোৱাৰ পাছত লাগি থকা মাটি আদি আঁতৰাই পৰিষ্কাৰ কৰি ৰ’দত ভালকৈ শুকুৱাব। তাৰ পাছত ভালদৰে মজুত কৰিব অথবা বিক্ৰীৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

(উৎসঃ অসমীয়া খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate