অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতা চৰাই পালন :

বতা চৰাই পালন :

 

পৰিচয় -

সেই যে তাহানিতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত পঢ়িছিলো-

‘হুৰ হুৰ বতা চৰাই

মোৰ ধান নাখাবি

তোক দিম গোটাকৰাই’।

ইয়াৰ্ পৰাই বুজিব পাৰি সেই তাহানিৰ পৰাই ই অসমৰ জনসাধাৰণৰ লগত পৰিচিত। ই হ’ল বতানি বা উলুৱনীৰ মাজত থকা এবিধ সৰু চৰাই। ধানৰ উপৰি গোটাকৰাই বা মাহকৰাই ই খায়। মেঘালয়, মিজোৰাম, অৰুণাচল, কাৰ্বি আংলং আদি পাহাৰীয়া জিলাকেইখনত অতীজৰে পৰাই হাঁহ, কুকুৰা, পাৰ পোহাৰ দৰে বতা চৰাইও পুহিছিল বুলি জানিব পৰা গৈছে। সেই বতা চৰাইৰ গোটেই পৃথিৱীতে প্ৰায় পোন্ধৰটামান জাত আছে যদিও জাপানী বতা চৰাই পালন কৰাটো আটাইতকৈ সুবিধাজনক।

বতা চৰাই বৰ সৰু। ই ওখ প্ৰায় ১০-১৭ ছেন্টিমিটাৰ। ইয়াৰ সামান্য পৰিমাণত মাংস আৰু উজ্জ্বল সৰু কণীৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাইত বতা চৰাই পালন কৰা হয়। দুমাহ বয়স হোৱাৰ পিছৰে পৰাই ই কণী পাৰিবলৈ আৰম্ভ কৰে।

ধান, মাহ, সৰিয়হ, ফল-ফুল আদিৰ উপৰিও পোক-পৰুৱা আদিৰ উপৰিও পোক-পৰুৱা আদিও ই ভক্ষণ কৰে।

বতা চৰাইৰ বৈজ্ঞানিক নাম- Coturnix Coturnix.

আকাৰ ১০-২০ ছেন্টিমিটাৰ।

ওজন- ৭০-১৪০ গ্ৰাম।

আয়ুস- ৩-৪ বছৰ।

গাৰ ৰং- মুগা, ক’লা, বগা, নীলা।

মতা-মাইকীৰ চিন- বুকুত ৰেখা থাকিলে মাইকী। ৰেখা নাথাকিলে মতা। মতাৰ তুলনাত মাইকী ডাঙৰ।

আৱশ্যকীয় সা-সৰঞ্জাম -

সজা :

৫ ফুট দীঘল, ৩ ফুট বহল, ১ ফুট সজা এটা জালেৰে বনাব লাগিব। এনেকুৱা একোটা সজাত ৫০টা বতা চৰাই ৰাখিব পাৰি। আৱশ্যক অনুসৰি কেবাটাও স্তৰ বনাব পাৰি।

যদি পোৱালি পাব খোজা হয়, তেনেহ’লে incubator যন্ত্ৰৰ প্ৰয়োজন। ইয়াৰ জৰিয়তে একেলগে বহুতো কণী জগাব পাৰি। অৱশ্য মিনি incubatorও পোৱা যায়। incubator যোগান ধৰা প্ৰতিষ্ঠান হ’ল S.R. Incubators. Jayanagar, Guwahati.

খাদ্য:

খুদ, মল, খলিহৈ, মাকৈৰ গুড়ি, চয়াবিনৰ গুড়ি, শামুকৰ গুড়ি ইত্যাদি।

কণীৰ উৎপাদন -

বতা চৰায়ে প্ৰথম বছৰত প্ৰায় ২৮০ টা কণী পাৰে। কিন্তু দ্বিতীয় বছৰৰ পৰা উৎপাদন কমি আহে। প্ৰায় ডেৰ বছৰ বয়স হ’লে ইয়াক মাংসৰ কাৰণে বিক্ৰী কৰি দিয়া ভাল।

বতা চৰাই সৰু যদিও এযোৰ পাৰ চৰাইৰ তুলনাত এযোৰ বতা চৰাইৰ পৰা অধিক মাংস পোৱা যায়। সৰু ল’ৰা-ছোৱালী, গৰ্ভৱতী মহিলা, ৰোগীৰ কাৰণেও ই পুষ্টিকৰ খাদ্য।

বতা চৰাইৰ কণীয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ উপৰিও মধুমেহ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। মুঠৰ ওপৰত আমি ইয়াকে ক’ব পাৰো যে শিশুৰ পৰা আৰম্ভ কৰি ৰোগী-নিৰোগী, বৃদ্ধ আদি সকলোৱেই বতা চৰাইৰ কণী খাব পাৰে।

উপকাৰিতা -

বতা চৰাইৰ মাংস আৰু কণী শিশুৰ খাদ্য আৰু ৰোগীৰ পথ্য বুলি ক’ব পাৰি। গৰ্ভৱতী মহিলাৰ কাৰণেও ই উপকাৰী। ১০ গ্ৰাম ৰন্ধা মাংসত:

কেল’ৰি- ২২৭

চৰ্বি: ১৪ গ্ৰাম

কাৰ্ব’হাইড্ৰেট- ০

প্ৰ’টিন- ২৫ গ্ৰাম থাকে।

বতা চৰাইৰ কণীৰ গুণাগুণ:

বজাৰত –সাধাৰণতে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ফাৰ্মৰ কণীৰ পয়োভৰেই বেছি। অলপ-অচৰপ থলুৱা কণী পোৱা যায় যদিও সেয়া একেবাৰে কম। বহুতেই হাঁহৰ কণী খাবলৈ নিবিচাৰে। তাৰোপৰি দুখৰ বিষয়, প্লাষ্টিকৰ কণীও হেনো অসাধু লোকে বজাৰত মেলি দিছে। সেয়েহে বতা চৰাইৰ কণী যিয়ে এবাৰ খাইছে, তেনে লোকে অন্য চৰাইৰ কণী খাবলৈ নিবিচৰে।

বতা চৰাইৰ কণীৰ পৰিপুষ্টিৰ মূল্যাংকন এনেধৰণৰ-

প্ৰতি ১০০ গ্ৰামত

কেল’ৰি- ১৫৪

চৰ্বি- ১১ গ্ৰাম

কাৰ্ব’হাইড্ৰেট- ০.৪ গ্ৰাম

প্ৰ’টিন- ১৩ গ্ৰাম।

বতা চৰাই পালন কৰাৰ সুবিধা -

*ই যিহেতু সৰু চৰাই, সেয়েহে কম ঠাইতে ইয়াক পালন কৰিব পাৰি।

*কম মূলধনৰ প্ৰয়োজন।

*মহিলাসকলে সহজে ইয়াক পালন কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে।

*পাঁচ সপ্তাহত ই বিক্ৰীৰ কাৰণে উপযুক্ত হয়।

*কমদিনতে ই যৌৱনপ্ৰাপ্ত হয় আৰু ৬-৭ সপ্তাহত কণী পাৰিবলৈ আৰম্ভ কৰে।

*কণী সৰু যদিও কুকুৰা কণীৰ দৰে একে মূল্যমানৰ।

*খাদ্য তথা আনুষংগিক খৰচ কম কাৰণে অতি সামান্য মূলধনেৰে বতা চৰাইৰ ফাৰ্ম এখন খুলিব পাৰি।

অসমত বতা চৰাই পালন -

বতা চৰাইৰ পালনকৰ্তা হিচাপে প্ৰথমেই উল্লেখ কৰিব লাগিব মৰিগাঁৱৰ এজন উদ্যমী, উদ্যোগী যুৱক সোণাৰাম বণিয়া তথা তেওঁৰ পত্নীৰ নাম। যিয়ে চাকৰিৰ পিছত ঘূৰি নুফুৰি বতা চৰাই পালন কৰাৰ লগতে হাঁহ-কুকুৰা পালন, গো-পালন, মৎস্য পালন, বিভিন্ন ধৰণৰ কৃষি আদিৰ লগত জড়িত থকাৰ লগতে কেবাজনো যুৱক-যুৱতীক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। কাগজে-পত্ৰয়ো তেওঁৰ কথা প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে।

বতা চৰাইৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ’ল -

সেইবিষয়ে জানিব বিচৰাত শ্ৰী বৰ্ণিয়াই শ্ৰদ্ধাৰে উল্লেখ কৰিছিল মৰিগাঁৱৰ কৃষিবিজ্ঞান কেন্দ্ৰৰ অতনু শৰ্মা, মধুস্মিতা শৰ্মা, সুশান্ত বিমল দাস আৰু পশু চিকিৎসক নীলোৎপল কাকতিৰ নাম। এইসকল ব্যক্তিৰ দিহা-পৰামৰ্শ আজি তেওঁ এখন সুন্দৰ বতা চৰাই পালন ফৰ্মে গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও এতিয়া কোনো অসুবিধা পোৱা নাই।

আন ১০-১২ টা পৰিয়ালেও মৰিগাঁৱত বতা চৰাই পালন কৰে। তাৰোপৰি শুৱালকুছি, কাৰ্বি আংলঙতো বতা চৰাইৰ পাম গঢ় লৈ উঠিছে।

বতা চৰাই পালন কৰা আন এজন উৎসাহী উচ্চাকাংক্ষী যুৱক হ’ল গুৱাহাটীৰ জয়ানগৰ চাৰিআলি নিবাসীৱ ৰাহুল আমিন চৌধুৰী। বাংগালোৰৰ এখন শিক্ষানুষ্ঠান পৰা বি বি এম ডিগ্ৰী লোৱাৰ পিছত কিছুদিন এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰে যদিও সেয়া ভাল নলগাত নিজে কিবা কৰাৰ চিন্তা-চৰ্চা কৰে। যাৰ ফলত জন্ম হয় S.R. Incubator নামৰ প্ৰতিষ্ঠানৰ। বতা চৰাই পালন কৰাৰ লগতে তেওঁ বিভিন্ন ধৰণৰ কণী উমনি দি পোৱালি জগোৱা যন্ত্ৰ, পোহনীয়া চৰাইৰ খাদ্য, পুহিবৰ কাৰণে, মাংসৰ কাৰণে চৰাই তথা কণীও যোগান ধৰে। বৰ্তমান তেওঁৰ ব্যৱসায় অসমৰ লগতে মেঘালয়, মিজোৰাম, অৰুণাচল আদি প্ৰদেশলৈও বিস্তৃত।

*সিজুবাৰী গুৱাহাটীৰ জাহাংগীৰ খান হ’ল আন এজন উদ্যোগী লোক- যিয়ে সুন্দৰভাৱে বতা চৰাই পালন ফাৰ্ম এখন গঢ়ি তুলিছে। চৰাই, কণী আদিৰ লগতে ইয়াৰ লগত সম্বন্ধীয় যন্ত্ৰপাতি, খাদ্য আদিও তেওঁ যোগান ধৰে। ম’বাইল নং ৮৮১২৮২৭৪২৮।

*গড়চুক, গুৱাহাটীৰ আন এজন ব্যক্তি বিদ্যু গগৈৰো বতা চৰাই কৰা পাম আছে। ম’বাইল নং- ৭০০২১১৮৫৯৮।

*ৰাহুল আমিন চৌধুৰী, বতা চৰাই পালন তথা সা-সামগ্ৰী যোগান ধৰোতা, জয়ানগৰ, গুৱাহাটী। ম’বাইল নম্বৰ- ৮০১১০১৬১৭০।

ব্যৱসায় ক্ষেত্ৰ -

পাইকাৰী হাৰত বতা চৰাইৰ একোটা কণীৰ মূল্য ৫ টকা আৰু একোটা চৰাইৰ মূল্য ১০০ টকা। গুৱাহাটীত একোটা বতা চৰাই ১৫০ টকালৈকে আৰু একোটা কণী ১০ টকালৈকে বিক্ৰী কৰে। প্ৰথম অৱস্থাত বিক্ৰীৰ বাবে কিছু অসুবিধা হৈছিল যদিও আজিকালি চাহিদা অনুপাতে যোগান ধৰিব পৰা নাযায়।

প্ৰশিক্ষণ -

প্ৰশিক্ষণ তথা অন্য সা-সুবিধাৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ যোগাযোগ কৰিব পাৰে-

United gramya Prasikshan Kendra, Marigoan.

যোগাযোগ কৰিব পাৰে-

*কৃষিবিজ্ঞান কেন্দ্ৰ, কাঁহীকুছি।

*হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, সঞ্চালক, সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট। ম’বাইল নম্বৰ- ৯৯৫৭২৩০০৯৪।

*ড° সুভাষ শইকীয়া, ম’বাইল নম্বৰ- ৯১০১৭৮৮৪৪০।

*পৰাগ শইকীয়া, ম’বাইল নম্বৰ- ৯১০১৭৮৭৭৭৬।

*ড° দেবেন সাপকোটা, অধ্যাপক, পশু চিকিৎসা মহাবিদ্যালয়, খানাপাৰা, ম’বাইল নম্বৰ- ৯৪৩৫৩০৯২৩৫।

মোখনি:

এইটো শুভ লক্ষণ যে আজিকালি অসমৰ যুৱক-যুৱতীয়ে বিভিন্ন ধৰণৰ ন ন উদ্যোগৰ লগত জড়িত হৈ পৰিছে। যিকোনো উদ্যোগ নাইবা কৰ্মত একান্তমনে লাগিলে সফলতা নিশ্চয় আহিব। বতা চৰাই কৰিও অসমৰ যুৱক-যুৱতীয়ে অৰ্থনৈতিক ক্ষেত্ৰত আৰু এখোপ আগবাঢ়ি যাব পাৰে।

লেখক: প্ৰদীপ ভূঞা(নন্দিনী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate