অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৌৰ প্ৰধান শত্ৰু, কোদোৰ সম্বন্ধিত কিছু কথা

মৌৰ প্ৰধান শত্ৰু, কোদোৰ সম্বন্ধিত কিছু কথা

 

মৌ-মাখিৰ শত্ৰুবোৰৰ ভিতৰত কোদোৱেই অসম তথা উত্তৰ-পূব ভাৰতত মৌবাহৰ যথেষ্ট অনিষ্ট সাধন কৰে। ফলত মৌপালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। ২০-২৫% মৌৰবাহ কোদোৰ কাৰণেই ধ্বংসপ্রাপ্ত হয়। গ্রীষ্মকালত কোদোৰ উপদ্ৰৱ বেছিকৈ হোৱা দেখা যায়। কোদোৱে এবাহ খোৰোঙীয়া মৌৰবাহ এঘণ্টাতে বিনষ্ট কৰিব পাৰে। গতিকে মৌপালকসকলৰ বাবে মৌমাখিবোৰক এই বিনষ্টকাৰী কোদোৰ পৰা ৰক্ষা কৰাটো নিতান্তই প্রয়োজন হৈ পৰে। প্ৰধানকৈ তিনিটা প্রজাতিৰ কোদোৱে আমাৰ পাহাৰ আৰু ভৈয়ামত থকা মৌ-মাখিক আক্রমণ কৰে। এই প্রজাতি কেইবিধৰ কিছুমানৰ গাঁতত আৰু কিছুমানে গছত বা ঘৰৰ মূধচত টেকেলি নিচিনা বাহ বনাই থাকে।

টেকেলি কোদো

 

কেলি কোদোৱে সাধাৰণতে গছ, ঘৰৰ মূধচ বা দেৱাল, গোহালি, ভঁৰাল আদিত বাহ সাজে৷ মাইকী কোদোসমূহ জেঠ মাহৰ পৰাই কর্মঠ হৈ উঠে৷ গৰ্ভৱতী মাইকীয়ে শীতৰ সময়ছোৱাত নিজৰ বাহতে অতিবাহিত কৰি বসন্তৰ আগমন আৰু তাপমাত্রা বৃদ্ধি হোৱাৰ লগে লগেই কার্যক্ষম হৈ পৰে আৰু পুৰণি বাহতেই নতুনকৈ বাহ সাজি মৌবাহলৈ আহি মৌমাখিবোৰ আগৰ দুই ঠেঙেৰে ধৰি পেটৰ পিছফালে থকা শুঙেৰে বিন্ধি অকামিলা কৰি পিছ ঠেঙেৰে ধৰি বাহলৈ লৈ যায়। ইহঁতৰ পিছতেই কৰ্মী কোদোৱে মৌমাখি অনুসৰণ কৰে। গাঁত কোদোৱে একো বাহ মৌ সৰ্বেংশে নিধন কৰা দেখা যায়। কোদোৰ উৎপাতত কেতিয়াবা মৌ-মাখিয়ে নিজ বাহ ত্যাগ কৰি অন্য নিৰাপদ স্থানলৈ গতি কৰা দেখা যায়।

গাঁত কোদো

 

পূৰ্ণাংগ গাঁত কোদো সাধাৰণতে ক’লা আৰু হালধীয়া ৰঙৰ মিশ্রণৰ হয় আৰু প্রায় ৫-৮ চেঃ মিঃ দৈর্ঘ্যৰ হয়। এই কোদোৱে হাবিৰ মাজত বা বাঁহনিত থকা গাঁতত বাহ সাজে সেইবাবে এই কোদোবোৰক ‘গাঁতোৱা” বুলিও কোৱা হয়। শীতকালত মাত্ৰ গৰ্ভৱতী মাইকী কোদোবোৰহে জীয়াই থাকে আৰু এই কোদোবোৰেই পিছলৈ কর্মঠ হৈ উঠে আৰু বংশ বৃদ্ধি কৰিবলৈ উদ্যত হয়। বহাগ, জেঠ মাহৰ পৰা বাহত কণী পাৰিবলৈ আৰম্ভ কৰে আৰু সেই কণীৰ পৰাই পলু ওলায়। সেই পলুবোৰক খুৱাই-জীয়াই ৰাখিবলৈ প্রথমে গৰ্ভৱতী কোদোবোৰ বহাগৰ আশে-পাশে বিচৰণ কৰে|

কেতিয়াবা আকৌ কোদোৱে নতুন বাহ সাজি কণী পাৰিবলৈ আৰম্ভ কৰে। এনে কণীৰ পৰা পলুবোৰ জেঠ মাহত বাহিৰ হয়। এই পলুবোৰৰ ক্ষুধা নিবাৰণৰ কাৰণে প্রথমে গৰ্ভৱতী মাইকী কোদোবোৰ মৌ বাকচৰ ওচৰলৈ গৈ কর্মী মৌবিলাকক সিহঁতৰ শুঙেৰে নিস্ক্রিয় কৰি পিছত দুই পিছ ঠেঙৰ মাজত ধৰি বাহলৈ লৈ যায়। এবাৰ মাইকী কোদোৱে মৌ বাকচৰ পৰা মৌ ধৰা কাম আৰম্ভ কৰিলে বাকী কোদোবোৰেও মৌ বাকচলৈ লানি ধৰে। কেতিয়াবা গোটেই মৌবাহটোক সমূলে নাশ কৰে। অথবা মৌবাহটোৱে কোদোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিজে বাহ ত্যাগ কৰা দেখা যায়। পূৰ্ণাংগ টেকেলি কোদোবোৰ ক’লা বৰণৰ আৰু পেটত হালধীয়া আঁচ একোটাকৈ থাকে আৰু ইহঁতৰ দৈর্ঘ্য প্রায় ৩ চেঃ মিঃ হ’ব।

নিয়ন্ত্রণ ব্যৱস্থা

 

কোদো আক্ৰমণৰ পৰা মৌবাহ নিৰাপদে ৰাখিবলৈ হ’লে তলত উল্লেখ কৰা উপায়সমূহ গ্রহণ কৰিব কৰিব লাগে।

১) নি:শব্দভাৱে মৌবাহৰ আশে-পাশে থকা কোদো বাহসমূহ প্রায় ২ কিঃমিঃলৈকে অনুসন্ধান কৰিব লাগে। এই বাহবোৰ ঠিক বহাগ-জেঠ মাহতেই বনাবলৈ লওঁতে ভাঙি পেলাব লাগে|

২) খাদ্য অনুসৰণ কৰা ৰাণী কোদোৰ মৌ বাহৰ ওচৰলৈ আহোঁতে মৰিয়াই মাৰিব লাগে।

৩) মাছ, মাংসৰ টুকুৰাৰ লগত কীটনাশক দ্ৰৱ্যৰ মিশ্রণৰ টোপ তৈয়াৰ কৰি বহল মুখৰ বটলত ঢালি মৌ বাকচৰ ওচৰত থৈ দিব লাগে। এনে টোপত মৌমাখি ধৰিবলৈ অহা কোদোবোৰ গোন্ধত আকৃষ্ট হৈ বটলত সোমাই টোপৰ মিশ্রণত পাখিবোৰ লাগি ধৰি মৃত্যুবৰণ কৰে।

৪) মৌবাহৰ সন্মুখত নাইলন বা লোৰ জাল (১ চেঃ মিঃ ব্যাসৰ) দি মৌবাহত ইহঁতৰ প্ৰৱেশ বন্ধ কৰিব পাৰি।

৫) কোদো বাহবোৰ দেখা পালে কেৰাচিনৰ জোঁৰ জ্বলাই নাইবা বাহবোৰত কীটনাশক ঔষধ প্রয়োগ কৰি কোদো বাহবোৰ ধ্বংস কৰি পেলাব পাৰি।

ব্যৱসায়িক ভিত্তিক মৌপালন কৰিবলৈ হ’লে আমাৰ কৃষক মৌপালকসকলে এই মৌমাখিৰ শত্ৰুৰ পৰা মৌবাহবোৰক ৰক্ষা কৰিব পাৰিলেহে ইয়াৰ দ্বাৰা উপকৃত হ'ব।

লিখকসকল: ড° ডেনিস ৰাজখোৱা আৰু ড° মুকুল কুমাৰ ডেকা, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate