কিছু বছৰৰ পৰা উত্তৰ-পূব ভাৰতত সংহত মাছ পালনে দৃষ্টি আকৰ্ষণ কৰিছে। পশুপালন ভিত্তিক বিভিন্ন পদ্ধতিৰ ভিতৰত মাছ আৰু হাঁহ একেলগে পালন কৰাটো মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা পাইছে।
পাম বৰ্জ্জিত পদাৰ্থ বিলাকৰ উৎপাদনমূখী কামত পুনঃ ব্যৱহাৰ কৰাৰ নীতিৰ ওপৰত উদ্ভূত সংহত মাছ-পশুধন পালন পদ্ধতিটো মাছ পালনৰ বাবে অতিকৈ নিশ্চিত প্ৰযুক্তি বুলি চিহ্নিত হৈছে। এই প্ৰযুক্তিত পুখুৰীৰ পাৰত পালন কৰা পশুধনৰ পৰা পোৱা বৰ্জ্জিত পদাৰ্থখিনি পুখুৰীত ব্যাৱহাৰ কৰি অইন একো পুষ্টি ব্যৱহাৰ নকৰাকৈ লাভজনক ভাৱে মাছ পালন কৰিব পাৰি।
ঐক্যবদ্ধ ধান-মাছ পালনে পৰিয়ালৰ আয় বঢ়াব পাৰে, খাদ্য আৰু পুষ্টিৰ নিৰাপত্তা দানত অৰিহনা যোগাব পাৰে আৰু উন্নতধৰনৰ ধান উৎপাদনৰ স্থায়ীত্ব অনাত অৰিহনা যোগাব পাৰে। সাধাৰণতে ধান খেতিত মাছ পালনৰ বাবে দুটা পদ্ধতিৰ কথা অনুমোদন কৰা হয়। সেই বিলাক হ’ল সমসাময়িক বা লগে-ভাগে কৰা পদ্ধতি আৰু পয্যায় ক্ৰম বা ঘূৰ্ণন পদ্ধতি।
এইটো পদ্ধতিত পুখুৰিৰ ওপৰত বা পাৰত কুকুৰা পুহি কেৱল কুকুৰাৰ বিষ্ঠা বা লিটাৰ ব্যৱহাৰ কৰি মাছ পালনটো সংযুক্ত কৰা হয়। এই পদ্ধতি অৱলম্বন কৰি প্ৰতি হেক্টৰ জোৰা পুখুৰিৰ পৰা এবছৰত 3500 ৰ পৰা 4000 কি.গ্ৰাম মাছ, 20000 তকৈ অধিক কণী আৰু প্ৰায় 1250 কি.গ্ৰাম (জীৱন্ত ওজন) কুকুৰাৰ মাংস পাব পাৰি।