অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত সমবায়ভিত্তিত দুগ্ধ উৎপাদন: সম্ভাৱনা আৰু প্ৰত্যাহ্বান

অসমত সমবায়ভিত্তিত দুগ্ধ উৎপাদন: সম্ভাৱনা আৰু প্ৰত্যাহ্বান

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে এজন নিৰোগী প্ৰাপ্ত বয়স্ক লোকক দৈনিক ২০৮ গ্ৰাম গাখীৰৰ প্ৰয়োজন। কিন্ত ইয়াৰ বিপৰীতে অসমত গড়ে এজন ব্যক্তিৰ বাবে উপলব্ধ গাখীৰৰ পৰিমাণ হ’ল ৭০ গ্ৰাম। ৰাজ্য খনত চাহিদা অনুসৰি গাখীৰৰ উৎপাদন যথেষ্ট কম হোৱা হেতুকেই গাখীৰৰ জনমুৰি গড় উপলব্ধতাৰ পৰিমাণ ইমান কম বুলি কোৱা হৈছে। এনে প্ৰেক্ষাপটত অসমত সমবায় ভিত্তিত দুগ্ধ উৎপাদনৰ প্ৰসংগটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে।

অসমত মৰিগাঁও জিলাৰ জাগীৰোডত ১৯৫৮ চনতেই স্থাপন কৰা হৈছিল সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি। গৌৰৱোজ্জ্বল ৫৫ টা বছৰ অতিক্ৰম কৰা এই দুগ্ধ উৎপাদক সমবায় সমিতি খন বিশিষ্ট সমাজ সেৱক নন্দলাল উপাধ্যায়ৰ নেতৃত্বত ১৪ জন সদস্যৰে গঠন কৰা হৈছিল। সম্প্ৰতি এই সমবায় সমিতি খনৰ ৬৫০ জন দুগ্ধ উৎপাদক গো-পালক আছে আৰু সমিতি খনে পৰোক্ষ ভাৱে দুহাজাৰ টা পৰিয়ালক জীৱিকা অৰ্জনৰ সুযোগ আগবঢ়াইছে। বৰ্তমান বছৰি প্ৰায় ১৬ কোটি টকাৰ ব্যৱসায় কৰা এই দুগ্ধ  উৎপাদক সমবায় সমিতি খনে অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ দিশতো অৰিহণা যোগাই আহিছে। ২০০০ চন লৈকে সীতাজখলাক বাদ দি ৰাজ্য খনৰ আন অঞ্চলত তেনে কোনো লেখত ল’ব লগীয়া দুগ্ধ উৎপাদক সমবায় সমিতি গঢ় লৈ উঠা নাছিল আৰু সমবায় ভিত্তিক দুগ্ধ উৎপাদনৰ ধাৰণাটোৱেও বিশেষ গতি লাভ কৰা নাছিল।

২০০০ বৰ্ষৰ পাছৰ পৰা ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু দুগ্ধ উন্নয়ন বিভাগৰ সমন্বিত প্ৰচেষ্টাত ৰাজ্য খনত সমবায় ভিত্তিত দুগ্ধ উৎপাদনৰ ধাৰণাটোৱে গো-পালকৰ মাজত জনপ্ৰিয়তা আৰু বিশ্বাস যোগ্যতা অৰ্জন কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান ৰাজ্য খনত ৩১২ খন দুগ্ধ উৎপাদক সমবায় সমিতি আছে আৰু কেতবোৰ অঞ্চলত দুগ্ধ উৎপাদক সমবায় সমিতি সমূহে উল্লেখনীয় সফলতা অৰ্জন কৰি নীৰৱে এক শ্বেত বিপ্লৱৰ সূচনা কৰিছে। এই ক্ষেত্ৰত বৰপেটা জিলাৰ বজালী মহকুমাৰ বজালী দুগ্ধ উৎপাদক সমন্বয় ৰক্ষী সমিতি আৰু শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সোন্দৰ পুখুৰী দুগ্ধ সমবায় সমিতিৰ নাম উল্লেখ যোগ্য।

ৰাজ্য খনত ৰুপায়ণ হৈ থকা অসম গ্ৰাম্য আন্তঃগাঁঠনি আৰু কৃষি সেৱা প্ৰকল্পৰ অধীনত পশুপালন আৰু পশু চিকিৎসা বিভাগে ২০০২ চনৰ পৰা ৰুপায়ণ কৰিবলৈ লোৱা ‘স্বৰ্ণধেনু’ আঁচনিৰ ফলত বজালী অঞ্চলত গাখীৰৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি হ’লেও সুস্থিৰ আৰু নিৰ্ভৰযোগ্য বজাৰৰ অভাৱত গো-পালক সকলে লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছিল। গো-পালক সকলে অতি কম দামত গাখীৰ বিক্ৰী কৰিবলৈ বাধ্য হোৱাৰ উপৰিও বহু কম সময়ত গাখীৰ বিক্ৰী কৰি লাভ কৰিব লগীয়া ধনো অনাদায় হৈ আছিল। এনে এটা অৱস্থাত এই গো-পালক সকলে পশু পালন আৰু পশু চিকিৎসা বিভাগ আৰু অসামৰিক প্ৰশাসনৰ সহযোগত ২০০২ চনৰ ৭ মাৰ্চ তাৰিখে ‘বজালী দুগ্ধ উৎপাদক্সমবায় সমিতি’ নামেৰে এখন সমবায় সমিতি গঠন কৰে। প্ৰথম দিনা সংগ্ৰহ হয় মাত্ৰ ১৭ লিটাৰ গাখীৰ। সমবায় সমিতি খনে গো-পালকৰ পৰা গাখীৰ সংগ্ৰহ কৰি স্থানীয় ভাৱে বিক্ৰীৰ ব্যৱস্থা কৰে যদিও উপযুক্ত বজাৰৰ অভাৱত দিনে প্ৰায় ১০০-১৫০ লিটাৰ গাখীৰ নষ্ট হৈ গৈছিল। সমবায় সমিতি খনৰ এনে সংকট পূৰ্ণ সময়তে ডাঃ হিতেশ পাঠকে অঞ্চলটোত সম্প্ৰসাৰণ বিষয়া (পশুপালন) হিচাপে কৰ্তব্যত যোগদান কৰে আৰু গো-পালক সকলৰ সমস্যা সমূহ অনুধাৱন কৰি সমাধানৰ বাবে আগবাঢ়ে। বৰ্তমানৰ বজালী দুগ্ধ উৎপাদক সমন্বয়কাৰী সমিতিৰ মূল খনিকৰ বুলি অভিহিত কৰিব পৰা ডাঃ পাঠকে গো-পালক সকলৰ মাজত সমবায় ভিত্তিক দুগ্ধ পামৰ ধাৰণাটোৰ বুৱহাৰিক দিশ সমূহ ফলপ্ৰসু ভাৱে প্ৰয়োগ কৰি তেওঁলোকক সংগঠিত কৰি তোলে। ইয়াৰেই ফলশ্ৰুতিত সমবায় খনৰ দ্বাৰা উৎপাদিত গাখীৰ নলবাৰীৰ মধু ডেইৰী, বৰপেটাৰ ক্লাৱ ৰাইনো, সৰভোগৰ অসমী ডেইৰী আদিৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হয় আৰু গো-পালক সকলৰ বজাৰৰ সমস্যাটো কিছু পৰিমাণে লাগকৱ হয়।

২০০৪ চনত বিশ্ব বেংকৰ অসম কৃষি সামৰ্থ বৰ্দ্ধক প্ৰকল্পৰ অধীনত ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু দুগ্ধ উন্নয়ন বিভাগৰ উদ্যোগত বজালী দুগ্ধ উৎপাদক সমবায় সমিতি খনক কেইবা খনো সৰু সৰু সমিতিত ভাগ কৰা হয়। বৰ্তমান অঞ্চলটোত এনেকুৱা মুঠ ১৮ খন দুগ্ধ সমবায় সমিতি আছে। ২০০৫ চনৰ ১ জানুৱাৰীত বজালী অঞ্চলৰ প্ৰতি খন দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি আৰু সম্পাদক সকলক সদস্য হিচাপে লৈ ‘বজালী দুগ্ধ উৎপাদক সমন্বয়ৰক্ষী সমিতি’ গঠন কৰা হয়। এই সমন্বয় ৰক্ষী সমিতি খনৰ অধীনত অঞ্চলটোৰ দুগ্ধ উৎপাদক সমবায় সমিতি সমূহে প্ৰতিদিনে ২৫০০০ লিটাৰতকৈও অধিক গাখীৰ উৎপাদন কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। সমিতি খনে দৈনিক প্ৰায় ৬০০০ লিটাৰ গাখীৰ গুৱাহাটীৰ পূৰবী ডেইৰীক যোগান ধৰি অহাৰ লগতে পূৰবী ডেইৰীৰ পৰা ৪ শতাংশ চৰ্বি আৰু ৮.৫ শতাংশ এছ. এন. এফ. ৰ ওপৰত ভিত্তি কৰি প্ৰতি লিটাৰ গাখীৰৰ বাবে গো-পালক সকলক ২৮.৫০ টকা মূল্য দি আহিছে।

পশুপালন আৰু পশু চিকিৎসা বিভাগে গো-পালক সকলক অ’টছ, ৰীণা আদি উন্নত ঘাঁহৰ বীজ বিনামূলীয়াকৈ যোগান ধৰাৰ উপৰিও বহুতো গো-পালকক বিজ্ঞান সন্মত প্ৰশিক্ষণ আগবঢ়াইছে। সমিতিৰ কেই গৰাকী মান সদস্য গো-পালকক দুগ্ধ উন্নয়ন বিভাগে দুগ্ধ উৎপাদনৰ চাক্ষুস অভিজ্ঞতা অৰ্জনৰ বাবে গুজৰাটৰ আনন্দত থকা ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদলৈও প্ৰেৰণ কৰিছে। তদুপৰি পশু চিকিৎসা বিষয়া ডাঃ হিতেশ পাঠক আৰু সমবায় সমিতি সমূহৰ উদ্যোগত কেইবা খনো সমিতিৰ সদস্য গো-পালকে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ দুগ্ধ উদ্যোগী উন্নয়ন আঁচনি, অসম চৰকাৰৰ নিশ্চিত নিয়োগ আঁচনি আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। সমন্বয়ৰক্ষী সমিতি খনে গো-পালক সদস্য সকলক যোগান বিভাগৰ পৰা লাভ কৰা সুলভ মূল্যৰ চাপৰ আদিও যোগান ধৰি আহিছে। গো-পালক সকলক উপযুক্ত মূল্যত মান বিশিষ্ট দানা দিবলৈ দুই এখন সমিতিয়ে দানা প্ৰস্ত্তত কৰা কাৰখানাও স্থাপন কৰিছে।

ৰাজ্য খনৰ শ্বেত বিল্পৱক বিশিষ্ট মাত্ৰা প্ৰদান কৰা বজালীৰ এই সমন্বয়ৰক্ষী সমিতিৰ সদস্য ভাৰত কলিতাই ৰাষ্ট্ৰীয় পৰ্যযয়ত শ্ৰেষ্ঠ গো-পালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সমবায় ভিত্তিক দুগ্ধ উৎপাদনৰ এনে সফলতাৰ বিষয়ে জানিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ আগ্ৰহী লোকৰ বাবে সমন্বয়ৰক্ষী সমিতিয়ে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে।

২০১৪ চনৰ ৩ ডিচেম্বৰত বজালী দুগ্ধ উৎপাদক সমন্বয়ৰক্ষী সমিতিৰ অষ্টম বাৰ্ষিক অধিবেশন খন বেজকুছিত অনুষ্ঠিত হৈ যায় আৰু ইয়াত অসমৰ তদানীন্তন মানৱীয় ৰাজ্যপাল জানকী বল্লভ পাটনায়ক উপস্থিত থাকি অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। ৰাজ্যপাল গৰাকীয়ে হিমালয় দুগ্ধ উৎপাদক সমবায় সমিতিৰ এগৰাকী সদস্য বিমল শৰ্মাৰ ঘৰত উপস্থিত হৈ মত বিনিময় কৰে।

সমবায় ভিত্তিত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা আন এখন সমবায় সমিতি হ’ল নাজিৰাৰ সোন্দৰ পুখুৰী দুগ্ধ সমবায় সমিতি। নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনৰ নেতৃত্বত ২০০৪ চনৰ ১৩ জুলাইত ১২ গৰাকী সদস্য আৰু দিনে মাত্ৰ ৫৬ গাখীৰ উৎপাদনেৰে আৰম্ভ কৰা এই সমবায় সমিতি খনৰ বৰ্তমান সদস্য সংখ্যা ২৪৫ জন আৰু সমিতি খনে দৈনিক ১৪০০ লিটাৰ গাখীৰ উৎপাদন কৰে। বছৰি প্ৰায় ডেৰ কোটি টকাৰ ব্যৱসায় কৰা এই সমিতি খনে দৰিদ্ৰ্য সীমা ৰেখাৰ তলৰ ২৪৫ টা পৰিয়ালক জীৱিকা নিৰ্বাহৰ সুযোগ আগবঢ়াইছে। ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আনুষ্ঠানিক ভাবে মুকলি কৰা সমিতি খনৰ ‘কাৰেং’ নামৰ পেষ্টুৰাইজদ পেকেট গাখীৰে আঞ্চলটোত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে। পেষ্টুৰাইজদ পেকেট গাখীৰ প্ৰস্ত্তত কৰা এই খনেই ৰাজ্যৰ প্ৰথম খন প্ৰাথমিক দুগ্ধ উৎপাদক সমবায় সমিতি। সমিতি খনৰ কাম-কাজৰ অধিক সম্প্ৰদায়ৰ বাবে শিৱসাগৰ জিলাৰ ছগৰাকী বিধায়কে নিজৰ নিজৰ এলেকা উন্নয়ন পুঁজিৰ পৰা ৫ লাখকৈ টকা অনুদান হিচাপে আগবঢ়াইছে। সমিতি খনৰ অন্তৰ্গত নিৰ্মলীয়া গাঁৱৰ বিনোদ দত্ত নামৰ গো-পালক জনে উন্নত গাই গৰু পালন কৰি মাহে ৫৮,৮৪৮।০০ টকাকৈ উপাৰ্জন কৰা কথাটোৱে দুগ্ধ উৎপাদক সমবায় সমিতি খনে গো-পালক সকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা শক্তিশালী ভূমিকাৰ কথাকে সূচায়।

অসমত সমবায় ভিত্তিত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত থকা সমস্যাসমূহ:

১) গাখীৰৰ উপযুক্ত মূল্য আৰু সুস্থিৰ বজাৰৰ অভাৱ : বৰ্তমান ৰাজ্য খনত প্ৰ্তি লিটাৰ গাখীৰৰ উৎপাদন ব্যয় গড় হিচাপত ২৩-২৬ টকা। কিন্ত বজালী মহকুমাৰ গো-পালক সকলে প্ৰতি লিটাৰ গাখীৰ বিক্ৰী কৰি লাভ কৰে ২৮.৫০ টকা- যিটো মুঠেও উৎসাহ জনক নহয়। আনহাতে, কামৰুপ জিলাৰ চেচা আৰু কমলপুৰ অঞ্চলত গাখীৰৰ খুচুৰা মূল্য ২৫-৩০ টকা হোৱাৰ বিপৰীতে গোৱালপাৰা চহৰত প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৫০ টকা পৰ্যন্ত হোৱাও দেখা গৈছে। কিন্ত্ত গো-পালক সকল সদায়েই প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

২) গো-খাদ্য, সুষম দানা, ঔষধ আদিৰ ক্ৰম বৰ্দ্ধমান মূল্য।

৩) গাখীৰ উৎপাদন, গুণাগুণ পৰীক্ষা, সংগ্ৰহ, সৰবৰাহ আদিৰ বাবে প্ৰয়োজনীয় সঁজুলিৰ লগতে গাখীৰৰ সংৰক্ষণ কৰিবলৈ গাখীৰ শীতলী কৰণ যন্ত্ৰ, গাখীৰ সৰবৰাহ কৰা ইনচুলেটিং ভেন আদি আন্তঃগাঁথনিৰ অভাৱ।

৪) সঠিক সময়ত উন্নত ঘাঁহৰ বীজকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ।

৫) বিভিন্ন সংগঠনে দিয়া বন্ধ : বিভিন্ন সংগঠনে আহ্বান কৰা স্থানীয় বন্ধ বা অসম বন্ধৰ ফলত গাখীৰ ব্যৱহাৰৰ সৈতে জড়িত বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ বন্ধ ৰাখিব লগীয়া হোৱা বাবে গাখীৰৰ উৎপাদক আৰু ব্যৱসায়ী সকল এক অনাহুত ক্ষতিৰ সন্মুখীন হ’ব লগীয়া সমস্যা।

৬) গৰুৰ প্ৰতি পালনৰ বাবে প্ৰয়োজন হোৱা লোকৰ অভাৱ।

৭) গো-পালক সকলৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ অভাৱ।

সমাধানৰ পথ

১) ধান, মৰাপাট আদি কৃষি জাত সমাগ্ৰীৰ দৰে গাখীৰৰো ন্যূনতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ।

২) দুগ্ধ সমবায় সমিতিলৈ ৰেহাই মূল্যত দানা যোগান।

৩) গাখীৰৰ সৈতে জড়িত উৎপাদন আৰু বিপণন ব্যৱস্থাৰ উন্নীত কৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সৃষ্টি।

৪) ঘাঁহৰ বীজকে ধৰি প্ৰতিষেধক, দৰৱ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান।

৫) গাখীৰৰ বিক্ৰী বাধাগ্ৰস্ত নোহোৱাৰ বাবে উপায় য়দ্ভাৱন।

৬) গো-পালনক উপযুক্ত সামাজিক মৰ্যাদা প্ৰদান আৰু শিক্ষিত নিবনুৱা যুৱকক এই খণ্ডলৈ আকৰ্ষিত কৰাৰ প্ৰচেষ্টা।

৭) গো-পালকলৈ বিজ্ঞান সন্মত প্ৰশিক্ষণ আৰু দুগ্ধ উৎপাদনৰ চাক্ষুস অভিজ্ঞতা অৰ্জন কৰিবলৈ ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ সফল সমবায় ভিত্তিক অনুষ্ঠানলৈ প্ৰেৰণ।

লেখক: ডাঃ অৱনী কুমাৰ চৌধুৰী, ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়ৰ পশু চিকিৎসা বিষয়া, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate