অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰ উৎপাদনৰ বাবে ঘাঁহ খেতি

গাখীৰ উৎপাদনৰ বাবে ঘাঁহ খেতি

 

গাখীৰ উৎপাদনৰ বাবে সহজে খেতি কৰিব পৰা কেইবিধমান ঘাঁহৰ বিষয়ে এই চ’ৰাত ইতিমধ্যে উল্লেখ কৰা হৈছে। আমাৰ ৰাজ্যখনত সহজে কৰিব পৰা অন্য কেইবিধমান ঘাঁহৰ বিষয়ে তলত আলোকপাত কৰা হ’ল।

১) কংগ’ ছিগনেল

জলাশয়সমূহত দলঘাঁহ যেনেকৈ লহপহকৈ বাঢ়ে, সাৰুৱা বাম ঠাইতো তেনেকৈ কংগ’ ছিগনেল জাতৰ ঘাঁহ বাৰিষাৰ সময়ত লহপহকৈ বাঢ়ে। বহুবর্ষী এইবিধ ঘাঁহ খেতিও গুটিৰ পৰা কৰিব পাৰি যদিও সাধাৰণতে শিপাযুক্ত কাণ্ড ৰুই ইয়াৰ খেতি কৰা হয়। ইয়াৰ তীব্ৰগতিত বাঢ়ি যোৱা স্বভাৱৰ বাবে সোনকালেই ই খেতি কৰা ঠাইটুকুৰা আৱৰি ধৰে। এইবিধ ঘাঁহৰ ক্ষেত্ৰত এটা কথা লক্ষ্য কৰা যায় যে এই বিধ ঘাঁহৰ খেতি কৰা ঠাইত অন্যান্য অপতৃণ আদি সহজে গজিব নোৱাৰে আৰু সেইবাবেই ইয়াৰ পৰা অধিক উৎপাদনো লাভ কৰা যায়। ব’হাগ মাহেই এইবিধ ঘাঁহৰ খেতি কৰাৰ উপযুক্ত সময়। পানী জমা নোহোৱা-নোপজা মাটিত এইবিধ জাতৰ ঘাঁহৰ খেতি কৰিলে কেইবাবছৰলৈও উৎপাদন পাব পাৰি। খৰালি কালত এনে জাতৰ ঘাঁহৰ উৎপাদন হ্রাস পায় যদিও জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে কিছু উৎপাদন আশা কৰিব পাৰি। শুকান খেৰ বা চাইলেজ হিচাপে সংৰক্ষণ কৰি ৰাখিবলৈ কংগ’ ছিগনেল অতি উপযোগী। চেটেৰীয়াৰ নিচিনাকৈ উৎকৃষ্ট আঢ়ৈ ফুট ব্যৱধানত এইবিধ ঘাঁহৰ বীজ ৰোপণ কৰা উচিত।

(২) পাৰা ঘাঁহ

পাৰা এবিধ বহুবর্ষী সেউজীয়া ঘাঁহ। বছৰৰ সকলো সময়তে ইয়াৰ পৰা সেউজীয়া পুষ্টিকৰ ঘাঁহ আহৰণ কৰিব পাৰি। এইবিধ ঘাঁহ সাধাৰণতে সাৰুৱা দ পানী থকা মাটিত হয়। বহাগৰ পৰা আহাৰ মাহলৈ এইবিধ ঘাঁহৰ খেতিৰ বাবে উপযুক্ত সময়। খেতি কৰিবলৈ লোৱা মাটি ডৰা ভালদৰে চহাই বোকা কৰি ল’লে ভাল হয়। দ পানী বন্ধ হৈ থকা ঠাইত ৰুব পৰা পাৰাই একমাত্ৰ ঘাঁহ৷ খৰালি কালতো মাটি ডৰা সেমেকি থাকিলে বা অলপ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। ৫-৬ ফুট পানীৰ তলতো এইবিধ ঘাঁহ উৎপাদন হয়। ৰাসায়নিক সাৰ ইউৰিয়া প্রতি বিঘাই প্রতি ৮ কিল’গ্রাম প্রয়োগ কৰি নতুবা মাত্র গোবৰ সাৰ প্ৰয়োগ কৰিলেও ইয়াৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি। চেটেৰীয়াৰ নিচিনাকৈ শিপা যুক্ত কাণ্ড ৰোপণ কৰি ইয়াৰ খেতি কৰিব পাৰি। প্রায় ২০০০-২৫০০ টা শিপাযুক্ত কাণ্ড প্রতিবিঘা মাটিৰ বাবে প্রয়োজন হয়। প্রতি দুটা শাৰীৰ মাজৰ দূৰত্ব ৬০ ছেঃ মিঃ আৰু দুটা শিপাযুক্ত কাণ্ডৰ মাজৰ দূৰত্ব ৫০ ছেঃমিঃ হ’লে ভাল। অধিক খাদ্যপ্রাণযুক্ত এইবিধ ঘাঁহ ৰোৱাৰ তিনিমাহৰ পাছতে প্রথম কাটিব পাৰি। তাৰ পিছত ৩০ দিনৰ অন্তৰে অন্তৰে এইবিধ ঘাঁহ চপাই থাকিব পাৰি। এবিঘা মাটিত বছৰি প্ৰায় ১৫০ ৰ পৰা ২২০ কুইন্টল সেউজীয়া ঘাঁহ পাব পাৰি।

(৩) ৰীণা ঘাঁহ

গোমধানৰ দৰে সাদৃশ্য থকা ৰীণা এবিধ সেউজীয়া, কোমল আৰু পুষ্টিকৰ ঘাঁহ৷ পানী ওলাই যাব পৰা পলসুৱা বালিচহীয়া মাটি ৰীণা ঘাঁহৰ খেতিৰ বাবে অতি উপযোগী। বহাগ আৰু জেঠ মাহ ৰীণা ঘাঁহৰ খেতিৰ বাবে উপযুক্ত সময়। খেতিৰ বাবে উপযুক্ত মাটিডৰা ভালদৰে চহাই জাবৰ-জোথৰ সম্পূৰ্ণ ৰূপে আঁতৰাই পেলাব লাগে। পৰাপক্ষত মাটিডৰাৰ মাজে মাজে পানী ওলাই যাব পৰা নলাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। মাটিডৰা চহোৱাৰ পাছত বিঘাই প্রতি ৬ কুইণ্টল গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। প্রতি বিঘা মাটিত ১২ কিল’গ্ৰাম ৰাসায়নিক সাৰ ইউৰিয়া, ২৫ কিল'গ্ৰাম চুপাৰ ফচফেট আৰু ৭ কিল’গ্রাম পটাছ সাৰ প্ৰয়োগ কৰিব পাৰিলে অধিক উৎপাদন আশা কৰিব পাৰি। ৰীণা ঘাঁহৰ খেতি সাধাৰণতে বীজ সিঁচি কৰা হয়। বীজসমূহ শাৰী শাৰীকৈ ৰোপণ কৰিব পাৰিলে ভাল। দুটা শাৰীৰ মাজৰ ব্যৱধান ৪০ চেঃ মিঃ আৰু দুজোপা গছৰ মাজৰ ব্যৱধান ১৫ ছেঃ মিঃ হ’ব লাগে| প্ৰতিবিধা মাটিৰ বাবে প্রায় ৫ কিল’গ্ৰাম বীজৰ আৱশ্যক হয়| ৬৫ ৰ পৰা ৭৫ দিনৰ ভিতৰত প্রথম বাৰ আৰু পুনৰ ৫০ দিনৰ অন্তৰে অন্তৰে এই ঘাঁহ চপাব পাৰি। প্ৰতিবিঘা মাটিত ৫৫-৬৫ কুইণ্টল সেউজীয়া ঘাঁহ উৎপাদন হয়।

(৪) লেচেৰা মাহ

লেচেৰা মাহ এবিধ অধিক প্ৰ’টিনযুক্ত পুষ্টিকৰ পশু খাদ্য। মাহ জাতীয় এইবিধ ঘাঁহ পানী জমা নোহোৱা বালিচহীয়া বা পলসুৱা মাটিত অধিক উৎপাদন হয়। মার্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ এই জাতৰ ঘাঁহৰ খেতি কৰিব পাৰি। ভালদৰে চহাই প্রস্তুত কৰি লোৱা মাটিত বীজসমূহ ৩০-৩৫ ছেঃ মিঃ অন্তৰে অন্তৰে শাৰী শাৰীকৈ সিঁচিব লাগে। এবিঘা মাটিৰ বাবে প্রায় ৫-৬ কিল’গ্ৰাম বীজৰ আৱশ্যক হয়। খেতি কৰিবলৈ লোৱা মাটিডৰাত বিঘাই প্রতি ৪-৫ কুইণ্টল পচনসাৰ বা শুকান গোবৰ প্রয়োগ কৰি ল’ব লাগে। প্রতি বিঘা মাটিত ৩০-৩৫ কুইণ্টল ঘাঁহ উৎপাদন হোৱা এনে ঘাঁহ ৰোৱাৰ ৪৫-৫০ দিনত প্ৰথম বাৰ তাৰ পিছত প্রতি ৩৫ মূৰে মূৰে ঘাঁহ কাটিব পাৰি।

(৫) মাকৈ

গোমধান বা মাকৈ এবিধ উত্তম ঘাঁহজাতীয় পুষ্টিকৰ আৰু সুস্বাদু পশু খাদ্য। বহাগৰ পৰা শাওন আৰু আহিন মাহলৈ এইবিধ ঘাঁহৰ খেতি কৰিব পাৰি। খেতিৰ বাবে উষ্ণ সেমেকা জলবায়ু আৰু পানী ওলাই যাব পৰা পলসুৱা, বালিচহীয়া মাটি মাকৈ খেতিৰ বাবে উপযুক্ত| মাটিডৰা ভালদৰে চহাই প্রতিবিঘা মাটিত ৫-৬ কুইণ্টল পচনসাৰ নতুবা গোবৰ সাৰ প্রয়োগ কৰিব লাগে বা ৰাসায়নিক সাৰ ইউৰিয়া আদি প্রতি বিঘা মাটিত ১৮ কিল’গ্রাম প্রয়োগ কৰিব লাগে। বীজসমূহ ছটিয়াই নতুবা শাৰী শাৰীকৈ প্ৰতিটো শাৰীৰ মাজৰ ব্যৱধান ৪৫ ছেঃমিঃ আৰু দুজোপা গছৰ মাজৰ ব্যৱধান ২৫ ছেঃ মিঃ হ’ব লাগে। প্রতিবিঘা মাটিত ৫-৭ কিল’গ্ৰাম বীজৰ আৱশ্যক হয়। বীজ সিঁচাৰ ৬০-৭০ দিনৰ পাছত এই শস্য চপাব পাৰি। চাইলেজ প্ৰস্তুত কৰিবলৈ ই এবিধ উত্তম ঘাঁহ। ভালদৰে কৰিলে প্রতি হেক্টৰ মাটিত ৩৫০ ৰ পৰা ৪০০ কুইণ্টল ঘাঁহ উৎপাদন কৰিব পাৰি। অধিক প্ৰ’টিনযুক্ত, কেলচিয়াম, ফচফৰাছ আৰু পটাছিয়াম থকা মাকৈ এবিধ উত্তম গো-খাদ্য হিচাপে পৰিগণিত হৈছে।

(৬) সু-বাবুল

সু-বাবুল এবিধ অতি উত্তম প্ৰ’টিনযুক্ত পশু খাদ্য। বছৰৰ যিকোনো সময়ত এই জাতৰ ঘাঁহৰ খেতি কৰিব পৰা যায়। সাধাৰণতে বীজ সিঁচি বা পুলি ৰুই এনে ঘাঁহৰ খেতি কৰা হয়। প্রতি হেক্টৰ মাটিৰ বাবে প্ৰায় তিনি কিল’গ্ৰাম বীজৰ আৱশ্যক হয়। বীজসমূহ বা পুলিবোৰ শাৰী শাৰীকৈ ৰোৱা হয়। প্ৰতিটো শাৰীৰ মাজৰ ব্যৱধান দুই মিটাৰ আৰু এজোপা গছৰ পৰা ঘাঁহ জোপা গছৰ ব্যৱধান একমিটাৰ হোৱা উচিত। খেতিৰ বাবে প্রস্তুত কৰা মাটি ডৰাত পচন সাৰ বা গোবৰ সাৰ বা ৰাসায়নিক সাৰ প্রয়োগ কৰিলে অধিক উৎপাদন আশা কৰিব পাৰি। প্রতি ১২০-১৫০ দিনৰ ভিতৰত ইয়াক কাটিব পাৰি। ঘাঁহসমূহ ৯০ ছেঃমিঃ উচ্চতাত কাটিব লাগে। বাৰীৰ ঢাপ নতুবা পুখুৰীৰ পাৰে পাৰে এইবিধ ঘাঁহৰ পুলি বা বীজ সিঁচি খেতি কৰিব পৰা যায়।

লিখকদ্বয়: ডাঃ চন্দ্ৰ কুমাৰ সিংহ, ডাঃ প্রবীণ কুমাৰ নেওগ, দৈনিক জনমভূমি।

 

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate