অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু-ম’হৰ দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ) ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ।

গৰু-ম’হৰ দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ) ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ।

দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ)

অধিক গাখীৰ দিয়া গাইয়ে পোৱালি দিয়াৰ ২-৩ দিনৰ পাছত দুগ্ধ জ্বৰত আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে গাই গৰুৰ তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যোৱাৰ ফলত এই বেমাৰটো হয়।

ৰোগৰ লক্ষণসমূহ

  • এই ৰোগত সাধাৰণতে গাইগৰুৰ শৰীৰৰ তাপমাত্ৰা কমি যায়।
  • উশাহ-নিশাহ লোৱাত কষ্ট পায়।
  • গাইজনীয়ে দানা, ঘাঁহ আদি খাবলৈ আগ্ৰহ নকৰে আৰু গাখীৰৰ উৎপাদন একেবাৰে কমি যায়।
  • গাইজনী শুই থাকিলে উঠিব নোৱাৰা হয় আৰু মূৰটো ভাঁজখুৱাই পিছফালে লৈ যায় বা কেতিয়াবা মূৰটো চিধাকৈ মাটিত থৈ দিয়ে।
  • নাক-মুখ শুকান হয় আৰু অস্থিৰতা দেখা যায়। মূৰটো কপি থাকে শৰীৰত শক্তি হ্ৰাস পায়।

 

প্ৰতিকাৰ

  • পোৱালি জগাৰ এমাহৰ আগৰ পৰা কেলছিয়াম আৰু ফছফৰাছযুক্ত দানা খুৱাই এই ৰোগৰ পৰা সকাহ পাব পাৰি।
  • অধিক পৰিমাণৰ ঘাঁহ খুৱাইও এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

চিকিৎসা

উপৰোক্ত লক্ষণসমূহ দেখা দিলে পশু-চিকিৎসকৰ পৰামৰ্শমতে ভিটামিন –ডি আৰু কেলছিয়ামযুক্ত ইনজেকচন(কেলবৰ’ব, কেল’মেস্ক, ইনটাকেল)দিয়াব লাগে।

 

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate