অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰুৰ ওহাৰ ফুলা ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণঃ

গৰুৰ ওহাৰ ফুলা ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণঃ

গৰুৰ ওহাৰ ফুলা ৰোগ গো-পালকৰ মাজত মেষ্টাইটিছ বুলি জনাজাত। এই ৰোগ পোৱালি জগাৰ পাছত আৰু কেতিয়াবা পোৱালি জগাৰ আগতো হ’ব পাৰে। এই ৰোগ হ’লে গৰুজনীৰ ওহাৰখন উখহি উঠে, ৰঙা পৰি টান হয়, হাতেৰে চুলে গৰম অনুভৱ হয় আৰু গাইজনীয়ে বিষ অনুভৱ কৰে। এই ৰোগ হ’লে গাখীৰ কমি যায়, কেতিয়াবা বেমাৰ লগা বাটটোৰে গাখীৰৰ সলনি ৰঙচুৱা পানী, তেজ অথবা দৈৰ দৰে মখা বন্ধা পদাৰ্থ ওলায়। বহু ক্ষেত্ৰত ওহাৰখন টান হৈ একেবাৰে গাখীৰ নিদিয়া হয়। অধিক গাখীৰ দিয়া গৰুৰ এই ৰোগ হোৱাৰ প্ৰৱণতা অধিক থাকে।

ৰোগৰ কাৰকঃ

 

এই ৰোগ প্ৰায় ১০০ বিধমান বিভিন্ন বীজাণুৰ দ্বাৰা হ’ব পাৰে। তাৰ ভিতৰত কেইবাবিধো বেক্টেৰিয়া, ভেঁকুৰ, মাইক’প্লাজমা অথবা ভাইৰাছ এই ৰোগৰ কাৰক হ’ব পাৰে।

ৰোগৰ বিস্তাৰঃ

 

এই ৰোগ সৃষ্টি কৰা কাৰকসমূহ সচৰাচৰ গোহালি ঘৰৰ পাৰিপাৰ্শ্বিক অৱস্থাটোতেই থাকে। গোহালিৰ অপৰিষ্কাৰ মজিয়া, অপৰিষ্কাৰ ওহাৰ, গাখীৰ খীৰোৱা মানুহৰ অপৰিষ্কাৰ বা ঘা লগা হাত, গাখীৰ খীৰোৱা অপৰিষ্কাৰ বাচন আদিত ৰোগ সৃষ্টি কৰা বীজাণুসমূহ থাকিব পাৰে। এই বীজাণুবোৰ ওহাৰৰ বাটৰ বিন্ধাৰে ভিতৰলৈ সোমাই গৈ ভিতৰৰ কোমল মাংসত থিতাপি লয় আৰু বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে বীজাণুৱে ওহাৰৰ ভিতৰৰ কোষবোৰ আক্ৰান্ত কৰাৰ বাবে কোষবোৰ উখহি উঠে, গাখীৰ উৎপাদনত ব্যাঘাত জন্মে আৰু উৎপাদিত গাখীৰ নিঃসৰিত হ’ব নোৱাৰে। তেতিয়াই ৰোগৰ লক্ষণসমূহ প্ৰকট হৈ উঠে।

ৰোগ নিয়ন্ত্ৰণঃ

 

এই ৰোগত আক্ৰান্ত গৰুৰ গাখীৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায়। আনকি কেতিয়াবা গাখীৰ উৎপাদন একেবাৰে বন্ধ হৈ যোৱাও দেখা যায়। ইয়াৰ উপৰি এই ৰোগৰ চিকিৎসা যথেষ্ট খৰচী হয়। গতিকে ৰোগাক্ৰান্ত গৰুৰ চিকিৎসাৰ বাবে গো-পালকে যথেষ্ট পৰিমাণে গাঁঠিৰ ধন ভাঙিবলগীয়া হয়। সেয়েহে এই ৰোগ প্ৰতিৰোধ কৰিব পৰাটোহে গো-পালকৰ বাবে গুৰুত্বপূৰ্ণ কথা।

-  গোহালি ঘৰত জমা হোৱা গোবৰ, গেলা-পচা বস্তু, জমা হোৱা পানী সঘনাই চাফ-চিকুণ কৰি ৰাখিব লাগে, যাতে গোহালি ঘৰৰ মজিয়া সদায় চাফ-চিকুণ আৰু শুকান হৈ থাকে। এই বেমাৰৰ বীজাণু বেছিভাগ ক্ষেত্ৰতে লেতেৰা মজিয়াৰ পৰা ওহাৰৰ বাটৰ বিন্ধাৰে সোমাই ৰোগ সৃষ্টি কৰে। ইয়াৰ উপৰি এই ৰোগ যাতে গোহালিৰ মজিয়াৰ পৰা সহজে বিয়পিব নোৱাৰে, তাৰবাবে খীৰতী গৰুক খীৰোৱাৰ ঠিক পাছতে ঘাঁহ-দানা খাবলৈ দিব লাগে যাতে খীৰোৱা হোৱাৰ লগে লগেই সিহঁত শুই নাযায়। সাধাৰণতে অধিক গাখীৰ দিয়া গাইগৰুবোৰ খীৰোৱাৰ ঠিক পাছতে শুই পৰে, কাৰণ সিহঁতৰ ভাগৰ লাগে। কিন্তু লগে লগে শুই পৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ এই সময়ত বাটৰ বিন্ধাবোৰ আধা ঘণ্টামান সময়লৈ খোল খাই থাকে। গতিকে এনেকুৱা পৰিস্থিতিত ৰোগৰ বীজাণু মজিয়াৰ পৰা (যদি মজিয়াখন বীজাণুযুক্ত হয়) সহজে বাটৰ বিন্ধাৰে সোমাই গৈ ৰোগ সৃষ্টি কৰিব পাৰে। কিন্তু ঘাঁহ-দানা খাবলৈ দি খীৰতী গৰুবোৰ ৩০-৪০ মিনিটমান সময় থিয় কৰাই ৰাখিব পাৰিলে এইখিনি সময়ৰ ভিতৰত বাটৰ বিন্ধাবোৰ সাময়িকভাৱে বন্ধ হৈ যায়, গতিকে ইয়াৰ দ্বাৰা ওহাৰত বীজাণু প্ৰৱেশত বহুখিনি নিয়ন্ত্ৰিত হয়।

-  গাখীৰ খীৰোৱা মানুহজনৰ হাত সদায় চাফ-চিকুণ হ’ব লাগে, হাতৰ নখ সদায় চুটিকৈ কটা হ’ব লাগে, হাতত কোনোধৰণৰ ঘা থাকিব নালাগে, সদায় গাখীৰ খীৰোৱাৰ আগত আৰু পাছত হাত পৰিষ্কাৰকৈ পটাছ পানী আৰু চাবোনেৰে ধুব লাগে, গাখীৰ খীৰোৱা পাত্ৰটো চাফ-চিকুণ হ’ব লাগে, পাত্ৰৰ গাত বীজাণু নথকাটো নিশ্চিত হ’ব লাগে, গাখীৰ খীৰোৱাৰ আগত আৰু পাছত ওহাৰ আৰু বাটবোৰ পটাছ পানীৰে চাফ-চিকুণ কৰিব লাগে আৰু ইয়াৰ বাবে সদায় নতুন কাপোৰ ব্যৱহাৰ কৰিব লাগে।

-  গাখীৰ খীৰোৱা কামটো সদায় সম্পূৰ্ণকৈ কৰিব লাগে অৰ্থাৎ খীৰোৱাৰ পাছত ওহাৰত যাতে গাখীৰ থাকি নাযায়, সেইটো নিশ্চিত হ’ব লাগে। কিবা কাৰণত গাখীৰ থাকি গ’লেও পোৱালিক খাবলৈ দিব লাগে। গাখীৰ খীৰোৱা কামটো সম্পূৰ্ণকৈ কৰিবলৈ হ’লে খীৰোৱা কামটো ৫-৭ মিনিটৰ ভিতৰত শেষ কৰিব লাগে, নহ’লে গাইজনীৰ পৰা গাখীৰ সম্পূৰ্ণকৈ নাপাব পাৰে। আনহাতে মন কৰিবলগীয়া কথাটো হৈছে গাখীৰ খীৰাব যোৱাৰ আধা মিনিটৰ পৰা ১ মিনিটৰ ভিতৰত গাইজনীয়ে গাখীৰ দিব আৰম্ভ কৰে, গতিকে গাখীৰ খীৰোৱা মানুহজন এইক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱা উচিত আৰু তেওঁ এইখিনি সময়ত কোনো কাৰণত অন্যমনস্ক হৈ থাকিব নালাগে। গাখীৰ খীৰোৱা কামটো সম্পূৰ্ণকৈ নকৰিলে এই ৰোগ অধিক জটিল ৰূপত হোৱাৰ সম্ভাৱনা থাকে, কাৰণ এই ৰোগ সৃষ্টিকাৰী বেছিভাগ বীজাণুৰ খাদ্য গাখীৰ হ’ব পাৰে। গতিকে গাখীৰ ওহাৰত থাকি গ’লে বীজাণুৰ সংখ্যা সাংঘাতিক ধৰণে বৃদ্ধি হৈ এই ৰোগে এক ভয়ংকৰ ৰূপ ল’ব পাৰে আৰু এনেকুৱা অৱস্থাত চিকিৎসা কৰিলেও ৰোগ ভাল হোৱাৰ সম্ভাৱনা নাথাকে।

-  গাইজনীৰ গাখীৰ খীৰোৱা বন্ধ কৰাৰ পাছত ভিটামিন আৰু খনিজ লৱণ বিশেষকৈ ভিটামিন-ই আৰু ছেলেনিয়াম যোগান ধৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ বাবে বজাৰত পোৱা ই কেয়াৰ এছ ই বেজী ১০ মিঃ লিঃকৈ এটা বা দুটা দিব লাগে। দুটা দিবলৈ হ’লে এসপ্তাহৰ ব্যৱধানত দ্বিতীয়টো দিব পাৰে। এই ৰোগত আক্ৰান্ত হ’লে চিকিৎসা বিশেষকৈ এণ্টিবায়’টিক যিমান কেইটা প্ৰয়োজন (পশু চিকিৎসকৰ পৰামৰ্শ সাপেক্ষে) সম্পূৰ্ণকৈ দিয়াটো অতি দৰকাৰ, নহ’লে পাছত এই বেমাৰটো অধিক প্ৰখৰ ৰূপত হোৱাৰ সম্ভাৱনা থাকে।

-  এই ৰোগৰ চিকিৎসা খৰচী হয়, গতিকে বেমাৰটো প্ৰতিৰোধ কৰি ৰাখিব পৰাটো গো-পালকৰ বাবে লাভজনক। আজিকালি এমুনিটীজাতীয় ঔষধ ব্যৱহাৰ কৰিও এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। এই ৰোগ হ’লে গাখীৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায়, গতিকে গো-পালক আৰ্থিকভাৱে জুৰুলা হ’ব লগা হয়। প্ৰয়োজনসাপেক্ষে গো-পালকে মাজে মাজে গাইজনীৰ আটাইকেইটা বাটৰ গাখীৰ পৰীক্ষা কৰি বেমাৰ নথকাটো খাটাং হ’ব লাগে। গোহালিত যদি মেষ্টাইটিছ বেমাৰী গৰু থাকে, তেনেহ’লে তাইক একেবাৰে শেষত আৰু নতুনকৈ জগাজনীক প্ৰথমতে খীৰাব লাগে। গাখীৰ দি থকা গৰু আৰু গাখীৰ দিবলৈ এৰা গৰু বেলেগে বেলেগে ৰাখিব লাগে।

এই ৰোগত আক্ৰান্ত হোৱা গৰুক শীঘ্ৰে পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা দিয়াটো নিতান্ত প্ৰয়োজন। অন্যথা অতি কম সময়ৰ ভিতৰত ৰোগৰ বিস্তাৰ হৈ গৰুজনীৰ গাখীৰ একেবাৰে বন্ধ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।

(উৎসঃ খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate