অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশুধন পৰিপুষ্টি আৰু উৎপাদনত আওঁ ভিটামিন

পশুধন পৰিপুষ্টি আৰু উৎপাদনত আওঁ ভিটামিন

পশুধন পশুপালকৰ অমূল্য ধন।এই অমূল্য ধন মানুহৰ আৰ্থিক বিকাশৰ এটি আহিলা।গতিকে আমি অৰ্থাৎ পশুপালকসকলে পশুধানক সযতনে ৰাখিব পাৰিলেহে তাৰ পৰা সুফল আশা কৰিব পাৰি। মুখ্যত পশুধনক সযতনে প্ৰ্তিপালনত পশুপালকে যথেষ্ঠ গুৰুত্ব দিব লাগে। এইক্ষেত্ৰত বেমাৰ আজাৰ আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব লাগে তেতিয়াহে ইয়াৰ পৰা ইতিবাচক সহাঁৰি পোৱা যায়। পৰিপুষ্টি অৰ্থাৎ সেউজীয়া ঘাহঁ, সুষম আহাৰ, খনিজ দ্ৰব্য সঠিক পৰিমানে পালেহে এখন পশুপামৰ পৰা আৰ্থিকভাৱে লাভালাভ হয়। গতিকে পশুপালকে সেউজীয়া ঘাহঁ খুওৱাৰ উপৰিও পশুধনে সুষম আহাৰৰ লগত খনিজ দ্ৰব্যৰ মিশ্ৰ্ন পোৱাটো দৰকাৰ। আমাৰ পশুপালকৰ ক্ষেত্ৰত ঔষধ কোম্পানীয়ে গোটেই ভাৰতবৰ্ষকে ভিত্তি হিচাপে লৈ খনিজ দ্ৰব্যৰ মিশ্ৰ্ন বনাই ব্যৱসায় কৰি আছে যদিও ঠাই বিশেষে ক'ত কেনেকুৱা ধৰণৰ খনিজ দ্ৰব্যৰ অভাৱ সেই বিষয়ে ভালকৈ চিন্তা কৰা পৰিলক্ষিত হোৱা দেখা নাযায়। গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত অসম কৃষি বিশ্ববিদ্যালয়ত/পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিভিন্ন ধৰনৰ গৱেষনা কৰি এটি AAUVETMIN নামৰ খনিজ দ্ৰব্য মিশ্ৰ্নৰ প্ৰস্তত কৰি উলিয়াইছে। এই বিলাকৰ ব্যৱহাৰিক দিশত ঠাই বিশেষে বিভিন্ন ঠাইৰ পশুপালকসকলে গৰু, গাহৰি, ছাগলী আদিক খুৱাই সুফল পাইছে। বিশেষকৈ বজালী অঞ্চলত বিভিন্ন গো পালকৰ গাইগৰুক খুওৱাৰ পিছত এছ:এন:এফ আদি বৃদ্ধি তথা স্বাস্থ্য, প্ৰজনন তথা শাৰীৰিক সক্ষমতা বৃদ্ধি হৈছে। তাৰোপৰি গাহৰি,ছাগলী আদি জীৱ-জন্তক খুওৱাৰ পিছত শাৰীৰিক তথা উৎপাদনৰ ক্ষেত্ৰত পশুপালকসকলে যোগাত্মক সহাঁৰি পাইছে। যিহেতু বজালী অঞ্চলত এটি শ্বেতবিপ্লৱৰ সৃষ্টি হৈছে আৰু AAUVETMIN সুষম আহাৰৰ লগত যোগান ধৰি গো-পালকসকল আৰ্থিক দিশত যথেষ্ঠ সফল হৈছে গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বাৰ্তা পঠিয়াব পাৰোঁ যে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে উলিওৱা AAUVETMIN ব্যৱহাৰ কৰি পশুপালকসকল আৰ্থিক দিশত আশানুৰুপ সফলতা লাভ কৰিব পাৰে।

ডা: দিলীপ কুমাৰ দেৱচৌধুৰী।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate