অসমত কৃষকসকলৰ আৰ্থ-সামাজিক দিশত যদিও পশুপালনে বৰ্তমানলৈকে বিশেষ বৰঙণি আগবঢ়াব পৰা নাই, তথাপি ইয়াৰ সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি। জনসংখ্যা বৃদ্ধিয়ে কৃষকৰ ব্যক্তিগত মাটিৰ পৰিমাণ কমাই দিয়াত, কম মাটিতেই অধিক উৎপাদনৰ এক বিকল্প ব্যৱস্থা হৈছে পশুপালন। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে ইয়াক আৰু সাফল্যমণ্ডিত কৰাত সহায়ক হৈছে। দেখা গৈছে যে বৰ্তমান অৱস্থালৈকে কৃষকসকলে কোনো বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ নকৰাকৈয়ে গ্ৰাম্য অৰ্থনীতিত কিছু পৰিমাণে হ’লেও প্ৰভাৱ পেলাই আহিছে।
পশুপালনৰ জৰিয়তে গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত প্ৰভাৱ পেলাব পৰাকৈ ভাৰত তথা অসম চৰকাৰে সময়ে সময়ে কিছুঁ আঁচনি প্ৰস্তুত কৰি তাৰ প্ৰয়োগো কৰি আহিছে। কিন্তু উক্ত আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰাৰ বহুতো কাৰণ আছে, যেনে-
কৃষিৰ লগত পশুপালন এক ওতপ্ৰোত সম্পৰ্ক আছে। বিত্তীয় শিতানত কৃষিৰ নামত বছৰি চৰকাৰে যিমান ধন আবণ্টিত কৰে, তাৰ বহু শতাংশ কম ধন পশু পালনৰ নামত খৰচ কৰা হয় যদিও ভাৰতবৰ্ষই গাখীৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিব পাৰিছে আৰু ই দেশৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।
পশুপালনে পোনপটীয়াকৈ কৃষকৰ অৰ্থনীতিত যেনেকৈ সহায় কৰে তেনেকৈ ই নিবনুৱা সমস্যা দূৰীকৰণ আৰু পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰাতো সহায় কৰে।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/15/2020