অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুগ্ধ পাম দমৰা-দামুৰিৰ যতন পৰিচালনা

দুগ্ধ পাম দমৰা-দামুৰিৰ যতন পৰিচালনা

প্ৰাৰম্ভিক যতন

  • জম্মাৰ লগে লগে নাক-মুখৰ পৰা বীজলুৱা বস্তু আঁতৰাই দিয়ক।
  • সাধাৰণতে জন্মৰ পিছতেই মাকে পোৱালিটোক চেলেকে। ইয়ে পোৱালিটোৰ ছাল শুকুৱাত সহায় কৰে আৰু উশাহ-নিশাহ আৰু তেজ চলাচল কৰিবলৈ উত্তেজিত কৰে। গাইজনীয়ে নেচেলেকিলে বা ঠাণ্ডাৰ দিনত শুকান কাপোৰ বা বস্তাৰ সহায়ত পোৱালিটোক শুকুৱাওঁক। হাতেৰে বুকুত হেঁচা প্ৰয়োগ কৰি কৃত্ৰিম উশাহ-নিশাহ লোৱাত সহায় কৰক।
  • নাভিটো গাৰ পৰা ২-৫ ছেন্টিমিটাৰ আঁতৰত বান্ধি লৈ বান্ধৰ ১ ছেন্টিমিটাৰ তলত কাটক আৰু টিংচাৰ আয়’ডিন বা ব’ৰিক এচিড বা যিকোনো এন্টিবায়’টিক লগাওঁক।
  • গোহালিৰ পৰা তিতা বিচনা বিলাক আঁতৰাই দি গোহালিটো শুকানে ৰাখক।
  • পোৱালিটোৰ ওজন লিখি ৰাখক।
  • গাই গৰুৰ ওহাৰ আৰু ওহাৰ বাট পৰাপক্ষত ক্ল’ৰিনৰ দ্ৰৱৰ দ্বাৰা ধুই শুকাই লওঁক।
  • পোৱলিটোক মাকৰ প্ৰথম গাখীৰ, ফেঁহু চুপি খাবলৈ দিয়ক।
  • পোৱালিবোৰ এঘন্টাৰ ভিতৰত থিয় হৈ নিজে নিজৰ যত্ন ল’ব পৰা হয়। অন্যথা অতি দূৰ্বল পোৱালিবিলাকক সহায় কৰক।
  • দমৰা-দামুৰিক খুওঁৱা

    ফেঁহু হ’ল পোৱালিবিলাকক দিয়া অতিশয় গুৰুত্বপূৰ্ণ প্ৰথম আহাৰ। মাকে তিনিৰ পৰা সাত দিনলৈ ফেঁহু প্ৰস্তুত কৰে আৰু ই হ’ল পোৱালিটোৰ বাবে পুষ্টি আৰু পানীয়ৰ প্ৰাথমিক উৎস। ইয়ে পোৱালিটোক প্ৰয়াজনীয় এন্টিব’ডিৰ যোগানো ধৰে যিয়ে সংক্ৰামক আৰু পুষ্টিজনিত বেমাৰৰ বিপৰীতে যুঁজ দিয়াত সহায় কৰে। ফেঁহু উপলব্ধ থাকিলে নৱজাতকক ৩ দিনলৈকে খাবলৈ দিয়ক।

    জন্মৰ সময়ত ফেঁহু খুওঁৱাৰ উপৰিও পোৱালিবিলাকক প্ৰথম তিনি-চাৰি সপ্তাহলৈ গাখীৰৰ প্ৰয়োজন। ইয়াৰ পিছত ইহঁতে শাক-পাচলি, শ্বেতসাৰ, চেনি আদি হজম কৰিব পাৰে। ইয়াৰ পিচতো গাখীৰ খুওঁৱাটো পুষ্টিকৰ যদিও দানা খুওঁৱাতকৈ অধিক খৰচী হয়। সকলো ধৰণৰ পানীয় কোঠালিৰ উঞ্চতাত খুওঁৱাব লাগে।

    পোৱালিক খুৱাবলৈ ব্যৱহাৰ কৰা সা-সৰঞ্জামবিলাক ভালকৈ চাফা কৰিব। এইবোৰ পৰিষ্কাৰ শুকান ঠাইত সংৰক্ষণ কৰক।

    পানীৰ প্ৰয়োজন

    পৰিষ্কাৰ-পৰিচ্ছন্ন পানীৰ যোগান অব্যাহত ৰাখিব লাগে। পোৱালিটোৱে এবাৰতে অত্যাধিক পানী খোৱাৰ পৰা বিৰত ৰাখিবলৈ বেলেগ বেলেগ পানীৰ পাত্ৰ বিভিন্ন স্থানত ৰাখক।

    খুওঁৱাৰ পদ্ধতি

    খুওঁৱাৰ পদ্ধতিটো দমৰা-দামুৰি পালন কৰিবলৈ ব্যৱহাৰ কৰা খাদ্য-সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। সচৰাচৰ তলত দিয়া পদ্ধতিবিলাক পালন কৰা হয়ঃ

  • সম্পূৰ্ণ গাখীৰ খুৱাই পোহ-পাল কৰা।
  • স্কীম মিল্ক খুৱাই পোহ-পাল কৰা।
  • গাখীৰৰ বাহিৰে আন পানীয় যেনে সঁতেজ মাখনৰ গাখীৰ, সঁতেজ মিঠাই, মাৰ-পানী আদি।
  • গাখীৰৰ পৰিৱৰ্ত্তিত বস্তুৰে পোহ-পাল কৰা।
  • পোৱালিৰ প্ৰাৰম্ভিক দানাৰে পোহ-পাল কৰা।
  • অন্য গাইৰ গাখীৰ খুৱাই পোহ-পাল কৰা।
  • সম্পূৰ্ণ গাখীৰ খুৱাই পোহ-পালন কৰা

  • ০ ৰপৰা ৩ মাহ বয়স আৰু গড় ওজন ৫০ কি.গ্ৰাম থকা দমৰা-দামুৰিৰ পুষ্টিৰ প্ৰয়োজনীয়তা তলত দিয়া ধৰণৰ:
  •  

    ড্ৰাই মেটাৰ

    ১.৪৩ কিলোগ্ৰাম

    সৰ্বমুঠ পাচনীয় পুষ্টি

    ১.৬০ কিলোগ্ৰাম

    ক্ৰড মাংসসাৰ

    ৩১ কিলোগ্ৰাম

     

  • মন কৰিবলগীয়া যে আহাৰত উচ্চ অনুপাতত স্নেহ পদাৰ্থ থকা বাবে টিডিএন ৰ প্ৰয়োজনীয়তা ডিএম ৰ প্ৰয়োজনীয়তাতকৈ অধিক। পোন্ধৰ দিন বয়সৰ পৰা পোৱালিবিলাকে দৈনিক প্ৰায় আধা কি.গ্ৰাম ঘাঁহ খাবলৈ আৰম্ভ কৰে যিটো তিনি মাহ বয়সলৈ ৫ কিলোগ্ৰামলৈকে বৃদ্ধি পায়।
  • এই সময়ত সেউজীয়া ঘাঁহৰ পৰৱৰ্তে ১-২ কিলোগ্ৰাম ভাল গুণমানৰ শুকান ঘাঁহ দিব পাৰি। পোন্ধৰ দিন বয়সত ০.৫ কিলোগ্ৰামৰ পৰা আৰম্ভ কৰি তিনি মাহ বয়সলৈকে ইয়াৰ পৰিমান ১.৫ কিলোগ্ৰামলৈ বৃদ্ধি কৰিব পাৰি।
  • তিনিমাহৰ পিচত যদি গাখীৰৰ উপলব্ধতা কম হয় তেন্তে ইয়াক আংশিকভাৱে স্কীম মিল্ক, মাখনৰ গাখীৰ বা যিকোনো গাখীৰৰ সমপৰ্য্যায়ৰ পানীয়ৰ দ্বাৰা স্থানান্তৰ কৰিব পাৰি।
  • দমৰা-দামুৰিৰ মিশ্ৰণ

  • গাখীৰ বা তেনে আন কোনো স্থানান্তৰিত কৰিব পৰা পানীয়ৰ পৰা প্ৰস্তুত কৰা মিশ্ৰনেই হ’ল দমৰা-দামুৰিৰ মিশ্ৰ্ণ।দমৰা-দামুৰিৰ মিশ্ৰণত মূখ্যতঃ খাদ্য শস্য যেনে মাকৈ বা অ‘ট থাকে।
  • মিশ্ৰনটোত খাদ্য শস্য যেনে বাৰ্লি, ঘেঁহু, আৰু জোৱাৰো ব্যৱহাৰ কৰিব পাৰি। মিশ্ৰনটোত কুঁহিয়াৰৰ মলাছো ১০ শতাংশলৈকে ব্যৱহাৰ কৰিব পাৰি।
  • এটি আদৰ্শ মিশ্ৰণত ৮০ শতাংশ টিডিএন আৰু ২২ শতাংশ চিপি থাকে।
  • দমৰা-দামুৰিৰ বাবে ঘাঁহ

  • শিপাযুক্ত পাতৰ মিহি মাহজাতীয় ঘাঁহ পোৱালি গৰুৰ বাবে উত্তম। এনে ঘাঁহ দুসপ্তাহ বয়সৰ পৰাই দিব পাৰি।
  • সেউজীয়া বৰণৰ ৰ’দত শুকুৱাই লোৱা এনে সতেজ সামগ্ৰী খাদ্যপ্ৰান ক, ঘ, আৰু খ-কমপ্লেক্স ভিটামিন সমৃদ্ধ।
  • ছমাহ বয়সৰ পিছত পোৱালিবিলাকে ১.৫ ৰ পৰা ২.২৫ কিলোগ্ৰাম খায়। বয়স বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ পৰিমাণ বাঢ়ি যায়।
  • অতিৰিক্তভাৱে কম পৰিমানত ৬ ৰপৰা ৮ সপ্তাহ বয়সৰ পৰা চাইলেজ দিব পাৰি। ইয়াতকৈ কম বয়সত চাইলেজ খুৱালে চেৰনী বেমাৰ হয়।
  • ৪ পৰা ৬ মাহ বয়স পোৱালৈকে ইহঁতক চাইলেজ খুওৱা নহয়।
  • সচৰাচৰ পোৱা মাকৈ আৰু জোৱাৰ চাইলেজত মাংসসাৰ আৰু কেলচিয়াম সমৃদ্ধ নহয় আৰু এইবোৰত ভিটামিন ঘ কম পৰিমাণে থাকে।
  • শুশ্ৰূষাকাৰী গাইৰ দ্বাৰা দমৰা-দামুৰি পোহপাল

  • কম স্নেহ পদাৰ্থযুক্ত গাখীৰ দিয়া, প্ৰাকৃতিকভাৱে গাখীৰ খীৰোৱাত টান গাই এজনীয়ে ২ ৰ পৰা ৪ টা মাউৰা পোৱালি সফলভাবে পালন কৰিব পাৰে।
  • যিমান সোনকালে সম্ভৱ শুকান ঘাঁহৰ লগতে শুকান দানা দিয়া হয়। এই পোৱালি বিলাক ২ ৰ পৰা ৩ মাহ বয়সৰ ভিতৰত মাকৰ পৰা বেলেগ কৰিব পাৰি।
  •  

    মাৰ-পানীৰে পোৱালিৰ পোহ-পাল

    পোৱালিৰ আৰম্ভণি দানা হ’ল মাৰ-পানী। ই গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ নহয়। চাৰি সপ্তাহ বয়সৰ পৰা লাহে লাহে গাখীৰৰ পৰিমাণ কমাই তাৰ পৰিৱৰ্তে মাৰ-পানী যোগ দিয়া হয়। ২০ দিনৰ পিছত গাখীৰ সম্পূৰ্ণভাবে বন্ধ কৰা হয়।

    দমৰা-দামুৰিক প্ৰাৰম্ভিক আহাৰত পোহপাল কৰা

    ইয়াত দমৰা-দামুৰি বিলাকক গাখীৰ খুওঁৱাৰ পৰা আৰম্ভ কৰা হয়। ইহঁতক শুকান প্ৰাৰম্ভিক দানা আৰু ভাল ঘাঁহ খাবলৈ শিকোৱা হয়। ৭ ৰ পৰা ১০ সপ্তাহ বয়সৰ ভিতৰত ইহঁতক সম্পূৰ্ণৰূপে গাখীৰৰ পৰা এৰুৱাই দিয়া হয়।

    গাখীৰৰ পৰিৱৰ্তিত আহাৰ খুৱাই পোহ-পাল কৰা

    পোৱালি দমৰা-দামুৰিৰ বাবে যে পুষ্টিৰ মূল্যায়নত গাখীৰৰ তুলনাত একোৱেই হ’ব নোৱাৰে সেয়া বুজাটো প্ৰয়োজন। গাখীৰ বা আন পানীয়ৰ উপলব্ধতা কম থকা ক্ষেত্ৰতহে গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ দিয়া হয়। গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ খুওঁৱাৰ হাৰ গাখীৰৰ সৈতে একেই, আৰ্থাৎ প্ৰস্তুত আহাৰ পোৱালিৰ গাৰ ওজনৰ ১০ শতাংশ। প্ৰস্তুত কৰা আহাৰত পানীয়ৰ ১০ ৰ পৰা ১২ শতাংশ গোটা বস্তু থাকিব লাগে।

    গাখীৰ এৰুওৱা

  • আৱদ্ধ পদ্ধতিত কৰা দুগ্ধপামৰ ক্ষেত্ৰত গাই গৰুৰ ব্যৱস্থাপনাত গাখীৰ এৰুওৱা ব্যৱস্থা পালন কৰা হয়। গাখীৰ এৰুওৱা প্ৰক্ৰিয়াই পৰিচালন ব্যৱস্থাপনাত সমতা আনে, সকলোবিলাক পোৱালিয়ে প্ৰয়োজন অনুযায়ী সমপৰিমানৰ গাখীৰ পোৱাটা নিশ্চিত কৰি পোৱালিবিলাকে অধিক খোৱা বা লোকচান কৰাটো প্ৰতিহত কৰিব পাৰি।
  • পৰিচালন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি গাখীৰ এৰুৱাটো জন্মতে, ৩ সপ্তাহ বয়সত, ৮-১২ সপ্তাহ বয়সত বা ২৪ সপ্তাহ বয়সত কৰিব পাৰি। পশুধন পালকসকলৰ ক্ষেত্ৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ১২ সপ্তাহত গাখীৰ এৰুৱাটো অভ্যাস কৰিব পাৰি। ষাঁড় হিচাপে পালন কৰিব খোজা মতা পোৱালি বিলাকক মাকৰ লগত ৬ মাহ বয়সলৈকে ৰাখিব পাৰি।
  • বহু সংখ্যক দমৰা-দামুৰি পালন কৰা সংগঠিত পালত জন্মতে গাখীৰ এৰুৱাটো উপকাৰী।
  • জন্মতে গাখীৰ এৰুৱালে গাখীৰৰ পৰিৱৰ্তিত আহাৰ আৰু পোৱালিৰ দানা সোনকালে আৰম্ভ কৰাত সহায়ক হয় যাতে গৰুৰ গাখীৰ মানুহৰ বাবে সাঁচিব পাৰি।
  • গাখীৰ এৰুৱাৰ পিছত

    গাখীৰ এৰুৱাৰ পৰা ৩ মাহলৈকে পোৱালিবিলাকৰ প্ৰাৰম্ভিক দানাৰ পৰিমান লাহে লাহে বঢ়াই যাওক। দমৰা-দামুৰিৰ বাবে ভাল গুণগত মানৰ দানাহে গোটেই দিন জুৰি থাকিব লাগে। পোৱালিৰ দেহৰ ওজনৰ ৩ শতাংশতকৈয়ো অধিক জলীয়বাষ্প থকা ঘাঁহ যেনে চাইলেজ, সেউজীয়া ঘাঁহ খুৱাব পাৰে। সাৱধান হ’ব যাতে অধিক মাত্ৰাত এইবোৰ ঘাঁহ খুওৱা নহয় কাৰণ ইয়ে খনিজ লৱণ গ্ৰহনত সীমাৱদ্ধতা আনিব পাৰে।

    দমৰা-দামুৰিৰ বৃদ্ধি

    পোৱালিবিলাক আশা কৰা হাৰত বাঢ়িছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ ওজন পৰীক্ষা কৰক৷

  • দমৰা-দামুৰিক প্ৰথম তিনিমাহ খুওঁৱাটো অতিশয় জৰুৰী।
  • এই পৰ্য্যায়ত অপৰ্য্যাপ্ত আহাৰ যোগানে ২৫-৩০ শতাংশ পোৱালিৰ মৃত্যু ঘটাব পাৰে।
  • গাভিনী গাই গৰুক গৰ্ভাৱস্থাৰ শেষৰ ২-৩ মাহ উত্তম মানদণ্ডৰ ঘাঁহ আৰু দানা খুৱাব লাগে।
  • সচৰাচৰ জন্মতে পোৱালিবিলাকৰ ওজন ২০-২৫ কিলোগ্ৰাম।
  • যথোপযুক্ত দানা-পানী আৰু সময়মতে পেলুনাশক দিলেহে পোৱালিবিলাকে প্ৰতি মাহে ১০-১৫ কিলোগ্ৰাম হাৰত বৃদ্ধি লাভ কৰিব।
  • যথা-যথ বাসস্থানৰ প্ৰয়োজন

    গাখীৰ এৰুৱাৰ বয়সপ্ৰাপ্তি হোৱালৈকে পোৱালি বিলাকক পৃথক পৃথক কোঠালিত ৰাখিব লাগে। পৃথক কোঠালিত থাকিলে ইটোৱে সিটোক চেলেকাটো প্ৰতিৰোধ কৰি বেমাৰ সোঁচৰোটা প্ৰতিৰোধ কৰিব পৰা যায়। পোৱালিৰ কোঠালিবিলাক পৰিষ্কাৰ, শুকান আৰু যথাযথভাৱে বায়ু চলাচলৰ ব্যৱস্থা থকা হ’ব লাগে। বায়ু চলাচল কৰা ব্যৱস্থাই পোৱালি বিলাকৰ গাত তীব্ৰ বতাহ প্ৰত্যক্ষভাবে নপৰাকৈ ৰাখি অবিৰতভাৱে সতেজ বতাহৰ যোগান ধৰে।

    পোৱালিবিলাকক আৰাম আৰু শুকানে ৰাখিবলৈ কোঠালিসমূহত বিচনা পাৰি দিব লাগে। সচৰাচৰ কাঠৰ গুড়ি বা ধান খেৰ ব্যৱহাৰ কৰা হয়। অত্যাধিক ৰ’দ বা ঠাণ্ডা বতাহ আৰু বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বাহিৰত থকা পোৱালিৰ কোঠালিবিলাক বেৰেৰে আৱৰি আংশিকভাবে ঢাকি দিব লাগে। পূৱফালে খোলা কোঠালিবিলাকে ৰাতিপুৱাৰ ৰ’দৰ পৰা উঞ্চতা পায় আৰু দিনটোৰ গৰম সময়খিনিত ছাঁ পায়। পূৱ ফালৰ পৰা বৰষুণ প্ৰায় নপৰেই।

    দমৰা-দামুৰিবিলাকক স্বস্থ্যৱান কৰি ৰাখক

    নৱজাতক পোৱালিবিলাকক বেমাৰৰ পৰা ৰক্ষা কৰাটোৱেই হ‘ল ইহঁতৰ বাবে উত্তম আৰম্ভণি, মৃত্যুৰ পৰা হোৱা হানি কম হোৱা আৰু ই বেমাৰী গৰুক চিকিৎসা কৰাতকৈ অতি কম খৰচী। পোৱালিবিলাকক প্ৰত্যেকদিনাই পৰ্য্যবেক্ষণ কৰক ইহঁতক শুদ্ধকৈ খুৱাওঁক আৰু নিকা পৰিৱেশ দিয়ক।

    উৎস: আইএনডিজি দল

    শেহতীয়া উন্নীতকৰণ: : 3/9/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate