ভাৰতীয় বংশজাত গৰু
দুগ্ধৱতী জাত
দুগ্ধৱতী আৰু ভাৰবাহী জাত
ভাৰবাহী জাত
বিদেশী বংশোদ্ভূত দুগ্ধবতী গাই গৰু:
ম’হৰ বিভিন্ন জাত:
দুগ্ধপ্ৰদায়ী পশুধনৰ সাধাৰণ বাচনি প্ৰক্ৰিয়া:
ব্যৱসায়িক দুগ্ধ উৎপাদন পামৰ বাবে বিভিন্ন জাতৰ গৰুৰ বাছনিৰ বাবে কিছুমান পৰামৰ্শ:
ভাৰতীয় বংশজাত গৰু:
দুগ্ধৱতী জাত:
ছাহিওয়াল:
পাঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশ,দিল্লী,বিহাৰ, মধ্য প্ৰদেশতেই প্রধানতঃ পোৱা যায়৷
দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১৩৫০ লিটাৰ আৰু ব্যৱসায়িক পামত: ২১০০ লিটাৰ।
প্রথম পোৱালি দিয়াৰ বয়স: ৩২-৩৬ মাহ
পোৱালি দিয়াৰ মধ্যৱর্তী সময়কাল: ১৫ মাহ
গিৰ:
প্রধানতঃ পোৱা যায় দক্ষিণ কাটিহাৰৰ গিৰ জংগলত
দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ৯০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ১৬০০ লিটাৰ।
থাৰপাৰকাৰ:
প্রধানতঃ পোৱা যায় যোধপুৰ,কচ,আৰু জয়ছলমাৰত
দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ৯০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ১৬০০ লিটাৰ।
কৰন ফ্ৰাই:
হ’লষ্টেইন ফ্ৰিজিয়ান ষাঁড়ৰ লগত হাৰিয়ানাত পোৱা থাৰপাকাৰ প্ৰজাতিৰ গাইৰ কৃত্ৰিম প্ৰজনন ঘটাই কৰন ফ্ৰাই প্ৰজাতিটো পোৱা হৈছে। গাখীৰ উৎপাদন কম যদিও গৰম আৰু সেমেকা জলবায়ুত তিষ্ঠি থাকিব পাৰে বাবে থাৰপাকাৰ প্ৰজাতিটো ভাল মূল্যায়ন কৰা হয়।
প্ৰজাতিটোৰ বৈশিষ্ট্যসমূহ
গৰু বিলাকৰ গা, কপাল আৰু নেজৰ আগভাগত ক’লা আৰু বগা আঁক থাকে।
কৰন ফ্ৰাই প্ৰজাতিটো অতিশয় শান্ত। দামুৰিবিলাক দমৰাৰ তুলনাত সোনকালে বয়সপ্ৰাপ্ত হয় আৰু ৩২-৩৪ মাহ বয়সৰ ভিতৰত গাভিনী।
গৰ্ভধাৰণ কাল প্ৰায় ২৮০ দিন। পোৱালি দিয়াৰ পিছত ৩ ৰ পৰা ৪ মাহৰ ভিতৰত পুনৰাই গাভিনী হয়, গতিকে থলুৱা গৰুৰ ক্ষেত্ৰত সাধাৰণতে পুনৰাই গাভিনী হ’বলৈ প্ৰয়োজন হোৱা ৫ মাহৰ তুলনাত ৩-৬ মাহ অধিক লাভদায়ক।
৩২০ দিনৰ গাখীৰতী অৱস্থাত কৰন ফ্ৰাই প্ৰজাতিৰ গাই গৰুৱে প্ৰতিষ্ঠানৰ পামত বছৰত গড়ে প্ৰায় ২,৭০০ ৰ পৰা ৩,৪০০ লিটাৰ, ৪৩ শতাংশ চৰ্বীযুক্ত গাখীৰ উৎপাদন কৰে।
যথেষ্ট পৰিমানে সেউজীয়া ঘাঁহ আৰু সন্তুলিত ঘন দানা খোৱালে এই প্ৰজাতিটোৱে ভাল ফল দেখুৱায় আৰু দৈনিক ১৫-২০ লিটাৰ উৎপাদন কৰে। গাখীৰ উৎপাদনৰ শীৰ্ষ কালত দৈনিক ২৫-৩৫ লিটাৰলৈকে গাখীৰ উৎপাদন পাব পৰা যায় (পোৱালি দিয়াৰ ৩-৪ মাহৰ পিছত)।
উচ্চ গাখীৰ দিয়াৰ প্ৰৱনতা থকা বাবে, অধিক গাখীৰ দিয়া গৰুৰ ওহাৰৰ সংক্ৰমিত হোৱাৰ (মেষ্টাইটিছ)আৰু খনিজ লৱনৰ অভাৱ সম্ভাৱনা থাকে যিটো সোনকালে ধৰা পেলাব পাৰিলে ভাল কৰিব পাৰি।
দামুৰিৰ দাম:গাখীৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি নতুনকৈ পোৱালি দিয়া গাইৰ দাম সাধাৰনতে ২০,০০০ টকাৰ পৰা ২৫,০০০ টকালৈকে হয়।
ৰেড চিন্ধি:
প্রধানতঃ পোৱা যায় পাঞ্জাব,হাৰিয়ানা,কর্ণাটক,তামিলনাড়ু,কেৰালা আৰু উৰিষ্যাত
দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১১০০ কিলোগ্ৰাম আৰু ব্যৱসায়িক পামত: ১৯০০ কিলোগ্ৰাম।
দুগ্ধ আৰু ভাৰবাহী জাত:
অনগোলএ:
প্রধানতঃ পোৱা যায় অন্ধ্রপ্রদেশৰ নেলোৰ,কৃষ্ণা,গোদাবৰী আৰু গুন্টুৰ জিলাত।
দুগ্ধ উৎপাদন ১৫০০ লিটাৰ।
গৰু গাড়ী টনা আৰু হালবোৱাৰ বাবে ষাঁৰ বিলাক যথেষ্ট শক্তিশালী।
হাৰিয়ানা:
প্রধানতঃ পোৱা যায় হাৰিয়ানা,দিল্লী,আৰু পশ্চিম এম.পি-ৰ কার্নাল,হিছাৰ,আৰু গুৰঁগাও জিলাত
দুগ্ধ উৎপাদন ১১৪০-৪৫০০ লিটাৰ।
পথ পৰিবহন আৰু দ্রুতগতিত হাল বোৱাৰ বাবে ষাঁড়বিলাক যথেষ্ট শক্তিশালী।
কাঙ্কৰেজ:
প্রধানতঃ পোৱা যায় গুজৰাটত
দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১৩০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ৩৬০০লিটাৰ।
প্রথম পোৱালি দিয়াৰ সময়ত বয়স ৩২-৩৬ মাহ।
পোৱালি দিয়াৰ মধ্যবর্তী সময়কাল ১৫ মাহ।
ষাঁড় বিলাক দ্রুতগামী আৰু শক্তিশালী। গাড়ী টনা আৰু অন্যান্য কৃষিকৰ্মৰ বাবে উপযোগী।
দেওনি:
প্রধানতঃ পোৱা যায় অন্ধ্ৰ্প্ৰদেশৰ উত্তৰ-পশ্চিম আৰু পশ্চিমাংশত।
গাই বিলাক দুগ্ধৱতী আৰু ষাঁড় বিলাক কামৰ উপযোগী।
ভাৰবাহী জাত:
অমৃতমহল:
প্রধানতঃ কর্ণাটকত পোৱা যায়।
হাল বোৱা আৰু পৰিবহনৰ উপযোগী।
হল্লিকাৰ:
প্রধানতঃ পোৱা যায় কর্ণাটকৰ টুমকাৰ,হাছছান,মাইচোৰ জিলাত।
খীল্লাৰ:
কনগায়াম:
তামিলনাড়ুৰ কোয়েম্বাটুৰ,ইৰোড,নামাক্কাল,কাৰুৰ,আৰু ডিন্দিগুল জিলাত প্রধানতঃ পোৱা যায়।
হালবোৱা আৰু পৰিবহনৰ বাবে-ই সাধাৰণতঃ ব্যৱহৃত হয়।কঠিন পৰিবেশো সহ্য কৰিব পাৰে।
বিদেশী দুগ্ধৱতী জাত:
জাৰ্ছী:
প্রথম পোৱালি হোৱাৰ সময়ত বয়স ২৬-৩০মাহ।
পোৱালি দিয়াৰ মধ্যবর্তী সময়কাল ১৩-১৪ মাহ।
গাখীৰ উৎপাদন ৫০০০-৮০০০ লিটাৰ।
বিশুদ্ধ সঁচৰ পৰা প্রতি দিনে পোৱা যায় ২০ লিটাৰ, সংকৰ প্ৰজাতিৰ পৰা পোৱা যায় ৮-১০লিটাৰ।
ভাৰতৰ পৰিৱেশত, বিশেষকৈ গৰম আৰু সেমেকা পৰিৱেশত ভালকৈ খাপ খাই যায়।
হলস্টেইন ফ্রেইছিয়ান:
এই জাতটো হল্যন্ডৰ।
দুগ্ধ উৎপাদন- ৭২০০-৯০০০ লিটাৰ।
দুগ্ধ উৎপাদন কৰা হিচাপত বিদেশী জাতবিলাকৰ তুলনাত ইয়েই শ্রেষ্ঠ।গড়ে প্রতিদিন ২৫ লিটাৰ গাখীৰ পোৱা যায়।সংকৰ প্রজাতিৰ গাইৰ পৰা পোৱা যায় গড়ে প্রতিদিন ১০-১৫ লিটাৰ।
সমুদ্র-তীৰবর্তী অঞ্চল আৰু ব-দ্বীপ অঞ্চলত এই গাইৰ পৰা সৰ্বাধিক উৎপাদন পোৱা যায়।
বিভিন্ন জাতৰ ম’হ:
মুৰৰাহ:
হাৰিয়ানা,দিল্লী আৰু পাঞ্জাবত পোৱা যায়।
দুগ্ধ উৎপাদন- ১৫৬০ লিটাৰ।
বিশুদ্ধ জাতৰ পৰা গড়ে প্রতিদিন ৮-১০লিটাৰ আৰু সংকৰ জাতৰ ৬-৮ লিটাৰ গাখীৰ পোৱা যায়।
সমুদ্র-তীৰবর্তী অঞ্চল আৰু শীতল অঞ্চলত এইজাত ম’হৰ পৰা সৰ্বাধিক উৎপাদন পোৱা যায়।
ছুৰতী:
গুজৰাট
১৭০০-২৫০০লিটাৰ।
জাফৰাবাড়ি:
গুজৰাটৰ কাথিওয়াৰ
১৮০০-২৭০০লিটাৰ।
নাগপুৰী:
মহাৰাষ্টৰ নাগপুৰ,ওয়ার্ধা,আকোলা,অমৰাৱতী আৰু ইয়োত্মাল জিলা।
দুগ্ধ-উৎপাদন- ১০৩০-১৫০০ লিটাৰ।
দুগ্ধজাত গাই সাধাৰণ নিৰ্বাচন প্রক্রিয়া:
দুগ্ধজাত গাইৰ চয়ন নিৰ্বাচন:
গৰু পোৱালি প্রদর্শণী বা পশু প্রদর্শণীৰ পৰা পোৱালি বা গাই নিৰ্বাচন কৰাটো এটা কলা।এজন ডেয়েৰী-পালকে নিজৰ পামত বংশবর্ধনৰ দ্বাৰা নিজা পাম গঢ়ি লোৱাটোৱেই উত্তম। দুগ্ধৱতী পশুধন কিনাৰ বাবে নিম্নোল্লেখিত নিদ্দেৰ্শনা সমূহ মনত ৰাখিব লাগে-
দুগ্ধৱতী গাই পশু-মেলাৰ পৰা ক্রয় কৰোতে বংশ-বৈশিষ্ট্য আৰু দুগ্ধ-উৎপাদনৰ ক্ষমতাৰ চাই ক্ৰয় কৰা উচিত ।
সাধাৰণতে সংগঠিত গোশালাবিলাকত ৰখা তথ্য বা ৰেকৰ্ড বিলাকৰ পৰা পশুধনৰ বংশগত ইতিহাস সঠিক বাবে পোৱা য়ায়।
প্রথম পাঁচ পিয়নকালত গাইৰ পৰা সর্ব্বোচ পৰিমানৰ গাখীৰ পোৱা যায়। সেইবাবে প্রথম দুই পিয়নকালত পোৱালি হোৱাৰ দুমাহৰ ভিতৰত নির্বাচন কৰাটো উত্তম।
সফলভাবে দুবাৰ সম্পূর্ণ গাখীৰ উৎপাদন আৰু তাৰ গড় উৎপাদনৰ পৰিমানৰ পৰা গাইজনীৰ উৎপাদন ক্ষমতা সম্বন্ধে ধাৰণা পোৱা যায়।
গাইজনী যাতে যিকোনো ব্যক্তিয়ে খীৰাব পাৰে আৰু ই সহজতে বশ মানে।
অক্টোবৰ আৰু নবেম্বৰ মাহৰ ভিতৰত গাই গৰু কিনাটো উচিত।
পোৱালি হোৱাৰ ৯০ দিনৰ ভিতৰত সর্বাধিক গাখীৰ পোৱা যায়।
অধিক গাখীৰ দিয়া গাখীৰতী গাইৰ বংশগত বৈশিষ্ট্যঃ:
স্ত্রীসুলভ নমনীয়তা,আকর্ষনীয় বৈশিষ্ট্য, হৃষ্ট-পূষ্ট আৰু প্রভাৱী আচৰণ আৰু চালচলন।
মেদহীন ডিঙি আৰু উজ্জ্বল চকু বিশিষ্ট হোৱা ভাল।
পেটৰ সৈতে ভালকৈ লাগি থকা বাঁটযুক্ত ওহাৰ।
বাঁটৰ ছালত পুষ্ট বিস্তৃত ৰক্তনলীকা।
ব্যৱসায়িক দুগ্ধ-উৎপাদন পামত সঠিক প্ৰজাতিৰ গৰুৰ চয়ন - কিছুমান পৰামর্শ:
ভাৰতীয় পৰিৱেশত ব্যৱসায়িক দুগ্ধ-উৎপাদন পাম ন্যূনতম ২০ টা পশুধনৰ দ্বাৰা আৰম্ভ কৰিব লাগে-(১০টা গৰু১০টা ম’হ)।অৱশ্যে ইচ্ছা কৰিলে ৫০:৫০ অথবা ৪০:৬০ অনুপাতত ১০০ টা লৈকে বঢ়াব পৰা যায়। ইয়াৰ পিছত বজাৰৰ চাহিদা আৰু নিজৰ ক্ষমতা অনুযায়ী ব্যৱসায়ৰ প্ৰসাৰণ ঘটাব পৰা যায়।
ভাৰতত স্বাস্থ্য-সচেতন মধ্যবিত্ত পৰিয়ালে কম-স্নেহ পদার্থ যুক্ত গাখীৰ পছন্দ কৰে। তুলনা-মূলক ভাৱে মিশ্ৰিত ব্যৱসায়িক পাম আৰম্ভ কৰাটো ভাল। (সংকৰ প্ৰজাতিৰ গৰু, ম’হ একেটা গোহালিতে বিভিন্ন শাৰীত ৰখা)।
গাখীৰ বিক্ৰী কৰিব খোজা বজাৰৰ বিস্তাৰিত সমীক্ষা কৰা প্রয়োজন।বজাৰৰ চাহিদা অনুযায়ী দুই প্ৰকাৰৰ গাখীৰ একেলগে মিহলাই বিক্রি কৰিব পৰা যায়।কিছুমান হোটেল আৰু সাধাৰণ গ্ৰাহকে(৩০% হব পাৰে)ম’হৰ গাখীৰ পছন্দ কৰে। হস্পিতাল, স্বাস্থ্য-কেন্দ্র প্রভৃতিত বিশুদ্ধ গৰুৰ গাখীৰ পছন্দ কৰে।
ব্যৱসায়িক ডেয়াৰী পামত সঠিক জাতৰ গৰু/ম’হৰ নির্বাচন
গৰু:
বজাৰত পোৱা ভাল জাতৰ গৰুৰ দাম দৈনিক গাখীৰ উৎপাদন ক্ষমতা অনুযায়ী প্ৰতি লিটাৰ গাখীৰৰ বিপৰীতে ১২০০ পৰা ১৫০০ টকা হিচাপে লৈ নিৰ্ণয় কৰা হয়। (উদাহৰণ স্বৰূপে প্রতিদিন ১০লিটাৰ গাখীৰ দিয়া গৰুৰ মূল্য ১২,০০০ ৰ পৰা ১৫,০০০ টকা)।
সঠিকভাৱে পোহপাল কৰিলে এটি গাইগৰুৱে প্রতি ১৩-১৪ মাহৰ মূৰে মূৰে নিয়মিতভাবে পিয়ন দিয়ে।
এইধৰণৰ গাই গৰূ সহজতেই বশ মানে। অধিক গাখীৰ উৎপাদনকাৰী সংকৰ জাতৰ(হলস্টেইন আৰু জাৰ্ছী সংকৰ)গৰু ভাৰতীয় পৰিবেশত সহজতে খাপ খায়।
গাই গৰুৰ গাখীৰত স্নেহ-পদার্থৰ পৰিমান ৩-৫.৫% ভিতৰত থাকে যিটো ম’হৰ গাখীৰৰ তুলনাত কম।
ম’হ:
ব্যৱসায়িক ডেয়াৰী পামৰ বাবে উপযুক্ত মুৰৰাহ বা মেহছানাৰ নিচিনা ভাল জাতৰ ম’হ অকল ভাৰতত পোৱা যায়।
যিহেতু গৰুৰ গাখীৰতকৈ ম’হৰ গাখীৰত স্নেহ-পদার্থৰ পৰিমান বেছি থাকে গতিকে মাখন আৰু ঘী তৈয়াৰ কৰাত ম’হৰ গাখীৰ বেছিকৈ ব্যৱহাৰ হয় । ভাৰতীয় পৰিয়ালত অতিথি আপ্যায়নৰ বাবে চাহ এক অত্যন্ত প্ৰয়োজনীয় পানীয়, ম’হৰ গাখীৰত চাহ ভাল হয়।
ম’হক আঁহ জাতীয় শস্যৰ অৱশিষ্টাংশ খুৱাই পোহিব পৰা যায়, দানাৰ খৰচ কম।
বেছি ভাগ ম’হৰ যৌৱন দেৰীকৈ আহে আৰু ১৬-১৮ মাহ ব্যৱধানত পোৱালি জন্ম দিয়ে। মতা পোৱলি ম’হৰ মুল্য কম।
ম’হক ঠাণ্ডা পৰিবেশৰ প্রয়োজন, যেনে, বোকা-বালি মিশ্রিত পানীৰ ধাৰা, বা পানীৰ ফোৱাৰাৰ দ্বাৰা গা-ধুঁওৱা।
উৎস: আইএনডিজি দল