অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কণীপৰা ব্ৰইলাৰ আৰু হাঁহৰ প্ৰতিপালনৰ দৈনিক কাম-কাজসমূহ

কণীপৰা ব্ৰইলাৰ আৰু হাঁহৰ প্ৰতিপালনৰ দৈনিক কাম-কাজসমূহ

ভালদৰে ডাঙৰ কৰিবলৈ হলে, কুকুৰাপোৱালী বিলাকক কৃত্ৰিম ভাৱে উম বা তাপ দিয়া হয়৷ চৰাইক উম বা তাপ যোগোৱা কাল বা সময়, ঋতু অনুসাৰে নিৰ্ণয় কৰা হয় ৷ জাৰকালি প্ৰায় ৮ সপ্তাহ ধৰি “ব্ৰুডিং” কৰিব লগীয়া হয় ৷ গৰমৰ দিনত কেইদিনমানৰ বাবেহে কৰা হয় ৷ এটা তিনি ফুটীয়া আয়তনৰ “হেঙাৰে” ১৩০ টা কুকুৰা পোৱালীক তাপ যোগাব পাৰে ৷ ব্ৰুডাৰৰ ভিতৰত পাৰি থোৱা কাগজ সমূহ দিনৌ সলাব লাগে ৷ ব্ৰুডিংৰ ১ম টো সপ্তাহ হ’ব লাগে ৷ ৯৫০ ফা.কৈ কমাই নিব লাগে ৷

৩৬ টা কুকুৰা পোৱালীৰ বাবে এটা ৩ ফুটীয়া দানাৰ পাত্ৰই যথেষ্ট হ’ব ৷ গতিকে ১৩০ টা কুকুৰা পোৱালীৰ বাবে এনে আকৃতিৰ আহাৰৰ পাত্ৰ ৩ ফুট ব্যাসাৰ্দ্ধৰ এটা হেঙাৰত ব্যৱহাৰৰ নিমিত্তে চাৰিটাই জুৰিব ৷ পানী পিবৰ বাবে প্ৰতি ৫০ টা কুকুৰা পোৱালীৰ কাৰণে একোটাকৈ ২-২.৫ লিটাৰ পানী ধৰা ঘূৰণীয়া মধ্যাকৰ্ষনিক পানীৰ পাত্ৰৰ আৱশ্যক ৷ চৰাই বিলাক ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ বৰ্দ্ধিত পৰিমাণৰ ঠাইৰ চাহিদা যোগাবলৈ হ’লে, ‘চিক্গাৰ্ড’ খন সেই অনুক্ৰমে বহলাই যাব লাগে ৷ প্ৰতি সপ্তাহত অন্তত: দিনে দুবাৰকৈ লিটাৰ খিনি ৰেকেৰে খুচৰি লুটিয়াই বগৰাই দিয়া উচিত ৷ পানী দিয়া পাত্ৰৰ কাষত যাতে পানী নপৰে তাৰ বাবে সাৱধান হ’ব লাগে ৷ লিটাৰৰ পানী ডোখৰ গুচাই পেলাব লাগে সাধাৰণতে বৰষুণৰ দিনত লিটাৰখিনি সেমেকা হয় ৷ প্ৰতি ১০০ ব:ফু: পৰিমাণৰ মজিয়াত ৩ কি:গ্ৰা: হিচাবে গুকান গুড়া ছটিয়াই দিলে ভাল ৷

বাঢ়নীয়া কুকুৰা প্ৰতিপালনৰ দৈনিক কাম কাজ সমূহৰ ভিতৰত দানা পানী দিয়া আৰু জাকটোৰ সঠিক নিৰীক্ষণেই প্ৰধান ৷ ইয়াৰ উপৰিও সেইদিনা যদি কোনো কুকুৰাৰ মৃত্যু ঘটিছে, তেনেহলে পশু চিকিৎসকৰ দ্বাৰা শৱচ্ছেদন তথা কাৰণ বিশ্লেষণ আৰু তাৰ উপযুক্ত প্ৰতিকাৰ ইত্যাদি কৰিব লাগে ৷ বাঢ়নীয়া বয়সৰ  প্ৰথম ৩-৪ সপ্তাহ মানৰ বাবে কুকুৰাজাকক দানা দিনটোত ৩ বাৰ দিয়া উচিত ৷ ৰাতিপুৱা দুপৰীয়া আৰু শেষৰ বাৰ আবেলি দানা দিব লাগে ৷ যিটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা হাইব্ৰিদ কুকুৰাজাক কিনা হৈছে, তেওঁলোকৰ এখন নিৰ্দ্দেশনা থাকে ৷ এই নিৰ্দ্দেশনাখনত কুকুৰা জাকক প্ৰতিটো সপ্তাহত দিব লগা দানাৰ পৰিমাণ আৰু প্ৰতিটো সপ্তাহৰ অন্তত কুকুৰাজাকৰ হ’ব লগা গড় ওজন আদি লিখা থাকে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নিৰ্দ্দেশনা অনুসৰি কুকুৰাজাকক দানা দিয়া উচিত ৷ প্ৰতিবাৰ দানা দিয়াৰ আগেয়ে পাত্ৰত পৰি থকা লিটাৰ পাখি, কুকুৰাৰ মল আদি হাতেৰে পৰিষ্কাৰ কৰি লোৱা উচিত ৷ দানা দিয়াৰ লগে লগে পানী দিয়াৰো ব্যৱস্হা কৰিব লাগে ৷ পানী দিয়াৰ আগেয়ে নিতৌ পাত্ৰবোৰ ভালদৰে ঘঁহি মাজি পৰিষ্কাৰ কৰি ল’ব লাগে ৷ কুকুৰাজাকক প্ৰতিদিনে নতুন পানী দিব লাগে ৷ বাহী পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ৷ গৰম দিনত কুকুৰাজাকক কেতিয়াবা কেইবাবাৰো পানী দিয়াৰ প্ৰয়োজন ৷ কিয়নো গৰমত কুকুৰাই বেচিকৈ পানী খোৱাৰ উপৰিও পানীখিনি খাব নোৱাৰাকৈ উতপ্ত হৈ যায় ৷

দানাৰ বাচন সমূহ কুকুৰা ঘৰত ব্যৱহাৰ কৰোতে মন কৰিব লাগে যে পাত্ৰৰ তলিখন যাতে সদায় কুকুৰাটোৰ পিঠিৰ সমতলতহে থাকে ৷ কুকুৰাজাকৰ সঠিক নিৰীক্ষণ কুকুৰা প্ৰতিপালনৰ এটা গুৰুত্বপূৰ্ণ কাম ৷ পাত্ৰৰ পৰিচালকজনে প্ৰতিদিনেই নিৰীক্ষণ কৰা কামটো কৰ্মচাৰীৰ ওপৰত এৰি দিয়াতকৈ নিজে কৰা ভাল ৷ দানা, পানী দিয়াৰ পাছতেই হৈছে কুকুৰাজাকক নিৰীক্ষণ কৰাৰ আটাইতকৈ উত্তম সময় ৷ ঘৰটোত থকা প্ৰতিটো কুকুৰাই দানা খাবলৈ পাইছে নে নাই, চোৱা উচিত ৷ প্ৰয়োজন হ’লে দানাৰ পাত্ৰৰ সংখ্যা বঢ়াই দিব লাগে ৷ পামত হ’ঠাৎ কেতিয়াবা বেমাৰে দেখা দিব পাৰে ৷ হেতা-ওপৰা লগাই দানা খাব খোজাতো কুকুৰাজাকৰ ভাল লক্ষণ ৷ কিন্তু যদিহে সিহঁতৰ দানা খোৱাৰ বাবে ৰাপ দেখা নাযায়, তেনেহলে তাৰ উপযুক্ত কাৰণ বিচাৰি প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰা উচিত ৷ দানা খাব নোখোজা, জুপুকা মাৰি থকা কুকুৰা জাকটোৰ পৰা আঁতৰাই দি বেলেগ প্ৰতিকাৰৰ ব্যৱস্থা কৰা উচিত ৷

ৰাতিপুৱাই কুকুৰা জাক নিৰীক্ষণৰ আন এটা দিশ হ’ল, সিহঁতৰ মলত্যাগৰ বৰণ চোৱাটো ৷ কুকুৰাবোৰৰ পানীয় গোবৰ বা মলত তেজৰ কণিকা আদি কিবা অস্বাভাৱিকতা থাকিলে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷ ইয়াৰ উপৰিও লিটাৰ সম্বন্ধেও কিছু নিৰক্ষীণৰ প্ৰয়োজন ৷ ঠায়ে ঠায়ে গোট মাৰি লডা বা মখা বান্ধিছেনেকি বা ভিজি আছে নেকি তাক চোৱা দৰকাৰ ৷

দৈনিক নিৰীক্ষণৰ আন এটা দিশ হ’ল, এন্দুৰ নিগনিৰ উৎপাত হৈছে নেকি চোৱাটো ৷ গাত খন্দা বা বস্তা কুটা আদিবোৰ নিৰীক্ষণ কৰা উচিত ৷ ৰাতিপুৱাৰ দৰে আবেলিও এবাৰ কুকুৰাজাক নিৰীক্ষণ কৰা উচিত ৷ মনত ৰখা উচিত যে উপযুক্ত নিৰীক্ষণে পামখন বেমাৰ মুক্ত কৰি ৰখাত সহায় কৰে ৷ নিৰ্দ্ধাৰিত সময়ত ঘৰৰ বিজুলী বাতিবোৰ জ্বলোৱা নুমুওৱা কৰাটোও দৈনন্দিন কাম কাজৰ অংশ বিশেষ ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate