অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকুৰা পামত ৰেকৰ্ড ৰখাৰ পদ্ধতিঃ

কুকুৰা পামত ৰেকৰ্ড ৰখাৰ পদ্ধতিঃ

 

ব্যৱসায়িক ভিত্তিত কুকুৰা পাম এখনত সকলো ধৰণৰ হিচাপ-নিকাচ সুন্দৰভাৱে ৰখা উচিত। বহুত পামত ইয়াক এটা দৰকাৰী কাম বুলি ভবা দেখা নাযায়। অসমৰ খুব কমসংখ্যক পালকেহে পামৰ সকলো ধৰণৰ আয়-ব্যয়ৰ হিচাপ ভালদৰে ৰখা দেখা যায়। অনেক পামত আকৌ এই হিচাপবোৰ মোটামুটিকৈহে ৰখা দেখা যায়। ইয়াৰ ফলস্বৰূপে পামত প্ৰকৃততে কিমাননো লাভ হৈছে প্ৰতি ড’জন কণী উৎপাদন হওঁতে, আচলতে কিমান খৰচ হৈছে বা প্ৰতি কিলো ব্ৰয়লাৰ মাংসৰ বাবে কিমান দানা খৰচ হৈছে আদি কথাবোৰ জনা নাযায়।

পামৰ আয়-ব্যয়ৰ হিচাপৰ উপৰিও কুকুৰাবোৰৰ দৈনিক কাম-কাজবোৰৰ খতিয়ান লিখি থোৱা উচিত। কুকুৰাৰ দৈনিক কাম-কাজবোৰৰ ভিতৰত দানা দিয়াৰ পৰিমাণ, ব্যৱহাৰ হোৱা ঔষধৰ নাম আৰু পৰিমাণ, ঠোঁট কটা বা ছিটা দিয়াৰ তাৰিখ ইত্যাদিবোৰ ভালদৰে লিখি থোৱা আৱশ্যক। লিখি থোৱা এই নথি-পত্ৰবোৰৰ পৰা পামৰ ভৱিষ্যৎ কাৰ্যপন্থা বা আঁচনি সম্বন্ধে আগবাঢ়িব পৰা যায়। ইয়াৰ উপৰি পামত বেমাৰ আদি হ’লে চিকিৎসা কৰিবলৈ অথবা প্ৰতিপালন সম্পৰ্কীয় নিৰ্দেশনা আদি দিবৰ বাবে, পামৰ প্ৰতিজাক কুকুৰাৰ সকলো ধৰণৰ ৰেকৰ্ড থকাটো আৱশ্যক। বেংকৰ পৰা ঋণ ল’বৰ বাবে বা বীমা কোম্পানীৰ পৰা ধন আদায় ল’বৰ বাবেও পামৰ এই ৰেকৰ্ডসমূহৰ বিশিষ্ট ভূমিকা থাকে।

পামৰ এই হিচাপ পত্ৰবোৰ প্ৰতিদিনে লিখি যোৱা উচিত আৰু মাহ শেষ হোৱাৰ পাছত ৰেকৰ্ডবোৰৰ মাহেকীয়া হিচাপ-পত্ৰবোৰ কৰা উচিত। পামত সাধাৰণতে দুবিধ ৰেকৰ্ড ৰখাৰ ব্যৱস্থা কৰা হয়। এবিধ হ’ল পামৰ কাৰ্যালয়ত পকাবন্ধা বহীত ৰখা ৰেকৰ্ড আৰু আনবিধ হ’ল কুকুৰা ঘৰৰ ভিতৰত গজালত ওলোমাই থোৱা ৰেকৰ্ড। পামৰ দৈনিক হিচাপবোৰ কুকৰা ঘৰৰ ভিতৰত লিখি থোৱাৰ পাছত জাকটোৰ নিৰ্দিষ্ট বয়স বা উৎপাদনকাল শেষ হ’লে এই নথি-পত্ৰবোৰ কাৰ্যালয়লৈ আনি লাভ-লোকচানৰ হিচাপ কৰা হয়।

কুকুৰা পাম এখনত সকলোবোৰ কাম-কাজৰ খতিয়ান আদি সঠিকভাৱে ৰেকৰ্ড কৰিবৰ বাবে প্ৰতিটো ঘৰৰ এটা নিৰ্দিষ্ট নম্বৰ থকা উচিত। আকৌ যদি ঘৰটোক মাজতে দুভাগ বা তিনিভাগ কৰি ব্যৱহাৰ কৰা হৈছে তেনেহ’লে প্ৰতিটো ভাগৰ বাবে এটা বিশেষ আখৰ ব্যৱহাৰ কৰা উচিত যাতে ঘৰটোত থকা প্ৰতিটো জাকৰ বাবে বেলেগ ৰেকৰ্ড ৰাখিব পৰা যায়।

কুকুৰাঘৰৰ গজালত ওলোমাই ৰখা ৰেকৰ্ডবোৰত জাকটোৰ প্ৰতিটো খুটি-নাতি খবৰ নিতৌ লিখি থোৱাৰ ব্যৱস্থা কৰা উচিত। এই কথাখিনি সদায় পাম নিৰীক্ষণ কৰিবৰ সময়তে লিখিব পৰা যায়। কুকুৰাৰ ভিতৰতে থকা এই ৰেকৰ্ডবোৰৰ সহায়ত জাকটোৰ বিষয়ে পলকতে সকলো কথা জানিব পৰা যায় আৰু প্ৰতিপালনৰ যিকোনো সমস্যা সম্পৰ্কে সিদ্ধান্ত এটা ল’বৰ বাবে সহায়ক হয়। মাহে মাহে বা প্ৰতিপালনৰ শেষত এই ৰেকৰ্ডবোৰ কাৰ্যালয়লৈ আনি পকাবন্ধা বহীত তুলি লোৱা হয়। কাৰ্যালয়ত পকাবন্ধা বহীত ৰাখিব লগা হিচাপ বিলাক নিজৰ সুবিধামতে বনাই ল’ব পাৰি।

(উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা)।

জানিবলগীয়া কথাঃ

 

  • গৰুৰ গোবৰ পুখুৰীৰ বাবে উত্তম জৈৱিক সাৰ। এবিঘা পানীকালিৰ এটা পুখুৰীত প্ৰতিদিনে এজনা গৰুৰ গোবৰ প্ৰয়োগ কৰিব পাৰি। গৰুৰ গোবৰত নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম থাকে আৰু পুখুৰীটো সাৰুৱা কৰি তাত প্ৰাকৃতিক খাদ্য যেনে উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱক উপলভ্য কৰিবলৈ গৰুৰ গোবৰ প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজনীয়। পুখুৰীত গৰুৰ গোবৰ নিয়মীয়াকৈ প্ৰয়োগ কৰিলে তাত নিয়মীয়াকৈ চূণ প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজনীয়। চূণে পানীৰ অম্লতা হ্ৰাস কৰাৰ উপৰিও পানীৰ বেয়া গোন্ধ নাশ কৰে। গতিকে, আপোনাৰ প্ৰায় এবিঘাৰ পুখুৰীটোত এজনী গৰুৰ গোবৰ প্ৰতিদিনে প্ৰয়োগ কৰিব পাৰে, কিন্তু মাহিলি ৫ কিলোগ্ৰাম (খোৱা চূণ) প্ৰয়োগ নিশ্চিত কৰিব। এনে কৰিলে পুখুৰীটোত প্ৰাকৃতিক খাদ্যৰ অভাৱ নহ’ব আৰু মাছৰ বৃদ্ধি আশানুৰূপ হ’ব।
  • মীন পালনৰ জৰিয়তে লাভৱান হ’বলৈ হ’লে মীনপোনা প্ৰতিপালন পুখুৰী ৰখা অতিকৈ প্ৰয়োজনীয়। এনে পুখুৰীৰ পৰা বছৰেকত তিনি-চাৰিবাৰ পোনা প্ৰতিপালন কৰিব পাৰি। আগতীয়াকৈ দুই-তিনিবাৰ আৰু বছৰেকীয়া পোনা ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰা ছেপ্তম্বৰ-অক্টোবৰলৈকে পালন কৰিব পাৰি। ফেব্ৰুৱাৰী-মাৰ্চ মাহত মীনপোনা প্ৰতিপালনৰ বাবে পুখুৰীটো সিঁচি তলীখনত চূণ দি পৰিষ্কাৰ কৰি ল’ব লাগে। অন্যথা তাত থকা সাপ, ভেকুলী আৰু মাংসায়ী মাছ যেনে- শাল, শ’ল, বৰালি, আঁৰি আদি মাছে মাছৰ পোনা খাই পেলাব পাৰে। পুখুৰীটো পৰিষ্কাৰ কৰি তাত অন্য উৎসৰ পৰা ১-১.৫ মিটাৰমান পানী ভৰাই কেঁচা গোবৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে তাত যথেষ্ট সংখ্যক প্লৱক জমা হয়। প্ৰয়োজন সাপেক্ষে সৰিয়হৰ খলিহৈ আগতীয়াকৈ পানীত তিয়াই থৈ পুখুৰীত প্ৰয়োগ কৰিব লাগে। সাপ, ভেকুলী আদিৰ পৰা ৰক্ষা পাবলৈ দুফুটমান ওখকৈ জাল বান্ধি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিকঠা পানীকালিৰ পুখুৰীত এক লাখ পৰিমাণৰ মীনপোনা মেলিব পাৰি। ক্ষুদ্ৰাকৃতিৰ এনে মীনপোনাক স্প’ন বুলি কোৱা হয়। প্ৰায় ১৫-২০ দিন প্ৰতিপালন কৰাৰ পাছত এনে স্প’ন আকৃতিৰ মীনপোনা ফ্ৰাই আকৃতি পায় আৰু বিক্ৰীৰ উপযোগী হয়।

(উৎসঃ অসমীয়া খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate