ব্যৱসায়িক ভিত্তিত কুকুৰাৰ কণী উৎপাদন কৰোতে জাকটোত মতা কুকুৰা ৰখাৰ আৱশ্যকতা নাথাকে। সেয়ে এটা জাকত উপৰুৱাকৈ কেইটামান মতা কুকুৰা ৰাখি খৰচ বৃদ্ধি কৰাৰ কাৰণ নাথাকে। বৰ্তমানে অকল প্ৰজনন পামবোৰতহে মতা কুকুৰা ৰখা হয়। পামত মতা কুকুৰাৰ সংশ্ৰব নোহোৱাকৈ উৎপন্ন হোৱা কণীবোৰৰ পৰা পোৱালি ফুকাব পৰা নাযায় আৰু সেয়ে এই কণীক নিৰামিষ কণী বুলিও কোৱা হয়। ব্যৱসায়িক পামত মতা কুকুৰাৰ আৱশ্যক নহয় বাবে প্ৰজনন পামসমূহে এদিনীয়া বয়সতে পোৱালিবোৰৰ মলদ্বাৰ পৰীক্ষা কৰি মতা মাইকী নিৰ্ধাৰণ কৰে আৰু অকল মাইকী পোৱালিহে বিক্ৰী কৰে। সেয়েহে পালকে অৰ্ডাৰ দিওঁতে মতা কুকুৰাৰ বিষয়ে উল্লেখ কৰাৰ আৱশ্যকতা নাথাকে।
কুকুৰা পোৱালিৰ বাবে অৰ্ডাৰ দিওঁতে সদায় প্ৰয়োজনতকৈ শতকৰা ৮-১০টা মান ওপৰঞ্চি অৰ্ডাৰ দিয়া উচিত। কিয়নো কুকুৰাজাকক ২০ সপ্তাহ বয়সলৈকে পোহপাল দিওঁতে শতকৰা ৪-৫টা মান বাতিলযোগ্য হয়। উদাহৰণস্বৰূপে এটা ৯২.৯০ মিটাৰ (১০০০ বৰ্গফুট) ঘৰ এটাত পূৰ্ণাংগ বয়সৰ প্ৰতিটো কুকুৰাৰ বাবে ০.১৮৬ বৰ্গমিটাৰ (২ বৰ্গফুট) হিচাপে ৫০০ ৰঙচুৱা কণীৰ পৰা কুকুৰা ৰাখিব পৰা যায়। এই ঘৰটোৰ বাবে এদিনীয়া পোৱালিৰ অৰ্ডাৰ দিওঁতে ৫৫০টা পোৱালি অৰ্ডাৰ দিয়া উচিত, যাতে কুকুৰাজাকে কণী পাৰিবৰ সময়ত অৰ্থাৎ ২০ সপ্তাহ বয়সত কমেও ৫০০টা সমজোখৰ কুকুৰা থাকেগৈ। সেইদৰে প্ৰতিটো কুকুৰাক ০.১৬২ বৰ্গমিটাৰ (১.৭৫ বৰ্গফুট) হিচাপে ঘৰটোত বগা ৰঙৰ কণী পৰা সাধাৰণ ওজনৰ পূৰ্ণাংগ কুকুৰা ৫৭০টা ৰাখিব পৰা যায়। এইক্ষেত্ৰত শতকৰা ১০ ভাগ ওপৰঞ্চিৰ সৈতে মুঠ ৬২৭টা বা ৬৩০টা পোৱালি অৰ্ডাৰ দিয়া উচিত।
কণী পৰা জাতৰ উচ্চ উৎপাদনক্ষম হাইব্ৰীড এদিনীয়া মাইকী কুকুৰা পোৱালি নিৰ্দিষ্ট সময়ত পাবৰ বাবে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক আগধন দি অৰ্ডাৰ দিব লাগে। এই অৰ্ডাৰ দিয়াৰ সময়ত পালকে তলত উল্লিখিত কথাখিনি মনত ৰখা আৱশ্যক।
কুকুৰা পোৱালি প্ৰতিপালনৰ মূল আৱশ্যকতাসমূহ হ’ল- সঠিক উষ্ণতা, মজিয়াৰ পৰিমাণ, পোহৰ আৰু লিটাৰ। এই মূল আৱশ্যকতাসমূহৰ প্ৰায়খিনিয়েই ব্ৰইলাৰ প্ৰতিপালনৰ লগত একে যদিও ঠায়ে ঠায়ে সৰু-সুৰা পাৰ্থক্য নথকাও নহয়। আৱশ্যকীয় কথাখিনি তলত আলোচনা কৰা হ’ল-
কুকুৰা জাকৰ ৪ দিন বয়সৰ পৰা ব্ৰুডিং শেষ নোহোৱালৈকে পোহৰৰ তীব্ৰতাৰ পৰিমাণ কমাই দিব লাদে। এই সময়ত কুকুৰাবোৰক এক ফুট কেণ্ডেল পৰিমাণৰ পোহৰ দিয়া উচিত। এইখিনি পৰিমাণৰ পোহৰ দিবৰ বাবে প্ৰতি ১৮.৫৮ বৰ্গমিটাৰ (২০০ বৰ্গফুট) এলেকাৰ বাবে এটা ৬০ ৱাট ক্ষমতাৰ বাল্ব ওপৰৰ বাটামত লগোৱা উচিত।
কণী পৰা জাতৰ সৰু কুকুৰাবোৰক সাধাৰণতে ৫-৬ সপ্তাহ বয়সলৈকে কৃত্ৰিম উম দিয়াৰ প্ৰয়োজন হয়। ব্ৰুডিং শেষ হোৱাৰ পিছতেই কুকুৰাজাকক কণী উৎপাদনৰ বাবে দৰকাৰ হোৱা সঠিক পৰিমাণৰ পোহৰ দিয়াৰ ব্যৱস্থা কৰা হয়। ব্ৰুডিং কাল শেষ নোহোৱালৈকে ব্ৰইলাৰ প্ৰতিপালনত উল্লেখ কৰা ধৰণেৰে পোহৰৰ ব্যৱহাৰ কৰা উচিত। কুকুৰা প্ৰতিপালনত পোহৰৰ ব্যৱহাৰ সম্বন্ধে বেলেগে বিতংভাৱে আলোচনা কৰা হৈছে।
(১) কুকুৰা ঘৰৰ ভিতৰৰ উত্তাপ কমায়।
(২) অদৰকাৰী গেছ আদি আঁতৰ কৰে।
(৩) অক্সিজেনৰ যোগান ধৰে।
(৪) ধূলিময় অৱস্থা নাশ কৰে।
(৫) সা-সঁজুলিবোৰৰ জীৱনকাল বঢ়ায়।
(৬) শ্বাসজনিত বেমাৰৰ পৰা নিৰাপদে কুকুৰাবোৰক ৰখাত সহায় কৰে।
কুকুৰা ঘৰবোৰ ওখ ঠাইত স্থাপন কৰা উচিত যাতে বায়ু সঞ্চালন অধিক হয়, দ’ চানেকীয়া ঠাইত সেয়েহে ডাঙৰৰ বেছি উপযোগী কুকুৰা ঘৰৰ ভিতৰত যাতে বায়ু ৰুদ্ধ অৱস্থাত নাথাকে তাৰ বাবে পালকে সততে চকু দিয়া উচিত।
কণী পৰা জাতৰ সৰু কুকুৰাবোৰক সিহঁতৰ সপ্তম সপ্তাহ বয়সৰ শেষলৈকে বা ৪৯ দিন বয়সলৈকে পোৱালি কুকুৰাৰ দানা দিয়া হয়। এইবিধ দানাত শতকৰা ২২ ভাগ প্ৰ’টিন আৰু ২৭০০ কিলো কেলৰি পৰিমাণৰ মেটাবলাইজিবল এনাৰ্জি প্ৰতি কিলো দানাত থাকে।
কুকুৰা পোৱালিবোৰক দানা-পানী দিয়াৰ পদ্ধতি ব্ৰইলাৰ প্ৰতিপালনৰ লগত একে। মাথোঁ ইহঁতৰ খোৱাৰ পৰিমাণটো ব্ৰইলাৰৰ তুলনাত অনেক কম। প্ৰতিটো কুকুৰা পোৱালিৰ বাবে এই সময়ছোৱাত অৰ্থাৎ ৭ সপ্তাহ বয়সলৈকে ৫ ছেণ্টিমিটাৰ (২ ইঞ্চি) দানা খাব পৰা ঠাই আৰু ২.৫ ছেণ্টিমিটাৰ (১ ইঞ্চি) পানী খাব পৰা ঠাইৰ আৱশ্যক।
কণী পৰা জাতৰ কুকুৰা পোৱালিবোৰক ভাইৰাছজনিত বেমাৰ নহ’বৰ বাবে সিহঁতৰ বিভিন্ন বয়সত ছিটা দিয়াৰ ব্যৱস্থা কৰা হয়। এই বিষয়ে বেলেগে আলোচনা কৰা হৈছে।
এইক্ষেত্ৰত এটা বৰ আৱশ্যকীয় কথা এয়ে যে কুকুৰা পোৱালিবোৰক ৫-৭ দিন বয়সত ৰাণিখেত বেমাৰৰ ছিটা দিয়া হয়। ছিটা দিয়াৰ বাবদ এক মজলীয়া প্ৰাৱল্যৰ পীড়ন সৃষ্টি হয় আৰু সেইদিনা ৰাতিৰ পৰা ২-৩ দিনমানলৈ ইহঁতে অধিক ঠাণ্ডা অনুভৱ কৰে। গতিকেই ছিটা দিয়াৰ পাছৰ পৰা ২-৩ দিন মানলৈ ব্ৰুডাৰৰ উত্তাপ কিছু বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা আৱশ্যক যাতে ইহঁতক পীড়নৰ পৰা মুক্ত ৰাখিব পৰা যায়। পীড়নৰ প্ৰাৱল্য খুব বেছি যেন হোৱা অনুমান হ’লে ইহঁতৰ খোৱাপানীত এণ্টিবায়’টিক ঔষধ ৪-৫ দিনৰ বাবে দিয়া উচিত।
ব্ৰইলাৰ প্ৰতিপালনত নিৰ্দেশিত ঔষধখিনিয়ে ইয়াতো একে ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। কণী পৰা জাতৰ সৰু কুকুৰাবোৰক ৭-৮ সপ্তাহ বয়সৰ ভিতৰতে এবাৰ ঠোঁট কটাৰ আৰু কেইবাবাৰো ছিটা দিয়াৰ প্ৰয়োজন হয়। ছিটা দিয়া ঠোঁট কটাৰ পৰা উদ্ভৱ হোৱা পীড়নৰ বাবে সিহঁতক খোৱাপানীত যিকোনো এবিধ এণ্টিবায়’টিক দিব লাগে। ব্ৰইলাৰ প্ৰতিপালনত নিৰ্দেশিত ঔষধসমূহৰ ব্যৱহাৰ অলপ ইফাল-সিফাল কৰি এই এণ্টিবায়’টিক দিয়া উচিত। এণ্টিবায়’টিকবোৰৰ ভিতৰত হষ্টাচাইক্লিন নামৰ ঔষধটো ২.৫ গ্ৰাম প্ৰতি ৪.৫ লিটাৰ পানীত নতুবা কডৰিনেল ১ গ্ৰাম প্ৰতি লিটাৰ পানীত ৫ দিনমানৰ বাবে, ঠোঁট কটা বা ছিটা দিয়াৰ পাছত ব্যৱহাৰ কৰা উচিত।
(উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা)।