অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকুৰাৰ আহাৰ আৰু খুওৱা প্ৰণালী

কুকুৰা পালন ব্যৱসায়ত কাৰ্য্যকৰী মূলধনৰ প্ৰায় ৭০-৮০ শতাংশ খৰচ দানাতেই হয়৷ আজিকালিৰ আৱদ্ধ প্ৰথাৰ প্ৰতিপালনত কুকুৰাৰ দানাৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়৷ কিয়নো উচ্চমানৰ সুষম খাদ্য নাপালে কুকুৰাবোৰে শৰীৰৰ ওজন হেৰুৱাই বাঢ়নত বাধাপ্ৰাপ্ত হয় আৰু কণী দিয়া বা মাংসৰ বাবে বঢ়োৱা আদি ব্যৱস্থা ভেদে খাদ্য সামগ্ৰীৰ পৰীক্ষণ কম-বেছি হয়৷ যেনে উঠি অহা, পোৱালীবোৰক মাংসসাৰ বা প্ৰ’টিন ভাগ বেছিকৈ লাগে৷ আনহাতে কণী পাৰি থকা ব্ৰইলাৰ সমাপক শৰ্কৰা জাতীয় খাদ্য বেছিকৈ লাগে৷ আন আন পশুধনৰ দৰে কুকুৰাবোৰকো তলত উল্লেখ কৰা খাদ্যৰ মূল উপাদানবোৰ অতি দৰকাৰ৷

Image result for hen farming

১)প্ৰ’টিন বা মাংসসাৰ

২)কাৰ্বহাইড্ৰেট বা শৰ্কৰা

৩)ফেট বা চৰ্বি

৪)মিনাৰেল বা ধাতব

৫)ভিটামিন বা খাদ্যপ্ৰাণ

৬)পানী

কুকুৰাক প্ৰ’টিন যোগানৰ বাবে বিভিন্ন ৰকমৰ খলিহৈ, মাছৰ গুড়ি, মাংস-চূৰ্ণ, ৰক্তচূৰ্ণ আদিৰ অংশ খাদ্যত মিহলাই খুৱাব লাগে৷ কাৰ্বহাইড্ৰেট জাতীয় খাদ্য হিচাবে কুকুৰাৰ দানাত ধান, গোমধান, যৱধান, বাৰ্লি, চাউলৰ মলি, গমৰ ভুচি ইত্যাদি মিহলোৱা হয়৷

ধাতব পদাৰ্থৰ উৎস হ’ল চূণশিল, নিমখ, হাড়ৰ গুড়ি আৰু বজাৰত পোৱা খনিজ মিশ্ৰণ ৷ খাদ্যপ্ৰাণৰ উৎসবোৰ হ’ল : সেউজীয়া শাক-পাছলি আৰু বজাৰত পোৱা বিভিন্ন খাদ্যপ্ৰাণযুক্ত মিশ্ৰণ ৷

কুকুৰাৰ জাত আৰু বয়সভেদে দানা সমূহ বিভিন্ন

কণীপৰা জাতৰ কুকুৰাবোৰক সিহঁতৰ বয়স অনুপাতে তিনিভাগত ভগোৱা হয় ৷ এদিনীয়া বয়সৰ পৰা ৭ সপ্তাহলৈ পোৱালী দানা, ৮ ৰ পৰা ১৯ সপ্তাহলৈ ডেকেৰুৱা দানা, ২০ সপ্তাহ বয়সৰ পৰা কণী পৰা কুকুৰাৰ দানা বুলি কোৱা হয় ৷ এই তিনিও বিধ  বয়সৰ কুকুৰাৰ বাবে দানাত থাকিব লগীয়া উপাদান সমূহৰ পৰিমান বেলেগ বেলেগ ৷ গতিকে এবিধৰ বাবে বনোৱা দানা আনবিধ কুকুৰাত ব্যৱহাৰ কৰিব নোৱাৰে৷

ব্ৰইলাৰ জাতৰ কুকুৰাৰ বাবে দুবিধ দানা ব্যৱহাৰ কৰা হয় ৷ সেয়া হৈছে ব্ৰইলাৰ সমাপক দানা ৷

ব্যৱসায়িক ভিত্তিত কুকুৰা পালন কৰোতে দানাৰ গুণমান সম্বন্ধে সদায় সজাগ হৈ থকা উচিত ৷ ভাৰতবৰ্ষত কুকুৰাৰ দানাবোৰৰ গুণগত মান কেনে হোৱা উচিত এই বিষয়ে ‘আই.এচ.আই’ য়ে নিৰ্দ্ধাৰণ কৰি দিছে ৷ কুকুৰাৰ দানা বনোৱা বা বিক্ৰী কৰা বিভিন্ন প্ৰতিষ্ঠনবোৰে সাদাৰণতে এই ‘আই.এচ.আই’ ৰ নিৰ্দ্দেশনা অনুসৰিহে দানা বনায় ৷

কুকুৰা দানাৰ বিভিন্ন প্ৰকাৰ

ব্যৱসায়িক ভিত্তিত কুকুৰা পামৰ কুকুৰাক খুৱাবৰ বাবে বৰ্ত্তমান বজাৰত তিনি প্ৰকাৰৰ দানা কিনিবলৈ পোৱা যায় ৷

Image result for hen farming

১)মিশ্ৰিত গুড়ি দানা

২)পেলেট বা গুড়ি দানা

৩)ক্ৰাম্বল বাস আৰু ডুখৰীয়া বড়ি দানা

পামত দানা বনাওতে মন কৰিবলগীয়া কথা

  • অসমত কুকুৰা দানাৰ দাম তুলনামূলক ভাৱে বেছি ৷
  • ইয়াৰ মূল কাৰণ দানাৰ আৱশ্যক উপকৰণ সমূহৰ অধিকাংশ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব লগা হয় ৷
  • দানা বনাবৰ বাবে আৱশ্যক হোৱা বিভিন্ন উপকৰণ সমুহৰ বিষয়ে জ্ঞান থকাটো এটা মুখ্য প্ৰয়োজন ৷
  • উচ্চ মানদণ্ডৰ সুষম দানা প্ৰস্তুত কৰি লবৰ বাবে কিছু কাৰিকৰী জ্ঞানৰ আৱশ্যক হয় ৷
  • বহুদিন পেলাই থোৱা উপকৰণ ব্যৱহাৰ কৰা উচিত নহয় ৷
  • স্বাস্থ্যকৰ পৰিবেশত বিধি সন্মতভাৱে দানা বনোৱা উচিত ৷
  • দানা বনাবৰ বাবে এটা আছুতীয়া ঘৰৰ আৱশ্যক ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate