অতীজৰে পৰা কুকুৰাৰ কণী মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী আহাৰ হিচাপে পৰিগণিত হৈ আহিছে। পুষ্টিকাৰক, স্বাস্থ্যৰক্ষাকাৰী এই কণীত সদায় নিৰ্ভেজাল আৰু চোকোৰাৰ ৰূপত বিশেষ প্ৰাকৃতিক পেকেটত পোৱা যায়। সকলো বয়সৰ মানুহৰ বাবে গ্ৰহণযোগ্য এই কণী দামতো সস্তা আৰু সেয়েহে সমাজৰ যিকোনো স্তৰৰ মানুহে কিনি খাব পাৰে। পৰিপুষ্টি বিজ্ঞানীসকলে কণীক প্ৰকৃতিৰ এক নিখুঁত তথা পূৰ্ণ আহাৰ বুলি অভিহিত কৰে।
এটা সাধাৰণ আকাৰৰ কণীত শতকৰা ১২ ভাগমান (প্ৰায় সাত গ্ৰাম) প্ৰ’টিন থাকে। কণীৰ প্ৰ’টিন অতি উচ্চ মানৰ আৰু ইয়াত দেহৰ বাবে আৱশ্যকীয় সকলোবোৰ এমাইন এচিড সঠিক মাত্ৰাত আৰু দেহে সোনকালে হজম কৰিব পৰা অৱস্থাত থাকে। যিকোনো ধৰণৰ প্ৰ’টিনত থকা এমাইন এচিডসমূহৰ ভিতৰত কিছুমানক মানুহৰ দেহৰ বাবে অত্যাৱশ্যক বুলি কোৱা হয়। এই অত্যাৱশ্যক এমাইন এচিডবোৰ মানুহৰ দেহত তৈয়াৰ নহয় বা আৱশ্যকতকৈ কমহে হয় আৰু সেইবাবে মানুহৰ আহাৰৰ লগতে যোগানৰ প্ৰয়োজন হয়। এই এমাইন এচিডবোৰ আমাৰ দেহৰ বেমাৰ প্ৰতিৰোধৰ বাবে আৱশ্যক হোৱা এণ্টিবডিবোৰৰ উৎপাদন বৃদ্ধি, মেৰামতি আৰু ৰক্ষণা-বেক্ষণৰ বাবে আৱশ্যক। কণীত থকা প্ৰ’টিনখিনি ইয়াৰ কুহুম আৰু বগা এলবুমিন অংশত সমানে বিস্তৃত হৈ থাকে। কণীত প্ৰ’টিনৰ উপৰি শতকৰা ১১ ভাগ (প্ৰায় ৬ গ্ৰাম)-মান স্নেহজাতীয় পদাৰ্থ থাকে। এই স্নেহ পদাৰ্থত মানুহৰ দেহৰ বাবে আৱশ্যকীয় আনচেচুৰেটেড ফেটি এচিড পৰ্যাপ্ত পৰিমাণে থাকে আৰু সোনকালে হজম হয়। কণীত শৰ্কৰা জাতীয় পদাৰ্থৰ মাত্ৰা যথেষ্ট কম। এই মাত্ৰা শতকৰা ২ ভাগ (০.৪ গ্ৰাম) মানহে। উল্লেখযোগ্য যে মানুহৰ মূল আহাৰ অৰ্থাৎ ভাত বা ৰুটীত শৰ্কৰা আহাৰৰ মাত্ৰা যথেষ্ট থাকে আৰু সেইবাবে ইয়াক কণী, মাছ, মাংস আদি আমিষ আহাৰৰ পৰা পোৱাৰ প্ৰয়োজন নাথাকে। ইয়াৰ উপৰি কণীত মানুহৰ দেহৰ বাবে অত্যাৱশ্যক প্ৰায় সকলোবোৰ ভিটামিন যেনে- এ, ডি, কে, ই, থায়োমিন, বিবোফ্লেভিন, পেণ্টথেনিক এচিড, নায়োচিন, ফলিক এচিড, পাইৰিদক্সিন, বায়োটিন, চাইনোকোবালামিন আদি সুষম মাত্ৰাত আৰু দেহে সোনকালে গ্ৰহণ কৰিব পৰা অৱস্থাত থাকে। কণীত যথেষ্টসংখ্যক খনিজ পদাৰ্থ পোৱা যায়। এইবোৰৰ ভিতৰত কেলচিয়াম, ফছফৰাছ, আইৰণ, জিংক আদি উল্লেখযোগ্য। স্বাস্থ্যৱান আৰু নিৰোগী জীৱন-যাপন কৰিবৰ বাবে আৱশ্যক হোৱা সকলো ধৰণৰ পুষ্টিকৰ পদাৰ্থ এটা কণীত সুষম মাত্ৰাত পোৱা যায়।
(খাদ্যৰ পৰা পোৱা শক্তিৰ একক) মাত্ৰা যথেষ্ট কম হোৱা বাবে নিজৰ দেহৰ ওজন সম্পৰ্কে বৰ সচেতন হৈ থকা লোকে যিয়ে অকল কম কেলৰিৰ আহাৰহে খায়, তেনেলোকৰ বাবে কণী এটা সুষম পুষ্টিকৰ আহাৰ। এটা ডাঙৰ আকাৰৰ কণীত থকা মুঠ কেলৰিৰ পৰিমাণ হ’ল ৮৫, যিটো এজন স্বাস্থ্যৱান পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক আৱশ্যকীয় কেলৰিৰ শতকৰা ৩-৪ ভাগহে মাথোন। কণী কম কেলৰি, উচ্চ পুষ্টিকাৰকতা আৰু সহজতে হজম হোৱা বাবে ইয়াক বেমাৰীৰ পথ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। বৃদ্ধ লোকসকলৰ বাবে কেলৰিৰ প্ৰয়োজন কম, গতিকে কণী তেওঁলোকৰ বাবেও বৰ উপযোগী, যদিহে উচ্চ কলেষ্টেৰ’ল জাতীয় ৰোগত ভুগি নাথাকে। পশ্চিমীয়া দেশসমূহত তেওঁলোকৰ খাদ্যৰ আন প্ৰাণীজ প্ৰ’টিন পাবৰ বাবে অধিক পৰিমাণত মাংস ব্যৱহাৰ কৰে বাবে কণীৰ আৱশ্যকতা কম, সেয়েহে কণী কম খাবৰ বাবে উপদেশ দিয়া হয়। কিন্তু ভাৰতীয় আহাৰত শৰ্কৰা জাতীয় আহাৰৰ মাত্ৰা বেছি থকা বাবে দৈনিক গাখীৰ, কণী বা আন আমিষ আহাৰ খোৱাটো প্ৰয়োজন। প্ৰতিজন ভাৰতীয়ই অইন আহাৰৰ লগত দৈনিক কমেও এফাল কণী খোৱাটো একান্ত আৱশ্যক বুলি বিজ্ঞানীসকলে মত পোষণ কৰে।
(উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা)।