অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি বাৰ্তা

দানা কেতিয়া সলনি কৰা উচিতঃ

 

বাঢ়নীয়া কুকুৰাজাকক কণী পৰা ঘৰলৈ অনাৰ লগে লগেই সিহঁতক ‘কণী পৰা কুকুৰাৰ দানা’ দিব নালাগে। যেতিয়ালৈকৈ কুকুৰাজাকৰ কণী উৎপাদন আৰম্ভ হৈ শতকৰা পাঁচটা নহয়, তেতিয়ালৈকে জাকটোক বাঢ়নীয়াৰ দানা দিব লাগে। কণীৰ চোকোৰাটো মূলতঃ কেলছিয়ামেৰে গঠিত। বাঢ়নীয়া কুকুৰাৰ দানাত এই কেলছিয়ামৰ পৰিমাণ শতকৰা এক ভাগহে থাকে। আনহাতে কণী পৰা কুকুৰাৰ দানাত এই কেলছিয়ামৰ পৰিমাণ প্ৰায় ২.৭৫ ভাগ। সেয়েহে কুকুৰাজাকে কণী পৰা আৰম্ভ কৰাৰ আগতেই যদি কণী পৰা কুকুৰাৰ দানা দিয়া হয়, তেনেহ’লে কিছু বিজুতি ঘটাৰ সম্ভাৱনা থাকে। আকৌ যদি কুকুৰাজাকে কণী পৰা আৰম্ভ কৰাৰ বহুদিন পাছতহে কণী পৰা দানা দিয়া হয়, তেতিয়াও কুকুৰাজাকৰ স্বাস্থ্যহানি হয়। কাৰণ দানাত কেলছিয়ামৰ পৰিমাণ কম থকা বাবে দৰকাৰ হোৱা কেলছিয়ামখিনি সিহঁতে নিজৰ দেহৰ পৰা দিব লগা হয়। ফলত কণীৰ উৎপাদন কম হোৱাৰ লগতে টোকোৰাবোৰো ঠুনুকা হোৱা দেখা যায়। গতিকেই দানা সলনি কৰাৰ সঠিক সময় হ’ল যেতিয়া জাকটোৰ কণী উৎপাদনৰ পৰিমাণ শতকৰা পাঁচটা হয়।

(উৎসঃ অসমীয়া খবৰ)।

কাউপীঃ

 

কাউপী এবিধ মাহজাতীয় ৰবি শস্য। পানী জমা নোহোৱা বালিচহীয়া বা পলসুৱা মাটিত এই খেতি কৰা উচিত। প্ৰচুৰ পৰিমাণে প্ৰ’টিনযুক্ত এই ঘাঁহ পশুধনৰ বাবে এবিধ পুষ্টিকৰ খাদ্য।

এই ঘাঁহৰ খেতি কেতিয়া আৰু কেনেকৈ কৰিবঃ

ইংৰাজী মাৰ্চ মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ এই খেতি কৰিব পাৰি। মাটি ২-৩ বাৰ চহ কৰি এবিঘা মাটিত ৫-৬ কিঃ গ্ৰাঃ বীজ ৩০-৩৫ ছেঃ মিঃ অন্তৰে অন্তৰে শাৰী শাৰীকৈ সিঁচিব লাগে।

সাৰ প্ৰয়োগ কেনেদৰে কৰিব পাৰিঃ

মাটি চহোৱাৰ সময়তে বিঘাই প্ৰতি ৪-৬ কুইণ্টল পচন সাৰ বা শুকান গোবৰ প্ৰয়োগ কৰি ভালদৰে মিহলাই দিব লাগে। ৰাসায়নিক সাৰ বিঘাই প্ৰতি ৬ কিঃ গ্ৰাঃ ইউৰিয়া, ৩৫ কিঃ গ্ৰাঃ ছিংগল ছুপাৰ ফছফেট আৰু ৫ কিঃ গ্ৰাঃ মিউৰেট অব্ পটাছ প্ৰয়োগ কৰিব পাৰিলে বেছি ভাল ফল পোৱা যায়।

জলসিঞ্চনৰ প্ৰয়োজন আছেনে ?

যদিহে এই খেতি খৰালি কালতে কৰা হয় তেতিয়া ১০-১৫ দিনৰ মূৰে মূৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। খেতিৰ মাটিত পানী জমা হৈ থাকিলে শস্যৰ ক্ষতি কৰে। সেয়ে বেছি বৰষুণ হ’লে খেতিত যাতে বৰষুণৰ পানী জমা হৈ নাথাকে তাৰ বাবে পানী সহজে ওলাই যাব পৰাৰ ব্যৱস্থা কৰি দিব লাগে।

কেতিয়া ঘাঁহ চপাবঃ

উপযুক্ত সময়ত বীজ সিঁচিলে সিঁচাৰ ৬০ দিনৰ পাছত শতকৰা ৫০ ভাগ ফুল ফুলা পৰ্যায়ত ঘাঁহ কাটিব পাৰি। এই খেতি কৰি এবিঘা মাটিত ৩০-৩৫ কুইণ্টল ঘাঁহ পাব পাৰি।

এই ঘাঁহত পোৱা উপাদানসমূহ কি কিঃ

এই ঘাঁহত ১৭.৩৮ শতাংশ জীন নিয়াব পৰা মাংসহাৰ, ১.৪০ শতাংশ কেলছিয়াম, ০.৩৪ শতাংশ ফছফৰাছ আৰু ১.৫৪ শতাংশ পটাছিয়াম থাকে।

(উৎসঃ অসমীয়া খবৰ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পুস্তিকাৰ পৰা উদ্ধৃত)।

অসম মীন পোনা আইন আৰু মীন আইন সম্পৰ্কে আলোকপাতঃ

 

মুখ্যতঃ ৰাজ্যখনত গুণগত মানদণ্ডৰ মীন পোনাৰ উপলভ্যতা নিশ্চিতকৰণৰ বাবে দেশৰ ভিতৰতে প্ৰথম অসম মীন পোনা আইন, ২০০৫ আৰু মীন পোনা নিয়মাৱলী, ২০১০ প্ৰৱৰ্তন কৰা হয়। এই আইনখনৰ ২নং বিধিত গাভিনী মাছ, কণী, ভ্ৰূণপোনা, ফ্ৰাইপোনা, ফিংগাৰলিং আদি নিৰ্দিষ্টভাৱে বৰ্ণনা কৰা হৈছে। অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসম মীন পোনা আইনৰ ৬নং দফা মতে কোনো ব্যক্তি বা সংগঠনে অনুজ্ঞাপত্ৰ নোলোৱাকৈ অনুমোদিত প্ৰজাতিৰ মাছ পোনাৰ উৎপাদন, প্ৰতিৰালন আৰু পৰিবহণ কৰিব নোৱাৰিব। এই অনুজ্ঞাপত্ৰৰ বাবে ইচ্ছুকসকলে নিৰ্দিষ্ট প্ৰ-পত্ৰত ৩১ জানুৱাৰীৰৰ ভিতৰত আৱেদন কৰিব লাগিব আৰু জিলা মীন উন্নয়ন বিষয়াই চৰজমিন অনুসন্ধান কৰি নিৰ্দিষ্ট বিধিগত গণ্ডীৰ ভিতৰত ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত যাৱতীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। আকৌ এই অনুজ্ঞাপত্ৰধাৰীসকলে (বিধি ৭ নং ৪) প্ৰজনন, পোনা উৎপাদন আৰু প্ৰতিপালনৰ বাবে প্ৰশিক্ষণ ল’ব লাগিব। এই অনুজ্ঞাপত্ৰৰ ম্যাদ এবছৰ হ’ব আৰু ম্যাদ উকলি যোৱাৰ পাছত পুনৰ পঞ্জীয়ন কৰিব লাগিব। এই আইনে নিৰ্দিষ্ট কৰি দিয়া বিধি-বিধান তথা নিয়ম-কানুনৰ মাজেৰেহে পোনা উৎপাদন, পোনা প্ৰতিপালন, বিতৰণ, বিপণন, পৰবহণ, আমাদানি, ৰপ্তানি কৰিব পাৰিব। পোনা উৎপাদনকাৰীৰ নিৰ্দিষ্ট ন্যূনতম আন্তঃগাঁথনি থাকিব লাগিব, অন্যথা তেওঁৰ অনুজ্ঞাপত্ৰ যিকোনো সময়ত নাকচ হ’ব পাৰে। তদুপৰি নিৰ্দিষ্ট প্ৰজাতিৰ নিৰ্দিষ্ট ওজনৰ মাছকহে প্ৰজনন কৰাব পাৰি আৰু গাভিনী মাছৰ ৩০ শতাংশ প্ৰতি বছৰে গাভিনী মাছৰ ভঁৰালৰ পৰা স্থানান্তৰ কৰিব লাগিব। মাছ পোনা বিক্ৰী আৰু পৰিবহণৰ ক্ষেত্ৰত জিলা মীন উন্নয়ন বিষয়াৰ গুণগত মান সম্পন্নতাৰ প্ৰমাণপত্ৰ থকাটো বাঞ্চনীয়। তেওঁ বা তেওঁৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই যিকোনো ঠাইত যিকোনো সময়ত মাছ পোনা পৰীক্ষা কৰা, নমুনা লোৱা, নথি-পত্ৰ পৰীক্ষা আদি কৰিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে মাছ পোনা বা নথি-পত্ৰ আদি বাজেয়াপ্ত কৰাৰ ক্ষমতা থাকিব। মীন পোনা অনুজ্ঞাপত্ৰধাৰীয়ে নিজাববীয়াকৈ নাম-ঠিকনাৰ কেচমেমো, চালান আদি ব্যৱহাৰ কৰিব য’ত পঞ্জীয়ন নং আৰু তাৰিখ আদি উল্লেখ থাকিব লাগিব। বিধি ১৮ আৰু ১৯ মৰ্মে অনুজ্ঞাপত্ৰৰ নিয়ম বা আইন ভংগ কৰিলে ১৯৭৩ চনৰ ‘ক’ড অৱ ক্ৰিমিনেল’ মতে মীন সম্প্ৰসাৰণ বিষয়া বা আৰক্ষী উপ-পৰিদৰ্শক বা তেওঁলোকৰ ওপৰৰ বিষয়াই ১ম শ্ৰেণীৰ ফৌজদাৰী আদালতত গোচৰ ৰুজু কৰিব পাৰিব। এই ক্ষেত্ৰত দোষী সাব্যস্ত হ’লে কমেও ৩০০০ টকা প্ৰথমবাৰৰ বাবে আৰু দ্বিতীয় বা পৰৱৰ্তী সময়ত পুনৰ ভংগ কৰিলে ৬ মাহ জেল বা ৫০০ টকা জৰিমনা বা দুয়োটাই প্ৰযোজ্য হ’ব পাৰে। এই আইনে সাঙুৰি লোৱা মাছসমূহ হ’ল ৰৌ, বাহু, মিৰিকা, ভাঙোন, কুঢ়ি, মালি, চিতল, শ’ল, পাভ, চেনীপুঠি, ছিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প, জাভাপুঠি আদি।

(উৎসঃ অসমীয়া খবৰ)।

বিলাহীৰ নতুন শত্ৰু টুটাৰ পৰা সাৱধানঃ

 

বিলাহীৰ বাৰ্ষিক উৎপাদনৰ লেখেৰে বিশ্বত ভাৰতবৰ্ষৰ স্থান দ্বিতীয়। ২০১২ চনত ভাৰতে প্ৰায় ১৭.৫ নিযুত টন কেঁচা বিলাহী উৎপাদন কৰিছিল।

বিলাহীত অপৰ্যাপ্ত মাত্ৰাত প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট, কেৰটিন, লাইক’পিন পোৱা যায়। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা লাইক’পিনে মানৱ ছালক সুৰক্ষা প্ৰদান কৰে। ইপিনে, বিলাহীত যথেষ্ট পৰিমাণে পটাছিয়াম, খনিজ পদাৰ্থৰ উপৰিও ভিটামিন ‘ক’ আৰু ‘গ’ যথেষ্ট পৰিমাণে থাকে। সাধাৰণতে ইয়াক কেঁচাই বা পগাই, চাটনি, টেঙা, আঞ্জা, চুপ, চছ, আচাৰ আদি তৈয়াৰ কৰি খাদ্যৰ ৰূপত ব্যৱহাৰ কৰা হয়। প্ৰকৃতিত যদিও বিলাহীৰ প্ৰায় ৭,৫০০ ধৰণৰ বিভিন্ন ধৰণৰ সঁচ উপলব্ধ তথাপি বৰ্তমান বজাৰত বৰ্ণ-সংকৰ জাতৰ চাহিদা অধিক।

বিলাহী উৎপাদনৰ দুটা প্ৰধান সমস্যা হ’ল- কীট-পতংগৰ আক্ৰমণ আৰু ফল চপোৱাৰ পাছত শীঘ্ৰে ঘটা পচন। ইজৰাইলীসকলে ১৯৭৩ চনত বহুত দিনলৈকে সংৰক্ষণ কৰিব পৰা সঁচ আৱিষ্কাৰ কৰে। ইফালে কেলিফৰ্ণিয়াৰ কলগেন কোম্পানীয়ে ১৯৯৪ চনত ফ্লেভৰ চেভৰ নামৰ এক সঁচজিনীয় অভিযন্ত্ৰণেৰে উৎপাদন কৰি বজাৰলৈ উলিয়াইছিল।, যিটো কেইবা দিনলৈ নেগেলাকৈ থাকে, কিন্তু ১৯৯৭ চনত ইয়াৰ উৎপাদন বন্ধ কৰা হয়।

সচৰাচৰ বিলাহীক আক্ৰমণ কৰা পতংগসমূহৰ ভিতৰত- (১) ছেঁই বিন্ধোৱা পোক, (২) ধঁপাতৰ পাতখোৱা পলু, (৩) বগা মাখি, (৪) পাত সুৰংগি পোক, (৫) পাত ওকণী আৰু (৬) চাহী আদিয়েই প্ৰধান।

দক্ষিণ আমেৰিকাত প্ৰথমে উদ্ভুত পখিলাজাতীয় পতংগ টুটা বৰ্তমান সমগ্ৰ পৃথিৱীত বিয়পি পৰিছে। কেইবছৰমান আগতে এই সূক্ষ্ম চকৰী টুটাই ভাৰততো প্ৰৱেশ কৰিছে। ২০১৪ চনৰ অক্টোবৰ মাহত মহাৰাষ্ট্ৰৰ পুনেত প্ৰথমবাৰলৈ টুটা পতংগই বিলাহী আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল, পৰৱৰ্তী সময়ত কৰ্ণাটকৰ বেংগালুৰু আৰু কোলাৰ অঞ্চলতো ইয়াৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হয়। অসমত এতিয়ালৈকে টুটাৰ আক্ৰমণৰ বিষয়ে কোনো খবৰ বা তথ্য লাভ কৰা নাই যদিও, অসমীয়া কৃষকসকল আগতীয়াকৈ এই পতংগৰ ভয়াৱহতাৰ বিষয়ে সতৰ্ক হোৱাৰ প্ৰয়োজন। টুটাই মুখ্যতঃ বিলাহীৰ অনিষ্ট কৰে যদিও আলু, ধতুৰা, ধঁপাত আদি উদ্ভিদকো ক্ষতি কৰিব পাৰে। অৱশ্যে বিলাহীক পুলিৰ পৰা আৰম্ভ কৰি ফুল ধৰা, ফল লগা আৰু শেষত ফল পকালৈকে টুটাই আক্ৰমণ কৰে। টুটাৰ পলুৱে বিলাহীৰ পাতৰ মাজৰ মেজফিল-কলা অংশ খান্দি পাতখিলা কাকতৰ লেখীয়া কৰে। তদুপৰি টুটাৰ পলুৱে বিলাহীৰ মুকুল আৰু কাণ্ডও নষ্ট কৰিব পাৰে। ফল ধৰাৰ পাছত সেউজীয়া আৰু পকা দুই ধৰণৰ ফলৰ পৃষ্ঠত বেজীৰ ছিদ্ৰৰ লেখীয়া সুৰংগ সৃষ্টি কৰা দেখা যায়। সচৰাচৰ এই পতংগই মাটিত লেটা বান্ধে যদিও কেতিয়াবা পাত বা কাণ্ডটো লেটালৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হয়। পূৰ্ণাংগ চকৰীবোৰ ৰূপালী মুগা বৰণৰ লগতে চিত্ৰিত পাখি থাকে।

সূক্ষ্ম চকৰী টুটা পতংগই বহুকেইটা ৰাসায়নিক কীটনাশকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে। এনে ক্ষেত্ৰত জৈৱিক নিয়ন্ত্ৰণেই হ’ব ইয়াৰ পৰা মুক্তি লাভৰ অন্যতম পথ। টুটাৰ জৈৱ নিয়ন্ত্ৰকসমূহ বিশেষকৈ পৰভোজী পতংগ আৰু পৰজীৱী পতংগ ব্যৱহাৰ কৰি ইয়াৰ পৰা কিছু পৰিমাণে সকাহ পাব পৰা যায়।

(উৎসঃ অসমীয়া খবৰ, ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড দিলীপ কুমাৰ শইকীয়া)।

ৰহৰ মাহৰ কৃষি প্ৰণালীঃ

 

অসমত প্ৰচুৰ চাহিদা থকা দাইলজাতীয় শস্যবোৰৰ ভিতৰত ৰহৰ মাহ অন্যতম। ৰাজ্যখনৰ অধিকাংশ পৰিয়ালৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত হৈ আছে ৰহৰ দাইল। কিন্তু চাহিদাৰ তুলনাত অসমত উৎপাদন একেবাৰে কম হোৱা বাবে প্ৰতি মাহে বুজন পৰিমাণৰ ৰহৰ দাইল আন ৰাজ্যৰ পৰা আনদানি কৰিব লগা হয়। ইয়াত উপযুক্ত পৰিৱেশ থকাৰ বাবে আমাৰ কৃষক ৰাইজে ৰহৰ মাহৰ খেতি কৰি যথেষ্ট লাভৱান হোৱাৰ সুবিধা আছে। গতিকে এই খেতিত আমাৰ খেতিয়কে গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।

জাত বাছনিঃ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ বাবে অনুমোদিত জাতটো হৈছে টি-২১। সামান্য জোপোহা ধৰণৰ, মজলীয়াকৈ ওখ এইবিধ জাতৰ কৃষিকাল বৰ বিশেষ দীঘলীয়া নহয়।

খেতিৰ সময়ঃ

ৰহৰ মাহৰ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে জুন-জুলাই মাহ। পানী ওলাই যোৱাৰ সুবিধা থকা অৰ্থাৎ পানী জমা হোৱাৰ সম্ভাৱনা নথকা পথাৰত এই দুটা মাহত বীজ সিঁচিব লাগে। অৱশ্যে ওখকৈ বন্ধোৱা পুখুৰীৰ পাৰ, ঘৰৰ চৌপাশ, বাৰীৰ খালী হৈ থকা অংশতো ৰহৰ মাহৰ বীজ সিঁচিব পাৰি। সাধাৰণতে ৩-৪ বাৰ হালবাই, মৈয়াই তথা বন-বাত নিৰাই পথাৰখন খেতিৰ বাবে উপযোগী কৰি ল’ব লাগে।

বীজ ৰোপণঃ

এবিঘা মাটিত খেতি কৰিবলৈ প্ৰায় দুই কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বীজখিনি শাৰী শাৰীকৈ সিঁচিব লাগে। দুটা শাৰীৰ ব্যৱধান ৭৫ ছেঃ মিঃ আৰু এটা শাৰীত দুজোপা গছৰ ব্যৱধান হ’ব লাগে ৩০ ছেঃ মিঃ।

সাৰ প্ৰয়োগঃ

শেষৰ বাৰ হাল বোৱাৰ সময়তে বিঘাই প্ৰতি ৬ কুইণ্টল পচন সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি আশানুৰূপ উৎপাদনৰ বাবে প্ৰতি বিঘাত ৫ কিলোগ্ৰাম ইউৰিয়া আৰু ৩৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট প্ৰয়োগ কৰাটো বাঞ্চনীয়। অৱশ্যে বীজখিনি ৰাইজ’বিয়াম কালছাৰেৰে শোধন কৰিলে বিঘাই প্ৰতি ইউৰিয়া ৩ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিলেই হ’ব।

প্ৰতিপালনঃ

-  বীজ সিঁচাৰ ২০-২৫ দিন পাছত এবাৰ বন-বাত নিৰাই দিব লাগে।

- পুলি লেৰেলি যোৱা ৰোগ ৰহৰ মাহ খেতিৰ প্ৰধান শত্ৰু। এই ৰোগত আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাব লাগে।

-  ছেঁই খোৱা পোক, পাত মেৰোৱা পোক, ফুটি পোক, গুবৰুৱা আদিয়ে এই খেতিৰ অনিষ্ট কৰিব পাৰে। এই পোকবোৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি দৰব ১-১.৫ লিটাৰ, ৫০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰত স্প্ৰে’ কৰিব লাগে। এবিঘা মাটিৰ খেতিত স্প্ৰে’ কৰিবলৈ ১৪০-২০০ মিলিলিটাৰ দৰব ৭০-১০০ লিটাৰ পানীত মিহলাই ল’ব।

- চুমিথিয়ন ৫০ ই চি দৰববিধো অনুৰূপ হাৰত প্ৰয়োগ কৰিব পাৰি।

-  ছেঁই খোৱা পোক নিয়ন্ত্ৰণৰ বাবে উক্ত দুবিধ দৰবৰ যিকোনো এবিধ ফুল ধৰাৰ সময়ত এবাৰ স্প্ৰে’ কৰিব লাগে। তাৰ পাছত ১৫ দিনৰ ব্যৱধানত পুনৰ দুবাৰ স্প্ৰে’ কৰিব।

-  পাত মেৰোৱা পোক, ফুটি পোক আৰু গুবৰুৱাৰ আক্ৰমণ দেখিলেহে দৰব স্প্ৰে’ কৰিব।

উপযুক্তভাৱে প্ৰতিপালন কৰিলে এবিঘা মাটিৰ খেতিৰ পৰা দুই কুইণ্টল পৰ্যন্ত ৰহৰ মাহ উৎপাদন আশা কৰিব পাৰি।

(উৎসঃ অসমীয়া খবৰ)।

জানিবলগীয়া কথাঃ

 

সমন্বিত মীনপালন যথেষ্ট লাভজনক। অসমৰ জলবায়ৱীয় পৰিৱেশত গাহৰিৰ সমন্বয়ত মীন পালনৰ যথেষ্ট প্ৰাসংগিকতা আছে। গাহৰিৰ অজীৰ্ণ খাদ্য আৰু মল-মূত্ৰই পুখুৰীৰ উৎপাদকতা বৃদ্ধি কৰাৰ লগতে কিছু খাদ্যৰো যোগান ধৰে। কিন্তু এবিঘা পানীকালিৰ পুখুৰীৰ বিপৰীতে পাঁচটা গাহৰি পালন কৰিব পাৰি (একঠা পানীকালিৰ বাবে এটা)। বহুক্ষেত্ৰত গাহৰিৰ মল-মূত্ৰ অধিক হ’লে অথবা মাছৰ সংখ্যা বেছি হ’লে পানীৰ গুণাগুণ বিঘ্নিত হ’ব পাৰে আৰু পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কম হ’ব পাৰে। এনেকুৱা হোৱা পৰিলক্ষিত হ’লেই টক্সী ক্লিন প্ৰতিবিঘাত ৫ কিলোগ্ৰাম হাৰত প্ৰয়োগ কৰিব লাগে। টক্সী ক্লিন পাউডাৰ পুখুৰীৰ উপৰিভাগত সমভাৱে ছটিয়াই দিলে (প্ৰয়োজন সাপেক্ষে বালিৰ লগত মিহলি কৰি) পানী পৰিষ্কাৰ হোৱাই নহয়, এম’নিয়া নিষ্কাশন হৈ পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণ অনুকূল পৰিসৰত ৰখাৰ সহায়ক হয়। যদি পানীত ৰঙচুৱা চামনি পৰে, তেন্তে প্ৰতি বিঘাত ১০ কিলোগ্ৰাম হাৰত টক্সী ক্লিন ব্যৱহাৰ কৰিব পাৰে। এনেদৰে পুখুৰীটোৰ পানীখিনি মাছ পালনৰ বাবে উপযোগী কৰি ৰাখিলে সমন্বিত পদ্ধতিত মাছ পালনৰ জৰিয়তে উপকৃত হ’ব পাৰে।

(উৎসঃ অসমীয়া খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate