অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জানিবলগীয়া কথা

কুকুৰাৰ ছিটা দিয়াৰ বাবে হোৱা পীড়নঃ

 

যিকোনো এবিধ ছিটা দিয়াৰ বাবে কুকুৰাৰ জাকটোৱে পীড়নত ভোগে। পীড়নৰ প্ৰাৱল্য ব্ৰুডিং অৱস্থাত থকা জাক এটাত অধিক হয়। সেয়েহে ছিটা দিবৰ বাবে কুকুৰাবোৰ ধৰা-মেলা কৰোতে খুব আলফুলে ধৰা উচিত যাতে ইহঁতে বৰ একো কষ্ট নাপায়। পীড়নৰ প্ৰভাৱৰ বাবে কুকুৰাবোৰৰ দানা খোৱাৰ পৰিমাণ কমি যায় আৰু ইহঁতে ব্ৰুডাৰৰ তলত জুম বান্ধিব পাৰে। এনেক্ষেত্ৰত ব্ৰুজৰৰ উত্তাপ বঢ়োবাৰ ব্যৱস্থা কৰা উচিত। খোৱাপানীত ভিটামিন আদি দিলে কুকুৰাজাকক সোনকালে পীড়নৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা যায়। ইয়াৰ উপৰি কোঠাটোৰ বায়ু সঞ্চালন কিছু বৃদ্ধি কৰা আৱশ্যক। ছিটা দিয়াৰ পৰা এসপ্তাহলৈ জাকটোক স্থানান্তৰ আদি কৰিব নালাগে।

ৰবিশস্যৰ খেতিৰে স্বাৱলম্বী- নাৰায়ণপুৰৰ পুতুল বৰা-

 

ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি হৈ অহা দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ মাজতে একোজন কৃষকৰ কৰ্মস্পৃহা সঁচাই শলাগ লবলগীয়া। দৰিদ্ৰতাকো নেওচি গাঁঠিৰ ধন ভাঙি, লোকৰ ওপৰত নিৰ্ভৰ নকৰি কৃষিকৰ্মৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং ৰঙতি গাঁৱৰ পুতুল বৰা নামৰ কৃষকগৰাকী। বিগত ২০ বছৰ ধৰি তেওঁ কৰি আহিছে ৰবিশস্যৰ খেতি। কিন্তু আজি পৰ্যন্ত তেওঁ পাবলৈ সক্ষম হোৱা নাই কোনো ধৰণৰ চৰকাৰী সাহায্য। পুত্ৰ আৰু পত্নীৰ সৈতে মিলি তেওঁ বছেৰেকত উপাৰ্জন কৰি আহিছে লক্ষাধিক টকা। বৰ্তমান তেওঁ বিভিন্ন জাতৰ কবিৰ পুলি উৎপাদন কৰি সেই পুলি বিক্ৰী কৰি উপাৰ্জন কৰিছে ধন। পুলি বিক্ৰীৰ উপৰি তেওঁ নিজা ৫ বিঘা মাটিত কবি, বেঙেনা, ৰঙালাও, ফ্ৰেন্সবিন, বিলাহী আদিৰ খেতি কৰি সেই ফচল তেওঁ নিজে বজাৰত বিক্ৰী কৰি আহিছে প্ৰতি বছৰে। কিন্তু তেওঁ শেহতীয়াকৈ সন্মুখীন হ’ব লগা হৈছে বিভিন্ন সমস্যাৰ। বিশেষকৈ কবি পুলি উৎপাদনৰ বাবে অতিকেই প্ৰয়োজন এটা গ্ৰীণ হাউছৰ আৰু নিয়মিত পানী যোগান। কৃষকগৰাকীয়ে জনোৱা মতে দহ গ্ৰাম কবিৰ গুটি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা আনিব লগা হয় ৬০০ৰ পৰা ৭০০ টকা ব্যয় কৰি। সেই গুটিবোৰ যদি নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে পচাব নোৱাৰে বহু পৰিমাণৰ ধন লোকচান হয় তেওঁৰ। শেহতীয়াকৈ এইবছৰ বতৰে যথেষ্ট দোমোজাত পেলাইছে তেওঁক। নিজাববীয়াকৈ এটা গ্ৰীণ হাউছৰ লগতে এটা পানীৰ মেচিন কিনাৰ সামৰ্থ তেওঁৰ নাই। কাৰণ তেওঁৰ পৰিয়াল পোহ-পালৰ একমাত্ৰ উৎসই হ’ল এই কৃষি কৰ্ম। সেয়েহে তেওঁ চৰকাৰ তথা কৃষি বিভাগৰ পৰা যদি বিন্দুমানো সঁহাৰি পায় সেয়া তেওঁৰ বাবে যথেষ্ট সকাহ হ’ব। এটা কৃষি ঋণৰ বাবে বহুবাৰ বেংকৰ দুৱাৰডলিত গৈ বিমুখ হোৱা বুলিও তেওঁ মন্তব্য কৰিছে।

 

পটলঃ

 

অসমৰ পৰিৱেশ এইবিধ পাচলিৰ খেতিৰ বাবে বিশেষভাৱে উপযোগী। অন্যান্য পাচলিৰ তুলনাত পটলৰ খেতিত বৰ বেছি খৰচো নহয়, লাগি থাকিবও নালাগে। অৱশ্যে আগতীয়াকৈ বজাৰত উলিয়াই অধিক লাভ পাবলৈ হ’লে পটলৰ খেতি আগতীয়াকৈ কৰিব লাগিব। উন্নত প্ৰণালীৰে পটলৰ খেতি কৰিলে যথেষ্ট লাভ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ বহু উৎসাহী কৃষকে পটলৰ খেতি বিস্তৃত হাৰত কৰি কম সময়ৰ ভিতৰতে যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আহকচোন আজি আমি পটলৰ উন্নত কৃষি প্ৰণালী সম্পৰ্কে কিছু কথা আলোচনা কৰো-

জাত বাছনিঃ উন্নতমানৰ তথা অধিক উৎপাদনক্ষম স্থানীয় জাতবোৰৰ খেতি কৰিব লাগে।

পথাৰ প্ৰস্তুতিঃ

 

-  দকৈ দুই-তিনি চাহমান হালবাই, মৈয়াই সমান কৰি লোৱা পথাৰত দুই মিটাৰ ব্যৱধানত একোটা শাৰী কৰি প্ৰতিটো শাৰীত দুই মিটাৰ ব্যৱধানত একোটা ঢিপ বনাব লাগে।

- মাটি প্ৰস্তুতিৰ সময়তে যথেষ্ট পৰিমাণে পচন সাৰ দিব লাগে।

- পানী জমা হ’ব নোৱাৰা, ওখ, বালিচহীয়া-পলসুৱা মাটি পটল খেতিৰ বাবে বাছি ল’ব লাগে।

-  আগৰ বছৰৰ খেতিৰ পৰা পটলৰ মঙহাল শিপাৰ কাটিং প্ৰস্তুত কৰি প্ৰতিটো ভেটিত একোটাকৈ ৰুব লাগে।

-  পটল খেতিত মাইকী আৰু মতা গছৰ অনুপাত ১০∶১ হব লাগে। অৰ্থাৎ মাইকী গছৰ পৰা সংগ্ৰহ কৰা ১০টা শিপাৰ কাটিং ৰোৱাৰ লগে লগে মতা গছৰ শিপাৰ কাটিং একোটা ৰুব লাগে। তেতিয়া প্ৰতি ১০ জোপা মাইকী গছৰ বিপৰীতে এজোপাকৈ মতা গছ থাকিব।

- এবিঘা মাটিত ৩৫০ টা মান কাটিং ৰুব পৰা যায়।

-  পটল খেতি আৰম্ভ কৰাৰ সময় হ’ল জানুৱাৰী-ফেব্ৰুৱাৰী। অৱশ্যে ডিচেম্বৰৰ মাজভাগৰ পৰাই খেতি আৰম্ভ কৰিব পাৰি।

-  আগৰ বছৰৰ খেতিৰ পটল গছৰ পৰা ১০০ ছেঃ মিঃ দীঘল লতা একোডাল কাটি ল’ব লাগে। এতিয়া এনে একোটা ডাল কাটিঙৰ মাজৰ অংশ মাটিৰে ঢাকি দুয়োমূৰে ১০ ছেঃ মিঃ মুকলিকৈ ৰাখিব লাগে। এনেদৰেও পটলৰ খেতি কৰিব পাৰি। এনেদৰে ৰোৱা কাটিঙৰ পৰাও সময়ত পোখা মেলি একোজোপা গছ হ’ব।

সাৰ প্ৰয়োগঃ

 

v  শেষৰ বাৰ হাল বোৱাৰ সময়তে বিঘাই প্ৰতি ৫-৬ কুইণ্টল পচন সাৰ, ১২ কিলোগ্ৰাম ইউৰিয়া, ২০ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ৫ কিলোগ্ৰাম এম অ’ পি সাৰ প্ৰয়োগ কৰিব লাগে।

v  আগৰ বছৰৰ খেতিৰ ক্ষেত্ৰত মৰি যোৱা গছবোৰৰ মূঢ়াৰ পৰা পুনৰ পোখা মেলাৰ পাছত বন-বাত নিৰাই প্ৰথমবাৰ মাটি চপাই দিয়াৰ সময়তে ওপৰত উল্লেখ কৰা পৰিমাণৰ সাৰখিনি প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যাঃ

v  খেতিডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰাখিব লাগে। নিৰনিৰ সময়তে গছৰ গুৰিত মাটি চপাই দিব লাগে।

v  লাউ, জিকা আদিৰ দৰে চাং সাজি কৰা খেতিৰ ক্ষেত্ৰত বাঁহেৰে চাং সাজি দিব লাগে। আনহাতে যদি গছবোৰক মাটিত বগাবলৈ দিয়া হয় তেন্তে মাটিত ধানখেৰ, নৰা আদি পাৰি দিব লাগে।

v  বতৰ বৰ খৰাং হলে পাতলীয়াকৈ জলসিঞ্চন কৰিব পাৰিলে ভাল হয়।

v  ভালকৈ পৰিচৰ্যা কৰি প্ৰথম বছৰৰ তুলনাত দ্বিতীয় বছৰত প্ৰায় দুগুণ উৎপাদন পোৱা যায়।

 

আলু খেতিৰ সাম্প্ৰতিক দৃশ্যপট আৰু শস্যৰক্ষা

 

আলু এবিধ কম খৰচত সহজে উৎপাদন কৰিব পৰা ৰবিশস্যৰ বতৰৰ অন্যতম প্ৰধান শস্য। ই এবিধ সকলোৱে খাই ভালপোৱা পাচলি। অন্যান্য পাচলিৰ লগত মিলাই ইয়াক খাব পাৰি। ইয়াত প্ৰচুৰ পৰিমাণে শ্বেতসাৰ থাকে কাৰণে হলেণ্ডকে ধৰি বিশ্বৰ কিছুমান দেশত ইয়াক Staple Food হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষৰ ভিতৰত গুজৰাটতেই আলুৰ উৎপাদন সৰ্বাধিক (২৬ টন)। আনহাতে অসমতেই ইয়াৰ উৎপাদন সৰ্বনিম্ন (৭ টন)। আলুৰ সামগ্ৰিক উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে ইয়াৰ উৎপাদিকা শক্তি বৃদ্ধি কৰিব লাগিব। তাকে কৰিবলৈ হ’লে কৃষক ৰাইজে বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰাৰ বাদে কোনো গত্যন্তৰ নাই।

উন্নত সঁচঃ কুফ্ৰী চন্দ্ৰমুখী, কুফ্ৰী জ্যোতি, কুফ্ৰী চিন্ধুৰী আৰু কুফ্ৰী মেঘা। প্ৰথম তিনিওবিধ সঁচৰ উৎপাদন প্ৰতি হেক্টৰত ৮৫-১০০ কুইণ্টল, তৃতীয়বিধৰ উৎপাদন প্ৰতি হেক্টৰত ১২০-১৫০ কুইণ্টল।

ৰোৱাৰ সময়ঃ অক্টোবৰ-নৱেম্বৰ। অৱশ্যে কুফ্ৰী মেঘা সঁচটো ডিচেম্বৰ মাহতো ৰুব পাৰি।

সাৰৰ পৰিমাণঃ মাটি প্ৰস্তুতিৰ সময়ত যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ যেনে- গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। আলু খেতিত বিঘাই প্ৰতি ৪৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট, ১২ কিলোগ্ৰাম মিউৰেট অব পটাছ আৰু ১৯ কিলোগ্ৰাম ইউৰিয়া সাৰৰ প্ৰয়োজন, ইউৰিয়া সাৰখিনি দুভাগত বিভক্ত কৰি ৯.৫ কিলোগ্ৰাম শেষৰবাৰ মাটি চহ কৰাৰ সময়ত আৰু বাকী ৯.৫ কিলোগ্ৰাম বীজ ৰোপণ কৰাৰ ২৫-৩০ দিনৰ ভিতৰত গছৰ গুৰিৰ দুয়োফালে ছটিয়াই ভালদৰে প্ৰথমবাৰৰ বাবে গুৰিত মাটি চপাই ভেটি কৰিব লাগে আৰু দ্বিতীয়টো প্ৰথমবাৰ মাটি চপোৱাৰ এমাহৰ পাছত দিব লাগে।

পৰিচৰ্যাঃ আলু খেতিত সময়মতে বন-বাত আঁতৰাই দিব লাগে আৰু তিনিবাৰ পানী যোগান ধৰিব লাগে। প্ৰথমবাৰ আলু পুলিবোৰ গজি উঠাৰ ২৫ দিনৰ পাছত দ্বিতীয়বাৰ ৬০ দিনৰ পাছত আৰু তৃতীয়বাৰ ৮০ দিনৰ পাছত।

শস্য ৰক্ষাঃ আলু খেতিৰ পৰা আশানুৰূপ লাভ অৰ্জন কৰিবলৈ হ’লে কীট-পতংগ আৰু বেমাৰৰ পৰা গছজোপাক ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় কথা। সেয়েহে ইয়াক কীট-পতংগ তথা বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰিবলৈ তলত কেইটামান উপায় উল্লেখ কৰা হ’ল-

উই বা ৰঙা পৰুৱাঃ এই দুয়োবিধেই আলু খেতিৰ প্ৰধান অনিষ্টকাৰী পোক। গুটি ৰোৱাৰ পাছৰ পৰাই ইয়াক আক্ৰমণ কৰা দেখা যায় আৰু পাছত লাগনি বা পুলিটোৰ শিপাবোৰ খাই নষ্ট কৰে। ইয়াৰ পৰা গছজোপাক ৰক্ষা কৰিবলৈ হ’লে-

v  বীজ ৰোপণ নকৰাৰ আগতে প্ৰতি বিঘাত ৫ কিলোগ্ৰাম ৫ শতাংশ মালাথিয়ন পাউডাৰ মাটিত মিহলাই ল’ব লাগে। নতুবা প্ৰতি বিঘাত ২০ কিলোগ্ৰাম খলিহৈ প্ৰয়োগ কৰিও সুফল পাব পাৰি।

পাত খোৱা পোকঃ এই পোকবিধে আলু গছৰ কোমল পাতবোৰ খাই নষ্ট কৰে নতুবা কুমলীয়া পাতবোৰ ঘোৰ খাই যায়। ইয়াৰ প্ৰতিকাৰৰ বাবে ১ মিলিলিটাৰ ৰগৰ ঔষধ ১ লিটাৰ পানীত মিহলাই গছৰ পাতত ছটিয়াব লাগে।

গছ মৰহি যোৱাঃ এই বেমাৰ হ’লে গছজোপাৰ পাতত চূণৰ গুড়ি পৰাৰ দৰে বগা পৰি যায়, লাহে লাহে ইয়াৰ পৰিসৰ বাঢ়ি যায় আৰু পাতবোৰ সৰি যায়। ইয়াৰ পৰা গছজোপাক ৰক্ষা কৰিবলৈ হ’লে বেভিষ্টিন ঔষধ এক গ্ৰাম দুই লিটাৰ পানীত মিহলাই (০.০৫ শতাংশ) গছৰ পাতত প্ৰয়োগ কৰিও এই বেমাৰৰ পৰা গছজোপাক নিৰ্মূল কৰিব পাৰি।

পাত পোৰা বা ব্লাইট বেমাৰঃ এইবিধ আলুৰ প্ৰধান অনিষ্টকাৰী বেমাৰ। এইবিধ বেমাৰ হ’লে আলুৰ গছৰ পাতখিলা পুৰি গৈ ক’লা পৰাৰ দৰে হয় আৰু ই দুই বা তিনি দিনৰ ভিতৰতে অনুকূল বতৰত (ডাৱৰীয়া কিন কিনকৈ বৰষুণ দি থকা বতৰ) মহামাৰীৰ ৰূপ ধাৰণ কৰি শস্যডৰা নষ্ট কৰি পেলায়। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰমাণিত বীজ ব্যৱহাৰ কৰিব লাগে বা ৫ গ্ৰাম ইন্দোফিল এম-৪৫ বা ডাইথেন এন-৪৫ৰ ঔষধ প্ৰতি দুই লিটাৰ পানীত মিহলাই গছজোপাৰ পাতত ছটিয়াব লাগে। এই মিশ্ৰণটোৰ লগত আঠাজাতীয় পদাৰ্থ, ট্ৰিটন (০.৫ মিঃ লিঃ প্ৰতি লিটাৰ)ত প্ৰয়োগ কৰিব লাগে। ঔষধ প্ৰয়োগ কৰোতে মন কৰিব লাগে যাতে পাতৰ তলৰ ভাগটো তিতি যায়। গছজোপা ডাঙৰ হোৱাৰ পাছত বেমাৰে আক্ৰমণ নকৰিলেও প্ৰতিষেধক হিচাপে প্ৰতি ১৫ বা ২০ দিনৰ মূৰত ঔষধ ছটিয়াব লাগে। যদি বেমাৰে আক্ৰমণ কৰে তেনেহ’লে ৫ বা ৬ দিনৰ অন্তৰত ঔষধ প্ৰয়োগ কৰিব লাগে।

(উৎসঃ অসমীয়া খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate