অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰইলাৰ কুকুৰা পালন


ব্ৰইলাৰ কুকুৰা হৈছে এক প্রণালীবদ্ধ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা সৃষ্ট কুকুৰা যাৰ ৮ সপ্তাহ বয়সত দেহৰ ওজন ১.৫ কিলোগ্রাম বা ততোধিক হয়। খাদ্যবস্তুক ইহঁতে অতি খৰকৈ আৰু সহজে মাংসলৈ পৰিবৰ্ত্তন কৰিব পাৰে।

ভূমিহীন কৃষক আৰু শিক্ষিত নিবনুৱা সকলে সামান্য মূলধন বিনিয়োগৰ দ্বাৰা ব্ৰইলাৰ কুকুৰা পামক এক লাভজনক জীৱিকা নির্বাহৰ মাধ্যম হিচাবে গ্রহণ কৰিব পাৰে।

সুবিধাসমূহ

 

(১) পোৱালি জন্মাৰ ৭-৮ সপ্তাহ পাছতেই লাভজনক উৎপাদন পোৱা যায়।

(২) ইয়াৰ বাবে কম ঠাইৰ আৱশ্যক।

(৩) অন্য কুকুৰাতকৈ কম যত্ন ললেই হয়।

(৪) মৃত্যুৰ হাৰ কম।

(৫) সকলো শ্রেণীৰ মানুহে ইয়াক সহজে প্রতিপালন কৰিব পাৰে।

কুকুৰা পামৰ স্থান নির্বাচন

 

(১) যোগাযোগ/যাতায়তৰ বাবে সূচল হ’ব লাগে।

(২) বিদ্যুৎ যোগানৰ ব্যৱস্থা থকাটো আৱশ্যকীয়।

(৩) ঠাই, ওখ, সহজে পানী বন্ধ নোহোৱা|

(৪) পামৰ ওচৰত সদায় ঠাণ্ডা আৰু বিশুদ্ধ পানীৰ সুবিধা থকা হ’ব লাগে।

কুকুৰাৰ ঘৰ

 

বেছি গৰম ব্ৰইলাৰ কুকুৰাৰ বাবে অস্বাস্থ্যকৰ। সেয়ে ঘৰৰ বেৰৰ ২/৩ অংশ খোলা ৰাখিলে ভাল। ঘৰটো কমেও ৭ ফুট ওখ হব লাগে। ব্ৰইলাৰ কুকুৰা মজিয়াত মুকলিকৈ ডীপ লিটাৰ (Deep litter system) পদ্ধতিত বা সৰু সৰু পিঞ্জৰা (Cage system)ত পালন কৰিব পাৰি। সাধাৰণ সামগ্ৰীৰে সজা ঘৰত সাধাৰণতে প্রতি কুকুৰাৰ বাবে ঠাই ১ বর্গ ফুট দিব লাগে| আনহাতে শীত কালত ০.৮–১.০ বর্গফুট আৰু গ্ৰীষ্মকালত ১-১.২ বর্গফুট ঠাই দিব লাগে। আকৌ বাতানুকুল পৰিবেশত পালিত কুকুৰাৰ বাবে ০.৮ বৰ্গ ফুট ঠাই প্রতি কুকুৰাৰ বাবে দিব লাগে। পোৱালি আনি সোমোৱাৰ আগে আগে ঘৰটোৰ মজিয়া, বেৰ, বাচন বৰ্ত্তন আদি বীজানুনাশক ঔষধেৰে ধুই ভালদৰে শুকাব দিব লাগে। শুকুৱাৰ পাছত মজিয়াত ২ ইঞ্চি ডাঠকৈ তুঁহ, কাঠৰ গুৰি, মিহিকৈ কুটা খেৰ (litter material) আদি পাৰি দিব লাগে। সাধাৰণতে লিটাৰ পদার্থত জলীয় বাষ্পৰ পৰিমাণ ২০% – ২৫% হ’ব লাগে। যেতিয়াই জলীয় বাষ্পৰ পৰিমাণ ২০% তকৈ কম হয়, তেতিয়াই ভিতৰখন ধূলিময় হৈ এক সমস্যাৰ সৃষ্টি কৰে। আনহাতে ২৫% তকৈ ওপৰলৈ গ’লে লিটাৰ সেমেকি যায় আৰু মখা বান্ধে। ভেকুঁৰ আদি বেমাৰৰ বিজাণু জন্মে।

উমনি আৰু উমনি ঘৰ

 

যিহেতু পামলৈ এদিনীয়া পোৱালি অনা হয় সেয়ে কৃত্রিমভাৱে উম দিয়াৰ ব্যৱস্থা থকা প্রয়োজন। উমনি দিয়া ঘৰৰ মজিয়া অন্য পাম ঘৰৰ দৰেই কিন্তু বেৰৰ খোলা অংশ ১/৩ ভাগ হলেই হয়। উম দিয়া সজুলি বাঁহ-কাঠ আদিৰে সাজি ল’বও পাৰি বা বজাৰত কিনিবলৈও পোৱা যায়। পোৱালি অনাৰ ২৪ ঘণ্টাৰ আগৰে পৰাই ব্ৰুডাৰটো সাজু কৰি ৰাখিব লাগে। ব্রুডাৰৰ তলত ৯৫° ফাৰেনহাইট উষ্ণতা থাকিব লাগে। প্রতি সপ্তাহত উঞ্চতা ৯৫° ফাৰেনহাইটৰ পৰা ৫ কৈ কমাই আনি শেষত ৭০° ফাঃ উষ্ণতাত ৰাখিব লাগে। প্রয়োজনীয় তাপত পোৱালিবোৰ সমভাৱে বিস্তাৰিত হৈ সক্রিয় হৈ থকাৰ বিপৰীতে প্রয়োজনতকৈ কম তাপত লাইটৰ একেবাৰে তলত আহি থুপ খাব, বেছি গৰম পালে আতৰি যাব। গতিকে পোৱালিৰ আচৰন সাপেক্ষে উষ্ণতাৰ সাল সলনি ঘটাব লাগে। এটা হোভাৰ ব্ৰুডাৰৰ তলত প্রতি পোৱালিৰ বাবে ৮–২০ বৰ্গ ইঞ্চি ঠাই দিব লাগে।

লিটাৰ পদার্থৰ ওপৰত তিনি তৰপ মান কাগজ পাৰি দি তাৰ ওপৰত পোৱালিবোৰ মেলি দিব লাগে। এসপ্তাহৰ পাছত কাগজবোৰ আঁতৰাব লাগে। পোৱালি যেনি তেনি যোৱাটো বন্ধ কৰিবলৈ উম দিয়া সময় খিনিত ডেৰ ফুট ওখ কাঠ বা এলুমিনিয়াম টিন পাতৰ বেৰ (Chick guard) দিব লাগে। ১৪ দিন পাচত বেৰখন আতৰাই দিব পাৰি।

খাদ্য

 

ব্ৰইলাৰ কুকুৰাৰ উৎপাদন খাদ্যৰ ওপৰতেই প্রধানতঃ নিৰ্ভৰ কৰে। সেয়ে সদায় সুষম খাদ্য নিৰ্ভৰযোগ্য প্রতিস্থানৰ পৰা সংগ্ৰহ কৰিব লাগে। প্রথম ১৪ দিন মিহি দানা, (Chick mesh), ১ পৰা ৫ম সপ্তাহলৈ ষ্টাৰটাৰ (Starter) আৰু শেষৰ তিনিসপ্তাহ ব্ৰইলাৰ ফিনিছাৰ (Finisher) দানা দিব লাগে|

পানী যোগান

 

পানীৰ পাত্ৰত প্রতি কুকুৰাৰ বাবে দীঘলে ০.৫ ইঞ্চিৰ পৰা আৰম্ভ কৰি শেষলৈ ১ ইঞ্চি পর্যন্ত ঠাই দিব লাগে। পানীৰ পাত্ৰৰ ওপৰৰ ভাগ কুকুৰাৰ পিঠিৰ সমান জোখত ৰাখিব লাগে। পাত্ৰত পানী ২৪ ঘণ্টাই মজুত ৰাখিব লাগে।

পোহৰ

 

প্রথম ২ সপ্তাহ পোহৰৰ প্ৰাৱল্য প্রতি ২০০ বর্গফুট ঠাইৰ বাবে ৪০-৬০ ৱাট হব লাগে। ৩য়ৰ পৰা ৮ম সপ্তাহলৈ ২৫ ৱাট প্ৰাৱল্যৰ পোহৰেই যথেষ্ট।

প্রতিপালন

 

মজিয়াত দিয়া লিটাৰ পদার্থ যাতে অকণো সেমেকা নহয় (বিশেষকৈ বাৰিষা কালত), তাৰ বাবে চূণৰ গুৰি ছটিয়াই মাজে মাজে তল ওপৰ কৰি দিব লাগে। দানা-পানীৰ পাত্ৰ সদায়েই চাফ-চিকুনকৈ ধুব লাগে। বেছি গৰমত ব্ৰইলাৰ কুকুৰাই যিহেতু বৰ কষ্ট পায় সেয়ে উক্ত সময়ত কিছু বিশেষ যত্ন লোৱা দৰকাৰ। তেনে সময়ত খুব ৰাতিপুৱাই আৰু সন্ধিয়া দানা-পানী দিব লাগে। অত্যধিক গৰমত পানীত বৰফৰ টুকুৰা মিহলাই দিব লাগে। কোঠাৰ ভিতৰলৈ যাতে মুকলি বতাহ চলাচল কৰিব পাৰে, তাৰ ব্যৱস্থা কৰিব লাগে। বিজুলী ফেনৰ ব্যৱস্থা কৰিব লাগে। ৰাতি পোহৰ কমাই ৰাখিব লাগে। অতি উচ্চ গুণমান বিশিষ্ট খাদ্যৰ যোগান ধৰিব লাগে।

বেমাৰ-আজাৰত প্ৰতিষেধক ব্যৱস্থা

 

ব্ৰইলাৰ কুকুৰাত হব পৰা প্রায়বোৰ মাৰাত্মক বেমাৰৰেই প্রতিষেধক আছে। যেনে –

এদিনীয়া পোৱালি         –         মাৰেক ছিটা

১ম সপ্তাহৰ ভিতৰত       –         ৰাণীখেতি এফ

৬ষ্ঠ সপ্তাহৰ ভিতৰত       –         কুকুৰাৰ বসন্ত

৭ম সপ্তাহৰ ভিতৰত       -         ৰাণীখেত আৰ বি

ওপৰোক্ত প্রতিষেধক সমূহ দিওৱাৰ পাচতো আন বিভিন্ন ৰোগৰ দ্বাৰা কুকুৰা আক্রান্ত হ’ব পাৰে। কিন্তু সময়মতে উপযুক্ত চিকিৎসা ল’লে প্রায়বোৰ বেমাৰৰ পৰাই কুকুৰাজাকক আৰোগ্য কৰি তুলিব পাৰি। বিশেষকৈ বিষ্ঠাৰ অস্বাভাৱিক বৰণ (ৰঙা, বগা, সেউজীয়া), দানা পানী এৰি জুপুকা মাৰি থকা, দুর্বল, ৰক্তহীনতা আদি লক্ষ্য কৰিলেই তৎক্ষনাত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate